গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৱাকি-টকিৰ বিভ্রান্তিকৰ বিজ্ঞাপন আৰু নিয়ম নমনা বিক্ৰীৰ বিৰুদ্ধে সক্ৰিয় ব্যৱস্থা গ্ৰহণ চিচিপিএৰ

ৱাকি-টকিৰ বিভ্রান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে হ’গাৰ টেকন’লজিছ এণ্ড ইনোভেচনছ এলএলপিক ১ লাখ টকাৰ জৰিমনা চিচিপিএৰ

অনলাইন প্লেটফৰ্মসমূহত চিনাক্ত কৰা হৈছে নিয়ম বহিৰ্ভূতভাৱে তালিকাবদ্ধ ১৬,৯৭০ টাৰো অধিক সামগ্ৰী; ১৩ টা ই-কমাৰ্চ প্ৰতিষ্ঠানলৈ জাৰি জাননী

গ্ৰাহকক সঠিক সিদ্ধান্ত গ্ৰহণত সহায় কৰিবলৈ বিজ্ঞাপনসমূহত কাৰ্যকৰী ফ্ৰিকুৱেন্সি, অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তা আৰু আন যাৱতীয় নিয়ন্ত্ৰণমূলক তথ্য স্পষ্টকৈ প্ৰকাশ কৰাটো বাধ্যতামূলক

ৱাকি-টকিৰ বিভ্রান্তিকৰ বিজ্ঞাপন আৰু অনুচিত ব্যৱসায়িক পদ্ধতিৰ বাবে ১২ টা প্ৰতিষ্ঠানৰ বিৰুদ্ধে চূড়ান্ত নিৰ্দেশনা চিচিপিএৰ, সৰ্বমুঠ ৫৮ লাখ টকাৰ জৰিমনা বিহাৰ নিৰ্দেশ    

পোষ্ট কৰা হৈছে: 25 OCT 2026 4:28PM by PIB Guwahati

কাৰ্যকৰী ফ্ৰিকুৱেন্সি আৰু প্ৰযোজ্য অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাকে ধৰি অত্যাৱশ্যকীয় নিয়ন্ত্ৰণমূলক তথ্য প্ৰকাশ নকৰি ৱাকি-টকিৰ বিভ্রান্তিকৰ বিজ্ঞাপন তথা সামগ্ৰীৰ তালিকা প্ৰচাৰ কৰাৰ বাবে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে (চিচিপিএ) মেছাৰ্ছ হ’গাৰ টেকন’লজিছ এণ্ড ইনোভেচনছ এলএলপিক ১ লাখ টকাৰ জৰিমনা বিহিছে। মুখ্য আয়ুক্ত শ্ৰীমতী নিধি খাৰে আৰু আয়ুক্ত শ্ৰী অনুপম মিশ্ৰৰ নেতৃত্বাধীন চিচিপিএই গ্ৰাহক সুৰক্ষা আইন, ২০১৯ ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰে।


বিভিন্ন অনলাইন প্লেটফৰ্ম আৰু ৱেবছাইটত ৱাকি-টকিৰ (পাৰ্ছনেল ম’বাইল ৰেডিঅ’ছ) তালিকাকৰণ, বিজ্ঞাপন তথা বিক্ৰীৰ সৈতে জড়িত বিভ্রান্তিকৰ বিজ্ঞাপন আৰু অনুচিত ব্যৱসায়িক পদ্ধতিৰ বিৰুদ্ধে চিচিপিএই গ্ৰহণ কৰি অহা নিৰন্তৰ শাস্তিমূলক ব্যৱস্থাৰ অংশ হিচাপেই এই পদক্ষেপ লোৱা হৈছে।


