গৃহ মন্ত্ৰালয়
গুজৰাটৰ একতা নগৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় একতা দিৱস ২০২৬ আৰু ভাৰত পৰ্ব ২০২৬ উদযাপন উপলক্ষে নতুন দিল্লীত সাংবাদিক সন্মিলন সম্বোধন কৰে কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহনে
৩১ অক্টোবৰত এই উৎসৱ অনুষ্ঠিত আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ষ্টেচু অৱ ইউনিটি'ত চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জনোৱাৰে আৰম্ভ হ' ব
এই বছৰৰ একতা পেৰেড সংশোধন কৰা হৈছে আৰু ই অধিক স্পন্দনশীল, বৈচিত্ৰ্যময় আৰু আকৰ্ষণীয় হ'ব
একতা দিৱস পেৰেডে আৰক্ষী বাহিনী, চি এ পি এফ আৰু চি পি অ’ই সম্পন্ন কৰা অসাধাৰণ কামক সন্মুখলৈ আনিব
একতা পেৰেড মাৰ্চ পাষ্ট হৈছে দেশত সশস্ত্ৰ নক্সালবাদৰ সমাপ্তিৰ এক উদযাপন
একতা নগৰত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন আৰু উপভোগ কৰিবলৈ দেশবাসীক আকৰ্ষণ কৰিবলৈ একতা পেৰেড
পেৰেড দলবোৰত ৰাজ্যিক আৰক্ষী বাহিনী আৰু চি এ পি এফ অন্তৰ্ভুক্ত থাকিব যিসকলে সশস্ত্ৰ নক্সালবাদৰ বিৰুদ্ধে দেশৰ যুঁজত অগ্ৰণী ভূমিকা পালন কৰিছে
এন এছ ডিয়ে 'নক্সাল মুক্ত ভাৰত’ সম্পৰ্কীয় এটা নাটকীয় অনুষ্ঠান প্ৰদৰ্শন কৰিব য’ত দেশৰ ১২৬খন জিলাৰ পৰা অহা প্ৰায় ২০০০ শিল্পীয়ে অংশগ্ৰহণ কৰিব, য’ত সশস্ত্ৰ নক্সালবাদৰ সন্ত্ৰাসৰ কিছু মুহূৰ্ত মূৰ্তমান কৰি তোলা হ’ব।
নক্সালবাদৰ সন্মুখীন হোৱা ১২৬ খন জিলাৰ প্ৰায় ৫০০০ লোকক দৰ্শক হিচাপে আমন্ত্ৰণ জনোৱা হৈছে
টেবলু সামৰি একতা নগৰৰ সাংস্কৃতিক প্ৰদৰ্শনৰ বিষয়বস্তু হৈছে বন্দে মাতৰম
প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ আকাংক্ষাক টেবলুত প্ৰতিনিধিত্ব কৰা হৈছে আৰু একতা নগৰত ইয়াৰ সাক্ষী হ’ব
৫০০০ শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' ৰ এটা বিশেষ উদাহৰণ হ’ব
প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন হ’বলগীয়া এই বছৰৰ নাটকীয় অনুষ্ঠানৰ বিষয় হ’ব শ্ৰী বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ যুগান্তকাৰী উপন্যাস ‘আনন্দমঠ’
দেশৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ প্ৰতি প্ৰতিজন ভাৰতীয়ৰ দায়িত্ব, ‘আনন্দমঠ’ত প্ৰকাশিত আদৰ্শেৰে সমসাময়িক বিষয়বস্তুৰ আধাৰত প্ৰদৰ্শন কৰা হ’ব এই নাটকীয় অনুষ্ঠান।
পোষ্ট কৰা হৈছে:
21 OCT 2026 8:17PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহনে আজি নতুন দিল্লীত গুজৰাটৰ একতা নগৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় একতা দিৱস ২০২৬ আৰু ভাৰত পৰ্ব ২০২৬ উদযাপন উপলক্ষে এখন সংবাদমেলত ভাষণ দিয়ে।

সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় গৃহ সচিবে কয় যে এই বছৰৰ একতা পেৰেড অধিক স্পন্দনশীল, বৈচিত্ৰ্যময় আৰু আকৰ্ষণীয় হ’ব। মূল অনুষ্ঠানটো ২০২৬ চনৰ ৩১ অক্টোবৰত অনুষ্ঠিত হ'ব। সেইদিনা পুৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ষ্টেচু অৱ ইউনিটি’ত চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। সন্ধিয়া একতা পেৰেড অনুষ্ঠিত হ’ব। পেৰেডটোত ২০২৬ চনত ভাৰতক সশস্ত্ৰ নক্সালবাদৰ পৰা মুক্ত কৰাৰ বৃহৎ সাফল্যৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
