বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

আই চি জি ই বি নতুন দিল্লীয়ে ই এছ টি আই চি ২০২৬-ৰ আৰম্ভণি অনুষ্ঠানত ছিষ্টেম আৰু ছিন্থেটিক জীৱবিজ্ঞানত ভাৰতৰ সম্ভাৱনাত আলোকপাত

পোষ্ট কৰা হৈছে: 26 OCT 2026 11:31AM by PIB Guwahati

নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় জেনেটিক ইঞ্জিনিয়াৰিং আৰু জৈৱ প্ৰযুক্তি কেন্দ্ৰ (আই চি জি ই বি)ই অগ্ৰৱৰ্তী বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন কনক্লেভ (ই এছ টি আই চি ২০২৬)ৰ প্ৰাৰম্ভিক অনুষ্ঠানৰ আয়োজন কৰিছিল, য'ত ভাৰতৰ ছিষ্টেম আৰু ছিন্থেটিক জীৱবিজ্ঞানৰ সম্ভাৱনা আৰু ইয়াৰ বৈজ্ঞানিক গৱেষণা, জৈৱ প্ৰযুক্তি আৰু উদ্ভাৱনক আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন গৱেষণাৰ বিষয়ে এখন বিশেষ সন্মিলন অনুষ্ঠিত হৈছিল।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল নীতি আয়োগৰ সদস্য অধ্যাপক গোবৰ্ধন দাস। অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল জৈৱ প্ৰযুক্তি বিভাগৰ (ডি বি টি) সচিব ডঃ ৰাজেশ এছ গোখলে; বিজ্ঞানী-এইচ ডঃ ধনঞ্জয় কুমাৰ তিৱাৰী আৰু আই চি জি ই বি নতুন দিল্লীৰ সঞ্চালক ডঃ ৰমেশ ভি সোণ্টি।

ডঃ ৰমেশ ভি সোণ্টিয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'বলগীয়া ই এছ টি আই চি ২০২৬ৰ এটা সংক্ষিপ্ত বিৱৰণ আগবঢ়ায়। ছিষ্টেম আৰু ছিন্থেটিক জীৱবিজ্ঞানৰ গুৰুত্বত আলোকপাত কৰি ডঃ সোন্টিয়ে অৱগত কৰে যে ডি বি টিয়ে ই এছ টি আই চি ২০২৬ত "ছিষ্টেম আৰু ছিন্থেটিকত জীৱবিজ্ঞান" বিষয়ক এখন সন্মিলন অনুষ্ঠিত কৰিব। ডঃ সোণ্টীয়ে লগতে কয় যে এই অগ্ৰৱৰ্তী ক্ষেত্ৰসমূহে জীৱনৰ প্ৰায় প্ৰতিটো দিশকে স্পৰ্শ কৰে আৰু বৈজ্ঞানিক অগ্ৰগতিৰ বাবে যথেষ্ট সুযোগ প্ৰদান কৰে।

ছিষ্টেম আৰু ছিন্থেটিক জীৱবিজ্ঞানৰ অধিৱেশনত স্বাস্থ্যসেৱা, কৃষি, ঔদ্যোগিক জৈৱ প্ৰযুক্তি আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰয়োগৰ বাবে জটিল জৈৱিক প্ৰণালী আৰু অভিযান্ত্ৰিক জৈৱিক প্ৰক্ৰিয়াসমূহ বুজিবলৈ আন্তঃবিষয়ক দৃষ্টিভংগীৰ বৰ্ধিত গুৰুত্বত আলোকপাত কৰা হয়। এই অগ্ৰৱৰ্তী ক্ষেত্ৰসমূহে উদ্ভাৱনক ত্বৰান্বিত কৰা, নতুন জৈৱ-প্ৰযুক্তিগত সমাধান বিকশিত কৰা আৰু গোলকীয় জৈৱ-অৰ্থনীতিত ভাৰতৰ স্থিতি শক্তিশালী কৰাৰ গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে।

