প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক জয় কৰা সৃষ্টি অৰোৰাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 20 OCT 2026 7:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত মহিলাৰ ১০  মিটাৰ এয়াৰ পিষ্টল SH1 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে সৃষ্টি আৰোৰাক অভিনন্দন জনায়।

এই পদকটো তেওঁৰ প্ৰথম এছিয়ান পেৰা গেমছত এক সুন্দৰ আৰম্ভণি বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে তেওঁ দেশক গৌৰৱান্বিত কৰি ৰাখিব আৰু তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

"নিজৰ প্ৰথম এচিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰি সৃষ্টি অৰোৰাই মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ.এইচ.১ (SH1) ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। এই পদক এক সুন্দৰ আৰম্ভণি আৰু মই নিশ্চিত যে সৃষ্টিয়ে দেশক গৌৰৱান্বিত কৰি ৰাখিব। অভিনন্দন আৰু শুভকামনা: প্ৰধানমন্ত্ৰী @narendramodi"

@narendramodi’

 

*****

MJPS/SS/VJ/PRK/MK


(ৰিলিজ আই ডি : 2325722) অতিথি কক্ষ : 18