ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

সাতনা-দেৱেন্দ্ৰনগৰ (৫৩ কিমি) আৰু ৰেৱা-চুৰহাট (৬৫ কিমি) ৰে’ল শাখা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা; বিন্ধ্য আৰু বুন্দেলখণ্ড অঞ্চলৰ মাজৰ দূৰত্ব হ্ৰাস পালে, বিশেষভাৱে উপকৃত হ’ব চিধি জিলা

ৰে’ল মন্ত্ৰী আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে সাতনা-দেৱেন্দ্ৰনগৰ আৰু ৰেৱা-চুৰহাট ৰে’ল শাখা

দেৱেন্দ্ৰনগৰ-চুৰহাট নতুন যাত্ৰীবাহী ৰে’ল সেৱাৰ শুভাৰম্ভ; স্থানীয় ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু দৈনিক যাত্ৰীসকলৰ বাবে হ’ব সুবিধা

খনিজ সম্পদেৰে চহকী বিন্ধ্য অঞ্চল দেশৰ প্ৰধান ঔদ্যোগিক তথা পৰিবহণ কেন্দ্ৰসমূহৰ সৈতে সংযোজিত, অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতি অধিক গতিশীল হ’ব

পোষ্ট কৰা হৈছে: 24 OCT 2026 8:11PM by PIB Guwahati

মধ্যপ্ৰদেশৰ বিন্ধ্য অঞ্চলত ৰে’ল সংযোগৰ সম্প্ৰসাৰণে আজি ঐতিহাসিক মাইলৰ খুঁটা স্পৰ্শ কৰে। মাননীয় কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু মধ্যপ্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী ড° মোহন যাদৱৰ উপস্থিতিত সাতনা-দেৱেন্দ্ৰনগৰ আৰু ৰেৱা-চুৰহাট ৰে’ল শাখা দুটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই উপলক্ষে নতুন দেৱেন্দ্ৰনগৰ-চুৰহাট যাত্ৰীবাহী ৰে’ল সেৱাৰো শুভাৰম্ভ কৰা হয়। ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

চুৰহাট ৰে’ল ষ্টেচনত আয়োজিত এই কাৰ্যসূচীত মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ৰাজেন্দ্ৰ শুক্লা, ৰেৱাৰ সাংসদ শ্ৰী জনাৰ্দন মিশ্ৰ, চিধিৰ সাংসদ শ্ৰী ৰাজেশ মিশ্ৰকে ধৰি অন্যান্য জনপ্ৰতিনিধি তথা গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আনহাতে, নাগোদ ৰে’ল ষ্টেচনত অনুষ্ঠিত কাৰ্যসূচীত মধ্যপ্ৰদেশ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী প্ৰতিমা বাগৰী, সাতনাৰ সাংসদ শ্ৰী গণেশ সিং, খাজুৰাহোৰ সাংসদ শ্ৰী বিষ্ণু দত্ত শৰ্মাৰ লগতে অন্যান্য জনপ্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

 

ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে উন্নত ৰে’ল সংযোগ ব্যৱস্থাই বিন্ধ্য আৰু বুন্দেলখণ্ড অঞ্চলৰ বাবে নতুন জীৱনৰেখা গঢ়ি তুলিছে। তেওঁ লগতে উল্লেখ কৰে যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিব আৰু শিক্ষা, সংস্থাপন তথা স্বাস্থ্যসেৱা লাভৰ পথ অধিক সুগম কৰি তুলিব।

শ্ৰী বৈষ্ণৱে সমগ্ৰ দেশজুৰি চলি থকা ৰে’ল সংযোগ সম্প্ৰসাৰণৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীনগৰ, মিজোৰাম আৰু পাম্বান দলঙৰ হাতত লোৱা কাম-কাজসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে শেহতীয়াকৈ ছট্টিশগড়ৰ ৰাওঘাট আৰু মধ্যপ্ৰদেশৰ তাণ্ডা ৰোডক ৰে’ল নেটৱৰ্কৰ সৈতে সংযোজিত কৰাৰ সাফল্যৰ কথাও উল্লেখ কৰে।

ললিতপুৰ-সিংৰৌলী ৰে’ল প্ৰকল্পৰ অধীনত দেৱেন্দ্ৰনগৰ-সাতনা আৰু ৰেৱা-চুৰহাট ৰে’ল শাখাত ৰে’ল চলাচল আৰম্ভ হোৱাৰ ফলত বিন্ধ্য আৰু বুন্দেলখণ্ড অঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় হ’ব। তেওঁ কয় যে উন্নত ৰে’ল সংযোগে মধ্যপ্ৰদেশত ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰাৰ লগতে অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব।

