নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ সৈতে নিৰ্মাণ, উদ্ভাৱন আৰু বিকাশৰ বাবে পোলেণ্ডৰ উদ্যোগসমূহক আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ভাৰত আৰু পোলেণ্ডৰ মাজত সংযোগ স্থাপনৰ বাবে ষ্টাৰ্টআপ ব্ৰীজ, উদ্ভাৱন কৰিডৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা–কোৱাণ্টাম আলাপৰ প্ৰস্তাৱ সোণোৱালৰ

প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ উপস্থিতিত ‘ভাৰত–পোলেণ্ড ব্যৱসায়িক মঞ্চ’ত সোণোৱালে যৌথ বিকাশৰ বাবে আগবঢ়ালে ‘ভাৰতৰ ব্যাপকতা, দক্ষতা আৰু বিশ্বাসযোগ্যতা’ৰ প্ৰস্তাৱ।

পোলেণ্ডৰ ব্যৱসায়িক নেতাসকলৰ সন্মুখত ভাৰতৰ বিকাশৰ কাহিনী দাঙি ধৰি ‘বিশ্বাসযোগ্য যোগান শৃংখল’ গঢ়ি তোলাৰ আহ্বান সোণোৱালৰ।

‘আহক, আমি একেলগে বিনিয়োগ, উদ্ভাৱন আৰু বিকাশ কৰোঁ’—ভাৰত–পোলেণ্ড ব্যৱসায়িক মঞ্চত সোণোৱাল।

