বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ দুটা অভিযানত কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত ১৩.৫ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ৫৫,০০০ ই-চিগাৰেট জব্দ

পোষ্ট কৰা হৈছে: 28 OCT 2026 11:04AM by PIB Guwahati

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ অংশ হিচাপে  যোৱা ২৪ অক্টোবৰত কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত চোৰাংকৈ সৰবৰাহ কৰা ৫৫,০০০ৰো অধিক ই-চিগাৰেট জব্দ কৰে।

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)ৰ বিষয়াসকলে নেপাললৈ প্ৰেৰণৰ বাবে সাজু কৰা দুটা কণ্টেইনাৰ জব্দ কৰে। কণ্টেইনাৰ দুটাত ই-চিগাৰেট থকাৰ সন্দেহ কৰা হৈছিল। ইয়াৰে এটা কণ্টেইনাৰৰ জৰিয়তে ‘ৱাটাৰ গ্লাছ’ আৰু আনটোৰ জৰিয়তে ‘চেৰামিক মগ’ প্ৰেৰণ কৰিবলৈ লোৱা বুলি ভুল তথ্যৰে ঘোষণা কৰা হৈছিল। প্ৰথমটো কন্টেইনাৰৰ বিতং পৰীক্ষাৰ সময়ত ঘোষিত সামগ্ৰীৰ মাজত লুকুৱাই ৰখা বিভিন্ন সুবাসযুক্ত আই জি ই টি ব্ৰেণ্ডৰ ৪০,০০০টা ই-চিগাৰেট উদ্ধাৰ কৰা হয়। আনহাতে, দ্বিতীয়টো কণ্টেইনাৰৰ বিতং পৰীক্ষাত ঘোষিত সামগ্ৰীৰ মাজত লুকুৱাই ৰখা ভি টি ভি, ভি অ’ কে অ’, বেং আৰু ই-জয়কে ধৰি বিভিন্ন ব্ৰেণ্ডৰ প্ৰায় ১৫,০০০টা ই-চিগাৰেট উদ্ধাৰ কৰা হয়।

সামগ্ৰিকভাৱে, প্ৰায় ৫৫,০০০টা ই-চিগাৰেট আৰু সেইবোৰৰ সৈতে আৱৰণ হিচাপে ৰখা ঘোষিত সামগ্ৰীসমূহ সীমা শুল্ক আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত জব্দ কৰা হয়। জব্দ কৰা ই-চিগাৰেটসমূহৰ মূল্য ১৩.৫০ কোটি টকা।

জনস্বাস্থ্যৰ স্বাৰ্থত আৰু জনসাধাৰণক ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষা দিয়াৰ উদ্দেশ্যে প্ৰণয়ন কৰা ২০১৯ চনৰ ইলেক্ট্ৰনিক চিগাৰেট নিষিদ্ধকৰণ আইন অনুসৰি ভাৰতত ইলেক্ট্ৰনিক চিগাৰেট আৰু সকলো প্ৰকাৰৰ ইলেক্ট্ৰনিক নিক’টিন যোগানৰ ব্যৱস্থা নিষিদ্ধ। এই আইনে ই-চিগাৰেটৰ উৎপাদন, আমদানি-ৰপ্তানি, পৰিবহণ, বিক্ৰী, বিতৰণ, মজুতকৰণ আৰু বিজ্ঞাপন নিষিদ্ধ কৰিছে।

২০২৬-২৭ বিত্তীয় বৰ্ষত বৰ্তমানলৈ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী আৰু পশ্চিমবংগৰ বিভিন্ন বন্দৰ, বিমানবন্দৰ আৰু অভ্যন্তৰীণ কণ্টেইনাৰ ডিপ’ত অভিযান চলাই ১২০ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ৩,০০,০০০ টা ই-চিগাৰেট জব্দ কৰিছে।

***

 

KT/KMN/UD


(ৰিলিজ আই ডি : 2329452) অতিথি কক্ষ : 12