বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাজহুৱা খণ্ডৰ বেংক, ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে সংৰক্ষণ নীতি সন্দৰ্ভত ডি এফ এছৰ কৰ্মশালাৰ আয়োজন


ৰাজহুৱা খণ্ডৰ বেংক (PSBs), ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী (PSICs), ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠান (PFIs) তথা খণ্ড নিয়ন্ত্ৰক সংস্থাসমূহৰ ১০০ৰো অধিক প্ৰতিনিধি সংৰক্ষণ নীতিৰ উমৈহতীয়া ৰূপায়ণ সন্দৰ্ভত অনুষ্ঠিত আলোচনাত অংশগ্ৰহণ।

পোষ্ট কৰা হৈছে: 16 OCT 2026 5:00PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগে (ডি এফ এছ) ৰাজহুৱা খণ্ডৰ বেংক (পি এছ বি), ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী (পি এছ আ ইচি), খণ্ড নিয়ন্ত্ৰক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠান (পি এফ আই)ত ভাৰত চৰকাৰৰ সংৰক্ষণ নীতি ৰূপায়ণ সন্দৰ্ভত পঞ্চকুলাৰ পঞ্জাৱ নেচনেল বেংক ষ্টাফ প্ৰশিক্ষণ মহাবিদ্যালয় ২০২৬ চনৰ ১৫ আৰু ১৬ অক্টোবৰত দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল।

সংৰক্ষণ নীতিৰ উমৈহতীয়া আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰিবলৈ আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহত কল্যাণমূলক ব্যৱস্থাসমূহৰ প্ৰচাৰ কৰিবলৈ প্ৰতিষ্ঠানিক ক্ষমতা শক্তিশালী কৰাৰ উদ্দেশ্যৰে পঞ্জাৱ নেচনেল বেংকৰ সহযোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল।

 

এই কৰ্মশালাত সকলো ৰাজহুৱা খণ্ডৰ বেংক, ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী আৰু ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই), পেন্সন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষ (পি এফ আৰ ডি এ), আৰু ভাৰতীয় বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষ (আই আৰ ডি এ আই)ৰ প্ৰতিনিধিসহ ডি এফ এছৰ অধীনত বিভিন্ন সংস্থাৰ জ্যেষ্ঠ বিষয়াবৰ্ব আৰু চি এল অ এছ/এল অক ধৰি ১০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল।

 

সংৰক্ষণ সম্পৰ্কীয় বিষয়সমূহৰ বিশেষজ্ঞসকলে কৰ্মশালাখনত বক্তব্য আগবঢ়ায়। কৰ্মশালাখনৰ আলোচনাত সংৰক্ষণ নীতি ৰূপায়ণৰ ব্যৱহাৰিক দিশসমূহ আৰু এই নীতি ৰূপায়ণৰ সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়েও আলোচনা কৰা হয়। কৰ্মশালাখনৰ সামৰণি এক মত-বিনিময়মূলক প্ৰশ্নোত্তৰ অধিৱেশনৰ জৰিয়তে কৰা হয়। এই অধিৱেশনত বিত্তীয় সেৱা খণ্ডৰ সকলো ক্ষেত্ৰতে সংৰক্ষণ নীতিৰ উমৈহতীয়া ৰূপায়ণ নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া কাৰ্যকৰী পদক্ষেপসমূহৰ বিষয়ে অংশগ্ৰহণকাৰীসকলে বিস্তৃতভাৱে আলোচনা কৰে।

 

***

KT/AD/BC


(ৰিলিজ আই ডি : 2324442) অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी