পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাসমূহত শৌচাগাৰ আৰু পাৰ্কিং ব্যৱস্থাৰ উন্নীতকৰণ, ৰক্ষণাবেক্ষণ আৰু স্মাৰ্ট নিৰীক্ষণৰ বাবে এন এইচ এ আইৰ নিৰ্দেশনা জাৰি

পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুৰক্ষা, সহজ প্ৰৱেশযোগ্যতা, দিনে-নিশাই সেৱা আৰু প্ৰযুক্তিভিত্তিক নিৰীক্ষণৰ ওপৰত গুৰুত্ব

পোষ্ট কৰা হৈছে: 23 OCT 2026 4:00PM by PIB Guwahati

ৰাষ্ট্ৰীয় ঘাইপথসমূহত নাগৰিককেন্দ্ৰিক সেৱা উন্নত কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এন এইচ এ আই) টোল প্লাজাসমূহত থকা ৰাজহুৱা শৌচাগাৰ আৰু নিৰ্দিষ্ট পাৰ্কিং এলেকাৰ উন্নীতকৰণ, ৰক্ষণাবেক্ষণ আৰু স্মাৰ্ট নিৰীক্ষণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাসমূহত বৰ্তমানৰ সুবিধাসমূহৰ উন্নীতকৰণ, নিয়মীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা, প্ৰযুক্তিৰ সহায়ত নিৰীক্ষণ, নাগৰিকৰ মতামত আৰু কাৰ্যসম্পাদনভিত্তিক দায়বদ্ধতা নিশ্চিত কৰাৰ বাবে মান নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলৰ বাবে পৰিষ্কাৰ, সুৰক্ষিত আৰু কাৰ্যক্ষম ৰাজহুৱা সুবিধা নিশ্চিত কৰা।

ব্যাপক উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণ

বৰ্তমানৰ শৌচাগাৰসমূহৰ মেৰামতি আৰু পুনৰ্নিৰ্মাণৰ পূৰ্বে প্ৰয়োজনীয় মেৰামতি আৰু সলনি কৰিবলগীয়া সামগ্ৰী চিনাক্ত কৰিবলৈ কাৰিকৰী মূল্যায়ন কৰা হ’ব। উন্নীতকৰণৰ অধীনত মজিয়া, পানী যোগান আৰু নলাৰ ব্যৱস্থা, অনাময় সামগ্ৰী, পোহৰৰ ব্যৱস্থা, বায়ু চলাচল, পানী নিষ্কাশন, নিৰ্দেশক ফলক আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহ সামৰি লোৱা হ’ব। শৌচাগাৰৰ খণ্ডসমূহৰ আকাৰ আৰু যান-বাহনৰ চলাচলৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি গৃহ-ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা আৰু পৰিষ্কাৰ কৰাৰ সময়সূচী নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ ফলত নিয়মীয়া ৰক্ষণাবেক্ষণ আৰু মৌলিক সুবিধাসমূহৰ উপলব্ধতা নিশ্চিত হ’ব।

সুৰক্ষা আৰু সহজ প্ৰৱেশযোগ্যতাৰ ওপৰত গুৰুত্ব

ৰাতিৰ সময়ত যাত্ৰাবিৰতি লোৱা মহিলা ঘাইপথ ব্যৱহাৰকাৰী আৰু পৰিয়ালসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশনাসমূহত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত আছে উপযুক্ত পোহৰৰ ব্যৱস্থা, প্ৰৱেশপথ আৰু পাৰ্কিং এলেকাত চিচিটিভি নিৰীক্ষণ, ছেনিটেৰী নেপকিন বিক্ৰী কৰা যন্ত্ৰ আৰু ৰাজহুৱা সুবিধাসমূহৰ উপলব্ধতা সূচিত কৰা স্পষ্টকৈ দেখা পোৱা তথ্যফলক। ইয়াৰ উপৰি, নিৰ্দেশনাৰ আওতাত থকা প্ৰতিটো টোল প্লাজাত অন্ততঃ এটা সৰ্বজনীনভাৱে ব্যৱহাৰযোগ্য শৌচাগাৰ থাকিব লাগিব। এই শৌচাগাৰত বাধামুক্ত প্ৰৱেশৰ ব্যৱস্থা, উপযুক্ত দুৱাৰ আৰু বিশেষভাৱে সক্ষম লোকৰ সুবিধাৰ বাবে ধৰিব পৰা হেণ্ডেল থাকিব লাগিব। টোল প্লাজাসমূহৰ পাৰ্কিং ব্যৱস্থা নিৰ্দিষ্ট পাৰ্কিং স্থান আৰু উপযুক্ত পানী নিষ্কাশন ব্যৱস্থাৰ জৰিয়তে উন্নত কৰা হ’ব। ভৱিষ্যতে বৈদ্যুতিক বাহনৰ চাৰ্জিং আন্তঃগাঁথনি স্থাপনৰ বাবেও ব্যৱস্থা ৰখা হ’ব।

