স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱৰ ধঁপাতমুক্ত যুৱ অভিযান ৪.০ মুকলিঃ ধঁপাত আৰু নিচাৰ বিৰুদ্ধে দেশজোৰা আন্দোলনৰ নেতৃত্ব দিবলৈ যুৱসমাজক আহ্বান

সুস্থ, শক্তিশালী আৰু বিকশিত ভাৰত গঢ়াৰ বাবে যুৱপ্ৰজন্মক ধঁপাত আৰু নিচাৰ পৰা সুৰক্ষিত ৰখাটো অত্যাৱশ্যকঃ শ্ৰী প্ৰতাপৰাও যাদৱ

কেন্দ্ৰীয় মন্ত্ৰীৰ ধঁপাতবিৰোধী শপতবাক্য পাঠ, ধঁপাতমুক্ত ভাৰত গঢ়াৰ দূত হ’বলৈ যুৱসমাজক আহ্বান

অভিযানৰ পূৰ্বৰ তিনিটা সংস্কৰণত ৫.৮ লাখৰো অধিক শিক্ষানুষ্ঠান আৰু ৭৩,০০০খন গাঁও ধঁপাতমুক্ত ঘোষণা

ধঁপাত প্ৰতিৰোধ তীব্ৰতৰ কৰা, আইন বলৱৎকৰণ শক্তিশালী কৰা আৰু ধঁপাত ত্যাগত উৎসাহিত কৰাৰ লক্ষ্যৰে ৬০ দিনীয়া ৰাষ্ট্ৰীয় অভিযান

ধঁপাতমুক্ত যুৱ অভিযান ৪.০-ৰ কেন্দ্ৰবিন্দুত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ঃ ধঁপাতমুক্ত চৌহদ, যুৱ-নেতৃত্বাধীন সজাগতা সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব

সমগ্ৰ দেশতে ধঁপাত নিয়ন্ত্ৰণৰ প্ৰয়াসক আগবঢ়াই নিয়াৰ উদ্দেশ্যে ছয় কৌশল আৰু সামগ্ৰিকভাৱে চৰকাৰৰ সমন্বিত প্ৰচেষ্টা

পোষ্ট কৰা হৈছে: 28 OCT 2026 2:29PM by PIB Guwahati

আয়ুষ মন্ত্ৰণালয়ৰ (স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত) ৰাজ্যিক মন্ত্ৰী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপরাও যাদৱে আজি নতুন দিল্লীৰ অটল বিহাৰী বাজপেয়ী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এ বি ভি আই এম এছ) আৰু ড° ৰাম মনোহৰ লোহিয়া হাস্পতালত 'ধঁপাত-মুক্ত যুৱ প্ৰচাৰ অভিযান' (টি এফ ৱাই চি)-ৰ চতুৰ্থ সংস্কৰণৰ শুভাৰম্ভ কৰে আৰু যুৱক-যুৱতীসকলক ধঁপাত আৰু নিকোটিনৰ আসক্তিৰ পৰা সুৰক্ষা দিবলৈ এক দেশজোৰা গণ আন্দোলনৰ আহ্বান জনায়।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰূপায়ণ কৰা এই ৬০ দিনীয়া ৰাষ্ট্ৰীয় অভিযানৰ লক্ষ্য হৈছে যুৱপ্ৰজন্মৰ মাজত ধঁপাত সেৱনৰ অভ্যাসৰ আৰম্ভণিক প্ৰতিহত কৰা, ধঁপাত ত্যাগৰ প্ৰতি উৎসাহিত কৰা, ধঁপাত নিয়ন্ত্ৰণ আইনসমূহৰ বলৱৎকৰণ শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে ধঁপাতমুক্ত পৰিৱেশ গঢ়ি তোলা। পূৰ্বৰ তিনিটা সংস্কৰণৰ সফলতাৰ আধাৰত এইবাৰৰ অভিযানৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰা হৈছে। উল্লেখযোগ্য যে পূৰ্বৰ অভিযানসমূহত ৫.৮ লাখৰো অধিক শিক্ষানুষ্ঠান আৰু ৭৩,০০০ৰো অধিক গাঁও ধঁপাতমুক্ত বুলি ঘোষণা কৰা হৈছিল। এইবাৰৰ অভিযানত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক বিশেষ আৰোপ কৰা হৈছে।

অনুষ্ঠানত ভাষণ দি শ্ৰী যাদৱে দেশৰ যুৱসমাজক ধঁপাত আৰু অন্যান্য নিচাযুক্ত সামগ্ৰীৰ পৰা দৃঢ় মানসিকতাৰে নিলগত থাকিবলৈ আৰু সুস্থ, পৰিপূৰ্ণ তথা নিচামুক্ত জীৱন-যাপন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে যুৱপ্ৰজন্মৰ স্বাস্থ্য আৰু কল্যাণ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ সৈতে এৰাব নোৱৰাকৈ জড়িত।

