কৃষি মন্ত্ৰালয়
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কাইলৈ আৰম্ভ কৰিব ‘খেত বচাও অভিযান – ৰবি ২০২৬’; ৩০ নৱেম্বৰলৈ চলিব এই অভিযান
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে হাৰিয়ানাৰ কৰ্ণালৰ পৰা আৰম্ভ কৰিব এই অভিযান
‘খেত বচাও অভিযান – ৰবি ২০২৬’-ৰ লক্ষ্য হৈছে সুষম সাৰ প্ৰয়োগ, শস্য বৈচিত্ৰ্যকৰণ আৰু বহনক্ষম কৃষি পদ্ধতিক উৎসাহিত কৰা
সকলো প্ৰশাসনিক পৰ্যায়তে কৃষক সন্মিলন, কিষাণ চৌপাল, প্ৰশিক্ষণ কাৰ্যসূচী আৰু ক্ষেত্ৰভিত্তিক প্ৰদৰ্শনৰ আয়োজন কৰিব এই অভিযানে
পোষ্ট কৰা হৈছে:
21 OCT 2026 6:56PM by PIB Guwahati
বহনক্ষম কৃষিক উৎসাহিত কৰা, মাটিৰ স্বাস্থ্য উন্নত কৰা আৰু কৃষি সম্পদসমূহৰ সুবিবেচিত ব্যৱহাৰক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ২০২২ চনৰ ২২ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰ ২০২৬-লৈ দেশজুৰি ‘খেত বচাও অভিযান- ৰবি ২০২৬’ আৰম্ভ কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে হাৰিয়ানাৰ কৰ্ণালৰ পৰা এই অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব।
এই অভিযানৰ লক্ষ্য হৈছে মাটি পৰীক্ষাৰ ওপৰত ভিত্তি কৰি সুষম তথা সুবিবেচিত সাৰ আৰু অন্যান্য কৃষি উপাদানৰ ব্যৱহাৰ সম্পৰ্কে কৃষকসকলৰ মাজত সজাগতা সৃষ্টি কৰা। ই তেলজাতীয় শস্য, মাহজাতীয় শস্য আৰু উদ্যানশস্য মিছনৰ জৰিয়তে শস্য বৈচিত্ৰ্যকৰণক উৎসাহিত কৰিব, ধান চপোৱাৰ পিছত পতিত হৈ থকা পথাৰসমূহৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে অনুপ্ৰাণিত কৰিব আৰু শস্যৰ অৱশিষ্টসমূহৰ সঠিক ব্যৱস্থাপনাক প্ৰসাৰিত কৰিব। এই অভিযানে জৈৱিক আৰু জৈৱ-আধাৰিত কৃষি সামগ্ৰীৰ যথোচিত প্ৰয়োগৰ ক্ষেত্ৰত কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা আৰু সজাগতামূলক অনুষ্ঠান, প্ৰশিক্ষণ কাৰ্যসূচী তথা ক্ষেত্ৰভিত্তিক প্ৰদৰ্শনৰ জৰিয়তে প্ৰাকৃতিক কৃষিক উৎসাহিত কৰাতো গুৰুত্ব আৰোপ কৰিব। তাৰোপৰি, ই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু কৃষিৰ দীৰ্ঘম্যাদী বহনক্ষমতা সুনিশ্চিত কৰিবলৈ বহনক্ষম কৃষি পদ্ধতিক উৎসাহিত কৰাৰ লগতে জল সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ জলস্তৰ পুনৰুদ্ধাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব।
এই অভিযানে মাটিৰ স্বাস্থ্য উন্নত কৰা, সুষম সাৰ আৰু অন্যান্য কৃষি উপাদানৰ প্ৰয়োগক উৎসাহিত কৰা, পানীৰ ব্যৱহাৰৰ দক্ষতা বৃদ্ধি কৰা আৰু সম্পদ-সাশ্ৰয়ী তথা জলবায়ু-সহনশীল কৃষি পদ্ধতি গ্ৰহণত উদগনি জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। সেউজ এমোনিয়াকে ধৰি সাৰ আৰু জৈৱিক সামগ্ৰীৰ যথোচিত প্ৰয়োগ সম্পৰ্কে সজাগতা সৃষ্টি; জল সংৰক্ষণ; উপযুক্ত শস্য আৰু জাতৰ সৈতে শস্য বৈচিত্ৰ্যকৰণ তথা মিশ্ৰিত খেতি; ধাননিৰ পতিত মাটিৰ ফলপ্ৰসূ ব্যৱহাৰ; প্ৰাকৃতিক খেতি; আৰু সংহত কৃষি পদ্ধতিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব। দক্ষতা বিকাশ, কৃষি যান্ত্ৰিকীকৰণ আৰু পুনৰুজ্জীৱনকাৰী কৃষি পদ্ধতিক সামৰি উন্নত প্ৰযুক্তিসমূহৰ ক্ষেত্ৰভিত্তিক প্ৰদৰ্শনো এই অভিযানৰ মূল অংশ হ’ব।