পোষ্ট কৰা হৈছে: 22 OCT 2026 7:24PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পোলেণ্ডৰ কোম্পানীসমূহক কেৱল ভাৰতত সামগ্ৰী বিক্ৰী কৰাৰ পৰিৱৰ্তে ভাৰতত নিৰ্মাণ, উদ্ভাৱন আৰু বিনিয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ দুয়োখন দেশৰ ব্যৱসায়িক নেতাসকলৰ সন্মুখত ভাৰতৰ বিকাশৰ কাহিনী দাঙি ধৰে। আজি দিল্লীত অনুষ্ঠিত ভাৰত–পোলেণ্ড ব্যৱসায়িক মঞ্চত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মূল ভাষণ দিয়ে। এই অনুষ্ঠানত পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কেও অংশগ্ৰহণ কৰে। সোণোৱালে স্মৰণ কৰে যে ২০২৪ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোলেণ্ড ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ পৰ্যায়লৈ উন্নীত কৰিছিল। সৰ্বানন্দ সোণোৱালে কয়, “২০২৪ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড ভ্ৰমণ কৰাৰ সময়ত তেওঁ আৰু প্ৰধানমন্ত্ৰী টাস্কে আমাৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিল। তেওঁলোকে এক স্পষ্ট বিশ্বাসৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰিছিল যে ভাৰত–পোলেণ্ডৰ সম্পৰ্ক কেৱল কূটনৈতিক ক্ষেত্ৰতে শক্তিশালী হ’ব নালাগে; ব্যৱসায়, প্ৰযুক্তি, বিনিয়োগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰতো ই সমানে শক্তিশালী হ’ব লাগিব।” তেওঁ কয় যে বৰ্তমান লক্ষ্য হৈছে কূটনৈতিক সম্পৰ্কৰ দৰেই ব্যৱসায়, প্ৰযুক্তি, বিনিয়োগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰতো দুয়োখন দেশৰ সম্পৰ্কক শক্তিশালী কৰি তোলা। সোণোৱালে কয়, “ভাৰতে এখন বৃহৎ আৰু ক্ৰমবৰ্ধমান বজাৰৰ ব্যাপকতা, যুৱ আৰু প্ৰতিভাশালী কৰ্মশক্তিৰ দক্ষতা আৰু সংস্কাৰ, উদ্যোগশীলতা তথা মুক্ত দৃষ্টিভংগীৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ এক গণতন্ত্ৰৰ বিশ্বাসযোগ্যতা আগবঢ়াইছে।” সোণোৱালে যুক্তি দাঙি ধৰি কয় যে দুয়োখন দেশৰ অৰ্থনীতি পৰস্পৰৰ পৰিপূৰক। তেওঁৰ মতে, অভিযান্ত্ৰিক বিদ্যা, যন্ত্ৰপাতি, খনন প্ৰযুক্তি, পৰিবহণ, পৰিৱেশগত সমাধান আৰু উন্নত উৎপাদন ব্যৱস্থাত পোলেণ্ডৰ বিশেষ দক্ষতা আছে। আনহাতে, এই দক্ষতাসমূহক বৃহৎ পৰিসৰ প্ৰদান কৰিবলৈ ভাৰতৰ হাতত আছে বজাৰ, প্ৰতিভা আৰু উৎপাদনভিত্তি। সোণোৱালে কয়, “পোলেণ্ডৰ কোম্পানীসমূহৰ প্ৰতি মোৰ বাৰ্তা হৈছে—কেৱল ভাৰতত সামগ্ৰী বিক্ৰী নকৰিব। ভাৰতত নিৰ্মাণ কৰক। ভাৰততে সমাধান বিকশিত কৰক। ভাৰতীয় অংশীদাৰ বিচাৰি উলিয়াওক। আৰু বিকাশৰ মঞ্চ হিচাপে ভাৰতক ব্যৱহাৰ কৰক।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট জীৱাশ্ম ইন্ধনবিহীন বিদ্যুৎ উৎপাদন ক্ষমতা গঢ়ি তোলাৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি সোণোৱালে উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ভাৰতে এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁৰ মতে, এই লক্ষ্য পূৰণৰ বাবে প্ৰায় ২৮০ৰ পৰা ৩০০ বিলিয়ন ইউৰোৰ বিনিয়োগৰ প্ৰয়োজন হ’ব। ইয়াৰ ফলত সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠান, শক্তি সঞ্চয় ব্যৱস্থা, বিদ্যুৎ গ্ৰীড, সেউজ হাইড্ৰ’জেন, পুনঃপ্ৰক্ৰিয়াকৰণ আৰু পৰিৱেশ প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগৰ সুযোগ সৃষ্টি হ’ব। সোণোৱালে কয় যে খনন, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ আৰু স্বচ্ছ শক্তিৰ ক্ষেত্ৰত পোলেণ্ডৰ অভিজ্ঞতাই ভাৰতক সহায় কৰিব পাৰে। প্ৰযুক্তিৰ ক্ষেত্ৰত সোণোৱালে উল্লেখ কৰে যে ভাৰতীয় তথ্য-প্ৰযুক্তি কোম্পানীসমূহে ইউৰোপত নিজৰ কাৰ্যকলাপ পৰিচালনাৰ কেন্দ্ৰ হিচাপে পোলেণ্ডক গঢ়ি তুলিছে আৰু তাত প্ৰায় ১০,০০০ লোকক নিয়োগ কৰিছে। তেওঁ কয় যে পৰৱৰ্তী পদক্ষেপ কেৱল তথ্য-প্ৰযুক্তি সেৱাতে সীমাবদ্ধ থাকিব নালাগে। বৰং কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং, পঞ্চম প্ৰজন্মৰ দূৰসংযোগ প্ৰযুক্তিৰ ব্যৱহাৰ, ডিজিটেল আন্তঃগাঁথনি, স্মাৰ্ট উৎপাদন আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰলৈও সম্প্ৰসাৰিত হ’ব লাগে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ ব্যৱসায়ী, গৱেষক আৰু উদ্ভাৱকসকলৰ মাজত সংযোগ স্থাপনৰ বাবে ষ্টাৰ্টআপ ব্ৰীজ, উদ্ভাৱন কৰিডৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা তথা কোৱাণ্টাম আলাপ আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। সোণোৱালে কয় যে দুয়োখন দেশৰ মাজৰ বাণিজ্যৰ পৰিমাণ ৬.৩৬ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে আৰু পোলেণ্ডত ভাৰতীয় বিনিয়োগৰ পৰিমাণ ৩ বিলিয়ন ডলাৰৰো অধিক। পেকেজিং, উৎপাদন, আৱৰ্জনাৰ পৰা শক্তি উৎপাদন আৰু বৈদ্যুতিক গতিশীলতাৰ ক্ষেত্ৰতো পোলেণ্ডৰ কোম্পানীসমূহ ভাৰতত সক্ৰিয় হৈ আছে। তেওঁ কয় যে ২০৩০ চনৰ ভিতৰত দুয়োখন দেশৰ মাজৰ বাণিজ্য দুগুণ কৰাৰ লক্ষ্যতকৈও অধিক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰা উচিত। সোণোৱালে কয়, “আমি একেলগে সৃষ্টি কৰিব লাগে। একেলগে উদ্ভাৱন কৰিব লাগে। একেলগে বিনিয়োগ কৰিব লাগে। একেলগে বিশ্বাসযোগ্য যোগান শৃংখল গঢ়ি তুলিব লাগে। আৰু একেলগে সফল হ’ব লাগে।” তেওঁ ব্যৱসায়িক নেতাসকলক ভাৰত–ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক কেৱল এখন বাণিজ্যিক চুক্তি হিচাপে নাচাবলৈ আহ্বান জনায়। তেওঁ কয়, “ইয়াক অংশীদাৰিত্বৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰা এক মাধ্যম হিচাপে চাওক।” সোণোৱালে কয় যে এই চুক্তিয়ে পোলেণ্ডৰ কোম্পানীসমূহৰ বাবে ভাৰতীয় বজাৰত প্ৰৱেশৰ অধিক বিস্তৃত সুযোগ মুকলি কৰিব আৰু ভাৰতীয় কোম্পানীসমূহৰ বাবেও ইউৰোপত ব্যৱসায়ৰ সুযোগ বৃদ্ধি কৰিব। ভাষণৰ সামৰণিত সোণোৱালে ভাৰতৰ ‘সৱলীকৰণৰ বাবে শক্তি’ দৰ্শনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে প্ৰতিযোগিতা কৰাৰ শক্তিতকৈও সহযোগিতা কৰাৰ শক্তি অধিক গুৰুত্বপূৰ্ণ। তেওঁ কয়, “ভাৰতৰ বিকাশে পোলেণ্ডৰ বাবে সুযোগ সৃষ্টি কৰিব পাৰে। পোলেণ্ডৰ সক্ষমতাই ভাৰতক অধিক শক্তিশালী কৰিব পাৰে। আৰু একেলগে আমাৰ উদ্যোগসমূহে সমগ্ৰ বিশ্বৰ বাবে সমাধান সৃষ্টি কৰিব পাৰে।”

 

 

MI/Indu/PB


(ৰিলিজ আই ডি : 2327113) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil , Malayalam