নিয়ন্ত্ৰণমূলক চৰ্তাৱলীৰ তথ্য পৰ্যাপ্তভাৱে প্ৰকাশ নকৰাৰ বিষয়টো ধৰা পেলালে চিচিপিএই শেহতীয়া নিৰ্দেশনাত চিচিপিএই মেছাৰ্ছ হ’গাৰ টেকন’লজিছ এণ্ড ইনোভেচনছ এলএলপিৰ ৱেবছাইটত প্ৰদৰ্শিত বিভিন্ন ৱাকি-টকি মডেলৰ বিজ্ঞাপন আৰু সামগ্ৰীৰ তালিকাসমূহ পৰীক্ষা কৰে। প্ৰাধিকৰণে লক্ষ্য কৰে যে উক্ত তালিকাসমূহত ডিভাইচসমূহৰ কাৰ্যকৰী ফ্ৰিকুৱেন্সি, প্ৰযোজ্য অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তা আৰু নিয়ন্ত্ৰণমূলক অনুমোদনৰ তথ্য স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাছিল। এনে তথ্য গোপন কৰাৰ ফলত গ্ৰাহকসকল এই বিভ্ৰান্তিত পৰিব পাৰে যে প্ৰয়োজনীয় নিয়ন্ত্ৰণমূলক অনুমোদন নোহোৱাকৈয়ে এই ডিভাইচসমূহ বৈধভাৱে ব্যৱহাৰ কৰিব পৰা যায়।


‘ইউজ অৱ ল’ পাৱাৰ এণ্ড ভেৰী ল’ পাৱাৰ শ্বৰ্ট ৰেঞ্জ ৰেডিঅ’ ফ্ৰিকুৱেন্সি ডিভাইচেছ ৰুলছ, ২০১৮’ৰ অধীনত নিৰ্ধাৰিত ৪৪৬.০–৪৪৬.২ মেগাহাৰ্টজ ফ্ৰিকুৱেন্সি পৰিসৰৰ ভিতৰত চলিব পৰা পাৰ্ছনেল ম’বাইল ৰেডিঅ’সমূহক প্ৰযোজ্য চৰ্তসাপেক্ষে অনুজ্ঞাপত্ৰ লোৱাৰ নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। ৰেহাই দিয়া এই নিৰ্দিষ্ট ফ্ৰিকুৱেন্সি পৰিসৰৰ বাহিৰত কাৰ্যক্ষম আন সকলো ৱায়াৰলেছ ৰেডিঅ’ ফ্ৰিকুৱেন্সি ডিভাইচৰ ক্ষেত্ৰত প্ৰাসংগিক নিয়ন্ত্ৰণমূলক চৰ্তাৱলী প্ৰযোজ্য হয়।


শুনানিৰ সময়ত কোম্পানীটোৱে যুক্তি দাঙি ধৰিছিল যে তেওঁলোকৰ হাতত বৈধ ডীলাৰ পজেছিং লাইচেন্স আছে আৰু ডিভাইচসমূহ প্ৰযোজ্য ইকুইপমেণ্ট টাইপ এপ্ৰুভেল (ইটিএ) প্ৰমাণপত্ৰৰ অধীনত অন্তৰ্ভুক্ত। তেওঁলোকে লগতে দাবী কৰে যে তেওঁলোকৰ ৱেবছাইটটো মূলতঃ কেৱল তথ্য প্ৰদান আৰু সম্ভাব্য গ্ৰাহকৰ সঁহাৰি সংগ্ৰহৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল, তাত কোনো প্ৰত্যক্ষ অনলাইন লেনদেনৰ সুবিধা নাছিল।


কোম্পানীটোৰ যুক্তি, তদন্তৰ প্ৰতিবেদন আৰু নথিপত্ৰ পৰীক্ষা কৰাৰ অন্তত চিচিপিএই স্পষ্ট কৰে যে নিয়ন্ত্ৰণমূলক অনুমোদন লাভ কৰিলেই কোনো বিজ্ঞাপনদাতাই ক্ৰয়ৰ পূৰ্বৱৰ্তী পৰ্যায়ত গ্ৰাহকক সঠিক, সম্পূৰ্ণ আৰু গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰাৰ দায়িত্বৰ পৰা হাত সাৰিব নোৱাৰে।


ৱেবছাইটভিত্তিক সামগ্ৰীৰ প্ৰচাৰৰ ক্ষেত্ৰতো গ্ৰাহক সুৰক্ষাৰ চৰ্তসমূহ প্ৰযোজ্য চিচিপিএই  লগতে কয় যে কোনো অনলাইন পেমেণ্ট গেটৱে বা শ্বপিং কাৰ্টৰ সুবিধা নথকাটোৱেই ৱেবছাইটৰ জৰিয়তে কৰা প্ৰচাৰমূলক উপস্থাপনসমূহক গ্ৰাহক সুৰক্ষা আইন, ২০১৯ৰ অধীনত বিভ্রান্তিকৰ বিজ্ঞাপনৰ আওতাৰ পৰা মুক্ত নকৰে। সামগ্ৰীসমূহ শেষত যিকোনো মাধ্যমেৰেই বিক্ৰী কৰা নহওক কিয়, বিজ্ঞাপন আৰু সামগ্ৰীৰ তালিকাসমূহত প্ৰযোজ্য নিয়ন্ত্ৰণমূলক চৰ্তাৱলীৰ বিষয়ে পৰ্যাপ্ত তথ্য প্ৰদান কৰাটো বাধ্যতামূলক।


প্ৰাধিকৰণে লক্ষ্য কৰে যে কাৰ্যকৰী ফ্ৰিকুৱেন্সি আৰু অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য গোপন কৰাৰ ফলত বিজ্ঞাপন দিয়া ডিভাইচসমূহ কোনবোৰ চৰ্তৰ অধীনত বৈধভাৱে চলাব পৰা যাব, সেই সম্পৰ্কে গ্ৰাহকসকল বিভ্রান্ত হোৱাৰ সম্ভাৱনা থাকে। এনে তথ্য গোপনে গ্ৰাহকক সম্ভাব্য আইনী আৰু আৰ্থিক জটিলতাৰ মুখলৈ ঠেলি দিব পাৰে আৰু সঠিক তথ্যৰ আধাৰত ক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে।


সেই অনুসৰি, চিচিপিএই মেছাৰ্ছ হ’গাৰ টেকন’লজিছ এণ্ড ইনোভেচনছ এলএলপিৰ এনে কাৰ্যকলাপক বিভ্রান্তিকৰ বিজ্ঞাপন আৰু অনুচিত ব্যৱসায়িক পদ্ধতিৰ সৈতে জড়িত গ্ৰাহক সুৰক্ষা আইন, ২০১৯ ৰ প্ৰাসংগিক ব্যৱস্থাসমূহৰ উলংঘন বুলি বিবেচনা কৰে।


ৱাকি-টকিৰ অনলাইন তালিকাকৰণৰ বিৰুদ্ধে চিচিপিএৰ ব্যৱস্থা বাধ্যতামূলক নিয়ন্ত্ৰণমূলক তথ্য প্ৰকাশ নকৰাকৈ ই-কমাৰ্চ প্লেটফৰ্মসমূহত ব্যাপক হাৰত ৱাকি-টকিৰ তালিকাকৰণ আৰু বিক্ৰীৰ বিষয়টোক লৈ চিচিপিএই পূৰ্বতে স্বতঃপ্ৰণোদিতভাৱে গোচৰ ৰুজু কৰিছিল। পৰীক্ষাৰ সময়ত বিভিন্ন প্লেটফৰ্মত নিয়ম উলংঘন কৰা ১৬,৯৭০টাৰো অধিক সামগ্ৰী চিনাক্ত কৰা হয় আৰু এমাজন, ফ্লিপকাৰ্ট, মিছো, মেটা (ফেচবুক মাৰ্কেটপ্লেচ), জিঅ’মাৰ্ট, ইণ্ডিয়ামাৰ্ট তথা ট্ৰেডইণ্ডিয়াকে ধৰি ১৩টা ই-কমাৰ্চ প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰা হয়।
ৱাকি-টকিৰ বিভ্রান্তিকৰ বিজ্ঞাপন আৰু অনুচিত ব্যৱসায়িক পদ্ধতিৰ বিৰুদ্ধে প্ৰাধিকৰণে এতিয়ালৈকে ১২টা প্ৰতিষ্ঠানৰ বিৰুদ্ধে চূড়ান্ত নিৰ্দেশনা জাৰি কৰি সৰ্বমুঠ ৫৮ লাখ টকাৰ জৰিমনা বিহিছে। ইয়াৰ ভিতৰত এমাজন চেলাৰ ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড, ফ্লিপকাৰ্ট ইণ্টাৰনেট প্ৰাইভেট লিমিটেড, মিছো প্ৰাইভেট লিমিটেড, মেটা প্লেটফৰ্মছ আৰু ট্ৰেডইণ্ডিয়াক (ইনফ’কম নেটৱৰ্ক প্ৰাইভেট লিমিটেড) প্ৰতিটোকে ১০ লাখ টকাকৈ জৰিমনা বিহা হৈছে। আনহাতে জিঅ’মাৰ্ট (ৰিলায়েন্স ৰিটেইল লিমিটেড), চিমিয়া, মাস্কমেন টয়জ, টক প্ৰ’ (আইক’নেট ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড), সঞ্চাৰ ৱায়াৰলেছ কমিউনিকেচনছ লিমিটেড, অন্তৰীক্ষ টেকন’ছিছ প্ৰাইভেট লিমিটেড আৰু হ’গাৰ টেকন’লজিছ এণ্ড ইনোভেচনছ এলএলপিক প্ৰতিটোকে ১ লাখ টকাকৈ জৰিমনা বিহা হয়।


কিছুমান প্ৰতিষ্ঠানে চিচিপিএই জাৰি কৰা নিৰ্দেশনা আৰু ব্যৱস্থা গ্ৰহণৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এমাজন চেলাৰ ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড আৰু ফ্লিপকাৰ্ট ইণ্টাৰনেট প্ৰাইভেট লিমিটেডে প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই মহামান্য কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। মেটা প্লেটফৰ্মছ আৰু ট্ৰেডইণ্ডিয়াই (ইনফ’কম নেটৱৰ্ক প্ৰাইভেট লিমিটেড) ১০ লাখ টকাকৈ জৰিমনা বিহাৰ নিৰ্দেশনাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগৰ (এনচিডিআৰচি) দ্বাৰস্থ হৈছে। ট্ৰেডইণ্ডিয়াৰ ক্ষেত্ৰত এনচিডিআৰচিয়ে কোম্পানীটোক জৰিমনাৰ ধন জমা দিবলৈ নিৰ্দেশ দিছে। আনহাতে, ইণ্ডিয়ামাৰ্ট ইণ্টাৰমেশ্ব লিমিটেডেও চিচিপিএই আৰম্ভ কৰা ব্যৱস্থাক প্ৰত্যাহ্বান জনাই মহামান্য দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে, যদিও বিষয়টো বৰ্তমানো প্ৰাধিকৰণৰ বিবেচনাধীন হৈ আছে।


নিকা নিয়ন্ত্ৰণমূলক তথ্য প্ৰকাশৰ গুৰুত্ব  দোহাৰিলে চিচিপিএই চিচিপিএই পুনৰ স্পষ্ট কৰি দিয়ে যে ৱাকি-টকিৰ বিজ্ঞাপন আৰু সামগ্ৰীৰ তালিকাসমূহত কাৰ্যকৰী ফ্ৰিকুৱেন্সি, প্ৰযোজ্য অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক নিয়ন্ত্ৰণমূলক গুৰুত্বপূৰ্ণ তথ্য স্পষ্টভাৱে প্ৰকাশ কৰিব লাগিব, যাতে গ্ৰাহকসকলে সঠিক তথ্যৰ ভিত্তিত সিদ্ধান্ত ল’ব পাৰে। যিবোৰ সামগ্ৰীৰ বৈধ ব্যৱহাৰ নিৰ্দিষ্ট নিয়ন্ত্ৰণমূলক চৰ্তাৱলীৰ ওপৰত নিৰ্ভৰশীল, সেইবোৰৰ ক্ষেত্ৰত এনে তথ্য প্ৰকাশ কৰাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ।


প্ৰাধিকৰণে গ্ৰাহকৰ স্বাৰ্থ ৰক্ষা কৰা, বিভ্রান্তিকৰ বিজ্ঞাপন প্ৰতিৰোধ কৰা আৰু অনুচিত ব্যৱসায়িক পদ্ধতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে ৷ কিয়নো এইসমূহ সামগ্ৰীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণমূলক অনুপালন আৰু জনসুৰক্ষাৰ বিষয় জড়িত হৈ থাকে।


চূড়ান্ত নিৰ্দেশনাটো চিচিপিএৰ ৱেবছাইটত আছে : https://ccpa.doca.gov.in/

 

 

 

***

 


RT/SB/ARC/MM


(ৰিলিজ আই ডি : 2328298) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: Malayalam , Urdu , English , Gujarati , हिन्दी , Tamil , Kannada