প্ৰধান বিষয়বস্তুসমূহৰ ভিতৰত শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা, সংহত কীট-পতংগ ব্যৱস্থাপনা, মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা, জলবায়ু-সহনশীল কৃষি, তেলজাতীয় তথা মাহজাতীয় শস্যৰ প্ৰসাৰ আৰু বীজ বিতৰণ অন্তৰ্ভুক্ত হ’ব। এই অভিযানে কৃষক পৰিচয় পত্ৰ (ফাৰ্মাৰ আইডি) প্ৰস্তুত কৰাত সহায় কৰিব, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা পিএমএফবিৱাই-ৰ অধীনত শস্য বীমা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব, বিশেষ অন্তৰ্ভুক্তিকৰণ প্ৰচেষ্টাৰ জৰিয়তে কিষাণ ক্ৰেডিট কাৰ্ড কেচিচি আঁচনিৰ পৰিসৰ সম্প্ৰসাৰণ কৰিব, আৰু বিভিন্ন বাণিজ্য চুক্তিৰ পৰা সৃষ্টি হোৱা সুবিধা তথা সুযোগসমূহৰ বিষয়ে তথ্য প্ৰচাৰ কৰিব।
এই অভিযানৰ অংশ হিচাপে ৰাজ্য, জিলা, ব্লক আৰু গ্ৰাম পঞ্চায়ত পৰ্যায়ত সজাগতামূলক অনুষ্ঠান, কৃষক সন্মিলন, কিষাণ চৌপাল, প্ৰশিক্ষণ কাৰ্যসূচী আৰু ক্ষেত্ৰভিত্তিক প্ৰদৰ্শনৰ আয়োজন কৰা হ’ব। ৰাজ্যিক কৃষি বিভাগসমূহ, কৃষি বিজ্ঞান কেন্দ্ৰ কেভিকে, আইচিএআৰ প্ৰতিষ্ঠানসমূহ, ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা আত্মা-ই যৌথভাৱে কাম কৰি কৃষি বিজ্ঞানী, আত্মা-ৰ কৰ্মকৰ্তা, কৃষক উৎপাদক সংস্থা এফপিঅ’, সমবায় সমিতি, আত্মসহায়ক গোট এছএইছজি আৰু অগ্ৰণী কৃষকসকলৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰিব। স্থানীয় ভাষাৰ প্ৰচাৰ সামগ্ৰী, ৰেডিঅ’, দূৰদৰ্শন, ছ’চিয়েল মিডিয়া আৰু তথ্য, শিক্ষা তথা যোগাযোগ আইইচি-ৰ অন্যান্য কাৰ্যকলাপৰ জৰিয়তে চলোৱা প্ৰচাৰে এই অভিযানৰ প্ৰসাৰ অধিক শক্তিশালী কৰি তুলিব আৰু কৃষকসকলৰ মাজত তথ্যৰ ব্যাপক বিতৰণ সুনিশ্চিত কৰিব।
এই অভিযানে আত্মা আৰু আইচিএআৰ-ৰ জৰিয়তে প্ৰায় এক কোটি অংশগ্ৰহণকাৰীৰ ওচৰলৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কেভিকে আৰু আত্মা-ক সামৰি মুঠ ৪,১৫০টা দল গঠনৰ পৰিকল্পনা কৰা হৈছে, য’ত ১২,০০০-তকৈ অধিক বিজ্ঞানী আৰু আত্মা-ৰ কৰ্মকৰ্তাই এই অভিযানত সক্ৰিয়ভাৱে অৰিহণা যোগাব বুলি আশা কৰা হৈছে।
কৃষি আৰু কৃষক কল্যাণ বিভাগে এই অভিযানৰ ফলপ্ৰসূ ৰূপায়ণ আৰু নিয়মীয়া নিৰীক্ষণ সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰসমূহ, আইচিএআৰ প্ৰতিষ্ঠানসমূহ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিব; য’ত বিশেষভাৱে কৃষকসকলৰ অংশগ্ৰহণ আৰু বহনক্ষম কৃষি পদ্ধতি গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
‘খেত বচাও অভিযান’ৰ জৰিয়তে চৰকাৰে মাটি আৰু পানী সংৰক্ষণ ব্যৱস্থা অধিক সুদৃঢ় কৰা, দক্ষ তথা কম খৰচী কৃষি পদ্ধতিক উৎসাহিত কৰা, কৃষিৰ বহনক্ষমতা বৃদ্ধি কৰা আৰু কৃষকসকলৰ দীৰ্ঘম্যাদী সমৃদ্ধিৰ লগতে ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীলৈ অৰিহণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
***
SS/DK/MM
(ৰিলিজ আই ডি : 2326399)
অতিথি কক্ষ : 8