প্ৰতিৰক্ষা মন্ত্ৰালয়
ভাৰতীয় সেনাৰ বাবে উন্নতমানৰ কম উচ্চতাৰ লঘু ৰাডাৰ ক্ৰয়ৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৭৭০ কোটি টকাৰ চুক্তি স্বাক্ষৰ
পোষ্ট কৰা হৈছে:
21 OCT 2026 3:30PM by PIB Guwahati
প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত ২০২৬ চনৰ ২১ অক্টোবৰ তাৰিখে নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰালয়ে মেছাৰ্ছ ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড (বিইএল)ৰ সৈতে প্ৰায় ৭৭০ কোটি টকা ব্যয় সাপেক্ষে উন্নতমানৰ কম উচ্চতাৰ লঘু ৰাডাৰ (এলএলএলআৰ-আই) ক্ৰয়ৰ এক চুক্তি স্বাক্ষৰ কৰে।
এলএলএলআৰ(আই) ব্যৱস্থাত যুদ্ধ বিমানৰ আকাৰৰ লক্ষ্যবস্তুৰ লগতে ক্ষুদ্ৰ তথা অতি-ক্ষুদ্ৰ ড্ৰোন চিনাক্ত আৰু অনুসৰণ ট্ৰেক কৰাৰ ক্ষমতা আছে; লগতে আকাশমাৰ্গৰ লক্ষ্যবস্তুসমূহৰ গুৰুত্ব অনুসৰি অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰাৰ অতিৰিক্ত সুবিধাও ইয়াত উপলব্ধ। ই ভাৰতীয় সেনাক চালকবিহীন বিমান ব্যৱস্থা ইউএএছ-ৰ ভাবুকি সফলতাৰে প্ৰতিহত কৰাত সক্ষম কৰি তুলিব।
চৰকাৰৰ ‘বিকশিত ভাৰত ২০৪৭’-ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই ক্ৰয় প্ৰক্ৰিয়াই বায়ু প্ৰতিৰক্ষা প্লেটফৰ্মসমূহৰ থলুৱাকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে। ইয়াৰ ফলত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহকে ধৰি ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন বাতাবৰণ অধিক উৎসাহিত হ’ব আৰু এক শক্তিশালী, আত্মনিৰ্ভৰশীল তথা বিশ্বব্যাপী প্ৰতিযোগিতাসক্ষম প্ৰতিৰক্ষা উদ্যোগ গঢ় লৈ উঠিব।

***
SR/Ruchi/MM
(ৰিলিজ আই ডি : 2325998)
অতিথি কক্ষ : 10