মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
azadi ka amrit mahotsav

আভ্যন্তৰীণ মীন উৎপাদনত বিনিয়োগ, মূল্য সংযোজন আৰু ৰপ্তানিৰ সুযোগৰ ওপৰত গুৰুত্ব দিব মীন বিনিয়োগকাৰী আৰু ৰপ্তানিকাৰক সন্মিলন, ২০২৬-এ

পোষ্ট কৰা হৈছে: 22 OCT 2026 8:16AM by PIB Guwahati

ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ অধীনস্থ মীন বিভাগ আৰু মধ্যপ্ৰদেশ চৰকাৰৰ মীন বিভাগে যৌথভাৱে মীন বিনিয়োগকাৰী আৰু ৰপ্তানিকাৰক সন্মিলন, ২০২৬ আয়োজন কৰিছে। ২৩ অক্টোবৰত মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ লক্ষ্য হৈছে আভ্যন্তৰীণ মীন উৎপাদনৰ সৈতে বিনিয়োগ, প্ৰক্ৰিয়াকৰণ, শীতলীকৰণ শৃংখলৰ আন্তঃগাঁথনি, মূল্য সংযোজন আৰু ৰপ্তানি বজাৰৰ সংযোগ অধিক শক্তিশালী কৰা। এই সন্মিলনৰ জৰিয়তে কেৱল উৎপাদনকেন্দ্ৰিক পদ্ধতিৰ পৰিৱৰ্তে এক সংহত মূল্য শৃংখলভিত্তিক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টা চলোৱা হ’ব। ইয়াৰ জৰিয়তে বজাৰত প্ৰৱেশৰ সুবিধা বৃদ্ধি কৰাৰ লগতে মাছমৰীয়া আৰু মীনপালকসকলৰ উপাৰ্জন উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

এই সন্মিলনত বিনিয়োগকাৰী, ৰপ্তানিকাৰক, মাছমৰীয়া, মধ্যপ্ৰদেশৰ বিভিন্ন প্ৰান্তৰ ১,০০০ৰো অধিক মীনপালক, মীন সমবায় সমিতি, মীনপালক উৎপাদক সংস্থা (এফ এফ পি অ’), উদ্যোগী, নতুন উদ্যোগ, প্ৰক্ৰিয়াকৰণকাৰী, বিত্তীয় প্ৰতিষ্ঠান, গৱেষণা সংস্থা আৰু অন্যান্য সংশ্লিষ্ট পক্ষসমূহে অংশগ্ৰহণ কৰিব। আলোচনাত উদ্যোগৰ বিকাশ, বিত্তীয় সাহায্য লাভৰ সুবিধা, বজাৰৰ সৈতে সংযোগ আৰু আভ্যন্তৰীণ মীন মূল্য শৃংখলৰ বিভিন্ন পৰ্যায়ত সহযোগিতাৰ সুযোগসমূহৰ ওপৰত গুৰুত্ব দিয়া হ’ব। বিশেষকৈ আভ্যন্তৰীণ ৰাজ্যসমূহক মীন বিনিয়োগ আৰু ৰপ্তানিৰ ব্যৱস্থাৰ সৈতে সংযুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ’ব ‘মধ্যপ্ৰদেশ মীন বিনিয়োগ আৰু ৰপ্তানি নিৰ্দেশনা, ২০২৬’ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰে মধ্যপ্ৰদেশক জলাশয়ভিত্তিক মীন পালনৰ এটা কেন্দ্ৰীয় গোট হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই নীতিৰ জৰিয়তে মীন মূল্য শৃংখলৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিনিয়োগৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ ভিতৰত আছে মাছৰ পোনা উৎপাদন কেন্দ্ৰ, মাছৰ পোনা আৰু খাদ্য, জলাশয় আৰু মীন মহল, জলজ প্ৰাণীৰ স্বাস্থ্যসেৱা, মাছৰ প্ৰক্ৰিয়াকৰণ, শীতলীকৰণ শৃংখলৰ আন্তঃগাঁথনি, পৰিবহণ আৰু সামগ্ৰী যোগান ব্যৱস্থা, মূল্য সংযোজন আৰু বজাৰৰ বিকাশ।

এই কাৰ্যসূচীত আভ্যন্তৰীণ ৰাজ্যসমূহৰ ৰপ্তানিৰ সম্ভাৱনাৰ সৈতে জড়িত মানক কাৰ্যপদ্ধতি (এছ অ’ পি) প্ৰকাশ কৰা হ’ব। ইয়াৰ লগতে সংহত মীন মহল গোটসমূহৰ ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰা হ’ব। অনুষ্ঠানৰ সময়ত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন তথা পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে মধ্যপ্ৰদেশত জলাশয় আৰু অমৃত সৰোবৰসমূহৰ সংহত উন্নয়নৰ বাবে প্ৰশাসনিক অনুমোদন প্ৰদান কৰিব। এই পদক্ষেপসমূহে আভ্যন্তৰীণ মীন পালনত বিনিয়োগ বৃদ্ধি, জলসম্পদৰ উৎপাদনশীল ব্যৱহাৰ আৰু উদ্যোগৰ বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে।

ভাৰতৰ মীন খণ্ডৰ সম্প্ৰসাৰণ আৰু খাদ্য সুৰক্ষা, জীৱিকা তথা ৰপ্তানিৰ জৰিয়তে উপাৰ্জন বৃদ্ধিত ইয়াৰ বৰ্ধিত অৱদানৰ পৰিপ্ৰেক্ষিতত এই সন্মিলনৰ বিশেষ তাৎপৰ্য আছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ মাছ উৎপাদনৰ পৰিমাণ ১৯৭.৭৫ লাখ টনত উপনীত হৈছিল। ইয়াৰে ১৫১.৬০ লাখ টন মাছ আভ্যন্তৰীণ মীন খণ্ডৰ পৰা উৎপাদিত হৈছিল, যিয়ে দেশৰ মুঠ মাছ উৎপাদনৰ প্ৰায় তিনি-চতুৰ্থাংশ প্ৰতিনিধিত্ব কৰে। ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ সামুদ্ৰিক খাদ্য সামগ্ৰীৰ ৰপ্তানিৰ মূল্য আছিল ৭৩,৮৯০ কোটি টকা। এই পৰিসংখ্যাসমূহে আভ্যন্তৰীণ মীন খণ্ডৰ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ বাবে আন্তঃগাঁথনি, প্ৰক্ৰিয়াকৰণৰ সক্ষমতা আৰু বজাৰৰ সৈতে সংযোগ শক্তিশালী কৰাৰ গুৰুত্ব স্পষ্ট কৰি দিয়ে।

প্ৰায় ৪.৫০ লাখ হেক্টৰ জলভাগ থকা মধ্যপ্ৰদেশত আভ্যন্তৰীণ মীন পালনৰ বিকাশৰ যথেষ্ট সম্ভাৱনা আছে। ৰাজ্যখনৰ লগতে অন্যান্য আভ্যন্তৰীণ ৰাজ্যসমূহৰ উৎপাদনভিত্তিক ব্যৱস্থাক বিনিয়োগ, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু দেশীয় তথা ৰপ্তানি বজাৰৰ সৈতে সংযুক্ত কৰাই এই সন্মিলনৰ অন্যতম লক্ষ্য।

এই সন্মিলনত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ; কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন তথা পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং; কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন তথা পঞ্চায়তীৰাজ বিভাগৰ ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেল; আৰু মধ্যপ্ৰদেশ চৰকাৰৰ মীন কল্যাণ আৰু মীন উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰী নাৰায়ণ সিং পাৱাৰ উপস্থিত থাকিব।

সংশ্লিষ্ট পক্ষসমূহৰ মাজত আলোচনা আৰু বিনিয়োগ তথা বজাৰ বিকাশৰ বিষয়ত মত-বিনিময়ৰ জৰিয়তে এই সন্মিলনে অধিক প্ৰতিযোগিতামূলক আৰু বজাৰমুখী আভ্যন্তৰীণ মীন মূল্য শৃংখল গঢ়ি তোলাৰ লক্ষ্য লৈছে। ইয়াৰ লগতে উদ্যোগী আৰু ৰপ্তানিকাৰকসকলৰ বাবে সুযোগ সম্প্ৰসাৰণ কৰা আৰু মাছমৰীয়া তথা মীনপালকসকলৰ জীৱিকা আৰু উপাৰ্জনৰ সম্ভাৱনা অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব।

 

***

JP /PB


(ৰিলিজ আই ডি : 2326713) অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil