প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

এছ চি অ’ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৫ সংখ্যক বৈঠক : সন্ত্ৰাসবাদৰ সমগ্ৰ ব্যৱস্থাটো উৎখাত কৰিবলৈ ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণৰ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

“সন্ত্ৰাসবাদৰ কোনো ন্যায্যতা থাকিব নোৱাৰে, ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কোনো দ্বৈত নীতি থাকিব নোৱাৰে আৰু ইয়াৰ সমৰ্থকসকলৰ কোনো স্থান থাকিব নোৱাৰে”


সংযোগ ব্যৱস্থা সকলো দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সন্মান তথা পৰামৰ্শৰ ভিত্তিত গঢ়ি উঠিব লাগিব: ৰাজনাথ সিং

“এছচিঅ'ৰ সফলতা নিহিত হৈ আছে যুৱক-যুৱতী, উদ্যোগী, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে সুযোগ সৃষ্টি কৰাৰ ওপৰত”

পোষ্ট কৰা হৈছে: 20 OCT 2026 1:16PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সন্ত্ৰাসবাদক শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰত অন্যতম গুৰুতৰ ভাবুকি বুলি অভিহিত কৰি সন্ত্ৰাসবাদৰ সমগ্ৰ ব্যৱস্থাটো উৎখাত কৰিবলৈ ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’)-ৰ সদস্য ৰাষ্ট্ৰসমূহক ঐক্যবদ্ধ প্ৰচেষ্টা চলোৱাৰ আহ্বান জনাইছে। ২০২৬ চনৰ ২০ অক্টোবৰত তাজিকিস্তানৰ দুশানবেত অনুষ্ঠিত এছচিঅ’ৰ চৰকাৰপ্ৰধানসকলৰ পৰিষদৰ ২৫সংখ্যক বৈঠকত তেওঁ এই আহ্বান জনায়।

 

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, “সন্ত্ৰাসবাদৰ ফলত নিৰীহ লোকৰ প্ৰাণহানি হয় আৰু বিনিয়োগ তথা বাণিজ্যিক কাৰ্যকলাপ ব্যাহত হয়। ই সমাজত উগ্ৰপন্থী মানসিকতাৰ প্ৰসাৰ ঘটায় আৰু যুৱ প্ৰজন্মক তেওঁলোকৰ প্ৰাপ্য সুযোগৰ পৰা বঞ্চিত কৰে। সন্ত্ৰাসবাদৰ কোনো যুক্তি থাকিব নোৱাৰে, ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কোনো দ্বৈত নীতি থাকিব নোৱাৰে, আৰু যিসকলে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰে, সমৰ্থন কৰে বা নিৰাপদ আশ্ৰয় প্ৰদান কৰে তেওঁলোকৰ বাবে কোনো স্থান থাকিব নোৱাৰে”।

 

 

ৰাজনাথ সিঙে ২০২৬ চনৰ আগষ্ট-ছেপ্টেম্বৰ মাহত বিছকেকত অনুষ্ঠিত এছচিঅ’ শীৰ্ষ সন্মিলনৰ আলোচনাসমূহৰ বিষয়ে উল্লেখ কৰে। উক্ত সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা, সংযোগ ব্যৱস্থা আৰু সুযোগ সৃষ্টিৰ সৈতে জড়িত বিষয়সমূহত সংস্থাটোৱে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

 

প্ৰতিৰক্ষা ৰক্ষা মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে অৰ্থনৈতিক অংশগ্ৰহণ সকলো সদস্য ৰাষ্ট্ৰৰ বাবে অন্তৰ্ভুক্তিমূলক আৰু পাৰস্পৰিকভাৱে লাভজনক হোৱা উচিত। তেওঁ কয়, “ভাৰতে বিশ্বাস কৰে যে এছচিঅ’ই সাৰ্বভৌম সমতা, ঐকমত্য আৰু পাৰস্পৰিক সন্মানৰ নীতিৰ প্ৰতি দায়বদ্ধ আৰু অটল হৈ থাকিব লাগিব। প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি হ’লেই যে সফলতা বৃদ্ধি পাব তাৰ কোনো নিশ্চয়তা নাই। নতুন ব্যৱস্থাসমূহে স্পষ্টভাৱে চিনাক্ত কৰা প্ৰয়োজনীয়তাসমূহৰ ওপৰত গুৰুত্ব দিব লাগিব, কামৰ পুনৰাবৃত্তি পৰিহাৰ কৰিব লাগিব আৰু সদস্য ৰাষ্ট্ৰসমূহক ব্যৱহাৰিক মূল্য প্ৰদান কৰাত অগ্ৰাধিকাৰ দিব লাগিব।”

 

 

ভূ-ৰাজনৈতিক উত্তেজনা, বাণিজ্য আৰু যোগান শৃংখলত ব্যাঘাত, শক্তি আৰু খাদ্য সুৰক্ষাক লৈ উদ্বেগ, আৰু উদীয়মান প্ৰযুক্তিগত বিভাজনেৰে চিহ্নিত অনিশ্চিত গোলকীয় অৰ্থনৈতিক পৰিৱেশৰ মোকাবিলা কৰিবলৈ এছচিঅ’ই ঐকমত্য গঢ়ি তোলা আৰু ইয়াক এক নিৰ্দিষ্ট কাৰ্যত পৰিণত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে স্থিতিস্থাপক যোগান শৃংখল শক্তিশালী কৰা, বাণিজ্য আৰু বিনিয়োগ সহজসাধ্য কৰা, আৰু উন্নয়ন ত্বৰান্বিত কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে । অৰ্থনৈতিক সহযোগিতাৰ লাভালাভ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ওচৰলৈ যোৱাটো গুৰুত্বপূৰ্ণ বুলি দোহাৰি, ২০২৬-২০৩০ বৰ্ষৰ বাবে বহুপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যসূচীৰ এক কাৰ্যপৰিকল্পনা গ্ৰহণৰ প্ৰতি ভাৰতৰ সমৰ্থন তেওঁ পুনৰ নিশ্চিত কৰে।

 

ৰাজনাথ সিঙে বিছকেকত অনুষ্ঠিত এছচিঅ’ শীৰ্ষ সন্মিলনত সংস্থাটোৰ স্থায়ী প্ৰতিষ্ঠান হিচাপে তাছখন্দত ইউনিভাৰ্ছেল চেণ্টাৰ আৰু দুশানবেত ড্ৰাগছবিৰোধী কেন্দ্ৰ স্থাপনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনায়। এই প্ৰতিষ্ঠানসমূহৰ কাৰ্যকাৰিতা দক্ষ সমন্বয় আৰু সময়মতে দায়িত্ব পালন কৰাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে।

 

 

উমৈহতীয়া সমৃদ্ধিৰ বাবে সংযোগ ব্যৱস্থাৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বজাৰসমূহক সংযুক্ত কৰা, বাণিজ্যৰ সুবিধা বৃদ্ধি কৰা আৰু উন্নয়নৰ নতুন পথ মুকলি কৰা পদক্ষেপসমূহক ভাৰতে সমৰ্থন কৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ আৰু চাবাহাৰ বন্দৰৰ দৰে পদক্ষেপে মধ্য এছিয়াক বহল আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

 

ৰাজনাথ সিঙে এই কথাতো গুৰুত্ব আৰোপ কৰে যে সংযোগ ব্যৱস্থা সকলো দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সন্মান তথা সংশ্লিষ্ট দেশসমূহৰ সৈতে পৰামৰ্শৰ ভিত্তিত গঢ়ি উঠিব লাগিব। এই নীতিসমূহৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা প্ৰকল্পসমূহ বহনক্ষম নহ’ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে সংযোগ ব্যৱস্থাক কেৱল ভৌতিক আন্তঃগাঁথনিৰ মাজতে সীমাবদ্ধ ৰাখিলে নহ’ব। সমগ্ৰ অঞ্চলটোত ব্যৱসায় কৰাৰ ব্যয় হ্ৰাস কৰিবলৈ শুল্ক প্ৰক্ৰিয়া সৰল কৰা, ডিজিটেল নথিপত্ৰৰ ব্যৱহাৰ বৃদ্ধি কৰা, পৰিবহণ আৰু সামগ্ৰী যোগানৰ ব্যৱস্থা উন্নত কৰা তথা পৰস্পৰৰ সৈতে সামঞ্জস্যপূৰ্ণ ডিজিটেল ব্যৱস্থা গ্ৰহণ কৰাটোও প্ৰয়োজনীয়।

 

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই মাহৰ আৰম্ভণিতে মুম্বাইত অনুষ্ঠিত মধ্য এছিয়াৰ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বিত্তীয় সাহায্য সম্পৰ্কীয় আলোচনা-চক্ৰৰ কথা উল্লেখ কৰে। এই কাৰ্যসূচীত মধ্য এছিয়াৰ দেশসমূহ আৰু এছচিঅ’ৰ সহযোগীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এছচিঅ’ এছিয়ান অৰ্থনৈতিক বৈঠকৰ আয়োজনৰ কথাও উল্লেখ কৰে।

 

ৰাজনাথ সিঙে কয়, “আমাৰ সফলতাৰ মূল্যায়ন হ’ব আমি যুৱ প্ৰজন্মৰ বাবে কিমান সুযোগ সৃষ্টি কৰিছোঁ, উদ্যোগীসকলৰ বাবে কিমান নতুন বজাৰ মুকলি কৰিছোঁ, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে কিমান প্ৰযুক্তিৰ সুবিধা আগবঢ়াব পাৰিছোঁ আৰু বিভিন্ন সমাজৰ মাজত কিমান সংযোগ গঢ়ি তুলিছোঁ, তাৰ ভিত্তিত।”

