পোষ্ট কৰা হৈছে:
27 OCT 2026 1:48PM by PIB Guwahati
কাইলৈ (২৮ অক্টোবৰ, ২০২৬) নতুন দিল্লীত অনুষ্ঠিত হ’ব বিকশিত ভাৰত বিল্ডাথন (ভিবিবি) ২০২৫ৰ সামৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰীযুত প্ৰহ্লাদ যোশীয়ে বিজয়ী ছাত্ৰ উদ্ভাৱকসকলক সম্বৰ্ধনা জনাব।
ভাৰতত বিদ্যালয় শিক্ষা আৰু তৃণমূল পৰ্যায়ৰ উদ্ভাৱনৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি চিহ্নিত কৰি ভিবিবি ২০২৫-এ ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্ব দৰবাৰলৈ আগবঢ়াই আনুষ্ঠানিকভাৱে “সৰ্ববৃহৎ উদ্ভাৱন সমাধান প্ৰতিযোগিতা” হিচাপে গিনিজ বিশ্ব অভিলেখৰ প্ৰমাণপত্ৰ লাভ কৰিছে।
এই অনুষ্ঠানত ১০টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজয়ী দল আৰু উদ্ভাৱকক সম্বৰ্ধনা জনোৱাৰ দিহা কৰা হৈছে। তদুপৰি তেওঁলোকৰ গুৰুত্তপূৰ্ণ সমাধান আৰু আৰ্হিসমূহ প্ৰদৰ্শিত হ’ব। এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে গিনিজ বিশ্বাভিলেখ অনুষ্ঠানো আয়োজিত হ’ব।
উল্লাছৰ অধীনত শিক্ষক শিক্ষা প্ৰতিষ্ঠান (টিইআই)ৰ বাবে নিৰ্দেশনা –
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে (DoSEL) নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচীও এই অনুষ্ঠানত মুকলি কৰিব। ই-আৱৰ্জনা আৰু ই-আৱৰ্জনা সংগ্ৰহৰ প্ৰচেষ্টাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে চলি থকা প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰি মন্ত্ৰালয়ৰ বিশেষ অভিযান ৬.০ৰ অধীনত দুয়োটা বিভাগে (ড’ছেল আৰু উচ্চ শিক্ষা বিভাগে) গ্ৰহণ কৰা পদক্ষেপসমূহো এই অনুষ্ঠানত উপস্থাপন কৰা হ’ব।
শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰীযুত জয়ন্ত চৌধাৰীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ড’জেলৰ সচিব শ্ৰী টি কে অনিল কুমাৰ; ড’জেলৰ অতিৰিক্ত সচিব শ্ৰী ধীৰাজ চাহু; এআইচিটিইৰ অধ্যক্ষ অধ্যাপক টি জি সীতাৰামৰ লগতে শিক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, মূল প্ৰতিনিধি আৰু স্বায়ত্তশাসিত সংস্থাৰ মুৰব্বী, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু অংশীদাৰ প্ৰতিষ্ঠানৰ শিক্ষা বিভাগৰ প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ (ড’জেল)ৰ উদ্যোগত, অটল ইনোভেচন মিছন (এইম), নিটি আয়োগ, আৰু অল-ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন (এ আই চি টি ই)ৰ সহযোগত, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীল সমস্যা সমাধান, উদ্যোগীকৰণ, আৰু বৈজ্ঞানিক কৌতূহল গঢ়ি তোলাৰ বাবে বিকশিত ভাৰত বিল্ডাথন (ভি বি বি) ২০২৫ আৰম্ভ কৰা হৈছিল। চাৰিটা মূল স্তম্ভক কেন্দ্ৰ কৰি—আত্মনিৰ্ভৰ ভাৰত, স্বাধীন, ভোকেল ফৰ লোকেল, আৰু সমৃদ্ধ ভাৰত—এই পদক্ষেপে তৃণমূল পৰ্যায়ৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰে। আইডিয়া আৰু প্ৰ’ট’টাইপ ট্ৰেক দুয়োটাতে ২,৮৭,৯৬৭টা প্ৰকল্প দাখিলৰ অভিলেখ সৃষ্টি হয়। ভিবিবিয়ে ভাৰতৰ ক্ৰমবৰ্ধমান বিদ্যালয় উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ ভিত্তিত আগবাঢ়ে, যুৱ মনক শ্ৰেণীকোঠাৰ শিক্ষাৰ্থীৰ পৰা সমস্যা সমাধানকাৰী, পেটেণ্টধাৰী, আৰু ভৱিষ্যতৰ উদ্যোগীলৈ পৰিৱৰ্তন হ’বলৈ উৎসাহিত কৰাৰ জৰিয়তে বিকশিত ভাৰতৰ দৃষ্টিভংগীক আগুৱাই লৈ যায়।


*****
RRTN/AV/DD