উপ-ৰাষ্ট্ৰপতি সচিবালয়
কোঝিকোড়ত নৱৰাত্ৰি সৰগোৎসৱম 2026 উদ্বোধন উপ-ৰাষ্ট্ৰপতিৰ
"বিকাশ ভী, বিৰাসত ভীঃ ভাৰতৰ প্ৰগতি আৰু সাংস্কৃতিক ঐতিহ্য পৰস্পৰৰ পৰিপূৰক": উপ-ৰাষ্ট্ৰপতি
"বিভিন্ন পৰম্পৰা, এক ধৰ্মঃ ভাৰতৰ অংশীদাৰী সভ্যতাৰ ঐতিহ্য হৈছে ইয়াৰ স্থায়ী শক্তি": উপ-ৰাষ্ট্ৰপতি
নৱৰাত্ৰীয়ে আমাক মনত পেলাই দিয়ে যে সাহসে ভয় অতিক্ৰম কৰিব লাগিব, অন্যায়ৰ ওপৰত ধৰ্মনিষ্ঠা বৰ্তি থাকিব লাগিব আৰু জ্ঞানে অজ্ঞতা দূৰ কৰিব লাগিবঃ উপ-ৰাষ্ট্ৰপতি
নৱৰাত্ৰি সৰগোৎসৱম ২০২৬ ত উপ-ৰাষ্ট্ৰপতিয়ে মুকলি কৰে
"সংঘ নূটাণ্ডিলে অক্ষৰা মুদ্ৰাকাল"
পোষ্ট কৰা হৈছে:
16 OCT 2026 6:57PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি কেৰালামৰ কোঝিকোড়ত নৱৰাত্ৰি সৰগোৎসৱম ২০২৬ উদ্বোধন কৰাৰ লগতে উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ সময়ত ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
সমাৱেশত সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে নৱৰাত্ৰীয়ে সৃষ্টি, শক্তি, প্রজ্ঞা আৰু সহানুভূতিৰ চিৰন্তন উৎস আদি পৰমশক্তিৰ ঐশ্বৰিক নাৰী শক্তিক উদযাপন কৰে। এই উৎসৱে সাহসে ভয়ক অতিক্ৰম কৰাৰ, অন্যায়ৰ ওপৰত ধাৰ্মিকতাই প্ৰাধান্য লাভ কৰাৰ আৰু জ্ঞানে অজ্ঞতা দূৰ কৰাৰ বাৰ্তা দিয়ে বুলি তেওঁ উল্লেখ কৰে ।তেওঁ লগতে কয় যে এই কালজয়ী মূল্যবোৰে সমাজক এক উন্নত ভৱিষ্যতৰ দিশত পথ প্ৰদৰ্শন অব্যাহত ৰাখিছে।
ভাৰতৰ বৈচিত্ৰ্যময় নৱৰাত্ৰি পৰম্পৰাৰ ওপৰত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে ভাষা, পৰম্পৰা আৰু উপাসনাৰ প্ৰকাৰৰ বৈচিত্ৰ স্বত্বেও দেশখন ইয়াৰ উমৈহতীয়া সভ্যতাৰ ঐতিহ্যৰ জৰিয়তে একত্ৰিত হৈ আছে। ই "এক ভাৰত, শ্ৰেষ্ঠ ভাৰত" ৰ মনোভাৱক প্ৰতিফলিত কৰে বুলিও তেওঁ উল্লেখ কৰে ।
প্ৰধানমন্ত্ৰীৰ "বিকাশ ভী, বিৰাসত ভী"ৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে কয় যে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নমূলক আকাংক্ষাসমূহ পৰস্পৰৰ পৰিপূৰক। বট গছৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এজোপা গছে নিজৰ শাখাবোৰ বিস্তাৰ কৰি গভীৰ শিপাৰ পৰা শক্তি আহৰণ কৰাৰ দৰে ভাৰতৰ পৰম্পৰা আৰু প্ৰমূল্যসমূহে স্থিৰতা, পৰিচয় আৰু ধাৰাবাহিকতা প্ৰদান কৰাৰ সমান্তৰালকৈ ৰাষ্ট্ৰই আধুনিকতা আৰু প্ৰগতি গ্ৰহণ কৰে।
উপ-ৰাষ্ট্ৰপতিয়ে এই উৎসৱৰ আয়োজন কৰাৰ বাবে সাপ্তাহিক কেশৰীক অভিনন্দন জনায় আৰু মালয়ালম সাংবাদিকতা, গণতান্ত্ৰিক মূল্যবোধ তথা অভিব্যক্তিৰ স্বাধীনতাৰ ক্ষেত্ৰত সাপ্তাহিক কেশৰীৰ অৱদানক প্ৰশংসা কৰে।
এই উপলক্ষে উপ-ৰাষ্ট্ৰপতিয়ে "সংঘ নুটাণ্ডিলে অক্ষৰা মুদ্ৰাকাল" গ্ৰন্থখন উন্মোচন কৰে। তেওঁ ললিত কলালৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে শ্ৰী পি আৰ ৰাজেন্দ্ৰনক সৰগা কেশৰী বঁটাও প্ৰদান কৰে।
শ্ৰী ৰাধাকৃষ্ণণে আশা প্ৰকাশ কৰে যে নৱৰাত্ৰি সৰগোৎসৱমে যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে শিল্পীসকলক উৎসাহিত কৰাৰ উপৰি উদ্ভাৱনক গ্ৰহণ কৰাৰ সমান্তৰালকৈ ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাক শক্তিশালী কৰিব। দেৱীসকলৰ আশীৰ্বাদৰ বাবে প্ৰাৰ্থনা কৰি তেওঁ সমাজে অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ, বঞ্চিতসকলৰ সৈতে সমৃদ্ধি ভাগ বতৰা কৰিবলৈ আৰু সকলোৰে যত্ন লোৱা এক সহানুভূতিশীল সমাজ গঢ়ি তোলাৰ দিশত জ্ঞান প্ৰয়োগ কৰিবলৈ শক্তি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।
কেৰালাম আৰু তামিলনাডুৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, ৰাজ্যসভাৰ সাংসদ শ্ৰী চি সাধনন্দন মাষ্টাৰ, নৱৰাত্ৰি সৰগোৎসৱম সমিতিৰ সভাপতি শ্ৰীমতী বিধু-বালা, নৱৰাত্ৰি সৰগোৎসৱম সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী এ কে প্ৰশান্ত আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল অনুষ্ঠানত উপস্থিত থাকে।
*****
PR/ASM/VMJ/DD
(ৰিলিজ আই ডি : 2324603)
অতিথি কক্ষ : 15