 

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ নিজৰ উন্নয়নৰ অভিজ্ঞতাই প্ৰমাণ কৰিছে যে প্ৰযুক্তি আৰু উদ্ভাৱনে বিকাশ ত্বৰান্বিত কৰাৰ লগতে বিভিন্ন সমস্যাৰ সমাধান আগবঢ়াব পাৰে। তেওঁ ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ ফলত ৰাজহুৱা সেৱা প্ৰদানৰ ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছে আৰু বিত্তীয় অন্তৰ্ভুক্তি অধিক শক্তিশালী হৈছে। তেওঁ লগতে কয় যে ভাৰতে বিশ্বৰ অন্যতম বৃহৎ ষ্টাৰ্ট-আপ ব্যৱস্থা গঢ়ি তুলিছে। নাৰী-নেতৃত্বাধীন উন্নয়নৰ ওপৰত ভাৰতৰ গুৰুত্ব এই বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত যে উন্নয়নৰ গতিপথ নিৰ্ধাৰণ কৰাত মহিলাসকলে নিৰ্ণায়ক ভূমিকা পালন কৰে।

 

ৰাজনাথ সিঙে কয় যে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট  আৰু দুৰ্যোগ-সহনশীল আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ দৰে ভাৰতৰ গোলকীয় পদক্ষেপসমূহে সুলভ পৰিষ্কাৰ শক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সহ্য কৰিব পৰা উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। তেওঁ লগতে উল্লেখ কৰে যে ‘মিছন লাইফ’-এ বহনক্ষম জীৱনশৈলী আৰু দায়িত্বশীল উপভোগক উৎসাহিত কৰে, আনহাতে ‘গ্ল’বেল বায়’ফুৱেল এলায়েন্স’-এ অধিক পৰিষ্কাৰ আৰু বহনক্ষম শক্তিৰ সমাধানৰ পথ প্ৰশস্ত কৰে।

 

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিগত ২৫ বছৰত এছচিঅ’ই গঢ়ি তোলা শক্তিশালী ভেটিৰ ওপৰত নিৰ্ভৰ কৰি সহমতভিত্তিক সহযোগিতা আৰু বাস্তৱিক ফলাফলক কেন্দ্ৰ কৰি ভৱিষ্যৎমুখী কৰ্মপন্থা প্ৰস্তুত কৰিবলৈ সংস্থাটোক আহ্বান জনায়। এই লক্ষ্যসমূহ পূৰণৰ বাবে সকলো সদস্য ৰাষ্ট্ৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যোৱাৰ ভাৰতৰ প্ৰতিশ্ৰুতি তেওঁ পুনৰ নিশ্চিত কৰে। তেওঁ লগতে এই বছৰৰ শেষৰ ফালে ভাৰতে আয়োজন কৰিবলগীয়া প্ৰথম এছচিঅ’ সভ্যতা সংক্ৰান্তীয় আলোচনা মঞ্চত অংশগ্ৰহণ কৰিবলৈ সদস্য ৰাষ্ট্ৰসমূহক আমন্ত্ৰণ জনায়।

 

বৈঠকত এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বহুপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। লগতে পৰিবহণ, বিত্ত, ডিজিটেল অৰ্থনীতি আৰু সামাজিক উন্নয়নৰ দৰে ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰা হয়।

 

প্ৰতিনিধি দলসমূহৰ মুৰব্বীসকলে এছচিঅ’ৰ চৰকাৰপ্ৰধানসকলৰ পৰিষদৰ ২৫সংখ্যক বৈঠকৰ যুটীয়া ঘোষণা-পত্ৰ গ্ৰহণ কৰে। ইয়াৰ ভিতৰত ২০২৭ চনৰ বাবে এছচিঅ’ৰ বাজেট, সংশ্লিষ্ট বিত্তীয় আৰু প্ৰশাসনিক সিদ্ধান্তসমূহ তথা ২০২৬-২০৩০ বৰ্ষৰ বাবে পিএমটেক কাৰ্যপৰিকল্পনাও অন্তৰ্ভুক্ত হৈ আছে।

 

এছচিঅ’ৰ চৰকাৰপ্ৰধানসকলৰ পৰিষদ হৈছে সংস্থাটোৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা, যি সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক আৰু ব্যৱহাৰিক সহযোগিতাৰ অন্যান্য ক্ষেত্ৰসমূহৰ প্ৰসাৰৰ বাবে দায়বদ্ধ। ভাৰত ২০১৭ চনৰ পৰা এছ চি অ’ৰ এজন পূৰ্ণকালীন সদস্য হৈ আহিছে আৰু ইয়াৰ বিভিন্ন ব্যৱস্থাসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।

 

SR/Savvy/UD


(ৰিলিজ আই ডি : 2325636) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Bengali , Tamil , Malayalam