পোষ্ট কৰা হৈছে:
26 OCT 2026 1:45PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২৮ অক্টোবৰৰ পৰা ফিলিপাইনছ চেবুত অনুষ্ঠিত হ'বলগীয়া ত্ৰয়োদশ দক্ষিণ-পূব এছিয়া ৰাষ্ট্ৰ সংস্থাৰ (আছিয়ান) প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক (এ ডি এম এম)-প্লাছত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। তেওঁ 'আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় মত বিনিময়' অনুষ্ঠানত ভাষণ আগবঢ়াব।
এ ডি এম এম-প্লাছৰ সমান্তৰালভাৱে প্ৰতিৰক্ষা মন্ত্ৰীয়ে অংশগ্ৰহণকাৰী দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ সৈতে চলি থকা প্ৰতিৰক্ষা বিষয়ৰ পৰ্যালোচনা আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উপায়ৰ অন্বেষণ কৰিব।
এ ডি এম এম হৈছে আছিয়ানৰ সৰ্বোচ্চ প্ৰতিৰক্ষা পৰামৰ্শমূলক আৰু সহযোগিতামূলক ব্যৱস্থা। এ ডি এম এম-প্লাছ হৈছে নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহ (ব্ৰুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাও পি ডি আৰ, মালয়ছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড, তিমোৰ লেষ্টে আৰু ভিয়েটনাম) আৰু ইয়াৰ আঠখন অংশীদাৰ দেশৰ (ভাৰত, আমেৰিকা, চীন, ৰাছিয়া, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড) এখন উমৈহতীয়া মঞ্চ।
ভাৰত আছিয়ান বৈঠকৰ অংশীদাৰ হৈছিল ১৯৯২ চনত। ২০১০ চনৰ ১২ অক্টোবৰত ভিয়েটনামৰ হানইত উদ্বোধনী এ ডি এম এম-প্লাছ অনুষ্ঠিত হৈছিল। ২০১৭ চনৰ পৰা এ ডি এম এম-প্লাছ মন্ত্ৰীসকলে আছিয়ান আৰু প্লাছ দেশসমূহৰ মাজত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰিবলৈ বছৰি বৈঠক অনুষ্ঠিত কৰি আহিছে।
ফিলিপাইনছ হৈছে ২০২৬ চনৰ বাবে এ ডি এম এম-প্লাছৰ অধ্যক্ষ। এ ডি এম এম-প্লাছৰ সাংগঠনিক ব্যৱস্থাত ভাৰতে ২০২৪-২০২৭ চনৰ বাবে মালয়েছিয়াৰ সৈতে সন্ত্ৰাসবাদ বিৰোধী বিশেষজ্ঞ ৱৰ্কিং গ্ৰুপৰ সহ-সভাপতিত্ব কৰিছে। এডিএমএম-প্লাছ প্ৰণালীত ভাৰতৰ সক্ৰিয় অংশগ্ৰহণে এক্ট ইষ্ট নীতিৰ অধীনত দক্ষিণ-পূব এছিয়াত গভীৰ প্ৰতিৰক্ষা কূটনীতিত গুৰুত্ব আৰোপ কৰে, যাৰ লক্ষ্য হৈছে অঞ্চলটোত শান্তি, সুস্থিৰতা আৰু সামূহিক বিকাশ নিশ্চিত কৰা।
****
SR/Savvy/PK