প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

আজিৰে পৰা আৰম্ভ হ’ল সেনা কমাণ্ডাৰসকলৰ সন্মিলন

পোষ্ট কৰা হৈছে: 21 OCT 2026 3:06PM by PIB Guwahati

ভাৰতীয় সেনাৰ শীৰ্ষ পৰ্যায়ৰ দ্বি-বাৰ্ষিক মঞ্চ ‘সেনা কমাণ্ডাৰ সন্মিলন’ আজিৰ পৰা আৰম্ভ হৈছে। সেনা প্ৰধানৰ চিঅ’এএছৰ পৌৰোহিত্যত এই সন্মিলনখন ২০২৬ চনৰ ২১ৰ পৰা ২৩ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হৈছে। ক্ৰমবৰ্ধমান নিৰাপত্তা পৰিৱেশ, কাৰ্যকৰী প্ৰস্তুতি, সক্ষমতা বৃদ্ধি আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে সাজু হোৱা ৰূপান্তৰকামী পদক্ষেপসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ এই সন্মিলনে ভাৰতীয় সেনাৰ জ্যেষ্ঠ নেতৃত্বক সমন্বিত কৰিছে।

এই সন্মিলনখনত মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ভাষণ দিব। ইয়াৰ উপৰি, প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী, নৌসেনা প্ৰধান আৰু ইলেক্ট্ৰনিকছ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিবে সমসাময়িক নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত ভাষণ আগবঢ়াব।

মাননীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বাৰা স্থল যুদ্ধ মতবাদ উন্মোচন কৰাটো এই সন্মিলনৰ এক অন্যতম মুখ্য আকৰ্ষণ হ’ব। যুদ্ধৰ ক্ৰমপৰিৱৰ্তনশীল চৰিত্ৰ আৰু ভৱিষ্যতৰ সংঘাতসমূহৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ ভাৰতীয় সেনাক সাজু কৰি তুলিবৰ বাবে এই মতবাদে এক সামগ্ৰিক নীতিগত পৰিকাঠামো প্ৰদান কৰিব। মাননীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক জাৰ্নেলখনো উন্মোচন কৰিব আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী হিচাপে সেৱা আগবঢ়াই উল্লেখনীয় অৱদান আগবঢ়োৱা ভাৰতীয় সেনাৰ জোৱানসকলক সম্বৰ্ধনা জনাব; ৰাষ্ট্ৰসংঘৰ ধ্বজাৰ তলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ হকে তেওঁলোকে আগবঢ়োৱা অনুকৰণীয় সেৱা, পেছাদাৰী দক্ষতা আৰু অৱদানক স্বীকৃতি জনাই এই সন্মান প্ৰদান কৰা হ’ব।

পৰিৱেশৰ বহনক্ষমতা, সম্পদ ব্যৱস্থাপনা আৰু বিমান পৰিবহণ নিৰাপত্তাৰ এক সুদৃঢ় সংস্কৃতি প্ৰসাৰৰ ক্ষেত্ৰত দেখুওৱা উৎকৃষ্টতাক স্বীকৃতি জনাই সেনা প্ৰধান চিঅ’এএছ-য়ে ‘সেউজ সামৰিক ছাউনী’ আৰু ‘বিমান উৰণ নিৰাপত্তা’ বঁটাও প্ৰদান কৰিব।

ইয়াৰ সৰ্বাংগীণ কাৰ্যসূচীৰ জৰিয়তে এই সন্মিলনে বৰ্তমান চলি থকা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰিবলৈ, ভৱিষ্যতে গুৰুত্ব দিবলগীয়া দিশসমূহ চিনাক্ত কৰিবলৈ আৰু এক প্ৰগতিশীল, পৰিস্থিতিৰ সৈতে খাপ খাব পৰা, প্ৰযুক্তিগতভাৱে সক্ষম তথা ভৱিষ্যতৰ বাবে সাজু ভাৰতীয় সেনা গঢ়ি তোলাৰ লক্ষ্যৰে উপযুক্ত নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ ভাৰতীয় সেনাৰ জ্যেষ্ঠ নেতৃত্বক এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব।

 

 

***

Nishant / Sanjay/MM


(ৰিলিজ আই ডি : 2325994) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati