বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত-জাৰ্মানীৰ বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বাৰ্লিনত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলৰ উচ্চপৰ্যায়ৰ অৰ্থনৈতিক বৈঠক

কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেল আৰু জাৰ্মানীৰ কেন্দ্ৰীয় মন্ত্ৰী কেথেৰিনা ৰাইখেৰ মাজত ঔদ্যোগিক সহযোগিতা আৰু ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা

পোষ্ট কৰা হৈছে: 23 OCT 2026 5:08PM by PIB Guwahati

ভাৰত আৰু জাৰ্মানীৰ মাজৰ বাণিজ্য, বিনিয়োগ আৰু ঔদ্যোগিক সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে ২২ অক্টোবৰত বাৰ্লিনত কেইবাটাও গুৰুত্বপূৰ্ণ  কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীসমূহৰ ভিতৰত আছিল জাৰ্মানীৰ অৰ্থনৈতিক পৰিক্ৰমা আৰু শক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী কেথেৰিনা ৰাইখেৰ সৈতে দ্বিপাক্ষিক বৈঠক, জাৰ্মান কাউন্সিল অন ফৰেইন ৰিলেচনছ (DGAP)-ত ভাৰত কেন্দ্ৰৰ উদ্বোধন, ভাৰত-জাৰ্মানী ব্যৱসায়িক ঘূৰণীয়া মেজমেল আৰু বাৰ্লিন গ্ল’বেল ডায়লগত অংশগ্ৰহণ। দ্বিপাক্ষিক বৈঠকত শ্ৰী পীয়ূষ গোৱেল আৰু শ্ৰীমতী ৰাইখেই অধিক ঘনিষ্ঠ ঔদ্যোগিক সহযোগিতাৰ সম্ভাৱনা আৰু ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি (FTA)-ৰ জৰিয়তে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্প্ৰসাৰণৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে যৌথভাৱে বাৰ্লিনত DGAP-ৰ ভাৰত কেন্দ্ৰ উদ্বোধন কৰে। এই কেন্দ্ৰটোৰ উদ্দেশ্য হৈছে ভাৰত-জাৰ্মানীৰ সম্পৰ্ক সন্দৰ্ভত নীতি গৱেষণা আৰু আলোচনাক উৎসাহিত কৰা। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে DGAP আৰু জাৰ্মান ব্যৱসায়ৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় সমিতি (APA)-ৰ সহযোগত আয়োজিত ভাৰত-জাৰ্মানী ব্যৱসায়িক ঘূৰণীয়া মেজমেলতো যৌথভাৱে সভাপতিত্ব কৰে। এই বৈঠকত জাৰ্মানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু ব্যৱসায়িক নেতাসকলে অংশগ্ৰহণ কৰে। মূল ভাষণত শ্ৰী গোৱেলে বিকাশৰ গতি ত্বৰান্বিত কৰা আৰু বাণিজ্যৰ এক নতুন যুগৰ সূচনা কৰাৰ বিষয়ে বক্তব্য আগবঢ়ায়। আনহাতে, শ্ৰীমতী ৰাইখেই মুক্ত বাণিজ্য চুক্তিক ঔদ্যোগিক ক্ষেত্ৰত বাস্তৱ ৰূপ দিয়াৰ বিষয়ে বক্তব্য আগবঢ়ায়। পৰৱৰ্তী আলোচনাত প্ৰস্তাৱিত ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক বাস্তৱিক বাণিজ্য আৰু বিনিয়োগৰ সুযোগলৈ ৰূপান্তৰিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। বাৰ্লিন গ্ল’বেল ডায়লগত শ্ৰী পীয়ূষ গোৱেলে “নতুন যুগ, নতুন মিত্ৰতা: তৃতীয় পথ?” শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰে। এই আলোচনাত জাৰ্মান চেঞ্চেলৰৰ বিনিয়োগ বিষয়ক ব্যক্তিগত প্ৰতিনিধি শ্ৰী মাৰ্টিন ব্লেছিং, ছিংগাপুৰৰ জনশক্তি মন্ত্ৰী তথা শক্তি আৰু বিজ্ঞান-প্ৰযুক্তি বিষয়ৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী ড° টান ছি লেং, আৰু মাৰ্চেগাগ্লিয়া ষ্টীলৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী এমা মাৰ্চেগাগ্লিয়াই অংশগ্ৰহণ কৰে। আলোচনাচক্ৰখন পৰিচালনা কৰে অধ্যাপক ড° লাৰ্ছ-হেণ্ড্ৰিক ৰ’লাৰে। শ্ৰী গোৱেলে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ ক্ষেত্ৰত পাৰস্পৰিক বিশ্বাস, পৰিপূৰক অৰ্থনৈতিক শক্তি আৰু সংকটৰ সময়তো স্থিতিস্থাপক যোগান শৃংখলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰি, শ্ৰী গোৱেলে বেয়াৰ এজিৰ পৰিচালনা সমিতিৰ সদস্য তথা ইয়াৰ ঔষধ শাখাৰ অধ্যক্ষ ষ্টেফান অ’লৰিখ, নাউফ গ্ৰুপৰ পৰিচালন অংশীদাৰ মুৰাট আকিলডিজ আৰু ফ্ৰেজেনিয়াছ এছ ই এণ্ড কোম্পানী কে জি এ এ-ৰ মুখ্য কাৰ্যবাহী বিষয়া মাইকেল চেনৰ সৈতে পৃথকে  বৈঠকত মিলিত হয়। এই বৈঠকসমূহত ব্যৱসায় আৰু বিনিয়োগৰ সহযোগিতাৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰা হয়। জাৰ্মানী আৰু নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত শ্ৰী গোৱেলৰ সৈতে প্ৰায় ১০০টা ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ষ্টাৰ্টআপৰ প্ৰতিনিধিৰে গঠিত এটা প্ৰতিনিধি দল আছে। বাৰ্লিনত অনুষ্ঠিত এই কাৰ্যসূচীসমূহ বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু ঔদ্যোগিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ চলিত প্ৰচেষ্টাৰ অংশ।

 

 

***

Abhishek Dayal/ C N Abhijith Narayana/ Abhimanyu Panwar/PB


(ৰিলিজ আই ডি : 2327840) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil