যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

এম ৱাই ভাৰত-এন এছ এছ-এ নিচা মুক্ত যুৱ অভিযানৰ ষষ্ঠ সপ্তাহৰ অধীনত দেশৰ গাঁৱে গাঁৱে ‘গ্ৰাম সেৱা আৰু পৰম্পৰাগত ক্ৰীড়া দিৱস’

পোষ্ট কৰা হৈছে: 24 OCT 2026 4:54PM by PIB Guwahati

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ মাই ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ)-এ 'বিকশিত ভাৰতৰ বাবে নিচা মুক্ত যুৱ ১০০ সপ্তাহৰ সংকল্প অভিযান’ৰ ষষ্ঠ সপ্তাহৰ অংশ হিচাপে' শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰিধি নেওচি এই অভিযানক গ্ৰাম্য সম্প্ৰদায়সমূহৰ ওচৰ চপোৱাৰ প্ৰয়াসেৰে “গ্ৰাম সেৱা আৰু পৰম্পৰাগত ক্ৰীড়া দিৱস”ৰ আয়োজন কৰে।

১৫টা এন এছ এছ আঞ্চলিক সঞ্চালকালয়ৰ সহযোগত এন এছ এছ সঞ্চালকালয়ে গ্ৰহণ কৰা ১৬০টাতকৈও অধিক প্ৰতিষ্ঠান আৰু এইসমূহৰ গ্ৰামাঞ্চলসমূহত আয়োজিত এই কাৰ্যসূচীত যুৱক-যুৱতী, গ্ৰাম পঞ্চায়তৰ সদস্য, গাঁৱৰ বয়োজ্যেষ্ঠ আৰু স্থানীয় বাসিন্দাকে ধৰি  বহু লোকে অংশগ্ৰহণ কৰে। দ্বিতীয় মাহৰ বিষয়বস্তু 'স্বাস্থ্যৱান যুৱসমাজ, নিচা মুক্ত যুৱসমাজ (শক্তি আৰু সেৱা)' ৰ অধীনত আয়োজিত এই কাৰ্যসূচীসমূহত নিচামুক্ত সমাজৰ প্ৰচাৰত শাৰীৰিক সুস্থতা, সামূহিক অংশগ্ৰহণ আৰু সামাজিক দায়বদ্ধতাৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়।


পৰম্পৰাগত ক্ৰীড়া কাৰ্যকলাপৰ অংশ হিচাপে, এনএছএছ গোটসমূহে কাবাদী, খো-খো,  ৰছী টনা আৰু কুস্তি সমন্বিত থলুৱা ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰে। এই ক্ৰীড়া প্ৰতিযোগিতাসমূহত ২১,৫০০ গৰাকী লোকে অংশগ্ৰহণ কৰি গ্ৰাম্য যুৱক-যুৱতীসকলৰ মাজত স্বাস্থ্যকৰ বিনোদন, দলীয় কৰ্ম আৰু ইতিবাচক সম্পৰ্কক উৎসাহিত কৰে।

 

 

গ্ৰাম সেৱা গোটে এনএছএছ স্বেচ্ছাসেৱক আৰু গ্ৰাম পঞ্চায়তসমূহক একত্ৰিত কৰি গাঁৱৰ পথ পৰিষ্কাৰ কৰা, ৰাজহুৱা কুঁৱা আৰু দমকলৰ চাৰিওফালে অনাময় ব্যৱস্থা আৰু গছ-গছনি ৰোপণ অভিযানকে ধৰি সামূহিক সেৱাৰ কাম-কাজ হাতত লয়।গ্ৰাম্য উন্নয়নৰ বাবে সামূহিক পদক্ষেপৰ জৰিয়তে এনএছএছৰ মূলমন্ত্র ‘মই নহয়, কিন্তু আপুনি’ প্ৰতিফলিত কৰি ১৯,৮০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে এই কাৰ্যকলাপত অংশগ্ৰহণ কৰে।

ইয়াৰ উপৰি, স্বাস্থ্যকৰ জীৱন-যাপন আৰু নিশামুক্ত প্ৰচাৰ অভিযান সন্দৰ্ভত যুৱ-নেতৃত্বাধীন আলোচনা আৰু সামূহিক সজাগতা কাৰ্যসূচীত ১৮,৬০০ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই পদক্ষেপত ক্ৰীড়া আৰু সামূহিক সেৱা কাৰ্যকলাপত ২৯,৫০০গৰাকীতকৈও অধিক যুৱতীৰ অংশগ্ৰহণৰ  অভিলেখে লিংগ অন্তৰ্ভুক্তিৰ  শক্তিশালী গুৰুত্ব প্ৰতিফলিত কৰে।


 প্ৰচাৰৰ পৰিসৰ বৃদ্ধি কৰিবলৈ, যুৱ অংশগ্ৰহণকাৰীসকলে  #NashaMuktYuva হেশ্বটেগ ব্যৱহাৰ কৰি ৪,০০০ ছ’চিয়েল মিডিয়া পোষ্ট সৃষ্টিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ কাৰ্যকলাপৰ  ব্যাপ্তি বিস্তৃত দৰ্শকলৈ সম্প্ৰসাৰিত কৰে।

 

 পৰম্পৰাগত ক্ৰীড়া, সামূহিক সেৱা আৰু সজাগতা কাৰ্যকলাপৰ একত্ৰীকৰণৰ জৰিয়তে, অভিযানৰ ষষ্ঠ সপ্তাহত শিক্ষা প্ৰতিষ্ঠান আৰু গ্ৰাম্য সম্প্ৰদায়ৰ মাজৰ সম্পৰ্ক শক্তিশালী হয়। এই পদক্ষেপে স্বাস্থ্যকৰ জীৱনশৈলী,  যুৱক-যুৱতীৰ ইতিবাচক অংশগ্ৰহণ আৰু নিচা মুক্ত বিকশিত ভাৰতৰ দৃষ্টিভংগী গঢ়ি তোলাত সামূহিক অংশগ্ৰহণৰ গুৰুত্ব পুনৰ প্ৰতিফলিত কৰে।

 

****

Pawan Singh Faujdar/DD


(ৰিলিজ আই ডি : 2328102) অতিথি কক্ষ : 5