ৰাষ্ট্ৰ নিৰ্মাণত যুৱসমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ যুৱপ্ৰজন্মই হ’ল দেশৰ সৰ্ববৃহৎ শক্তি। তেওঁলোকৰ উদ্যম, প্ৰতিভা, সৃজনশীলতা আৰু দৃঢ়তাই দেশৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব। তেওঁ লগতে কয় যে যুৱপ্ৰজন্মক ধঁপাত আৰু নিচাৰ পৰা সুৰক্ষিত কৰি ৰখাটো কেৱল জনস্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাই গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ ই ৰাষ্ট্ৰীয় দায়িত্বও।

শ্ৰী যাদৱে কয়, “সুস্থ, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ বাবে আমাৰ যুৱপ্ৰজন্মক ধঁপাত আৰু নিচাৰ পৰা সুৰক্ষিত ৰখাটো অতিশয় প্ৰয়োজনীয়।” তেওঁ শিক্ষানুষ্ঠান, পৰিয়াল, সমাজ আৰু চৰকাৰী সংস্থাসমূহক একেলগে কাম কৰি এনে এটা পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায়, য’ত যুৱপ্ৰজন্মই নিচাৰ গ্ৰাসৰ পৰা আঁতৰত থাকি সম্পূৰ্ণ সম্ভাৱনা বিকশিত কৰিব পাৰে।

মন্ত্ৰীগৰাকীয়ে ধঁপাত সেৱনৰ ফলত হোৱা গুৰুতৰ স্বাস্থ্যজনিত ক্ষতিৰ প্ৰতিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁ উল্লেখ কৰে যে ধঁপাতৰ ধোঁৱাত ৭,০০০ৰো অধিক ৰাসায়নিক পদাৰ্থ নিহিত হৈ থাকে, যাৰ ভিতৰত বহুতো বিষাক্ত আৰু কৰ্কটৰোগ সৃষ্টিকাৰী পদাৰ্থও আছে। এইবোৰে শৰীৰৰ বিভিন্ন অংগৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। তেওঁ সতৰ্ক কৰি দিয়ে যে ধঁপাত সেৱনে কেৱল সেৱনকাৰীৰ স্বাস্থ্যৰ ক্ষতি কৰাই নহয়, পৰিয়ালৰ সদস্য, শিশু আৰু আন লোককো পৰোক্ষ ধোঁৱাৰ ক্ষতিকাৰক প্ৰভাৱৰ সন্মুখীন কৰায়।

কৈশোৰ অৱস্থাত নিক’টিন সেৱনৰ বিষয়টোক লৈ বিশেষ উদ্বেগ প্ৰকাশ কৰি শ্ৰী যাদৱে কয় যে কম বয়সতে নিক’টিনৰ সংস্পৰ্শলৈ আহিলে মগজুৰ বিকাশ, মনোযোগ, স্মৃতিশক্তি আৰু শিকাৰ ক্ষমতাৰ ক্ষেত্ৰত অন্তৰায়ে দেখা দিব পাৰে। তেওঁ আঙুলিয়াই দিয়ে যে কম বয়সতে যুৱক-যুৱতীসকল নিক’টিনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ আশংকা অধিক হোৱা বাবে ধঁপাত সেৱনৰ আৰম্ভণি প্ৰতিৰোধ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

 

শ্ৰী যাদৱে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাৰ দিহা-পৰামৰ্শত কেন্দ্ৰীয় চৰকাৰে নাগৰিকসকলক, বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীসকলক ধঁপাতৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ ক্ৰমবৰ্ধমান হাৰত প্ৰচেষ্টা চলাই আহিছে।

 

তেওঁ উল্লেখ কৰে যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২০২৩ চনৰ পৰা প্ৰতি বছৰে ৬০ দিনীয়া ধঁপাতমুক্ত যুৱ অভিযান অনুষ্ঠিত কৰি আহিছে। এই অভিযানত ধঁপাত প্ৰতিৰোধ, ধঁপাত ত্যাগ, আইন বলৱৎকৰণ শক্তিশালী কৰা আৰু সমাজৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁৰ মতে, এই অভিযান ক্ৰমান্বয়ে এটা ৰাষ্ট্ৰীয় পদক্ষেপত পৰিণত হৈছে, য’ত শিক্ষাৰ্থী, শিক্ষক, শিক্ষানুষ্ঠান, আইন বলৱৎকাৰী সংস্থা, স্বাস্থ্যসেৱাৰ বৃত্তিৰ সৈতে জড়িত ব্যক্তিৰ লগতে সমাজৰ আন বিভিন্ন শ্ৰেণীৰ লোক জড়িত হৈছে।

 

