প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত সোণৰ পদক জয় কৰা দিলীপ গাভিতক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 21 OCT 2026 7:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ ২০২৬-ৰ পুৰুষৰ ১০০ মিটাৰ টি ৪৭  শাখাত উৎকৃষ্ট প্ৰদৰ্শন কৰি সোণৰ পদক জয় কৰাৰ বাবে দিলীপ গাভিতক অভিনন্দন জনায়।

 তেওঁৰ বিজুলীৰ দৰে গতি আৰু দক্ষতাই দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এই গৌৰৱময় সাফল্যৰ বাবে দিলীপক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেওঁ আগন্তুক প্ৰচেষ্টাসমূহতো এই বিজয়ৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত দিয়া এটা পোষ্টত এনেদৰে কয়—

“এছিয়ান পেৰা গেমছ ২০২৬-ত দিলীপ গাভিতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াই পুৰুষৰ ১০০ মিটাৰ টি৭৪ শাখাত  সোণৰ পদক জয় কৰিছে। তেওঁৰ বিজুলীৰ দৰে গতি আৰু দক্ষতাই দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। এই গৌৰৱময় সাফল্যৰ বাবে দিলীপক আন্তৰিক অভিনন্দন। তেওঁ আগন্তুক প্ৰচেষ্টাসমূহতো এই বিজয়ৰ ধাৰা অব্যাহত ৰাখক, তাৰেই কামনা কৰিলোঁ।”

@narendramodi"

 

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2326502) অতিথি কক্ষ : 9