শ্ৰী গোবিন্দ মোহনে কয় যে একতা নগৰত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনৰ পৰিকল্পনা দুটা উদ্দেশ্য মনত ৰাখি কৰা হৈছে। ইয়াৰ প্ৰথম উদ্দেশ্য হৈছে দেশৰ আৰক্ষী বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ) আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠন (চি পি অ)ৰ দ্বাৰা সম্পন্ন হোৱা অসাধাৰণ কামৰ প্ৰতি দেশৰ দৃষ্টি আকৰ্ষণ কৰা। দ্বিতীয় উদ্দেশ্যটো হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তিৰ লগতে একতা নগৰৰ স্থানীয় পৰিৱেশ চাবলৈ আৰু উপভোগ কৰিবলৈ দেশৰ সকলো প্ৰান্তৰ লোকসকলক আমন্ত্ৰণ জনোৱা। তেওঁ কয় যে একতা নগৰৰ চাৰিওফালে আন কেইবাটাও আকৰ্ষণ সৃষ্টি কৰা হৈছে, যি এতিয়া দেশৰ অন্যতম বিশিষ্ট আৰু আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে আত্মপ্ৰকাশ কৰিছে।
কেন্দ্ৰীয় গৃহ সচিবে কয় যে একতা দিৱস পেৰেডৰ সময়ত আমি দেশত সশস্ত্ৰ নক্সালবাদৰ সমাপ্তি উদযাপন কৰিম। তেওঁ কয় যে এইটো তিনিটা পৃথক আৰু অনন্য প্ৰদৰ্শনৰ জৰিয়তে কৰা হ'বঃ
১. এই বছৰৰ পেৰেড দলবোৰত সশস্ত্ৰ নক্সালবাদৰ বিৰুদ্ধে দেশৰ যুঁজত অগ্ৰণী ভূমিকা পালন কৰা ৰাজ্যিক আৰক্ষী বাহিনী আৰু চি এ পি এফ অন্তৰ্ভুক্ত থাকিব। ২০২৬ চনৰ ৩১ অক্টোবৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত এই দলবিলাকৰ প্ৰতিটোৱে পাৰ হোৱাৰ সময়ত তেওঁলোকৰ একক সাফল্যৰ মুখ্য বৈশিষ্ট্যসমূহৰ সাৰাংশ দাঙি ধৰি এলইডি পৰ্দাত এখন চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব।
২. নেশ্যনেল স্কুল অৱ ড্ৰামা (এন এছ ডি)ই দেশৰ ১২৬ খন জিলাৰ পৰা অনা প্ৰায় ২০০০ শিল্পীৰ এটা দলৰ সৈতে প্ৰদৰ্শন কৰিব, যিবোৰ অঞ্চল কোনো সময়ত সশস্ত্ৰ নক্সালবাদৰ ভাবুকিৰ সাক্ষী হৈছে। এই শিল্পীসকলে তেওঁলোকৰ প্ৰদৰ্শনৰ জৰিয়তে সশস্ত্ৰ নক্সালবাদ ব্যাপক হৈ থকা আৰু তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি অহাৰ সময়ত তেওঁলোকে সন্মুখীন হোৱা সংগ্ৰামসমূহ প্ৰদৰ্শন কৰিব।
৩. এই ১২৬খন জিলাৰ প্ৰায় ৫০০০ লোকক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। এইবোৰ সকলো অনুষ্ঠানৰ দৰ্শক হ’ব আৰু তেওঁলোকে তেওঁলোকৰ মত বিনিময়ৰ জৰিয়তে সশস্ত্ৰ নক্সালবাদৰ যুগত তেওঁলোকৰ অভিজ্ঞতাৰ বৰ্ণনা কৰিব।
কেন্দ্ৰীয় গৃহ সচিবে কয় যে এই তিনিটা উপাদানৰ জৰিয়তে আমি সশস্ত্ৰ নক্সালবাদৰ বিৰুদ্ধে ভাৰতৰ সংগ্ৰামৰ সাক্ষী হ'ম। এইটো সত্য যে এতিয়া ইয়াক নিৰ্মূল কৰা হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সন্ত্ৰাসবাদ আৰু হিংসাৰ ঠাইত আজি এই জিলাসমূহ উন্নয়নৰ ঢৌৰ সন্মুখীন হৈছে।
শ্ৰী গোবিন্দ মোহনে কয় যে ৰাষ্ট্ৰীয় একতা দিৱসৰ সাংস্কৃতিক বিষয় হৈছে ‘বন্দে মাতৰম’। তেওঁ কয় যে এইটো বন্দে মাতৰমৰ ১৫০তম বৰ্ষপূৰ্তি আৰু এই বছৰৰ কুচকাৱাজৰ সময়ত বহুতো নতুনকৈ প্ৰৱৰ্তন কৰা বৈশিষ্ট্য ‘বন্দে মাতৰম’ৰ পৰা লোৱা হৈছে।
গৃহ সচিবে কয় যে এই বছৰৰ অনুষ্ঠানৰ আন এটা নতুন বৈশিষ্ট্য হ'ল পেৰেড আৰু সকলো প্ৰদৰ্শন সন্ধিয়া অনুষ্ঠিত হ' ব। তেওঁ লগতে কয় যে দিনৰ সময়ত অত্যধিক গৰমৰ বাবে আৰু অনুষ্ঠানটো অধিক মনোমোহা কৰি তুলিবলৈ সন্ধিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
