প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক জয় কৰা প্ৰণৱ দেশাইক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 21 OCT 2026 9:29PM by PIB Guwahati

এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ ১০০  মিটাৰ টি ৬৪ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰণৱ দেশাইক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে কয় যে ই হৈছে দক্ষতাৰ জৰিয়তে অৰ্জন কৰা ব্ৰঞ্জৰ পদক আৰু তেওঁৰ গতি, নিষ্ঠা আৰু সংকল্প সঁচাকৈয়ে প্ৰশংসনীয়।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

"প্ৰণৱ দেশাইৰ এক সুন্দৰ দৌৰ আৰু দক্ষতাৰ সৈতে অৰ্জন কৰা ব্ৰঞ্জ। এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ ১০০ মিটাৰ টি৬৪ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা উপলক্ষে তেওঁক অভিনন্দন জনাইছো। তেওঁৰ গতি, নিষ্ঠা আৰু সংকল্প সঁচাকৈয়ে প্ৰশংসনীয়ঃ প্ৰধানমন্ত্ৰী

***

MJPS/SS/PRK/HS


(ৰিলিজ আই ডি : 2326482) অতিথি কক্ষ : 3