পূৰ্বৰ তিনিটা সংস্কৰণৰ সফলতাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৫ লাখ ৮০ হাজাৰৰো অধিকসংখ্যক শিক্ষানুষ্ঠান আৰু ৭৩,০০০ৰো অধিকসংখ্যক গাঁৱক ধঁপাতমুক্ত বুলি ঘোষণা কৰা হৈছে। ইয়াৰ দ্বাৰা অভিযানটোৰ ক্ৰমবৰ্ধমান পৰিসৰ আৰু বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশীদাৰসকলৰ বৰ্ধিত সহযোগিতা প্ৰতিফলিত হৈছে।

 

তেওঁ কয় যে চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ লগতে শিক্ষানুষ্ঠান আৰু সমাজৰ সহযোগিতাই ধঁপাতৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত সজাগতা বৃদ্ধিত আৰু দেশৰ ধঁপাত নিয়ন্ত্ৰণ আন্দোলনক অধিক শক্তিশালী কৰাত সহায় কৰিছে। গ্ল’বেল এডাল্ট ট’বেকো ছাৰ্ভে (গেটছ) আৰু গ্ল’বেল ইউথ ট’বেকো ছাৰ্ভে (জি ৱাই টি এছ)-কে ধৰি ৰাষ্ট্ৰীয় সমীক্ষাৰ তথ্যৰ বিষয়ে উল্লেখ কৰি তেওঁ বিশেষকৈ ১৩–১৫ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ মাজত প্ৰতিৰোধমূলক প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

মন্ত্ৰীগৰাকীয়ে এই অভিযানক কেৱল চৰকাৰী কাৰ্যসূচীৰ সীমাৰ ভিতৰত আবদ্ধ ৰখাৰ পৰিৱৰ্তে ইয়াক  যুৱপ্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণ আৰু নেতৃত্বৰ দ্বাৰা পৰিচালিত গণ-আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বিষয়ত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।

চলিত বৰ্ষৰ ৩০ আগষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কি বাত’ অনুষ্ঠানত নিচামুক্তিৰ বিষয়ে দিয়া বাৰ্তাৰ প্ৰসংগ উল্লেখ কৰি শ্ৰী যাদৱে কয় যে প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱপ্ৰজন্মক নিচাৰ পৰা আঁতৰাই ৰাখিবলৈ আৰু তেওঁলোকৰ সুস্থ তথা নিচামুক্ত জীৱন নিশ্চিত কৰিবলৈ সকলোকে একেলগে কাম কৰাৰ আহ্বান জনাইছিল।

তেওঁ যুৱসমাজক এই বাৰ্তা আগবঢ়াই নিবলৈ আৰু নিজৰ বিদ্যালয়, মহাবিদ্যালয়, পৰিয়াল তথা সমাজত পৰিৱৰ্তনৰ দূত হিচাপে ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

শ্ৰী যাদৱে সকলো অংশীদাৰক ‘ধঁপাতক অস্বীকাৰ কৰক’ বাৰ্তাটো দেশৰ প্ৰতিটো কোণলৈ লৈ যাবলৈ আৰু ধঁপাত প্ৰতিৰোধক উমৈহতীয়া সামাজিক দায়বদ্ধতাত পৰিণত কৰিবলৈ আহ্বান জনায়।

ভাষণৰ অন্তত মন্ত্ৰীগৰাকীয়ে উপস্থিত সকলোকে ‘ধঁপাতক অস্বীকাৰ কৰক’ শপতবাক্য পাঠ কৰোৱায়। ইয়াৰ জৰিয়তে ধঁপাতৰ পৰা আঁতৰি থকা, আনক ধঁপাত ত্যাগ কৰিবলৈ উৎসাহিত কৰা আৰু এখন সুস্থ, ধঁপাতমুক্ত সমাজ গঢ়াত অৰিহণা যোগোৱাৰ সামূহিক সংকল্প পুনৰ দৃঢ় কৰা হয়।

 

তিনিটা সংস্কৰণত ক্ৰমবৰ্ধমান সফলতাঃ ৫.৮ লাখৰো অধিক শিক্ষানুষ্ঠান আৰু ৭৩,০০০ গাঁৱক ধঁপাতমুক্ত হিচাপে ঘোষণা -

 

ধঁপাতমুক্ত যুৱ অভিযান ৪.০-ৰ আৰম্ভণি হৈছে ধাৰাবাহিকভাৱে অনুষ্ঠিত তিনিটা ৰাষ্ট্ৰীয় অভিযানৰ সফলতাৰ আধাৰত। এই অভিযানসমূহৰ জৰিয়তে ধঁপাত প্ৰতিৰোধমূলক কাৰ্যকলাপৰ পৰিসৰ বৃদ্ধি, আইন বলৱৎকৰণ শক্তিশালী কৰা আৰু দেশৰ বিভিন্ন শিক্ষানুষ্ঠান তথা সমাজক একত্ৰিত কৰাৰ প্ৰচেষ্টা ক্ৰমাগতভাৱে আগবাঢ়িছে।

প্ৰথম ধঁপাতমুক্ত যুৱ অভিযান ২০২৩ চনৰ ৩১ মে’ত, বিশ্ব ধঁপাতবিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা হৈছিল। ইয়াৰ জৰিয়তে যুৱপ্ৰজন্মৰ মাজত ধঁপাত সেৱন প্ৰতিৰোধৰ বাবে বিশেষ ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ ভেটি স্থাপন কৰা হয়। সেই অভিযানৰ সময়ছোৱাত ১,৪২,১৮৪খনৰো অধিক শিক্ষানুষ্ঠান আৰু ১২,০০০খন গাঁৱক ধঁপাতমুক্ত বুলি ঘোষণা কৰা হৈছিল। ধঁপাত নিয়ন্ত্ৰণ আইন বলৱৎ কৰাৰ সময়ত এক কোটি টকাৰো অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছিল। ইয়াৰ দ্বাৰা সজাগতা সৃষ্টিৰ লগতে আইন মানি চলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল।

দ্বিতীয় সংস্কৰণটো ২০২৪ চনৰ ছেপ্টেম্বৰত আৰম্ভ কৰা হৈছিল। এই পৰ্যায়ত অধিক তীব্ৰ সজাগতা অভিযান, আইন বলৱৎকৰণ আৰু সমাজৰ অংশগ্ৰহণৰ জৰিয়তে পদক্ষেপটোৰ পৰিসৰ যথেষ্ট বৃদ্ধি কৰা হয়। এই সময়ছোৱাত ১,৬৭,৭৬২খন শিক্ষানুষ্ঠান আৰু ২৭,৫৩৪খন গাঁৱে ধঁপাতমুক্তৰ মৰ্যাদা লাভ কৰে। এই পৰ্যায়ত আইন বলৱৎকৰণৰ জৰিয়তে ১.১ কোটি টকাৰো অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হয়।

 

এই অগ্ৰগতিৰ আধাৰত ২০২৫ চনৰ অক্টোবৰত আৰম্ভ কৰা ধঁপাতমুক্ত যুৱ অভিযান ৩.০-ই অভিযানটোৰ সফলতাক অধিক সুদৃঢ় কৰে। ইয়াৰ ৰূপায়ণৰ সময়ছোৱাত ২,৫৭,৮০৭খন শিক্ষানুষ্ঠান আৰু ৩৩,৮৫০খন গাঁৱক ধঁপাতমুক্ত বুলি ঘোষণা কৰা হয়।

 

তৃতীয় সংস্কৰণত আইন বলৱৎকৰণ আৰু দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰতো উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হয়। ৫৮,০০০ৰো অধিক আইন বলৱৎকৰণ অভিযান চলোৱা হয় আৰু ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ কৰা চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন (চি অ’ টি পি এ), ২০০৩-ৰ ৪ নং ধাৰাৰ অধীনত ১,৪৫,৪৭৭খন চালান জাৰি কৰা হয়। ইয়াৰ উপৰি ধঁপাত নিয়ন্ত্ৰণ আইনৰ ৰূপায়ণ আৰু ধঁপাত ত্যাগৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ বাবে ৬০,০০০ৰো অধিক আইন বলৱৎকাৰী কৰ্মী আৰু ধঁপাত ত্যাগ পৰামৰ্শদাতাক প্ৰশিক্ষণ দিয়া হয়।

প্ৰথম তিনিটা সংস্কৰণৰ সামগ্ৰিক ফলাফল হিচাপে ৫.৮ লাখৰো অধিক শিক্ষানুষ্ঠান আৰু ৭৩,০০০ৰো অধিক গাঁৱক ধঁপাতমুক্ত বুলি ঘোষণা কৰা হৈছে। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত গঢ়ি উঠা ব্যাপক জন-সক্ৰিয়তা আৰু শিক্ষানুষ্ঠান, স্থানীয় প্ৰশাসন তথা সমাজৰ মাজত ধঁপাত নিয়ন্ত্ৰণৰ প্ৰচেষ্টাৰ প্ৰতি বৃদ্ধি পোৱা দায়বদ্ধতা প্ৰতিফলিত হৈছে।

 

ধঁপাত প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ক ধঁপাতমুক্ত যুৱ অভিযান ৪.০-ৰ আগশাৰীত স্থান প্ৰদান

 

ধঁপাতমুক্ত যুৱ অভিযান ৪.০-ৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে উচ্চ শিক্ষানুষ্ঠানসমূহৰ ওপৰত বিশেষ গুৰুত্ব। ধঁপাত সেৱন প্ৰতিৰোধ আৰু সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ ক্ষেত্ৰত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক উৎসাহিত কৰা হৈছে।

