পোষ্ট কৰা হৈছে:
22 OCT 2026 3:11PM by PIB Guwahati
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ক্ৰমে পোলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ডোনাল্ড টাস্কে ২০২৬ চনৰ ২১-২৩ অক্টোবৰত আনুষ্ঠানিক ভ্ৰমণসূচী লৈ ভাৰত ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী টাস্কৰ সৈতে প্ৰায় ১০০গৰাকী আগশাৰীৰ চিইঅ’ আৰু বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ প্ৰতিনিধিসহ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিছিল।
প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী টাস্কে পাৰস্পৰিক স্বাৰ্থ জড়িত দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সম্পৰ্কত ব্যাপক আলোচনাত মিলিত হয়।
দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা আৰু ২০২৪-২০২৮ৰ বাবে ভাৰত-পোলেণ্ড কাৰ্য পৰিকল্পনা গ্ৰহণ কৰা ২০২৪ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোদীৰ পোলেণ্ড ভ্ৰমণৰ কথা প্ৰধানমন্ত্ৰীদ্বয়ে স্মৰণ কৰে। তেওঁলোকে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ৱাৰ্শ্বত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু পোলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ৰাডোশ্লাৱ ছিকোৰস্কিৰ দ্বাৰা গৃহীত কাৰ্য পৰিকল্পনাৰ মধ্যৱৰ্তী পৰ্যালোচনাত অনুমোদন জনায়।
প্ৰধানমন্ত্ৰীদ্বয়ে উল্লেখ কৰে যে চলিত ভ্ৰমণে কৌশলগত অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিছে আৰু এই অংশীদাৰিত্বক সময়সীমা ভিত্তিক আৰু পাৰস্পৰিকভাৱে লাভজনক ফলাফললৈ ৰূপান্তৰ কৰাৰ বাবে তেওঁলোকৰ দৃঢ় সংকল্প পুনৰ দোহাৰে।
নেতাদ্বয়ে উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বিনিময় আৰু প্ৰতিষ্ঠানিক আলোচনা ব্যাপক কৰিবলৈ সন্মতি প্ৰকাশ কৰে আৰু নিজ নিজ সংসদ, ৰাজ্যিক আৰু আঞ্চলিক কৰ্তৃপক্ষ, চিন্তাবিদ মহল আৰু নীতি সম্পৰ্কীয় প্ৰতিষ্ঠানসমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্কক উৎসাহিত কৰে।
প্ৰধানমন্ত্ৰীদ্বয়ে ২০২৬ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ঐতিহাসিক ভাৰত-ইউৰোপীয় ইউনিয়ন সন্মিলন, টুৱাৰ্ডছ ২০৩০: এ জইণ্ট ইণ্ডিয়া- ইউৰোপিয়ান ইউনিয়ন কম্প্ৰিহেনছিভ ষ্ট্ৰেটেজিক এজেণ্ডা, ইউ- ইণ্ডিয়া ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ সামৰণি আৰু কম্প্ৰিহেনছিভ ফ্ৰেমৱৰ্ক অৱ কো-অপাৰেচন অন মোবিলিটীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এফ টি এ সন্দৰ্ভত তেওঁলোকে বাণিজ্য আৰু বিনিয়োগৰ বাবে নতুন সুযোগ মুকলি কৰা, গুৰুত্বপূৰ্ণ মূল্য শৃংখলাসমূহ বৈচিত্ৰ্যময় আৰু শক্তিশালী কৰা তথা নতুন বজাৰ মুকলি কৰাৰ লক্ষ্যৰে ইয়াৰ আগতীয়াকৈ স্বাক্ষৰ আৰু অনুমোদনৰ লগতে সময়মতে ৰূপায়ণৰ আহ্বান জনায়।
বাণিজ্য, অৰ্থনৈতিক সহযোগিতা আৰু বিনিয়োগ
ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ১ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ জিডিপি অতিক্ৰম কৰাৰ বাবে পোলেণ্ডক অভিনন্দন জনায় আৰু পোলেণ্ডৰ অৰ্থনীতিৰ সহনশীলতা আৰু গতিশীলতাৰ কথা উল্লেখ কৰে। পোলেণ্ডে দ্ৰুততম বিকাশশীল বৃহৎ অৰ্থনীতি হিচাপে ভাৰতৰ অভিলেখ আৰু অনাগত বছৰবোৰত ১০ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতিত পৰিণত হোৱাৰ দিশত ইয়াৰ আকৰ্ষণীয় গতিপথক প্ৰশংসা কৰে। নেতাদ্বয়ে দুয়োখন অৰ্থনীতিৰ পৰিপূৰক শক্তি তথা ভাৰত আৰু পোলেণ্ডৰ নিজ নিজ বিকাশৰ পথৰ পৰা উদ্ভৱ হোৱা সুযোগসমূহক স্বীকৃতি দিয়ে।
নেতাদ্বয়ে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পোলেণ্ডৰ কোম্পানীসমূহক ভাৰতত তেওঁলোকৰ বিনিয়োগ আৰু কাম কাজ সম্প্ৰসাৰণ কৰিবলৈ তথা ভাৰতৰ বৃহৎ বজাৰ, দক্ষ কৰ্মশক্তি আৰু বৰ্ধিত উৎপাদনৰ লগতে উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ পৰা লাভান্বিত হ'বলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী টাস্কে পোলেণ্ডত ভাৰতীয় বিনিয়োগৰ প্ৰশংসা কৰে আৰু মধ্য-পূব ইউৰোপ তথা বিশাল ইউৰোপীয় বজাৰত তেওঁলোকৰ উপস্থিতি সম্প্ৰসাৰণ কৰিবলৈ বিচৰা ভাৰতীয় ব্যৱসায়ৰ প্ৰৱেশদ্বাৰ হিচাপে পোলেণ্ডৰ শক্তিৰ ওপৰত আলোকপাত কৰে।
নেতাদ্বয়ে দ্বিপাক্ষিক বাণিজ্য আৰু সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে দ্বিপাক্ষিক কৰ্ম গোটসমূহৰ কামকাজ পুনৰ আৰম্ভ কৰি কৃষিৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে।
দুয়োখন দেশৰ আগশাৰীৰ চিইঅ’ আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ উপস্থিতিৰে এই ভ্ৰমণকালত অনুষ্ঠিত ইণ্ডিয়া-পোলেণ্ড বিজিনেছ ফ’ৰামক নেতাদ্বয়ে আদৰণি জনায়। তেওঁলোকে ঔদ্যোগিক যন্ত্ৰপাতি, প্ৰতিৰক্ষা, আন্তঃগাঁথনি, ফাৰ্মাচিউটিকেলছ, খনন আৰু গুৰুত্বপূৰ্ণ খনিজ, শক্তি, আইচিটি তথা পাৰস্পৰিক স্বাৰ্থ জড়িত অন্যান্য ক্ষেত্ৰকে ধৰি বিভিন্ন খণ্ডত সহযোগিতা অন্বেষণ কৰিবলৈ উৎসাহিত কৰে।
নেতাদ্বয়ে সহনশীল আৰু বৈচিত্ৰ্যপূৰ্ণ যোগান শৃংখলা, মধ্যমীয়া আৰু ক্ষুদ্ৰ উদ্যোগৰ প্ৰচাৰ, উদ্ভাৱন-নেতৃত্বাধীন বিকাশ আৰু ডিজিটেল ৰূপান্তৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে অৰ্থনৈতিক বিকাশ, উৎপাদনশীলতা আৰু ৰাজহুৱা সেৱা প্ৰদানত ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিৱৰ্তনশীল ভূমিকাক স্বীকৃতি দিয়ে। ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যাপক কৌশলগত কার্যসূচীক স্বীকাৰ কৰি দুয়োগৰাকী নেতাই এআই, ছেমিকণ্ডাক্টৰ আৰু কোৱাণ্টাম প্ৰযুক্তিৰ ওপৰত সহযোগিতামূলক গৱেষণাৰ লগতে ষ্টাৰ্টআপ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰে। তেওঁলোকে দুয়োখন দেশৰ উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ মাজত ঘনিষ্ঠ সহযোগিতাক উৎসাহিত কৰিবলৈ সন্মত হয়।
প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা
নেতাদ্বয়ে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। তেওঁলোকে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ৱাৰ্শ্বত অনুষ্ঠিত প্ৰতিৰক্ষা সম্পৰ্কীয় যুটীয়া কৰ্ম গোটৰ অষ্টমলানি বৈঠকৰ ফলাফলসমূহক আদৰণি জনায় আৰু দুয়োখন দেশৰ প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহৰ মাজত নিয়মীয়া আদান প্ৰদান অব্যাহত ৰাখিবলৈ সন্মত হয়।
নেতাদ্বয়ে ভাৰত আৰু পোলেণ্ডৰ প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত বৰ্ধিত মত বিনিময়ক আদৰণি জনায় আৰু বাণিজ্যিকভাৱে ব্যৱহাৰযোগ্য সহযোগিতাৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ তেওঁলোকক উৎসাহিত কৰে। নেতাদ্বয়ে প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাৰ বাবে এক অগ্ৰগামী পৰিকাঠামোৰ বিকাশক উৎসাহিত কৰিবলৈ এক প্ৰতিৰক্ষা উদ্যোগ আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়, যাৰ ভিতৰত আছে ব্যাপক ব্যৱসায়ৰ পৰা-ব্যৱসায়ৰ সম্পৰ্ক আৰু পাৰস্পৰিকভাৱে সন্মতি থকা প্ৰযুক্তি, সহ-বিকাশ, সহ-উৎপাদন আৰু অন্যান্য ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত অংশীদাৰীত্ব।
দুয়োগৰাকী নেতাই ২০২৬ চনৰ জানুৱাৰীত ভাৰত-ইউৰোপীয় ইউনিয়নৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষা অংশীদাৰিত্বত স্বাক্ষৰক আদৰণি জনায় আৰু গুৰুত্বপূৰ্ণ তথা উদীয়মান প্ৰযুক্তি, চাইবাৰ সুৰক্ষাৰ লগতে প্ৰতিৰক্ষা উদ্ভাৱনত ভাৰত-পোলেণ্ডৰ সহযোগিতা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে, যাৰ ভিতৰত আছে ব্যৱসায় আৰু অন্যান্য মঞ্চৰ জৰিয়তে উন্নত প্ৰযুক্তিগত সহনশীলতা আৰু ভাৰত-ইউৰোপীয় ইউনিয়নৰ মাজত ঘনিষ্ঠ নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা।
দুয়োপক্ষই পাৰস্পৰিক সুৰক্ষা আৰু শ্ৰেণীবদ্ধ তথ্যৰ আদান-প্ৰদানৰ ওপৰত এখন চুক্তিত গুৰুত্ব আৰোপ কৰে আৰু অতি সোনকালেই ইয়াত স্বাক্ষৰ কৰা হ’ব বুলি আশা প্ৰকাশ কৰে।
মহাকাশ সহযোগিতা/নতুন প্ৰযুক্তি
নেতাদ্বয়ে মহাকাশ খণ্ডত সহযোগিতাক কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে স্বীকৃতি দিয়ে আৰু পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ প্ৰচেষ্টাক আদৰণি জনাই শক্তিশালী প্ৰাতিষ্ঠানিক আৰু উদ্যোগ-পৰ্যায়ৰ সম্পৰ্কক উৎসাহিত কৰে।
দুয়োগৰাকী নেতাই ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতাৰ সুযোগৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীদ্বয়ে চক্ৰীয় অৰ্থনীতি আৰু পুনৰুদ্ধাৰ উদ্যোগত সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ বেটাৰিৰ পুনৰ্ব্যৱহাৰ আৰু দুৰ্মূল্য ভূ-খনিজ পদাৰ্থৰ শোধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁলোকে ভূতত্ত্ব, খনন আৰু গুৰুত্বপূৰ্ণ খনিজ খণ্ডত ঘনিষ্ঠ সহযোগিতাৰ সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত এখন বুজাবুজি চুক্তিৰ আলোচনা চলি আছে।
সংযোগ, সামুদ্ৰিক আৰু জাহাজ পৰিবহণ
নেতাদ্বয়ে পোলেণ্ড আৰু ভাৰতৰ মাজত পোনপটীয়া বিমান সেৱা বৃদ্ধিৰ সুযোগৰ অন্বেষণৰ সম্ভাৱনাক আদৰণি জনায়। তেওঁলোকে অসামৰিক বিমান পৰিবহণ/বিমান চালনা কৰ্তৃপক্ষক দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতীক হিচাপে প্ৰত্যক্ষ আলোচনা অনুষ্ঠিত কৰিবলৈ উৎসাহিত কৰে।
