পোষ্ট কৰা হৈছে:
23 OCT 2026 3:37PM by PIB Guwahati
ভাৰতীয় নৌবাহিনী আৰু ৰাছিয়ান ফেডাৰেচন নেভি (আৰ এফ এন)ৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক নৌ অনুশীলন ইন্দ্ৰা ২০২৬ সফলভাৱে সমাপ্ত হোৱাৰ পিছত ২০ অক্টোবৰত ভাৰতীয় নৌবাহিনীৰ জাহাজ সহ্যাদ্ৰীয়ে ৰাছিয়ান ফেডাৰেচনৰ ব্লাদিভষ্টক ত্যাগ কৰে।
এই অনুশীলনত দুটা পৰ্যায় আছিলঃ উপকূল আৰু সাগৰ। উপকূল পৰ্যায়ত মুখ্য নেতাসকলৰ মত বিনিময়, ক্ৰছ-ডেক ভ্ৰমণ, বিষয় বস্তু বিশেষজ্ঞ বিনিময়, কাৰ্য্কৰী সমন্বয় কাৰ্যকলাপ, ক্ৰীড়া অনুশীলন আৰু সাংস্কৃতিক বিনিময় হৈছিল। এই সম্পৰ্কসমূহে দুয়ো দেশৰ নৌসেনাৰ মাজত পেছাদাৰী মত বিনিময়, মতামত আৰু কাৰ্য্কৰী অনুশীলনৰ আদান-প্ৰদানত সহায় কৰে।
পৰৱৰ্তী সাগৰীয় পৰ্যায়ত সমন্বিত কৌশল, সংহত যোগাযোগ, হেলিকপ্টাৰ অভিযান আৰু চিকিৎসা স্থানান্তৰ অনুশীলন জড়িত আছিল। এই কাৰ্যকলাপে অংশগ্ৰহণকাৰী গোটসমূহক সাগৰত সমন্বিত প্ৰক্ৰিয়াৰ অনুশীলন কৰিবলৈ, যোগাযোগ বৃদ্ধি কৰিবলৈ আৰু কাৰ্য্কৰী সমন্বয় আৰু আন্তঃব্যৱহাৰযোগ্যতা শক্তিশালী কৰিবলৈ সক্ষম কৰে।
ক্ৰীড়া আৰু সাংস্কৃতিক মত বিনিময়ে ভাৰতীয় নৌবাহিনী আৰু আৰ ইউ এফ এনৰ কৰ্মচাৰীসকলৰ মাজত বন্ধুত্ব আৰু সম্পৰ্ক অধিক শক্তিশালী কৰি তোলে, যি পেছাদাৰী সম্পৰ্কৰ পৰিপূৰক আৰু দুয়ো দেশৰ মাজত দীৰ্ঘদিনীয়া নৌ সম্পৰ্ক শক্তিশালী কৰি তুলিলে।
ভাৰত আৰু ৰাছিয়াৰ মাজত দীৰ্ঘস্থায়ী প্ৰতিৰক্ষা আৰু সামুদ্ৰিক অংশীদাৰিত্বক পুনৰ নিশ্চিত কৰিলে ইন্দ্ৰা ২০২৬ অনুশীলনৰ সফল সামৰণিয়ে। এই অনুশীলনে পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰা আৰু সামুদ্ৰিক সুৰক্ষাত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত বহনক্ষম নৌবাহিনীৰ সম্পৰ্ক, পেছাদাৰী সহযোগিতা আৰু আন্তঃব্যৱহাৰযোগ্যতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ই নিৰাপদ, সুস্থিৰ আৰু শান্তিপূৰ্ণ সামুদ্ৰিক পৰিৱেশৰ প্ৰতি দুয়ো দেশৰ নৌসেনাৰ অংশীদাৰী দায়বদ্ধতাক প্ৰতিফলিত কৰে।
_20261023153745_1688a6.jpeg)
_20261023153755_0a684e.jpeg)
_20261023153831_1001cc.jpeg)
VM/SPS/US