কৈশোৰ আৰু প্ৰাপ্তবয়স্ক জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱা ধঁপাত সেৱন আৰম্ভ হোৱা আৰু দীৰ্ঘম্যাদী স্বাস্থ্য-আচৰণ গঢ় লৈ উঠাৰ বাবে গুৰুত্বপূৰ্ণ পৰ্যায় বুলি বিবেচনা কৰি ধাৰাবাহিক সজাগতা আৰু সমনীয়াৰ ইতিবাচক প্ৰভাৱে দীৰ্ঘম্যাদী সুফল কঢ়িয়াই অনাৰ সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযানটোৰ সৈতে যুৱসমাজক জড়িত কৰাৰ লক্ষ্য লৈছে। উচ্চ শিক্ষানুষ্ঠানসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ জৰিয়তে ধঁপাতমুক্ত চৌহদ গঢ়ি তোলা, ধঁপাত আৰু নিক’টিনৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰা, শিক্ষাৰ্থীসকলক বিবেচনাপূৰ্ণ স্বাস্থ্য-সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা আৰু ধঁপাত প্ৰতিৰোধৰ সক্ৰিয় সহযোগী হিচাপে শিক্ষানুষ্ঠানসমূহ গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক সজাগতা সৃষ্টিমূলক কাৰ্যসূচী গ্ৰহণ, ধঁপাতমুক্ত শিক্ষানুষ্ঠানৰ নিৰ্দেশনা মানি চলাটো নিশ্চিত কৰা, সমনীয়াৰ মাজত পাৰস্পৰিক সজাগতা বৃদ্ধি কৰা আৰু শিক্ষাৰ্থী তথা শিক্ষকসকলক ধঁপাত প্ৰতিৰোধৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে জড়িত কৰিবলৈ উৎসাহিত কৰা হ’ব।

এই পদক্ষেপৰ লক্ষ্য হৈছে শিক্ষানুষ্ঠানৰ চৌহদসমূহক ধঁপাত প্ৰতিৰোধ আৰু যুৱ-নেতৃত্বাধীন কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা, যাতে শিক্ষাৰ্থীসকলে কেৱল নিজৰ শিক্ষানুষ্ঠানৰ ভিতৰতে নহয়, পৰিয়াল আৰু সমাজৰ মাজতো সুস্থ জীৱনশৈলীৰ প্ৰচাৰক হিচাপে কাম কৰিব পাৰে।

উচ্চ শিক্ষানুষ্ঠানসমূহৰ ওপৰত এই বিশেষ গুৰুত্বই অভিযানটোত নতুন মাত্ৰা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণৰ প্ৰয়াসত যুৱপ্ৰজন্মক অংশগ্ৰহণকাৰী, প্ৰভাৱ বিস্তাৰকাৰী আৰু নেতা হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

 

সমগ্ৰ দেশতে ধঁপাতমুক্ত যুৱ অভিযান ৪.০ ৰূপায়ণৰ বাবে ছটা মুখ্য কৌশল

 

অভিযানটোৰ লক্ষ্যসমূহক সমন্বিত কাৰ্যকলাপলৈ ৰূপান্তৰিত কৰিবলৈ ধঁপাতমুক্ত যুৱ অভিযান ৪.০-ত ছটা মুখ্য কৌশল গ্ৰহণ কৰা হ’ব। ইয়াৰ জৰিয়তে সজাগতা, প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণ, সমাজৰ সক্ৰিয়তা, আইন বলৱৎকৰণ আৰু ডিজিটেল প্ৰচাৰক একত্ৰিত কৰা হ’ব।

 

অভিযানটোৰ মূল কৌশলসমূহ হ’ল—

 

১. জনসজাগতা তীব্ৰতৰ কৰাঃ ধঁপাত আৰু নিক’টিনৰ নিচাৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত সজাগতা বৃদ্ধি আৰু আচৰণগত পৰিৱৰ্তনৰ বাবে প্ৰচাৰ শক্তিশালী কৰা হ’ব। বিশেষকৈ শিশু, কিশোৰ-কিশোৰী আৰু যুৱ প্ৰাপ্তবয়স্কসকলৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ধঁপাত সেৱনকাৰীসকলক ধঁপাত ত্যাগৰ বাবে সহায় বিচাৰিবলৈ উৎসাহিত কৰা হ’ব।

২. ধঁপাতমুক্ত শিক্ষানুষ্ঠান শক্তিশালী কৰাঃ ধঁপাতমুক্ত শিক্ষানুষ্ঠান সম্পৰ্কীয় নিৰ্দেশনা মানি চলাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানত ধঁপাতমুক্ত পৰিৱেশ স্থাপন আৰু বৰ্তাই ৰখাৰ বাবে উৎসাহিত কৰা হ’ব।

৩. ধঁপাতমুক্ত গাঁৱৰ পৰিসৰ বৃদ্ধি কৰাঃ স্থানীয় প্ৰশাসন, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু সমাজৰ বিভিন্ন অংশীদাৰৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে অধিক গাঁৱলৈ ধঁপাতমুক্ত গাঁও পদক্ষেপ সম্প্ৰসাৰিত কৰা হ’ব।