সন্মিলনত সম্বোধন কৰি বিভাগৰ বি আই আৰ এ চিৰ পৰিচালন সঞ্চালক তথা বিজ্ঞানী-এইচ, ডঃ ধনঞ্জয় কুমাৰ তিৱাৰীয়ে স্বাস্থ্যসেৱা, জৈৱ উৎপাদন আৰু জৈৱ ডিজাইনত ইয়াৰ প্ৰয়োগত গুৰুত্ব আৰোপ কৰি ছিষ্টেম আৰু ছিন্থেটিক জীৱবিজ্ঞানৰ পৰিৱৰ্তনশীল সম্ভাৱনাত আলোকপাত কৰে। তেওঁ জৈৱিক গৱেষণা ত্বৰান্বিত কৰাত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকাত গুৰুত্ব আৰোপ আৰু ভাৰতৰ জৈৱ প্ৰযুক্তি খণ্ডৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ বাবে বায়'ই৩ নীতি (BioE3 Policy)ৰ সম্ভাৱনাত আলোকপাত কৰে।

বিভাগৰ সচিব ডঃ ৰাজেশ এছ গোখলে সন্মিলনত অংশগ্ৰহণকাৰীসকলক আদৰণি জনায় আৰু উদ্ভাৱন আৰু সামাজিক প্ৰগতিৰ ক্ষেত্ৰত বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰে। পেনিচিলিনৰ আৱিষ্কাৰ আৰু বৃহৎ পৰিমাণৰ উৎপাদনৰ বিষয়ে কৈ তেওঁ মন্তব্য কৰে যে বৈজ্ঞানিক আৱিষ্কাৰবোৰে এইবোৰৰ সম্পূৰ্ণ সুফল দিবলৈ আৰম্ভ কৰে যেতিয়া সেইবোৰ ব্যৱহাৰযোগ্য কৰি তোলা আৰু সমাজৰ বাবে সুলভ কৰা হয়। তেওঁ উদ্ভাৱনৰ বাবে এক শক্তিশালী মঞ্চ হিচাপে জীৱবিজ্ঞানৰ বৰ্ধিত গুৰুত্বত আলোকপাত কৰি মন্তব্য কৰে যে জৈৱ প্ৰযুক্তিয়ে মানৱ বিকাশৰ একাধিক দিশ গঠন কৰাৰ সম্ভাৱনাৰ সৈতে ইয়াৰ দ্বিতীয় বিপ্লৱত প্ৰৱেশ কৰিছে। তেওঁ গৱেষণা, বিকাশ আৰু পৰিসৰ শক্তিশালী কৰি পৰীক্ষাগাৰৰ আৱিষ্কাৰবোৰক ব্যৱহাৰিক কৰি তোলাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে।

সন্মিলনৰ মুখ্য অতিথি, নীতি আয়োগৰ সদস্য অধ্যাপক গোবৰ্ধন দাসে ভাৰতৰ বৰ্ধিত বৈজ্ঞানিক সামৰ্থ্য আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে জৈৱ প্ৰযুক্তিৰ অপৰিসীম সম্ভাৱনা, উদ্ভাৱনৰ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰা আৰু অগ্ৰৱৰ্তী গোলাকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত আলোকপাত কৰে। মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা দৃষ্টিভংগীৰ কথা উল্লেখ কৰি তেওঁ ভাৰতৰ ভৱিষ্যত নিৰ্মাণত জীৱবিজ্ঞান, বিজ্ঞান আৰু জৈৱ প্ৰযুক্তিৰ বৰ্ধিত গুৰুত্বতো তেওঁ আলোকপাত কৰে। অধ্যাপক দাসে গোলকীয় জৈৱ প্ৰযুক্তিৰ নেতা হিচাপে ভাৰতৰ আত্মপ্ৰকাশৰ সম্ভাৱনাত আস্থা প্ৰকাশ কৰে আৰু মৌলিক গৱেষণাক ব্যৱহাৰিক প্ৰয়োগত গুৰুত্ব দিয়ে। উদাহৰণস্বৰূপে ক'ভিড-১৯ৰ প্ৰতিষেধকৰ বিকাশৰ কথা উল্লেখ কৰি তেওঁ কেনেকৈ মৌলিক জৈৱিক গৱেষণাই জীৱন ৰক্ষক উদ্ভাৱনৰ পথ প্ৰশস্ত কৰিব পাৰে আৰু জনস্বাস্থ্যৰ প্ৰধান প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাত সহায় কৰিব পাৰে তাৰে ব্যাখ্যা কৰে।

