পোষ্ট কৰা হৈছে:
26 OCT 2026 6:22PM by PIB Guwahati
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ ‘মেৰা যুৱ ভাৰত’ চমুকৈ মাই ভাৰতে “বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ” অভিযানৰ অধীনত ১০০ সপ্তাহৰ প্ৰচাৰ অভিযানৰ ষষ্ঠ সপ্তাহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। সাময়িক প্ৰতিবেদন অনুসৰি, এই পদক্ষেপৰ অংশ হিচাপে ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অনুষ্ঠিত ৬৯৪ টা কাৰ্যসূচীৰ জৰিয়তে ২,১১,১৩৯ গৰাকী যুৱক-যুৱতী তথা নাগৰিকক একত্ৰিত কৰা হয়। মাদকদ্ৰব্য সেৱন সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সাংস্কৃতিক অংশগ্ৰহণ, শাৰীৰিক ক্ৰিয়াকলাপ আৰু সামাজিক আলোচনাৰ সমন্বয় ঘটাই নিচাৰূপী ৰাৱণ দাহ/নিচাৰূপী মহিষাসুৰ বধ, পৰম্পৰাগত খেল-ধেমালি আৰু বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ বিষয়ক আলোচনা (চুবুৰীয়া যুৱ সংসদ)-ৰ ওপৰত ভিত্তি কৰি এই কাম-কাজসমূহ পৰিচালনা কৰা হৈছিল।
এই অভিযানে নিচাক পৰাভূত কৰা আৰু মাদকদ্ৰব্য সেৱন বৰ্জন কৰাৰ বাৰ্তা প্ৰেৰণৰ বাবে প্ৰতীকী ৰাৱণ দাহ আৰু মহিষাসুৰ বধৰ দৰে সাংস্কৃতিকভাৱে সংপৃক্ত পদক্ষেপসমূহ ব্যৱহাৰ কৰে। পৰম্পৰাগত খেল-ধেমালিসমূহে শাৰীৰিক সুস্থতা, স্বাস্থ্যকৰ জীৱনশৈলী আৰু সামাজিক অংশগ্ৰহণক উৎসাহিত কৰে; আনহাতে চুবুৰীয়া যুৱ সংসদৰ অধিৱেশনসমূহে যুৱপ্ৰজন্ম আৰু সমাজৰ লোকসকলক মাদকদ্ৰব্য সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ, প্ৰতিৰোধৰ কৌশল আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াত যুৱসমাজৰ ভূমিকা সম্পৰ্কে আলোচনা কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰে।
ফিট ইণ্ডিয়াৰ লগতে ব্ৰহ্মাকুমাৰীজ, হাৰ্টফুলনেছ, এফআইচিচিআই, চিআইপিইউ, এছ'চেম আৰু প্ৰজেক্ট পইণ্টকে ধৰি সহযোগী সংস্থাসমূহৰ সহযোগত এই কাৰ্যসূচীবোৰ আয়োজন কৰা হৈছিল। এই সহযোগিতামূলক দৃষ্টিভংগীয়ে অভিযানৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ আৰু মাদকদ্ৰব্য সেৱনৰ বিৰুদ্ধে সামূহিক পদক্ষেপক উদগনি যোগাবলৈ যুৱ নেটৱৰ্ক, সামাজিক প্ৰতিষ্ঠান আৰু অংশীদাৰ সংস্থাসমূহক একেখন মঞ্চতে একত্ৰিত কৰে।
এই অভিযানত ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ২,১১,১৩৯ টা সংকল্প পঞ্জীয়ন কৰা হয়। যুৱক-যুৱতীসকলক স্বাস্থ্যকৰ আৰু নিচামুক্ত জীৱনশৈলী গ্ৰহণ কৰিবলৈ তথা আনকো নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ অনুপ্ৰাণিত কৰি এই কাৰ্যসূচীসমূহে সজাগতাখিনিক ব্যক্তিগত দায়বদ্ধতা আৰু সমাজ পৰ্যায়ৰ কাৰ্যপন্থাৰ ৰূপ দিবলৈ প্ৰয়াস চলায়।
১০০ সপ্তাহৰ এই প্ৰচাৰ অভিযানৰ জৰিয়তে মাই ভাৰতে সজাগতা কাৰ্যসূচী, অংশগ্ৰহণমূলক ক্ৰিয়াকলাপ আৰু যুৱ নেতৃত্বাধীন পদক্ষেপৰ মাধ্যমেৰে যুৱপ্ৰজন্ম আৰু সমাজক নিৰন্তৰভাৱে জড়িত কৰি আহিছে। ষষ্ঠ সপ্তাহত সাংস্কৃতিক পৰম্পৰা, ক্ৰীড়া আৰু সুসংগঠিত আলোচনাত দিয়া গুৰুত্বই মাদকদ্ৰব্য সেৱন প্ৰতিৰোধ কৰা আৰু যুৱসমাজৰ মাজত সঠিক সিদ্ধান্ত গ্ৰহণক উদগনি জনোৱাৰ ক্ষেত্ৰত ধাৰাবাহিক সামাজিক অংশগ্ৰহণৰ প্ৰয়োজনীয়তাক প্ৰতিফলিত কৰে।
এই পদক্ষেপে ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ’ৰ বহল দৃষ্টিভংগীক সমৰ্থন কৰে, যিয়ে যুৱ নাগৰিকসকলক অধিক সুস্থ সমাজ আৰু উন্নত ভাৰত গঢ়াত অৰিহণা যোগাবলৈ উৎসাহিত কৰে।


****
Gaurav Saini/MM