৪. ধঁপাত নিয়ন্ত্ৰণ আইন বলৱৎকৰণ শক্তিশালী কৰাঃ চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন (চি অ’ টি পি এ), ২০০৩ আৰু ইলেক্ট্ৰনিক চিগাৰেট নিষিদ্ধকৰণ আইন (পি ই চি এ), ২০১৯-ৰ ৰূপায়ণ আৰু আইন মানি চলাটো নিশ্চিত কৰিবলৈ সমন্বিত আইন বলৱৎকৰণ আৰু অনুপালনমূলক কাৰ্যকলাপ শক্তিশালী কৰা হ’ব।

 

৫. সামাজিক মাধ্যম আৰু ডিজিটেল মঞ্চৰ ব্যৱহাৰঃ ডিজিটেল যোগাযোগ, সামাজিক মাধ্যমৰ অভিযান আৰু যুৱপ্ৰজন্মক লক্ষ্য কৰি লোৱা প্ৰচাৰৰ জৰিয়তে ধঁপাত প্ৰতিৰোধৰ বাৰ্তা অধিক লোকৰ মাজলৈ লৈ যোৱা হ’ব আৰু জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰা হ’ব।

 

৬. বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক জড়িত কৰাঃ ধঁপাতমুক্ত চৌহদ গঢ়ি তোলা, শিক্ষাৰ্থীৰ নেতৃত্বত সজাগতা সৃষ্টি কৰা আৰু শিক্ষানুষ্ঠানৰ স্বাস্থ্য-উন্নয়নমূলক কাৰ্যসূচীৰ সৈতে ধঁপাত প্ৰতিৰোধক সংযুক্ত কৰাৰ বাবে উচ্চ শিক্ষানুষ্ঠানসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।

 

এই কৌশলসমূহৰ লক্ষ্য হৈছে বিভিন্ন পৰ্যায়ত ধঁপাত নিয়ন্ত্ৰণ শক্তিশালী কৰা। বিশেষকৈ ধঁপাত সেৱনৰ আৰম্ভণি প্ৰতিৰোধ, ধঁপাত ত্যাগৰ প্ৰতি উৎসাহিত কৰা আৰু বৰ্তমানৰ আইন তথা নিৰ্দেশনাসমূহৰ ধাৰাবাহিক অনুপালন নিশ্চিত কৰাত গুৰুত্ব দিয়া হ’ব।

 

ধঁপাত নিয়ন্ত্ৰণ শক্তিশালী কৰিবলৈ সামগ্ৰিকভাৱে চৰকাৰৰ সমন্বিত প্ৰচেষ্টা

 

ধঁপাতমুক্ত যুৱ অভিযান ৪.০-ত সামগ্ৰিকভাৱে চৰকাৰৰ সমন্বিত দৃষ্টিভংগী গ্ৰহণ কৰা হ’ব। যুৱপ্ৰজন্মক ধঁপাতৰ পৰা সুৰক্ষিত ৰাখিবলৈ স্বাস্থ্য, শিক্ষা, যুৱ উন্নয়ন, স্থানীয় শাসন, আইন বলৱৎকৰণ, যোগাযোগ আৰু অন্যান্য ক্ষেত্ৰৰ মাজত সমন্বিত কাৰ্যকলাপৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰা হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শিক্ষা মন্ত্ৰালয়, ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, পঞ্চায়তীৰাজ মন্ত্ৰালয়, গ্ৰামোন্নয়ন মন্ত্ৰালয়, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়, জনজাতি পৰিক্ৰমা মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় তথা সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়কে ধৰি কেইবাটাও কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সৈতে সহযোগিতা শক্তিশালী কৰিব।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ, আইন বলৱৎকাৰী সংস্থা, শিক্ষানুষ্ঠান আৰু স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় অভিযানটোৰ ৰূপায়ণৰ গুৰুত্বপূৰ্ণ অংশ হৈ থাকিব।

বহল পৰিসৰৰ প্ৰচাৰ, ফলপ্ৰসূ ৰূপায়ণ আৰু ধাৰাবাহিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ উন্নয়ন সহযোগী, নাগৰিক সমাজৰ সংগঠন, স্বাস্থ্যসেৱা পেছাদাৰী আৰু সমাজভিত্তিক প্ৰতিষ্ঠানসমূহৰ সৈতেও সহযোগিতা অধিক গভীৰ কৰা হ’ব।

বিভিন্ন অংশীদাৰক একত্ৰিত কৰাৰ জৰিয়তে ধঁপাত প্ৰতিৰোধক উমৈহতীয়া দায়িত্ব হিচাপে প্ৰতিষ্ঠা কৰা আৰু দেশৰ বিভিন্ন প্ৰতিষ্ঠান তথা সমাজৰ মাজত ধঁপাত নিয়ন্ত্ৰণৰ প্ৰচেষ্টা সুদৃঢ় কৰাই টি এফ ৱাই চি ৪.০-ৰ লক্ষ্য।

 

বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ বাবে নিচামুক্ত যুৱপ্ৰজন্ম অতিশয় প্ৰয়োনীয়ঃ কেন্দ্ৰীয় স্বাস্থ্য সচিব