এই আৰম্ভণি অনুষ্ঠানটোৱে ই এছ টি আই চি ২০২৬ৰ পূৰ্বে ভাৰতৰ গৱেষণা আৰু উদ্ভাৱন কাৰ্যসূচীক আগুৱাই নিয়াৰ ক্ষেত্ৰত অগ্ৰৱৰ্তী বৈজ্ঞানিক শাখাৰ ভূমিকাৰ আলোচনাৰ বাবে মঞ্চ তৈয়াৰ কৰিছিল।

ই এছ টি আই চি ২০২৬ৰ বিষয়ে

অগ্ৰৱৰ্তী বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (ই এছ টি আই চি ২০২৬) হৈছে ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্যালয়ৰ নিৰ্দেশনাত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি এছ আই আৰ)ৰ দ্বাৰা আয়োজিত এটা মুখ্য ৰাষ্ট্ৰীয় মঞ্চ। নতুন দিল্লীৰ ভাৰত মণ্ডপমত ২০২৬ চনৰ ২৭-২৯ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনৰ লক্ষ্য হৈছে আগশাৰীৰ বিজ্ঞানী, নীতি নিৰ্ধাৰক, উদ্যোগৰ নেতা, গৱেষক আৰু গভীৰ প্ৰযুক্তিৰ উদ্ভাৱকসকলক বৈজ্ঞানিক সফলতা প্ৰদৰ্শন, আন্তঃবিষয়ক সহযোগিতা বৃদ্ধি আৰু গৱেষণাৰ প্ৰয়োগক প্ৰভাৱশালী প্ৰযুক্তিলৈ ত্বৰান্বিত কৰা।

ছিষ্টেম আৰু ছিন্থেটিক জীৱবিজ্ঞান, উন্নত উৎপাদন, শক্তি প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ আৰু উন্নত স্বাস্থ্যসেৱাকে ধৰি ১২টা গুৰুত্বপূৰ্ণ বিষয়গত ক্ষেত্ৰ সামৰি লৈ, ই এছ টি আই চি ২০২৬এ বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সমৰ্থনত ভাৰতৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিবলৈ চেষ্টা কৰে।

অত্যাধুনিক গৱেষণা, বৈজ্ঞানিক সহযোগিতা আৰু সামৰ্থ্য নিৰ্মাণৰ প্ৰতি ইয়াৰ নিৰন্তৰ প্ৰতিশ্ৰুতিৰ জৰিয়তে আই চি জি ই বি নতুন দিল্লী জৈৱ প্ৰযুক্তিৰ অগ্ৰগতি আৰু বিশ্ব বিজ্ঞান আৰু প্ৰযুক্তিত ভাৰতৰ অৱদান শক্তিশালী কৰাৰ বাবে সমৰ্পিত হৈ আছে।

আই চি জি ই বি নতুন দিল্লীৰ বিষয়ে

নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় জেনেটিক ইঞ্জিনিয়াৰিং আৰু জৈৱ প্ৰযুক্তি কেন্দ্ৰ (আই চি জি ই বি) হৈছে জীৱ বিজ্ঞানৰ গৱেষণা আৰু প্ৰশিক্ষণৰ এটা আগশাৰীৰ কেন্দ্ৰ। ইয়াৰ গৱেষণা কাৰ্যসূচীবোৰ সংক্ৰামক ৰোগ, প্ৰতিষেধক আৰু নিদান, উদ্ভিদ জৈৱ প্ৰযুক্তি, জৈৱ শক্তি, জৈৱ তথ্যবিজ্ঞান আৰু জৈৱ প্ৰযুক্তিৰ অন্যান্য অগ্ৰৱৰ্তীৰ ক্ষেত্ৰত বিস্তৃত। বৈজ্ঞানিক গৱেষণা, সামৰ্থ্য নিৰ্মাণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে আই চি জি ই বিয়ে মানৱ কল্যাণ আৰু বহনক্ষম বিকাশৰ বাবে জৈৱ প্ৰযুক্তিৰ অগ্ৰগতি সাধনত অৰিহণা যোগায়।

 

****

NKR / MJ/PK


(ৰিলিজ আই ডি : 2328516) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी , Tamil , Telugu