দুয়োপক্ষই জাহাজ উদ্যোগৰ লগতে সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।
নেতাদ্বয়ে এক সুৰক্ষিত, সহনশীল আৰু সংহত নেটৱৰ্কৰ অগ্ৰগতিৰ ক্ষেত্ৰত বন্দৰৰ মাজত সহযোগিতাৰ গুৰুত্বক স্বীকৃতি দিয়ে, যিয়ে গোলকীয় যোগান শৃংখলাত বৈচিত্ৰ্য অনাৰ লগতে পৰিবহণৰ সময় হ্ৰাস কৰে আৰু ভূ-ৰাজনৈতিক ব্যাঘাতৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষিত কৰে। দুয়োগৰাকী নেতাই ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি) পদক্ষেপৰ জৰিয়তে সংযোগ উন্নত কৰাৰ গুৰুত্বৰ কথা উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীদ্বয়ে মেৰু সম্বন্ধীয় বিষয়ত বৈজ্ঞানিক সহযোগিতা গঢ়ি তোলাত সন্মতি প্ৰকাশ কৰে।
বিজ্ঞান, শিক্ষা আৰু শৈক্ষিক সহযোগিতা
নেতাদ্বয়ে পোলেণ্ডৰ ভাৰততত্ব আৰু সংস্কৃতৰ বৃত্তিৰ দীঘলীয়া পৰম্পৰাৰ কথা উল্লেখ কৰে আৰু ক্ৰাকৌৰ জাগিলোনিয়ান বিশ্ববিদ্যালয়ত ভাৰতীয় অধ্যয়নৰ আই চি চি আৰ অধ্যক্ষক আদৰণি জনায়। তেওঁলোকে ভাৰতীয় বিশ্ববিদ্যালয়সমূহত পলিছ ভাষাৰ শিক্ষকসকলৰ উপস্থিতিক স্বীকৃতি দিয়ে। তেওঁলোকে ভাৰত আৰু পোলেণ্ডৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ ব্যাপক নেটৱৰ্কৰ কথাও উল্লেখ কৰে আৰু ব্যাপক প্ৰাতিষ্ঠানিক অংশীদাৰিত্ব, শিক্ষাৰ্থী আৰু অধ্যাপকৰ আদান-প্ৰদানক উৎসাহিত কৰে তথা অধিক সহযোগিতামূলক গৱেষণাৰ বাবে আহ্বান জনায়।
সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক
নেতাদ্বয়ে পুনৰ দৃঢ়তাৰে কয় যে জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্ক হৈছে কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। তেওঁলোকে পেছাদাৰী আৰু পৰ্যটককে ধৰি দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বৰ্ধিত আদান-প্ৰদানক আদৰণি জনায় আৰু ক্ৰীড়া, যুৱ বিনিময় আৰু পৰ্যটনকে ধৰি সাংস্কৃতিক সহযোগিতাক উৎসাহিত কৰিবলৈ সন্মত হয়। সংস্কৃতি, বিজ্ঞান আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ এক চুক্তি অতি সোনকালেই সম্পন্ন কৰা হ’ব। ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু পোলেণ্ডৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালকপ্ৰধানৰ মাজত এক সহযোগিতা চুক্তি সম্পন্ন হয় আৰু অতি সোনকালেই ই স্বাক্ষৰিত হ’ব।
উভয়পক্ষই স্বীকৃতি দিয়ে যে মহাৰাজা জামচাহেবৰ স্মাৰক (পোলেণ্ডত গুড মহাৰাজা নামেৰে জনপ্ৰিয়) আৰু ৱাৰ্শ্বৰ কোলহাপুৰ ৰাজ্যই দুয়োখন বন্ধুত্বপূৰ্ণ দেশৰ জনসাধাৰণৰ মাজত এক জীৱন্ত সেতু আৰু ইয়ে ইতিহাসৰ এক উদ্দীপনামূলক অধ্যায়ক প্ৰতিনিধিত্ব কৰে, য'ত ভাৰতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হাজাৰ হাজাৰ পোলেণ্ডৰ মহিলা আৰু শিশুক বাসস্থান প্ৰদান কৰিছিল। দুয়োপক্ষই সন্তোষ প্ৰকাশ কৰে যে শেহতীয়াভাৱে ২০২৬ চনৰ অক্টোবৰত সম্পন্ন হোৱাকে ধৰি জাম চাহেব স্মাৰক যুৱ বিনিময় কাৰ্যসূচীৰ দুটা সংস্কৰণ অনুষ্ঠিত হৈছে।
দুয়োপক্ষই অপাৰেচন গংগাৰ অধীনত ইউক্ৰেইনত আৱদ্ধ হৈ থকা দুহেজাৰৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক পোলেণ্ডৰ কৰ্তৃপক্ষই আগবঢ়োৱা সহায়ৰ কথা প্ৰশংসাৰে স্মৰণ কৰে।
বহুপাক্ষিক সহযোগিতা আৰু গোলকীয় বিষয়সমূহ
নেতাদ্বয়ে ৰাষ্ট্ৰসংঘৰ চনদক মূলত লৈ বহুপাক্ষিকতাবাদৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। দুয়োপক্ষই এই কথাত একমত প্ৰকাশ কৰে যে ৰাষ্ট্ৰসংঘ প্ৰাসংগিক, বিশ্বাসযোগ্য আৰু ফলপ্ৰসূ হৈ থাকিবলৈ হ’লে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক স্থায়ী আৰু অস্থায়ী উভয়তে সম্প্ৰসাৰণৰ জৰিয়তে গাঁথনিগত সংস্কাৰৰ প্ৰয়োজন। পোলেণ্ডে ভাৰতে অধিক অন্তৰ্ভুক্ত, সংস্কাৰিত আৰু সম্প্ৰসাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যপদ লাভৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাৰ লগতে ২০২৮-২৯ চনৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ বাবে ভাৰতৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে।
নেতাদ্বয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে জি-২০ৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে পোলেণ্ড গণৰাজ্যই অংশগ্ৰহণ কৰা বা অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ পাব লগা জি-২০ ট্ৰেক আৰু ৱৰ্কষ্ট্ৰিমত সহযোগিতা কৰিবলৈ তেওঁলোকৰ প্ৰস্তুতি প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই ইউক্ৰেইনত সংঘটিত হোৱা যুদ্ধৰ লগতে ইয়াৰ ভয়ংকৰ আৰু দুখজনক মানৱীয় পৰিণামক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনোৱাকে ধৰি ৰাষ্ট্ৰসংঘৰ চনদৰ উদ্দেশ্য আৰু নীতিৰ সৈতে সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি এক ব্যাপক, ন্যায়সংগত আৰু স্থায়ী শান্তিৰ প্ৰয়োজনীয়তাৰ কথা পুনৰ দোহাৰে। তেওঁলোকে বিশ্ব খাদ্য আৰু শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ইউক্ৰেইনৰ যুদ্ধৰ নেতিবাচক প্ৰভাৱৰ কথাও উল্লেখ কৰে, বিশেষকৈ গোলকীয় দক্ষিণৰ বাবে।
দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদ আৰু সীমান্তৰ সিপাৰৰ পৰা চলা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৃষ্টি কৰা হিংসাত্মক উগ্ৰবাদক দ্ব্যর্থহীনভাৱে নিন্দা কৰে আৰু কয় যে কোনো ভিত্তিতে সন্ত্ৰাসবাদৰ কোনো ন্যায্যতা থাকিব নোৱাৰে। তেওঁলোকে ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰতম ভাষাৰে নিন্দা কৰে। তেওঁলোকে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে কঠোৰ আৰু সমন্বিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়, যাৰ ভিতৰত আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ নিষেধাজ্ঞা সমিতিৰ দ্বাৰা নিৰ্ধাৰিত সংস্থাসমূহ। দুয়োপক্ষই লগতে সকলো দেশক সন্ত্ৰাসবাদীৰ সুৰক্ষিত আশ্ৰয়স্থল আৰু আন্তঃগাঁথনি নিৰ্মূল কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিত্তীয় নেটৱৰ্ক ব্যাহত কৰাৰ দিশত কাম অব্যাহত ৰাখিবলৈ আহ্বান জনায়। দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ সম্পৰ্কত ব্যাপক সন্মিলন (চি চি আই টি) সোনকালে গ্ৰহণ কৰাৰ আহ্বান জনায়। তেওঁলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আলোচনা কৰিবলৈ সন্মতি প্ৰকাশ কৰে।
