বিত্ত মন্ত্ৰালয়
তামিলনাডুত ডিআৰআইৰ অভিযান: ১৩৭ কিলোগ্ৰাম ক্ৰিষ্টেল মেথৰ চালান জব্দ, উপকূলীয় ড্ৰাগছ সৰবৰাহ চক্ৰ উৎখাত, ৪ জনক গ্ৰেপ্তাৰ
চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা এক বৃহৎ অভিযানে সাগৰীয় পথৰে শ্ৰীলংকালৈ ড্ৰাগছ সৰবৰাহ কৰাৰ সন্দেহযুক্ত প্ৰচেষ্টাক কৰিলে ব্যৰ্থ
পোষ্ট কৰা হৈছে:
18 OCT 2026 1:17PM by PIB Guwahati
সংগঠিত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডিআৰআই) তামিলনাডুৰ নাগাপট্টিনাম জিলাৰ এখন উপকূলীয় গাঁৱৰ পৰা ১৩৭ কিলোগ্ৰাম (মুঠ ওজন) নিষিদ্ধ সংশ্লেষিত ড্ৰাগছ ক্ৰিষ্টেল মেথামফেটামিন জব্দ কৰিছে। বিগত বছৰসমূহৰ ভিতৰত তামিলনাডুৰ উপকূলীয় অঞ্চলত এয়া ড্ৰাগছৰ অন্যতম বৃহৎ জব্দৰ ঘটনা হিচাপে বিবেচিত হৈছে।



এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ডিআৰআইৰ বিষয়াসকলে ১৬–১৭ অক্টোবৰ ২০২৬ত এক নিবিড় নিৰীক্ষণ অভিযান চলায়। এই অভিযানত শ্ৰীলংকালৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ চেষ্টা কৰা এক সন্দেহজনক উপকূলীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ সফলতাৰে উৎখাত কৰা হয়। সাগৰৰ মাজভাগত হস্তান্তৰৰ জৰিয়তে এই চালানটো শ্ৰীলংকালৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল। অবৈধ ড্ৰাগছৰ বজাৰত জব্দ কৰা নিষিদ্ধ সামগ্ৰীখিনিৰ মূল্য ১০০ কোটি টকাৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে।
এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্য পোৱা গৈছিল যে শ্ৰীলংকালৈ সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰাখিবলৈ নাগাপট্টিনাম জিলাৰ এটা উপকূলীয় স্থানলৈ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য অনা হৈছে। ইয়াৰ পিছতে চলোৱা তালাচীত ছটা ডাফেল বেগ উদ্ধাৰ হয়, যাৰ ভিতৰত ৰূপালী ৰঙৰ ফইলত মেৰিওৱা ২৭ টা পেকেট আছিল। প্ৰতিটো পেকেটৰ ওজন আছিল প্ৰায় ৫ কিলোগ্ৰাম। পেকেটসমূহত উচ্চ মানৰ বগা স্ফটিকসদৃশ মেথামফেটামিন থকা বুলি সন্দেহ কৰা হৈছে। নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্সেছ (এনডিপিএছ) আইন, ১৯৮৫ ৰ বিধান অনুসৰি এই নিষিদ্ধ সামগ্ৰীখিনি জব্দ কৰা হয়।
একে সময়তে মূল অভিযুক্তৰ ঘৰত চলোৱা আন এক তালাচীত ডিআৰআই বিষয়াসকলে নগদ ১০ লাখ টকা উদ্ধাৰ কৰে, যিটো ড্ৰাগছ বিক্ৰীৰ ধন বুলি সন্দেহ কৰা হৈছে। নিচাযুক্ত সামগ্ৰী পৰিবহণত ব্যৱহাৰ কৰাৰ সন্দেহত দুখন চাৰিচকীয়া আৰু এখন দুচকীয়া বাহনো জব্দ কৰা হয়। এই অভিযানে উপকূলীয় ৰপ্তানি, পৰিবহন, মজুতকৰণ আৰু চালানৰ লজিষ্টিকছ সংগঠিত কৰাৰ সৈতে জড়িত ব্যক্তিসকলকে ধৰি মাদক দ্ৰব্য সৰবৰাহৰ নেটৱৰ্কটো সফলতাৰে ফাদিল কৰে। এনডিপিএছ আইন, ১৯৮৫ ৰ ধাৰা অনুসৰি চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
এই অভিযানৰ জৰিয়তে ডিআৰআইয়ে কেৱল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ অবৈধ বজাৰলৈ যোৱাৰ পৰা ৰক্ষাই কৰা নাই, বৰঞ্চ এটা ড্ৰাগছ সৰবৰাহ চক্ৰও উৎখাত কৰিবলৈ সক্ষম হৈছে। এই বৃহৎ জব্দৰ ঘটনাই সংগঠিত ড্ৰাগছ সৰবৰাহকাৰী নেটৱৰ্ক ধ্বংস কৰাৰ লগতে ভাৰতৰ উপকূলীয় অঞ্চলক অবৈধ ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰাটো ৰোধ কৰাৰ ক্ষেত্ৰত ডিআৰআইৰ ধাৰাবাহিক প্ৰচেষ্টা আৰু কাৰ্যকৰী ক্ষমতাক প্ৰতিফলিত কৰিছে।
****
KT/KMN/MM
(ৰিলিজ আই ডি : 2324901)
অতিথি কক্ষ : 8