স্মাৰ্ট নিৰীক্ষণ আৰু নাগৰিকৰ মতামত

প্ৰযুক্তিভিত্তিক নিৰীক্ষণ ব্যৱস্থাই পানীৰ উপলব্ধতা, দুৰ্গন্ধ, নৰ্দমাৰ পানীৰ স্তৰ, পানী লিক হোৱা, বিদ্যুৎ যোগান আৰু শৌচাগাৰৰ ব্যৱহাৰৰ অৱস্থা নিৰীক্ষণ কৰাত সহায় কৰিব। পানীৰ নাটনি, নৰ্দমাৰ পানী উপচি পৰা আৰু সঁজুলিৰ বিজুতিৰ দৰে সমস্যাৰ বাবে সতৰ্কবাণী প্ৰেৰণ কৰা হ’ব। ইয়াৰ ফলত সময়মতে সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। স্মাৰ্ট নিৰীক্ষণৰ তথ্য এন এইচ এ আইৰ কেন্দ্ৰীয় ডিজিটেল মঞ্চৰ সৈতে সংযুক্ত কৰা হ’ব। ইয়াৰ জৰিয়তে বিষয়াসকলে এটা কেন্দ্ৰীভূত ডিজিটেল ডেশ্বব’ৰ্ডৰ সহায়ত সুবিধাসমূহৰ অৱস্থা, ৰক্ষণাবেক্ষণ, অভিযোগ আৰু সেৱা প্ৰদানকাৰী সংস্থাসমূহৰ কাৰ্যসম্পাদন নিৰীক্ষণ কৰিব পাৰিব। ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলে ‘ৰাজমাৰ্গযাত্ৰা’ এপৰ সৈতে সংযুক্ত কিউ আৰ ক’ড আৰু শৌচাগাৰসমূহত স্থাপন কৰা টাচস্ক্ৰীনৰ জৰিয়তে নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব। ডিজিটেলভাৱে লিপিবদ্ধ কৰা অভিযোগ আৰু পৰামৰ্শসমূহে কৰ্তৃপক্ষক সমস্যাসমূহ চিনাক্ত কৰা আৰু সেইবোৰৰ সমাধানৰ অগ্ৰগতি নিৰীক্ষণ কৰাত সহায় কৰিব। ইয়াৰ উপৰি, ছেপ্টিক টেংক, ছ’ক পিট আৰু নৰ্দমাৰ নলী পৰিষ্কাৰ কৰা তথা তলিত জমা হোৱা বোকা আৰু আৱৰ্জনা আঁতৰোৱাৰ কাম সম্পূৰ্ণ যান্ত্ৰিক পদ্ধতিৰে কৰিব লাগিব। ছেপ্টিক টেংক, মেনহ’ল আৰু নৰ্দমাৰ নলীত মানুহৰ প্ৰত্যক্ষ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ কৰা হ’ব।

কাৰ্যসম্পাদনভিত্তিক দায়বদ্ধতা

নিৰ্দেশনাসমূহত এক সুসংগঠিত পৰিদৰ্শন ব্যৱস্থা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ অন্তৰ্ভুক্ত হৈছে— দৈনিক তদাৰকী, সাপ্তাহিক কাৰিকৰী পৰিদৰ্শন, মাহেকীয়া যৌথ পৰ্যালোচনা, ত্ৰিমাসিক নিৰীক্ষা, বাৰ্ষিক তৃতীয় পক্ষৰ মূল্যায়ন। শাৰীৰিক পৰিদৰ্শন, নিৰীক্ষণৰ তথ্য আৰু সত্যাপন কৰা নাগৰিকৰ মতামতৰ ভিত্তিত কাৰ্যসম্পাদনৰ মূল্যায়ন কৰা হ’ব। সমস্যাসমূহ সমাধানৰ বাবে স্পষ্ট সময়সীমা নিৰ্ধাৰণ কৰাৰ লগতে সুবিধাসমূহৰ উপযুক্ত ৰক্ষণাবেক্ষণ নকৰিলে আৰ্থিক জৰিমনাৰ ব্যৱস্থাও ৰখা হৈছে। বাৰে বাৰে নিৰ্ধাৰিত মান পূৰণ কৰাত ব্যৰ্থ হোৱা সংস্থাসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে। এই ব্যৱস্থাসমূহৰ জৰিয়তে এন এইচ এ আইয়ে টোল প্লাজাসমূহত থকা ৰাজহুৱা সুবিধাসমূহৰ ৰক্ষণাবেক্ষণ উন্নত কৰাৰ লগতে স্বচ্ছ, প্ৰযুক্তিনিৰ্ভৰ নিৰীক্ষণ আৰু দায়বদ্ধতাৰ ব্যৱস্থাৰ জৰিয়তে অধিক পৰিষ্কাৰ, সুৰক্ষিত আৰু সহজে ব্যৱহাৰযোগ্য সুবিধা নিশ্চিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

 

***

GDH/DS/HJ/PB


(ৰিলিজ আই ডি : 2327404) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी , Marathi , Tamil , Malayalam