নেতাদ্বয়ে এক মুক্ত, মুকলি, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ গুৰুত্ব আৰু ১৯৮২ চনৰ সাগৰীয় আইনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সন্মিলনকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মানৰ কথা পুনৰ দোহাৰে। তেওঁলোকে নৌ পৰিবহণৰ স্বাধীনতা আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতে পোলেণ্ডক ইণ্ডো-পেচিফিক অ’চেন ইনিচিয়েটিভ (আই পি অ’ আই) ত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।
দুয়োগৰাকী নেতাই ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ প্ৰথম বৈঠক আৰু পোলেণ্ড, হাংগেৰী, চেক গণৰাজ্য আৰু স্লোভাক গণৰাজ্যক লৈ গঠিত ভিজগ্ৰেড গ্ৰুপ (ভি৪) ক আদৰণি জনায়। তেওঁলোকে ভি৪ + ইণ্ডিয়া আৰ্হিৰ জৰিয়তে সহযোগিতা শক্তিশালী কৰা আৰু অংশীদাৰী স্বাৰ্থ আৰু পৰিপূৰকতাৰ ওপৰত আধাৰিত এক অগ্ৰগামী অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
নেতাদ্বয়ে জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কত দ্ৰুত গোলকীয় পদক্ষেপৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে, আৰু ইউ এন এফ চি চি চি প্ৰক্ৰিয়া আৰু পেৰিছ চুক্তিৰ বাবে তেওঁলোকৰ সমৰ্থন পুনৰ নিশ্চিত কৰে। তেওঁলোকে প্ৰতিকূল বতৰৰ অত্যাধিক ঘটনা, পৰিৱেশৰ অৱক্ষয় আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ ফলত উদ্ভৱ হোৱা বৰ্ধিত বিপদাশংকাৰ কথা স্বীকাৰ কৰে আৰু পৰিষ্কাৰ শক্তি, বহনক্ষম প্ৰযুক্তি আৰু জলবায়ু-সহনশীল উন্নয়নৰ ক্ষেত্ৰত ঘনিষ্ঠ দ্বিপাক্ষিক সহযোগিতাক উৎসাহিত কৰে। তেওঁলোকে শক্তি সুৰক্ষা বৃদ্ধি কৰিবলৈ, জলবায়ু সুৰক্ষিত কৰিবলৈ আৰু ঔদ্যোগিক প্ৰতিযোগিতামূলক দৃষ্টিভংগী উন্নত কৰিবলৈ ৰাষ্ট্ৰীয় শক্তি খণ্ডত ঘৰুৱা-উৎপাদিত পৰিষ্কাৰ শক্তিৰ অংশ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰতা (চিডিআৰআই) ত যোগদান সম্পৰ্কত পোলেণ্ডৰ ঘোষণাক ভাৰতে আদৰণি জনায়। ভাৰতে পোলেণ্ডক আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা আৰু গোলকীয় জৈৱ ইন্ধন মিত্ৰতাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।
প্ৰধানমন্ত্ৰী টাস্কে তেওঁক আৰু তেওঁৰ প্ৰতিনিধি দলক আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে। নেতাদ্বয়ে ভাৰত-পোলেণ্ড কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ আৰু বৈচিত্ৰ্যময় কৰাৰ বাবে আৰু নিয়মীয়া উচ্চ পৰ্যায়ৰ সম্পৰ্ক তথা শক্তিশালী প্ৰাতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে কাৰ্য পৰিকল্পনা (২০২৪-২০২৮)ৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ অংশীদাৰী প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
প্ৰধানমন্ত্ৰী টাস্কেও প্ৰধানমন্ত্ৰী মোদীক পোলেণ্ড ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।
****
MJPS/SS/PRK/HS