পোষ্ট কৰা হৈছে:
24 OCT 2026 12:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৫ অক্টোবৰত উত্তৰ প্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত এটা নতুন বস্ৰ নিৰ্মাণ কাৰখানা উদ্বোধন কৰিব। প্ৰায় ১ বজাত তেওঁ মুখ্য অতিথি হিচাপে বাৰাণসীৰ নমো ঘাটত বায়ু সেনা দিৱসৰ আকাশী প্ৰদৰ্শন-২০২৬প্ৰত্যক্ষ কৰিব।
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী ওড়িশালৈ যাব, য’ত সন্ধিয়া প্ৰায় ৪.৪৫ বজাত তেওঁ ভুৱনেশ্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেটা চেণ্টাৰ আৰু চাইবাৰ সুৰক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত তেওং ভাষ প্ৰদানো কৰিব।
বাৰাণসীত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত অৰবিন্দ লিমিটেডৰ নতুন বস্ৰ নিৰ্মাণ কাৰখানা উদ্বোধন কৰিব। এই সুবিধাই ভাৰতৰ বস্ত্ৰ আৰু সাজ-পোছাক নিৰ্মাণ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰা আৰু অঞ্চলটোত ঔদ্যোগিক বিকাশৰ প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।
আধুনিক উৎপাদন পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি, এই সুবিধাই অৰ্থপূৰ্ণ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব, বিশেষকৈ মহিলাসকলৰ বাবে আৰু অঞ্চলটোৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগাব। এই পদক্ষেপে ঔদ্যোগিক বিনিয়োগ আৰু উৎপাদন-নেতৃত্বাধীন বিকাশৰ গন্তব্যস্থান হিচাপে উত্তৰ প্ৰদেশৰ বৰ্ধিত ভূমিকাৰ ওপৰতো আলোকপাত কৰে। বিশ্বব্যাপী গ্ৰাহকৰ সংখ্যাৰ সৈতে, বাৰাণসীত নিৰ্মিত সামগ্ৰীবোৰ কেনেদৰে সমগ্ৰ বিশ্বতে উপনীত হ’ব তাৰ এয়া এক সাক্ষ্য। মুখ্যতঃ মহিলা নেতৃত্বাধীন পদক্ষেপে হোৱাৰ বাবে ই মহিলা নেতৃত্বাধীন উন্নয়নৰ এক শক্তিশালী প্ৰতীক।
প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ নমো ঘাটত বায়ু সেনা দিৱস আকাশী প্ৰদৰ্শন-২০২৬ প্ৰত্যক্ষ কৰিব। এই কাৰ্যসূচীয়ে ভাৰতীয় বায়ু সেনাৰ ৯৪ সংখ্যক বাৰ্ষিকী উদযাপন কৰিব আৰু ‘গংগাৰ ওপৰত উৰণ’ বিষয়বস্তুৰ অধীনত অনুষ্ঠিত হ’ব। আকাশী প্ৰদৰ্শনত তেজছ, লাইট কমবেট হেলিকপ্টাৰ (এলচিএইচ) প্ৰচন্দ, এছইউ-30এমকেআই আৰু ৰাফেলকে ধৰি পৰিবহণ বিমানো থাকিব। ভাৰতীয় নৌবাহিনী আৰু ভাৰতীয় সেনাৰ বিমানসমূহেও এই কাৰ্যসূচীত যৌথভাবে প্ৰদৰ্শন কৰিব। সূৰ্য কিৰণ এৰোবেটিক দল আৰু সাৰং হেলিকপ্টাৰ ডিছপ্লে দলকে ধৰি ভাৰতীয় বায়ু সেনাৰ প্ৰধান প্ৰদৰ্শন দলসমূহেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই প্ৰদৰ্শনীয়ে নিখুঁত উৰণ, সমন্বয় আৰু কাৰ্য্যকৰী উৎকৃষ্টতা প্ৰদৰ্শন কৰিব।
ভুৱনেশ্বৰত প্ৰধানমন্ত্ৰী
ভাৰতৰ বিত্তীয় ব্যৱস্থাৰ প্ৰযুক্তিগত ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি প্ৰধানমন্ত্ৰীয়ে ভুৱনেশ্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুনকৈ স্থাপিত ডেটা চেণ্টাৰ আৰু চাইবাৰ সুৰক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন কৰিব। ইয়াক বেংকৰ কম্পিউটাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু বেংক তথা বিস্তৃত বিত্তীয় খণ্ডৰ বাবে এক সুৰক্ষিত, স্থিতিস্থাপক, পৰিমাপযোগ্য আৰু ভৱিষ্যতৰ বাবে সাজু কম্পিউটাৰ পৰিৱেশতন্ত্ৰ প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে।
চাৰিটা অত্যাধুনিক তথ্য কেন্দ্ৰই অন্যান্য মুখ্য পদক্ষেপৰ লগতে অভিযান-গুৰুত্বপূৰ্ণ পৰিশোধ আৰু নিষ্পত্তি প্ৰণালীৰ আয়োজন কৰিব। এই সুবিধাই আপটাইম ইনষ্টিটিউট টিয়াৰ IV ষ্টেণ্ডাৰ্ডলৈ প্ৰমাণিত কৰা হৈছে-ডেটা চেণ্টাৰ আন্তঃগাঁথনিৰ বাবে বিশ্বব্যাপী মান-ইয়াক কাৰ্য্যকৰী স্থিতিস্থাপকতাৰ সৰ্বোচ্চ স্তৰত ৰখা হৈছে। ই বিশ্বজুৰি বি এফ এছ আই (বেংকিং, বিত্তীয় সেৱা আৰু বীমা) খণ্ডৰ সৰ্ববৃহৎ চতুৰ্থ স্তৰৰ প্ৰমাণিত সুবিধাসমূহৰ ভিতৰত অন্যতম। ই ডিজিটেল বিত্তীয় সেৱাৰ পৰিসৰ, দক্ষতা আৰু নিৰ্ভৰযোগ্যতা বহল কৰাত অৰিহণা যোগাব আৰু সুৰক্ষিত ডিজিটেল ভেটি গঠন কৰিব যাৰ ওপৰত ভাৰতৰ ক্ৰমান্বয়ে প্ৰযুক্তি-চালিত বিত্তীয় অৰ্থনীতিৰ বিকাশ হ'ব পাৰে। ই কেন্দ্ৰীয় বেংকিং সম্প্ৰদায়ৰ মাজত ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত নেতৃত্ব দি ৰিজাৰ্ভ বেংকৰ অনন্য স্থিতি শক্তিশালী কৰাত সহায় কৰিব।
চাইবাৰ সুৰক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানে ক্ষমতা নিৰ্মাণ বৃদ্ধি কৰিব, চাইবাৰ সুৰক্ষা আৰু উদ্যোগ-প্ৰযুক্তি প্ৰশিক্ষণ, গৱেষণা তথা খণ্ডভিত্তিক সামৰ্থ্য বিকাশৰ বাবে এক সমৰ্পিত প্ৰতিষ্ঠানিক মঞ্চ প্ৰদান কৰিব। এই প্ৰতিষ্ঠানে কোৱাণ্টাম কম্পিউটিং, কৃত্ৰিম বুদ্ধিমত্তা আৰু অন্যান্য সীমান্ত প্ৰযুক্তিকে ধৰি বি এফ এছ আই খণ্ডৰ সৈতে প্ৰাসংগিক অত্যাধুনিক প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
*****
MJPS/SS/PRK/MK