বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ট্ৰিচি বিমানবন্দৰত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ অভিযানত বন্যপ্ৰাণী সৰবৰাহৰ চেষ্টা বিফলঃ ৪৫টা জীৱিত সৰীসৃপ উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ট্ৰিচি বিমানবন্দৰৰ সীমাশুল্ক বিভাগৰ সহযোগত চলোৱা যুটীয়া অভিযানত বেংককৰ পৰা কলম্বো হৈ অহা যাত্ৰীৰ খাদ্যৰ পেকেটত চেতনানাশক দ্ৰব্য প্ৰয়োগেৰে লুকুৱাই অনা সৰীসৃপ উদ্ধাৰ

পোষ্ট কৰা হৈছে: 28 OCT 2026 11:03AM by PIB Guwahati

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডি আৰ আই) বিমানবন্দৰ চোৰাংচোৱা শাখা (এ আই ইউ)ৰ সৈতে সমন্বয়েৰে অভিযান চলাই ট্ৰিচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰেৰে ভাৰতলৈ ৪৫টা জীৱিত সৰীসৃপ চোৰাংকৈ সৰবৰাহ কৰাৰ চেষ্টা ব্যৰ্থ কৰে।

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত যোৱা ২৬ অক্টোবৰত ডি আৰ আইৰ বিষয়াসকলে বেংককৰ পৰা কলম্বো হৈ অহা দুজন ভাৰতীয় বিমানযাত্ৰীক আটক কৰে। তেওঁলোকৰ বয়-বস্তু পদ্ধতিগতভাৱে পৰীক্ষা কৰাত ২৭টা খাদ্যৰ পেকেটত লুকুৱাই অনা জীৱিত বন্যপ্ৰাণী উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা সৰীসৃপকেইটাক চেতনানাশক দ্ৰব্য প্ৰয়োগ কৰি অচেতন অৱস্থাত সৰবৰাহ কৰা হৈছিল।

উদ্ধাৰ হোৱা সৰীসৃপসমূহৰ ভিতৰত আছে ২৩টা কৰ্ণ স্নেক, ১৬টা বল পাইথন, ৫টা আৰ্জেণ্টাইন ব্লেক এণ্ড হোৱাইট টেগু আৰু এটা স্নো হোৱাইট ইগুৱানা। এই অভিযানত উদ্ধাৰ হোৱা সৰীসৃপকেইটা জব্দ কৰাৰ লগতে ১৯৬২ চনৰ সীমাশুল্ক আইন অনুসৰি ত্ৰিচিৰ এ আই ইউ-এ দুয়োজন যাত্ৰীক গ্ৰেপ্তাৰ কৰে। যাত্ৰীসকলৰ বয়-বস্তু পৰীক্ষাৰ সময়ত উদ্ধাৰ হোৱা বন্যপ্ৰাণীকেইটাক পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে ট্ৰিচি এ আই ইউক গতাই দিয়া হয়।

এই সফল অভিযানৰ জৰিয়তে বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত ডি আৰ আই-ৰ দায়বদ্ধতা পুনৰ প্ৰতিফলিত হৈছে।উল্লেখযোগ্য যে চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলোৱা আৰু সীমাশুল্ক বিভাগৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰ জৰিয়তে দেশলৈ বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহ প্ৰতিৰোধৰ বাবে ডি আৰ আই-য়ে ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই আহিছে।

****

KT/KMN/UD


(ৰিলিজ আই ডি : 2329504) অতিথি কক্ষ : 8