বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোয়েলে নেদাৰলেণ্ডত উচ্চ পৰ্যায়ৰ বৈঠকত ভাগ লয়

পোষ্ট কৰা হৈছে: 27 OCT 2026 9:54AM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোয়েলে নেদাৰলেণ্ড ভ্ৰমণ কালত ২৬ অক্টোবৰত ডাচ্চ চৰকাৰৰ নেতা, সাংসদ আৰু ডাচ্চ কোম্পানীসমূহৰ আগশাৰীৰ প্ৰতিনিধিসকলৰ সৈতে কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত ভাগ লয়।দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰা, বাণিজ্য আৰু বিনিয়োগ সম্প্ৰসাৰণ কৰা আৰু ভাৰত আৰু ডাচ্চ উদ্যোগসমূহৰ মাজত সহযোগিতাৰ নতুন সুযোগ চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

শ্ৰী পীয়ুষ গোয়েলে বৈদেশিক বাণিজ্য আৰু উন্নয়ন সহযোগিতা মন্ত্ৰী শ্ৰী জ’ৰ্ড জ’ৰ্ডছমা, অৰ্থনৈতিক পৰিক্ৰমা আৰু জলবায়ু মন্ত্ৰী শ্ৰীমতী হেলিন হাৰ্বাৰ্ট আৰু উত্তৰ হলাণ্ড প্ৰদেশৰ ৰাজ আয়ুক্ত শ্ৰী আৰ্থাৰ ভেন ডিজকৰ সৈতে বৈঠকত ভাগ লয়।

 

মন্ত্ৰীগৰাকীয়ে বৈদেশিক বাণিজ্য আৰু উন্নয়ন সহযোগিতাৰ বিষয়ত ডাচ্চ প্রতিনিধি সভাৰ সমিতি আৰু ইউৰোপীয় পৰিক্ৰমা সম্পৰ্কীয় ছিনেট সমিতিৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰে। এই সম্পৰ্কসমূহে দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক, বাণিজ্য আৰু বিনিয়োগ, আৰু বিস্তৃত ভাৰত-ইউৰোপীয় ইউনিয়নৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ ওপৰত দৃষ্টিভংগী বিনিময়ৰ সুযোগ প্ৰদান কৰিছিল।

 

সেই দিনটোৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল ভাৰত-নেদাৰলেণ্ড ব্যৱসায়িক মঞ্চ, যাৰ যুটীয়া সভাপতিত্ব কৰিছিল শ্ৰী পীয়ুষ গোৱেল আৰু নেদাৰলেণ্ডৰ বৈদেশিক বাণিজ্য আৰু উন্নয়ন সহযোগিতা মন্ত্ৰী শ্ৰী জ’ৰ্ড জ’ৰ্ডছমাই। ফ’ৰামত ভাৰতীয় আৰু ডাচ্চ ব্যৱসায়ৰ আগশাৰীৰ প্ৰতিনিধিসহ প্ৰায় ২০০ জন লোকে অংশগ্ৰহণ কৰে।

 ফ’ৰামে ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ পৰা উদ্ভৱ হোৱা গুৰুত্বপূৰ্ণ সুযোগসমূহত গুৰুত্ব আৰোপ কৰিছিল, বিশেষকৈ দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণ, বিনিয়োগ অংশীদাৰিত্ব শক্তিশালী কৰা, বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা আৰু মূল খণ্ডসমূহত সহযোগিতা বৃদ্ধি । এই আলোচনাত ভাৰত আৰু ডাচ্চ অৰ্থনীতিৰ পৰিপূৰক শক্তি আৰু এফ টি এৰ অধীনত থকা সুযোগসমূহক দৃঢ় ব্যৱসায়িক অংশীদাৰিত্ব, বিনিয়োগ আৰু ভাৰত আৰু ইউৰোপৰ মাজত যোগান শৃংখলৰ শক্তিশালী একত্ৰীকৰণলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত উদ্যোগৰ পৰা উদ্যোগলৈ ঘনিষ্ঠ সম্পৰ্কতো আলোকপাত কৰা হয়।

তেওঁৰ উদ্যোগকেন্দ্ৰিক কাৰ্যসূচীৰ অংশ হিচাপে, শ্ৰী পীয়ুষ গোয়েলে কেইবাটাও বিশিষ্ট ডাচ্চ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে এখনকৈ বৈঠকত ভাগ লয়। এই বৈঠকসমূহে উদ্যোগৰ নেতৃবৰ্গৰ সৈতে ব্যৱসায়িক অগ্ৰাধিকাৰ আৰু সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহত জড়িত হোৱাৰ সুযোগ প্ৰদান কৰিছিল। কোম্পানীসমূহে ছেমিকণ্ডাক্টৰ প্ৰযুক্তি, ইলেক্ট্ৰনিকছ, লজিষ্টিকছ, শক্তি আৰু ঔদ্যোগিক সমাধান, প্ৰযুক্তি আৰু খুচুৰা বিক্ৰীকে ধৰি বিভিন্ন খণ্ডক প্ৰতিনিধিত্ব কৰিছিল।

শ্ৰী পীয়ুষ গোয়েলে এইচ এছ বি চি নেদাৰলেণ্ডৰ সহযোগিতাত হেগৰ দূতাবাসে আয়োজন কৰা ১৫ টা ডাচ্চ কোম্পানীৰ চি এক্স অ’ৰ সৈতে এখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে।

ঘূৰণীয়া মেজমেলত ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত বিনিয়োগ, বাণিজ্যিক অংশীদাৰিত্ব আৰু গভীৰ অৰ্থনৈতিক সহযোগিতাৰ সুযোগ সন্দৰ্ভত ব্যৱসায়িক নেতাসকলৰ সৈতে পোনপটীয়াকৈ জড়িত হোৱাৰ সুবিধা প্ৰদান কৰা হয়। ই ব্যৱসায়িক পৰিৱেশ সন্দৰ্ভত দৃষ্টিভংগীৰ আদান-প্ৰদান আৰু শক্তিশালী ব্যক্তিগত খণ্ডৰ সহযোগিতাৰ পথ চিনাক্তকৰণৰ বাবেও এখন মঞ্চ প্ৰদান কৰে।

শ্ৰী পীয়ুষ গোয়েলে তেওঁৰ ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰত-নেদাৰলেণ্ডৰ অৰ্থনৈতিক সম্পৰ্কৰ বৰ্ধিত গতিৰ বিষয়ত আলোকপাত কৰে, বিশেষকৈ ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ সমাপ্তিৰ পিছত আৰু দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সন্দৰ্ভত তেওঁ বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিৰ অংশীদাৰিত্ব সম্প্ৰসাৰণৰ গুৰুত্বপূৰ্ণ সুযোগ আৰু ইউৰোপীয় বজাৰৰ প্ৰৱেশদ্বাৰ হিচাপে নেদাৰলেণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাত জোৰ দিয়ে। এই মত বিনিময়ে ভাৰতৰ অৰ্থনৈতিক বিকাশ, বিনিয়োগৰ সুযোগ আৰু নেদাৰলেণ্ড আৰু বিস্তৃত ইউৰোপীয় ইউনিয়নৰ সৈতে ইয়াৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিত আলোকপাত কৰাৰ সুযোগ প্ৰদান কৰে।

 

***

Abhishek Dayal/ Shabbir Azad/ Ishita Biswas/US


(ৰিলিজ আই ডি : 2328941) অতিথি কক্ষ : 6