ৰে’ল মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে মধ্যপ্ৰদেশত বৰ্তমান প্ৰায় ১ লাখ কোটি টকাৰ ৰে’ল প্ৰকল্পৰ কাম চলি আছে। ইয়াৰ ভিতৰত নতুন ৰে’ল লাইন, ডাবলিং, তৃতীয় আৰু চতুৰ্থ ৰে’ল লাইন নিৰ্মাণ তথা গে’জ ৰূপান্তৰ প্ৰকল্পসমূহ অন্তৰ্ভুক্ত। ললিতপুৰ-সিংৰৌলী, সাতনা-ৰেৱা, কাটনি-সিংৰৌলী, জবলপুৰ-গোন্দিয়া, বিনা-ভূপাল-ইটাৰচি, ইটাৰচি-নাগপুৰ, ৰাতলাম-খণ্ডৱা, ইন্দোৰ-বুদনী, ইন্দোৰ-দাহোদ আৰু ইন্দোৰ-মনমাড় আদি ৰে’ল শাখাসমূহত ব্যাপক গতিত কাম চলাই থকা হৈছে।

তেওঁ কয় যে এই প্ৰকল্পসমূহ সম্পূৰ্ণ হ’লে ৰাজ্যখনত নতুন ৰে’ল সেৱা আৰম্ভ কৰাৰ পথ প্ৰশস্ত হ’ব। আগন্তুক বছৰবোৰত ১০০ খনতকৈও অধিক দূৰণিবটীয়া ৰে’ল আৰু ৫০ ৰ পৰা ৬০ খন চুটি দূৰত্বৰ ৰে’ল সেৱা, যেনে মেমু (MEMU) আৰু ইণ্টাৰচিটি ৰে’ল আৰম্ভ কৰিব পৰা যাব।

ষ্টেচনসমূহৰ পুনৰ্নিৰ্মাণৰ সন্দৰ্ভত শ্ৰী বৈষ্ণৱে উল্লেখ কৰে যে মধ্যপ্ৰদেশৰ সংস্কৃতি আৰু ঐতিহ্য প্ৰতিফলিত হোৱাকৈ খাজুৰাহো ষ্টেচনৰ স্থাপত্য নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি অশোকনগৰ, বালাঘাট, বেওহাৰী, নাইনপুৰ, নৰ্মাদাপুৰম, ছত্ৰপুৰ, ওৰ্ছা, শিৱপুৰী, হৰপালপুৰ, ছিন্দৱাৰা আৰু সেওনীকে ধৰি কেইবাটাও ষ্টেচনত পুনৰ্নিৰ্মাণৰ কাম চলি আছে। তেওঁ লগতে জনায় যে এই পুনৰ্নিৰ্মাণ কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ প্ৰায় ৮০ টা ৰে’ল ষ্টেচন অন্তৰ্ভুক্ত কৰা হৈছে।

ৰে’ল প্ৰকল্পৰ সৈতে জড়িত পৰিৱেশ সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰে’ল মন্ত্ৰীয়ে পান্না অঞ্চলত গছ কটাৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ জনায় যে যিমানসংখ্যক গছ কটা হৈছিল, তাতকৈ অধিক পুলি ৰোপণৰ বাবে এটা পৰিকল্পনা হাতত লোৱা হৈছে। তেওঁ জেনেৰেল মেনেজাৰ, ডিভিজনেল ৰে’লৱে মেনেজাৰ আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটক ঘটনাস্থল পৰিদৰ্শন কৰি গছপুলি ৰোপণৰ বুজ ল’বলৈ, ৰোপণ কৰা পুলিবোৰ যাতে জীয়াই থাকে সেয়া নিশ্চিত কৰিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নতুন পুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়ে।

কাৰ্যসূচীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱে কয় যে এই নতুন ৰে’ল সংযোগে বুন্দেলখণ্ড আৰু বিন্ধ্য অঞ্চলৰ বাবে এটা নতুন যুগৰ সূচনা কৰিলে, যাৰ ফলত এতিয়ালৈকে ৰে’লৰ সুবিধা নোপোৱা অঞ্চলসমূহে ৰে’ল সেৱা লাভ কৰিব। তেওঁ এই বিশেষ ক্ষণটোক অঞ্চলবাসীৰ বাবে "দীপাৱলীৰ উপহাৰ" বুলি অভিহিত কৰে।

