পোষ্ট কৰা হৈছে:
23 OCT 2026 7:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পুৰুষৰ ৪০০ মিটাৰ T64 প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অজয় কুমাৰক অভিনন্দন জনায়।
শ্ৰীমোদীয়ে উল্লেখ কৰে যে ট্ৰেকত তেওঁৰ এই প্ৰদৰশনে ভাৰতৰ বাবে গৌৰৱৰ আন এক মুহূৰ্ত কঢ়িয়াই আনিছে। তেওঁ লগতে আশা প্ৰকাশ কৰে যে অজয়ে নিজৰ সীমা অতিক্ৰম কৰি ভৱিষ্যতে আৰু অধিক সফলতা অৰ্জন কৰি যাওক।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখেঃ
"এছিয়ান পেৰা গেমছৰ পুৰুষৰ ৪০০ মিটাৰ T64 প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অজয় কুমাৰলৈ অভিনন্দন! ট্ৰেকত তেওঁৰ প্ৰদৰ্শনে ভাৰতৰ বাবে গৌৰৱৰ আন এক মুহূৰ্ত কঢ়িয়াই আনিছে। তেওঁ নিজৰ সীমা অতিক্ৰম কৰি আৰু অধিক সফলতা অৰ্জন কৰকঃ প্ৰধানমন্ত্ৰী @narendramodi"
****
MJPS/SS/PRK/DB