প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

চতুৰ্দশ ভাৰত-মঙ্গোলিয়া যুটীয়া কৰ্মগোটৰ বৈঠকত দ্বিপাক্ষিক প্ৰতিৰক্ষা অংশীদাৰিত্ব শক্তিশালী কৰাৰ সংকল্প পুনৰ নিশ্চিত কৰা হয়

পোষ্ট কৰা হৈছে: 16 OCT 2026 4:42PM by PIB Guwahati

ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত চতুৰ্দশ যুটীয়া কৰ্মগোটৰ বৈঠক ২০২৬ চনৰ ১৬ অক্টোবৰত উলানবাটাৰত অনুষ্ঠিত হয়। দুয়োপক্ষই চলিত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ কাৰ্যকলাপৰ এক বিস্তৃত পৰ্যালোচনা কৰাৰ লগতে বৰ্তমানৰ পদক্ষেপসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰাৰ উপৰিও পাৰস্পৰিকভাৱে চিনাক্ত কৰা ক্ষেত্ৰসমূহত সহযোগিতা সম্প্ৰসাৰণৰ ব্যৱস্থাৰ ওপৰত আলোচনা কৰে তথা বহনক্ষম আলোচনাৰ জৰিয়তে দীৰ্ঘদিনীয়া অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। এই আলোছনাত দুয়োপক্ষই  আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সন্দৰ্ভতো মত বিনিময় কৰে।

 

দুয়োপক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰত আৰু মংগোলিয়াৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰা যাযাবৰী হাতী অনুশীলনৰ সফল সমাপ্তিক প্ৰশংসা কৰে। মংগোলীয় পক্ষই মংগোলীয় সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীসকলৰ সামৰ্থ্য বৃদ্ধি আৰু প্ৰশিক্ষণত ভাৰতৰ নিৰন্তৰ সমৰ্থনৰ শলাগ লয়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব ড° ইশিতা গাঙ্গুলি ত্ৰিপাঠী আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা বিভাগৰ উপ-ৰাজ্যিক সচিব ব্ৰিগেডিয়াৰ জেনেৰেল গানসুখ ই-য়ে এই বৈঠকত সহ-অধ্যক্ষতা কৰে।

যুটীয়া সচিব ড° ইশিতা গাঙ্গুলি ত্ৰিপাঠীয়ে মংগোলিয়ান সশস্ত্ৰ বাহিনীৰ চীফ অৱ দা জেনেৰেল ষ্টাফ মেজৰ জেনেৰেল উছুখবায়াৰ জে-ৰ সৈতে এখন বৈঠকত  ভাগ লোৱাৰ লগতে দুয়োপক্ষই দুয়োটা প্ৰতিৰক্ষা বাহিনীৰ মাজত সহযোগিতাৰ অগ্ৰগতিৰ প্ৰশংসা কৰে। তেওঁলোকে সম্পৰ্ক গভীৰ কৰা, প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰা আৰু ভাৰত-মঙ্গোলিয়া কৌশলগত অংশীদাৰিত্বৰ বাবে এক অগ্ৰগামী কাৰ্য্যসূচী প্ৰস্তুত কৰাৰ দিশ সম্পৰ্কে আলোচনা কৰে।

ভাৰতীয় প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ো ভ্ৰমণ কৰি ভাৰতৰ সহায়ত স্থাপিত চাইবাৰ সুৰক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ কাম-কাজৰ পৰ্যালোচনা কৰে। মংগোলীয় পক্ষই কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত ক্ষমতা নিৰ্মাণ, জ্ঞানৰ আদান-প্ৰদান আৰু গভীৰ প্ৰতিৰক্ষা সহযোগিতাৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষা প্ৰশিক্ষণ আৰু চাইবাৰ সুৰক্ষাত ভাৰতৰ নিৰন্তৰ সমৰ্থনৰ প্ৰশংসা কৰে।

ভাৰত আৰু মংগোলিয়াৰ মাজত থকা স্থায়ী ঐতিহাসিক, সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কই দুয়োখন ৰাষ্ট্ৰক  সমসাময়িক অংশীদাৰিত্বৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰে। এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰক ঘনিষ্ঠ কৰি তোলাত উমৈহতীয়া বিশ্বাস আৰু সাংস্কৃতিক ঐতিহ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা  প্ৰতিফলিত কৰে।

*****

SR/Savvy/DD


(ৰিলিজ আই ডি : 2324604) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Tamil , Telugu