ড° যাদৱে কয় যে ৫৪১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ললিতপুৰ-সিংৰৌলী ৰে’ল প্ৰকল্পই উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ মাজৰ সংযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিব, যাৰ ফলত ললিতপুৰ, ছত্ৰপুৰ, পান্না, সাতনা, ৰেৱা, চিধি আৰু সিংৰৌলী অঞ্চল উপকৃত হ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উন্নত ৰে’ল সংযোগৰ জৰিয়তে কৃষকসকলে বৃহৎ বজাৰৰ সুবিধা লাভ কৰিব, উদ্যোগসমূহৰ মাল পৰিবহণ সহজ হৈ পৰিব, যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নতুন সুযোগ সৃষ্টি হ’ব, স্বাস্থ্যসেৱা লাভৰ পথ সুগম হ’ব আৰু পৰ্যটন উদ্যোগ উৎসাহিত হ’ব। তেওঁ কয় যে এই যোগাযোগ ব্যৱস্থাই খনিজ সম্পদেৰে চহকী বুন্দেলখণ্ড অঞ্চলত অৰ্থনৈতিক কাৰ্যকলাপ অধিক ত্বৰান্বিত কৰিব আৰু বিশেষকৈ পান্নাৰ হীৰা ব্যৱসায় লাভান্বিত হ’ব। ইয়াৰ উপৰি তেওঁ ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগ-খণ্ডৱা ৰে’ল লাইনকে ধৰি মধ্যপ্ৰদেশত চলি থকা বিভিন্ন ৰে’ল প্ৰকল্পসমূহৰো শলাগ লয়।

ৰেৱা-চুৰহাট ৰে’ল লাইনৰ দ্বাৰা চিধি জিলা উপকৃত হ’ব

ৰেৱাৰ পৰা চুৰহাটলৈকে নিৰ্মাণ কৰা প্ৰায় ৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’ল লাইনটোৰ নামত প্ৰায় ১,০৭০ কোটি টকা ব্যয় কৰা হৈছে। ৰামপুৰ নাইকিন আৰু চুৰহাটৰ মাজৰ প্ৰায় ২২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অন্তিমছোৱা ৰে’ল শাখাৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে এই প্ৰকল্পটোৰ কামো সম্পন্ন হয়। চুৰহাটলৈকে ৰে’ল সেৱা সম্প্ৰসাৰিত হোৱাৰ ফলত চিধি জিলাৰ বাসিন্দাসকলে দেশৰ ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে সংযোজিত হোৱাৰ সুবৰ্ণ সুযোগ লাভ কৰিলে।

এই ৰে’ল লাইনটো অঞ্চলটোৰ বাবে কেৱল এটি নতুন পৰিবহণ মাধ্যমেই নহয়, বৰঞ্চ বিকাশৰ ন ন সম্ভাৱনা সৃষ্টিৰ  শক্তিশালী মাধ্যম হিচাপে বিবেচিত হৈছে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানলৈ যোৱা, ৰোগীসকলে উন্নত চিকিৎসা সেৱা গ্ৰহণ কৰা আৰু যুৱপ্ৰজন্ম তথা কৰ্মৰত পেছাদাৰীসকলে সংস্থাপন আৰু ব্যৱসায়-বাণিজ্যৰ নতুন সুযোগ লাভ কৰাটো অধিক সহজ হৈ পৰিব। অঞ্চলটোত চূণশিলকে ধৰি অন্যান্য খনিজ সম্পদৰ প্ৰাচুৰ্য আৰু চিমেণ্ট উদ্যোগৰ সম্ভাৱনীয়তালৈ চাই এই ৰে’ল সংযোগে ঔদ্যোগিক কাৰ্যকলাপ তথা মাল পৰিবহণ ব্যৱস্থাতো নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

সাতনা-দেৱেন্দ্ৰনগৰ ৰে’ল লাইনে ঔদ্যোগিক আৰু গ্ৰাম্য অৰ্থনীতি অধিক গতিশীল কৰিব

সাতনাৰ পৰা দেৱেন্দ্ৰনগৰলৈকে নিৰ্মাণ কৰা প্ৰায় ৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’ল লাইনটোৰ নামত প্ৰায় ৮৭৩ কোটি টকা ব্যয় হৈছে। ফুলৱাৰী আৰু দেৱেন্দ্ৰনগৰৰ মাজৰ অন্তিমছোৱা ৮ কিলোমিটাৰ ৰে’ল লাইনৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে এই সমগ্ৰ প্ৰকল্পটোৰ কামো সম্পন্ন হয়।

সাতনা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত চূণশিল, চিমেণ্টকে ধৰি অন্যান্য খনিজভিত্তিক উদ্যোগসমূহ আছে। উন্নত ৰে’ল সংযোগ ব্যৱস্থাই চিমেণ্ট, ক্লিংকাৰ আৰু অন্যান্য সামগ্ৰী পৰিবহণৰ কাম অধিক সহজ কৰি তুলিব। ইয়াৰ ফলত উদ্যোগসমূহৰ সামগ্ৰী সৰবৰাহ (লজিষ্টিকছ) ব্যৱস্থা উন্নত হ’ব, পথভিত্তিক মাল পৰিবহণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আৰু ভৱিষ্যতে ঔদ্যোগিক কাৰ্যকলাপ সম্প্ৰসাৰণৰ সম্ভাৱনা বৃদ্ধি পাব।

