যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহলৈ (এনএছএফ) সংশোধিত সাহায্য আঁচনিৰ বাবে কাৰ্য্যকৰী নিৰ্দেশনা জাৰি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ
ভাৰতৰ দীৰ্ঘম্যাদী ক্ৰীড়া দৃষ্টিভংগীৰ বাবে নতুন কৌশলগত দিশ, চিডব্লিউজি ২০৩০, আৰু ২০৩৬ অলিম্পিক আয়োজনৰ আবেদন
ভাৰতীয় খেলুৱৈসকলক মুখ্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় এ এন এছ এফ-ৰ
পোষ্ট কৰা হৈছে:
16 OCT 2026 4:50PM by PIB Guwahati
চৰকাৰে মুঠ ৭,৩৮৬.৭৪ কোটি টকা ব্যয় সাপেক্ষে ২০২৬-২৭ ৰ পৰা ২০৩০-৩১(ষোড়শ বিত্ত আয়োগ চক্ৰ) সময়চোৱাৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহৰ বাবে থকা সাহায্য আঁচনি বাহাল ৰাখিবলৈ দিয়া অনুমোদন অনুসৰি আঁচনিখনৰ কেইবাটাও দিশত সংশোধিত সাহায্যৰ নীতি সহ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহৰ (এনএছএফ)বাবে থকা সংশোধিত সাহায্য আঁচনিৰ কাৰ্য্যকৰী নিৰ্দেশনা জাৰি কৰিছে ।
এই আঁচনিখন হৈছে অলিম্পিক গেমছ, এছিয়ান গেমছ, কমনৱেলথ গেমছ, পেৰালিম্পিক গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ দৰে মুখ্য আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ভাৰতৰ খেলুৱৈসকলক সমৰ্থন কৰাৰ মূল ব্যৱস্থা।
এই আঁচনিখনৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা, একাডেমীসমূহত প্ৰশিক্ষণ আৰু খেলুৱৈৰ সকলৰ বাবে আবাস, থকা- খোৱৰ ব্যবস্থা, ক্ৰীড়া সা-সঁজুলি, বীমা আৰু ক্ৰীড়া বিজ্ঞান সেৱা, বিদেশী প্ৰশিক্ষক, উচ্চ প্ৰদৰ্শন সঞ্চালক আৰু সহযোগী কৰ্মী যেনে ফিজিঅ’থেৰাপিষ্ট, ক্ৰীড়া বিজ্ঞানী আৰু চিকিৎসক, আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ জৰিয়তে বিদেশী প্ৰদৰ্শন, জ্যেষ্ঠ, কনিষ্ঠ আৰু উপ-কনিষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা, তৃণমূল আৰু কনিষ্ঠ খেলুৱৈৰ বিকাশ আৰু এনএছএফসমূহক প্ৰশাসনিক আৰু প্ৰশাসনিক সমৰ্থন প্ৰদান কৰা হয়।
সংশোধিত আঁচনিখনত ভাৰতৰ দীৰ্ঘম্যাদী ক্ৰীড়া দৃষ্টিভংগী আৰু ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ প্ৰস্তাৱ তথা ২০৩০ চনৰ কমনৱেলথ গেমছৰ প্ৰস্তুতিৰ সৈতে সংগতি ৰাখি কেইবাটাও নতুন কৌশলগত দিশ অন্তৰ্ভুক্ত কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ বাবে সাহায্যৰ পৰিমাণ বৃদ্ধিঃ সংশোধিত আঁচনিৰ অধীনত ভাৰতত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজনৰ বাবে বিত্তীয় সাহায্য যথেষ্ট বৃদ্ধি কৰা হৈছে। এতিয়া প্ৰতিযোগিতাৰ প্ৰকৃতি আৰু গুৰুত্ব, অংশগ্ৰহণকাৰী দেশ তথা খেলুৱৈৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ এনএছএফসমূহক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজনৰ বাবে ৫০ কোটি টকা পৰ্যন্ত বিত্তীয় সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। এন এছ এফ-ৰ প্ৰস্তাৱসমূহ সচিব (ক্ৰীড়া) ৰ নেতৃত্বত এখন নিৰ্ধাৰিত সমিতিৰ দ্বাৰা মূল্যায়ন কৰা হ’ব।
অলিম্পিক প্ৰশিক্ষণ কেন্দ্ৰসমূহত প্ৰশিক্ষণঃ বৰ্তমান ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ (এন চি ও ই), একাডেমী আৰু ব্যক্তিগত ক্ৰীড়া সুবিধাৰ লগতে বিদেশী প্ৰশিক্ষণ সুবিধাসমূহত অলিম্পিককে ধৰি বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা খেলুৱৈসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। উচ্চ মানৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ, শেহতীয়া ক্ৰীড়া বিজ্ঞান সঁজুলিৰে সজ্জিত অলিম্পিক প্ৰশিক্ষণ কেন্দ্ৰ (অ’টি চি) স্থাপন কৰাৰ পৰিকল্পনা কৰা হোৱাৰ লগতে এই কেন্দ্ৰসমূহ সৰ্বশ্ৰেষ্ঠ আধুনিক প্ৰশিক্ষণৰ সুবিধা আৰু বিশেষজ্ঞৰ পৰামৰ্শৰ ব্যৱস্থা সহ এটা খেলৰ বাবে উৎসৰ্গিত কৰা হ'ব। ইয়াৰ জৰিয়তে ভাৰতীয় খেলুৱৈসকলৰ বিদেশী প্ৰশিক্ষণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস হ'ব। এনে অ’টি চি-ত প্ৰশিক্ষণ লোৱা ভাৰতীয় অভিজাত খেলুৱৈসকলক প্ৰশিক্ষক আৰু কাৰিকৰী কৰ্মচাৰী, ক্ৰীড়া বিজ্ঞান সেৱা আৰু বিশেষ সঁজুলি তথা কাৰিকৰী সমৰ্থন আগবঢ়োৱা হ’ব।
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে সহায়ঃ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ গুৰুত্ব তথা এই ক্ৰীড়া উপযুক্ত পদ্ধতি আৰু পৰিসৰত আয়োজন কৰাৰ প্ৰয়োজনীয়তা বিবেচনা কৰি, ক্ৰীড়া সঁজুলি, সময়, স্ক’ৰিং তথা ফলাফল (টিএছআৰ) সেৱা, কাৰিকৰী বিষয়াসকলক প্ৰদান কৰা পাৰিশ্রমিক আৰু কাৰিকৰী আচৰণৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ বাবে সংশোধিত আঁচনিখনত ৫০ কোটি টকা পৰ্যন্ত সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
আন্তৰ্জাতিক প্ৰসাৰৰ বাবে থলুৱা ক্ৰীড়াৰ এন এছ এফ-ৰ প্ৰতি সমৰ্থনঃ থলুৱা ক্ৰীড়াৰ আন্তৰ্জাতিক প্ৰসাৰৰ বাবে, থলুৱা ক্ৰীড়াৰ এন এছ এফ-ক সমৰ্থনৰ এটা দিশ সংশোধিত আঁচনিখনত অন্তৰ্ভুক্ত কৰা হৈছে। অলিম্পিক, এছিয়ান গেমছ বা কমনৱেলথ গেমছৰ দৰে আন্তৰ্জাতিক প্ৰতিযোগিতাত প্ৰদৰ্শন অনুষ্ঠান হিচাপে অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে এন এছ এফ-ৰ প্ৰচেষ্টাত সহায় কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তদুপৰি বিশ্বৰ আন দেশসমূহত ৰাষ্ট্ৰীয় ফেডাৰেচন স্থাপন কৰা, ভাৰতত কাৰ্যালয় থকা থলুৱা ক্ৰীড়াৰ আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচন/মহাদেশীয় ফেডাৰেচনসমূহক প্ৰয়োজনীয় সমৰ্থন প্ৰদান কৰা ইত্যাদি দিশ সংশোধিত আঁচনিখনত অন্তৰ্ভুক্ত কৰা হৈছে, ।
গ্ল’বেল চাউথৰ দেশসমূহৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সহযোগিতাৰ পদক্ষেপঃ বৃত্তি প্ৰদান তথা খেলুৱৈ আৰু প্ৰশিক্ষকৰ প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ জৰিয়তে গ্ল’বেল চাউথৰ দেশসমূহৰ বাবে আগশাৰীৰ অংশীদাৰ হিচাপে পৰিগণিত হ’ব পৰাকৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ কেন্দ্ৰ আৰু অন্যান্য ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ - দুয়োটাতে উচ্চ প্ৰদৰ্শন কেন্দ্ৰ আৰু প্ৰশিক্ষণৰ সুবিধা আছে। সংশোধিত আঁচনি খনত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে সহায়ৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।
ব্ৰিকছ, বিমষ্টেকৰ দৰে বহুপাক্ষিক সংস্থাৰ বাবে আয়োজিত ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে সহায়ঃ সংশোধিত আঁচনিৰ অধীনত ব্ৰিকছ, বিমষ্টেকৰ দৰে বহুপক্ষীয় সংস্থা আৰু আন যিকোনো একেধৰণৰ বহুপক্ষীয় সংস্থাৰ বাবে আয়োজন কৰা ক্ৰীড়া প্ৰতিযোগিতা, ক্ৰীড়া-সম্পৰ্কীয় সন্মিলন, বৈঠক, গৱেষণা কাৰ্য্য, কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰা হৈছে ।
ভাৰতত কাৰ্যালয় থকা স্বীকৃত আন্তঃৰাষ্ট্ৰীয়/মহাদেশীয় সংস্থাসমূহক সমৰ্থনঃ ভাৰতত স্বীকৃত আন্তঃৰাষ্ট্ৰীয়/মহাদেশীয় সংস্থাসমূহক সমৰ্থন কৰাৰ বাবে, সংশোধিত আঁচনিখনত সচিব (ক্ৰীড়া) ৰ নেতৃত্বত নিৰ্ধাৰিত সমিতিৰ পৰামৰ্শ অনুসৰি প্ৰতিটো দিশ পৃথকে পৃথকে পৰ্যালোচনা কৰাৰ অন্তত প্ৰয়োজনীয় সমৰ্থন আগবঢ়োৱাৰ বাবে এন এছ এফ/এন অ’ চি-ক পুঁজি যোগানৰ ব্যৱস্থা কৰা হৈছে। অধিক বিৱৰণৰ বাবে অনুগ্ৰহ কৰি তলৰ লিঙ্কটোত ক্লিক কৰকঃ
https://sports.yas.gov.in/public-file/guidelines/guidelines_20261016161054_21f5fbfc9465.pdf


***
Ayushman Kumar/DD
(ৰিলিজ আই ডি : 2324607)
অতিথি কক্ষ : 8