 

অনুষ্ঠানত ভাষণ দি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে কয় যে ভাৰতৰ ধঁপাত নিয়ন্ত্ৰণৰ প্ৰয়াসক আগবঢ়াই নিয়াৰ বাবে ধাৰাবাহিক অংগীকাৰ, প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বিত কাৰ্যকলাপ আৰু সমাজৰ সক্ৰিয় অংশগ্ৰহণ অত্যন্ত প্ৰয়োজনীয়।

 

তেওঁ ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ক ধঁপাতমুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে অভিনন্দন জনায় আৰু ৰোগী, শিক্ষাৰ্থী, স্বাস্থ্যসেৱা পেছাদাৰী তথা দৰ্শনাৰ্থীসকলৰ বাবে সুস্থ পৰিৱেশ সৃষ্টি আৰু ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চিকিৎসালয়খনৰ পদক্ষেপসমূহৰ শলাগ লয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি স্বাস্থ্য সচিবগৰাকীয়ে কয় যে দেশৰ অগ্ৰগতি বহু পৰিমাণে ইয়াৰ যুৱপ্ৰজন্মৰ স্বাস্থ্য, আত্মবিশ্বাস, উৎপাদনশীলতা আৰু কল্যাণৰ ওপৰত নিৰ্ভৰ কৰে।

তেওঁ কয় যে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ, আত্মবিশ্বাসী তথা নিচামুক্ত প্ৰজন্মই এখন শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ বাবে অত্যাৱশ্যকীয় ভূমিকা পালন কৰিব।

যুৱসমাজক ধঁপাত আৰু অন্যান্য ক্ষতিকাৰক নিচাযুক্ত সামগ্ৰীৰ পৰা আঁতৰি থকাৰ বাবে আহ্বান জনাই তেওঁ সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ আৰু ধঁপাত সেৱনক নিৰুৎসাহিত তথা ইতিবাচক স্বাস্থ্য-সম্পৰ্কীয় সিদ্ধান্তক উৎসাহিত কৰা সামাজিক সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়।

তেওঁ শিক্ষানুষ্ঠান আৰু সমাজত ধাৰাবাহিক ধঁপাত প্ৰতিৰোধমূলক কাৰ্যকলাপৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। স্থায়ী সুফল লাভৰ বাবে সামূহিক পদক্ষেপ আৰু আচৰণগত পৰিৱৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ মত প্ৰকাশ কৰে।

 

ৰোগীৰ অভিজ্ঞতা আৰু সজাগতামূলক চলচ্চিত্ৰই উদঙাই দেখুৱালে ধঁপাত সেৱনৰ মানৱীয় মূল্য

 

অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ৩০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ চৰকাৰী বিষয়া, স্বাস্থ্যসেৱাৰ সৈতে জড়িত বৃত্তিধাৰী লোক, শিক্ষাৰ্থী, উন্নয়ন সহযোগী, নাগৰিক সমাজৰ সংগঠনৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ সদস্যসকল উপস্থিত থাকে।

উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ কেইগৰাকীমান হ’ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱ; স্বাস্থ্য সেৱা সঞ্চালকপ্ৰধান ডাঃ লৱনীশ জি কৃষ্ণ, ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ সঞ্চালক ডাঃ অখিলান্দেশ্বৰী প্ৰসাদ আৰু ভাৰতত থকা বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি ডাঃ ইভান হুটিন। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

এ বি ভি আই এম এছ-ৰ শিক্ষাৰ্থীসকলেও অনুষ্ঠানত ভাগ লয়। ইয়াৰ জৰিয়তে ধঁপাত প্ৰতিৰোধৰ ক্ষেত্ৰত যুৱপ্ৰজন্মৰ অংশগ্ৰহণৰ ওপৰত অভিযানটোৱে দিয়া গুৰুত্ব প্ৰতিফলিত হয়।

অনুষ্ঠানত ধঁপাতৰ ক্ষতিকাৰক প্ৰভাৱ আৰু ধঁপাতজনিত ৰোগ প্ৰতিৰোধৰ প্ৰয়োজনীয়তা সম্পৰ্কে এখন শিক্ষামূলক ভিডিঅ’ প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানটোৰ গুৰুত্বপূৰ্ণ আকৰ্ষণ আছিল ‘ভইচ অৱ ট’বেকো ভিক্টিম’ পদক্ষেপৰ অধীনত এগৰাকী ৰোগীৰ অভিজ্ঞতাৰ বৰ্ণনা। ৰোগীগৰাকীয়ে ধঁপাত সেৱনৰ ফলত হোৱা অসুস্থতাৰ ব্যক্তিগত অভিজ্ঞতা প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ধঁপাত সেৱনে একোগৰাকী ব্যক্তি আৰু তেওঁৰ পৰিয়ালৰ ওপৰত পেলাব পৰা ভয়াৱহ প্ৰভাৱ স্পষ্ট হৈ পৰে।

ইয়াৰ উপৰি ২০২৩ৰ পৰা ২০২৫ চনলৈ ধঁপাতমুক্ত যুৱ অভিযানৰ পূৰ্বৰ তিনিটা সংস্কৰণৰ সফলতা দাঙি ধৰা বিশেষ অভিযান-ভিডিঅ’ প্ৰদৰ্শন কৰা হয়। ভিডিঅ’টোত ধঁপাতমুক্ত শিক্ষানুষ্ঠান, ধঁপাতমুক্ত গাঁও, আইন বলৱৎকৰণ আৰু সমাজৰ অংশগ্ৰহণৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লাভ কৰা অগ্ৰগতি দেখুওৱা হয়।

 

এই সজাগতামূলক কাৰ্যকলাপসমূহে অভিযানটোৰ মূল বাৰ্তাটো পুনৰ দৃঢ় কৰে—ধঁপাতৰ ফলত হোৱা ক্ষতি প্ৰতিৰোধ কৰিব পাৰি; আগতীয়াকৈ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ, সঠিক তথ্যৰ আধাৰত সিদ্ধান্ত লোৱা আৰু ধঁপাত ত্যাগৰ বাবে সহায় লাভ কৰাৰ জৰিয়তে বহু লোকৰ জীৱন সুৰক্ষিত কৰিব পাৰি।

 

‘ধঁপাতক অস্বীকাৰ কৰক’-ক দেশজোৰা আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণৰ আহ্বান স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ, শিক্ষানুষ্ঠান, চৰকাৰী বিভাগ, নাগৰিক সমাজৰ সংগঠন, উন্নয়ন সহযোগী, স্বাস্থ্যসেৱাৰ সৈতে জড়িত বৃত্তিধাৰী লোক, যুৱ সংগঠন আৰু নাগৰিকসকলক ধঁপাতমুক্ত যুৱ অভিযান ৪.০-ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু দেশজোৰা ৰূপায়ণত অৰিহণা যোগাবলৈ আহ্বান জনাইছে।

অংশীদাৰসকলক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ, ধঁপাতমুক্ত শিক্ষানুষ্ঠান আৰু গাঁও গঢ়ি তোলা, আইন বলৱৎকৰণ শক্তিশালী কৰা, ধঁপাত ত্যাগৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা আৰু ধঁপাত প্ৰতিৰোধৰ প্ৰচেষ্টাত সমাজক ধাৰাবাহিকভাৱে জড়িত কৰিবলৈ উৎসাহিত কৰা হৈছে।

মন্ত্ৰালয়ে প্ৰতিষ্ঠান আৰু নাগৰিকসকলক সামাজিক মাধ্যম তথা ডিজিটেল মঞ্চৰ জৰিয়তে ধঁপাত নিয়ন্ত্ৰণৰ বাৰ্তা অধিক লোকৰ মাজলৈ লৈ যাবলৈ, অভিযানৰ কাৰ্যকলাপ আৰু সফল পদক্ষেপসমূহৰ তথ্যৰ আদান-প্ৰদান কৰিবলৈ আৰু জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিবলৈও আহ্বান জনাইছে।

যুৱপ্ৰজন্মক এই পদক্ষেপৰ কেন্দ্ৰস্থলত ৰাখি চৰকাৰ, শিক্ষানুষ্ঠান আৰু সমাজৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ জৰিয়তে ধঁপাতমুক্ত যুৱ অভিযান ৪.০-ই সজাগতাক কাৰ্যলৈ আৰু কাৰ্যক স্থায়ী আচৰণগত পৰিৱৰ্তনলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।

এই চতুৰ্থ সংস্কৰণে যুৱ প্ৰজন্মৰ স্বাস্থ্য সুৰক্ষিত কৰা আৰু শিশু তথা যুৱক-যুৱতীসকলে ধঁপাত আৰু নিচামুক্ত হৈ বৃদ্ধি পাব পৰা, শিকিব পৰা আৰু বিকশিত হ’ব পৰা এটা সমাজ গঢ়ি তোলাৰ বাবে ভাৰত চৰকাৰৰ যি প্ৰতিশ্ৰুতি, তাক অধিক শক্তিশালী কৰি তুলিছে।

‘ধঁপাতক অস্বীকাৰ কৰক’—এই মূল বাৰ্তাক কেন্দ্ৰ কৰি টি এফ ৱাই চি ৪.০-ই যুৱপ্ৰজন্মৰ নেতৃত্বত আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ সহযোগত দেশজোৰা আন্দোলন গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰিছে।ইয়াৰ জৰিয়তে এখন সুস্থ, নিচামুক্ত আৰু বিকশিত ভাৰত গঢ়াৰ সপোনক বাস্তৱায়িত কৰাত অৰিহণা যোগোৱা হ’ব।

 

***

SR/UD


(ৰিলিজ আই ডি : 2329637) অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Tamil