ৰে’ল সংযোগ ব্যৱস্থাই দেৱেন্দ্ৰনগৰ, নাগোদ আৰু পান্না অঞ্চলৰ কৃষক তথা গাঁৱৰ ব্যৱসায়ীসকলক বৃহৎ বজাৰৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত উন্নত বিকল্প প্ৰদান কৰিব। এই ৰে’ল যোগাযোগে কৃষি উৎপাদিত সামগ্ৰী, স্থানীয় উৎপাদন আৰু হস্তশিল্পসমূহক অধিক বহল বজাৰলৈ লৈ যোৱাত সহায় কৰিব। ইয়াৰ উপৰি ৱেৰহাউছিং , পৰিবহণ, ব্যৱসায় আৰু অন্যান্য আনুষংগিক কাম-কাজত নতুন সংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

নতুন যাত্ৰীবাহী ৰে’ল সেৱাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু দৈনিক যাত্ৰীসকল উপকৃত হ’ব

নতুন দেৱেন্দ্ৰনগৰ-চুৰহাট-দেৱেন্দ্ৰনগৰ যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ হোৱাৰ লগে লগে সংশ্লিষ্ট অঞ্চলসমূহৰ যাত্ৰীসকলে সাতনা আৰু ৰেৱাৰ জৰিয়তে  উন্নত ৰে’ল যোগাযোগৰ সুবিধা লাভ কৰিব। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰী, কৰ্মৰত পেছাদাৰী, ব্যৱসায়ী, ৰোগী, কৃষক আৰু অন্যান্য দৈনিক যাত্ৰীসকলৰ বাবে যাতায়াতৰ  সুচল মাধ্যম গঢ় লৈ উঠিব।

এই নতুন ৰে’ল সংযোগে স্থানীয় কৃষি উৎপাদিত সামগ্ৰী, শিলৰ কাৰুকাৰ্য, হস্তশিল্প আৰু অন্যান্য স্থানীয় উৎপাদনসমূহক বৃহৎ বজাৰলৈ লৈ যোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰিব। ইয়াৰ ফলস্বৰূপে স্থানীয় ব্যৱসায়-বাণিজ্য, পৰিবহণ, খাদ্য সেৱা আৰু অন্যান্য ক্ষুদ্ৰ উদ্যোগসমূহ অধিক লাভান্বিত হোৱাৰ পথ প্ৰশস্ত হ’ব।

পৰ্যটন উদ্যোগ অধিক গতিশীল হ’ব, স্থানীয় সংস্থাপনৰ সুযোগ বৃদ্ধি পাব

বিন্ধ্য আৰু বুন্দেলখণ্ড অঞ্চল প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক ঐতিহ্য আৰু সাংস্কৃতিকভাৱে তাৎপৰ্যপূৰ্ণ বহুতো স্থানৰ বাবে সুপৰিচিত। উন্নত ৰে’ল সংযোগ ব্যৱস্থাই পান্না, খাজুৰাহো, ৰেৱা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ পৰ্যটনস্থলীসমূহলৈ যাতায়াতৰ পথ অধিক সুচল কৰি তুলিব।

অঞ্চলটোৰ প্ৰধান পৰ্যটনস্থলীসমূহৰ ভিতৰত হোৱাইট টাইগাৰ ছাফাৰী, মুকুন্দপুৰ, চাচাই আৰু বাহুতি জলপ্ৰপাত, ৰেৱা দুৰ্গ আৰু গোবিন্দগড় অন্যতম। এই উন্নত ৰে’ল সংযোগৰ ফলত উল্লিখিত স্থানসমূহলৈ ভ্ৰমণ কৰাটো অধিক সুবিধাজনক হৈ পৰিব আৰু ই আঞ্চলিক পৰ্যটনক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। পর্যটকৰ আগমন বৃদ্ধি পোৱাৰ লগে লগে হোটেল, স্থানীয় পৰিবহণ সেৱা, পৰ্যটক পথপ্ৰদৰ্শক, হস্তশিল্প আৰু ক্ষুদ্ৰ ব্যৱসায়সমূহো বিশেষভাৱে লাভান্বিত হ’ব পাৰে।

*****

Dharmendra Tewari/ Dr. Nayan Solanki/ Vanshita Jaiswal/MM


(ৰিলিজ আই ডি : 2328301) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Kannada