পোষ্ট কৰা হৈছে:
22 OCT 2026 6:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ,২০২৬ৰ পুৰুষৰ ৪০০ মিটাৰ ফ্ৰীষ্টাইল S10 প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শনেৰে ৰূপৰ পদক নিশ্চিত কৰাৰ বাবে কপিল কুমাৰক অভিনন্দন জনায়।
শ্ৰীমোদীয়ে উল্লেখ কৰে যে তেওঁৰ ধৈৰ্য্য, একাগ্ৰতা আৰু দৃঢ় সংকল্পই তেওঁক পদকৰ মঞ্চত এক যোগ্য স্থান প্ৰদান কৰিছে। এই সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ধাৰাবাহিক সাফল্য কামনা কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:
"কপিল কুমাৰে এছিয়ান পেৰা গেমছ, ২০২৬ৰ পুৰুষৰ ৪০০ মিটাৰ ফ্ৰীষ্টাইল S10 প্ৰতিযোগিতাত এক চমকপ্ৰদ প্ৰৰ্শনৰেৰে ৰূপৰ পদক সুনিশ্চিত কৰিছে। তেওঁৰ ধৈৰ্য্য, নিষ্ঠা আৰু দৃঢ় সংকল্পই তেওঁক পদকৰ মঞ্চত এক যোগ্য স্থান আনি দিছে।
এই সুন্দৰ প্ৰদৰ্শনৰ বাবে কপিললৈ আন্তৰিক অভিনন্দন। তেওঁৰ ধাৰাবাহিক সাফল্য কামনা কৰিলোঁ: প্ৰধানমন্ত্ৰী
***
MJPS/SS/PRK/DB