কেন্দ্ৰীয় গৃহ সচিবে কয় যে সাধাৰণতে চৰকাৰী মন্ত্ৰালয়/বিভাগ বা ৰাজ্য চৰকাৰ বা অন্যান্য চৰকাৰী সংস্থাৰ দ্বাৰা টেব্লু প্ৰস্তুত আৰু ডিজাইন কৰা হয়। এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু গুজৰাটৰ প্ৰতিখন জিলাতে মাইগভত (MyGov) চলোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ জৰিয়তে টেব্লুৰ বাবে ডিজাইন আৰু বৈশিষ্ট্য আমন্ত্ৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
শ্ৰী গোবিন্দ মোহনে কয় যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা লাভ কৰা সকলো বিষয়বস্তু আৰু ডিজাইন চালিজাৰি চাই এই ডিজাইনসমূহৰ ওপৰত ভিত্তি কৰি মুঠ ১৫টা টেব্লু প্ৰস্তুত কৰা হ'ব। কোনো চৰকাৰী মন্ত্ৰালয় বা বিভাগৰ অংশগ্ৰহণ অবিহনে এই ডিজাইনসমূহ সম্পূৰ্ণৰূপে জনসাধাৰণৰ দ্বাৰা প্ৰস্তুত কৰা হ’ব। শ্ৰী মোহনে লগতে কয় যে আমি এই ধাৰণাটোৰ ফালে আগবাঢ়িছো যেতিয়া গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহত প্ৰদৰ্শনীয়ে চৰকাৰী সংস্থা আৰু ৰাজ্য চৰকাৰৰ গঠনমূলক বিষয়বস্তুৰ পৰিৱৰ্তে ভাৰতৰ সাধাৰণ মানুহৰ আকাংক্ষাক অন্তৰ্ভুক্ত কৰিব। প্ৰথমবাৰৰ বাবে একতা নগৰত জনসাধাৰণে নিৰ্মাণ কৰা টেব্লু প্ৰদৰ্শন কৰোৱা হ’ব।
কেন্দ্ৰীয় গৃহ সচিবে কয় যে আমি কৰা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে সাংস্কৃতিক কাৰ্যসূচী সম্পৰ্কে। এতিয়ালৈকে সাংস্কৃতিক কাৰ্যসূচী সংস্কৃতি মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰিছিল, কিন্তু এইবাৰ আমি গুজৰাটৰ লোকসকলক এই কামত জড়িত কৰাইছো। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা আৰু কেইবাটাও প্ৰজন্ম গুজৰাটত বাস কৰি আহিছে। এই লোকসকলৰ এটা গোট আছে আৰু তেওঁলোকে গুজৰাটক নিজৰ ঘৰ হিচাপে গঢ়ি তুলিছে। আমি এই বিভিন্ন গোটৰ ওচৰলৈ গৈছিলো আৰু তেওঁলোকক নিজ নিজ ৰাজ্যত তেওঁলোকৰ নিজৰ সাংস্কৃতিক কাৰ্যসূচী প্রস্তুত কৰিবলৈ অনুৰোধ কৰিছিলো। এনে প্ৰায় ৫০টা উপাদান একেলগ কৰি, আমি প্ৰায় ৫০০০ শিল্পীৰ দ্বাৰা এটা সাংস্কৃতিক সমলয় সৃষ্টি কৰিছো। এইটো ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এটা বিশেষ উদাহৰণ, যিটো প্ৰদৰ্শনো হ’ব।
শ্ৰী গোবিন্দ মোহনে কয় যে যোৱা বছৰৰ পৰা আমি নেশ্যনেল স্কুল অৱ ড্ৰামাৰ দ্বাৰা পৰিচালনা কৰা এখন বৃহৎ নাটকৰ আয়োজন কৰি আহিছো। যোৱা বছৰৰ বিষয়বস্তু আছিল চৰ্দাৰ পেটেল। এই বছৰ ‘বন্দে মাতৰম’ৰ বছৰ হোৱাৰ বাবে বিষয়বস্তু হ’ব শ্ৰী বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ এক যুগান্তকাৰী উপন্যাস ‘আনন্দমঠ’। এইবাৰ প্ৰদৰ্শন কৰিবলগীয়া নাটকখন আনন্দমঠ উপন্যাসত আধাৰিত হ'ব। দেশৰ এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিজন ভাৰতীয়ৰ দায়িত্ব আছে, আমি আমাৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে সচেতন হ'ব লাগিব আৰু ৰাষ্ট্ৰৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত ইচ্ছুক অংশীদাৰ হ'ব লাগিব- এই ধাৰণাৰে আনন্দমঠৰ স্থায়ী দৰ্শনক আধাৰ কৰি এই নাটকখন যুগুত কৰি উলিওৱা হৈছে।
***
RK/RR/PR/PS/PK
(ৰিলিজ আই ডি : 2326507)
অতিথি কক্ষ : 3