বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ বাণিজ্য ভৱনত ৰাষ্ট্ৰীয় কৌশলগত ব্যৱসায় আদেশ কেন্দ্ৰৰ শুভাৰম্ভ

তথ্য চালিত নিৰীক্ষণ, ব্যৱসায়িক বুদ্ধিমত্তা আৰু প্ৰমাণ আধাৰিত সিদ্ধান্ত গ্ৰহণ শক্তিশালী কৰাই এন এছ টি চি চিৰ লক্ষ্য

এন এছ টি চি চিয়ে সামগ্ৰী-ভিত্তিক আৰু বজাৰ-ভিত্তিক বাণিজ্য বিশ্লেষণ সক্ষম কৰিব, ৰপ্তানিৰ সুযোগ চিনাক্ত কৰিব আৰু ভাৰতৰ বিশ্ব বাণিজ্য স্থিতি শক্তিশালী কৰিব

পোষ্ট কৰা হৈছে: 15 OCT 2026 6:04PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে নতুন দিল্লীৰ বাণিজ্য ভৱনত বাণিজ্য সচিব শ্ৰী ৰাজেশ আগৰৱাল আৰু বৈদেশিক বাণিজ্য সঞ্চালক প্ৰধান শ্ৰী লাভ আগৰৱালৰ উপস্থিতিত ৰাষ্ট্ৰীয় কৌশলগত ব্যৱসায় আদেশ কেন্দ্ৰ  (এন এছ টি চি চি)ৰ শুভাৰম্ভ কৰে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী পীয়ুষ গোয়েলে তথ্য-চালিত, প্ৰমাণ-আধাৰিত ব্যৱসায়িক সিদ্ধান্তসমূহ গ্ৰহণ কৰাৰ বাবে এন এছ টি চি চিক প্ৰশংসা কৰে। বিশেষকৈ SCOMET (বিশেষ ৰাসায়নিক পদাৰ্থ, জীৱ-জন্তু, সামগ্ৰী, সঁজুলি আৰু প্ৰযুক্তি) ডেশ্বব’ৰ্ড ( Dashboard) ৰ পৰ্যালোচনা কৰাৰ সময়ত তেওঁ বাকী থকা আবেদনসমূহ কাম-কাজ সম্পূৰ্ণ কৰাৰ লগতে সকলো আবেদনৰ কামসমূহ দ্ৰুতগতিত সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ প্ৰয়োজন হ’লে, আন্তঃ-মন্ত্ৰী সমিতিৰ নিয়মীয়া সাপ্তাহিক বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাণিজ্য বিভাগৰ দ্বাৰা বিকশিত, এন এছ টি চি চি হৈছে এক কৌশলগত পদক্ষেপ যাৰ লক্ষ্য হৈছে সংহত তথ্য বিশ্লেষণ আৰু প্ৰমাণ-আধাৰিত সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিৱেশ তন্ত্ৰৰ নিৰীক্ষণ, বিশ্লেষণ আৰু প্ৰশাসন শক্তিশালী কৰা।

জ্যেষ্ঠ নীতি নিৰ্ধাৰক আৰু চৰকাৰী বিষয়াসকলক ভাৰতৰ ব্যৱসায়িক প্ৰদৰ্শন, ৰপ্তানি প্ৰচাৰ আঁচনি, নীতি নিৰ্দেশনামূলক অনুমোদন, এপ্লিকেচন প্ৰক্ৰিয়াকৰণ আৰু কাৰ্য্কৰী সূচকসমূহৰ এক একত্ৰিত দৃষ্টিভংগী প্ৰদান কৰিবলৈ এই আদেশ চেণ্টাৰৰ নিৰ্মাণ কৰা হৈছে। একাধিক বাণিজ্য-সম্পৰ্কীয় ব্যৱস্থাৰ পৰা তথ্য একত্ৰিত কৰি এন এছ টি চি চিয়ে শেহতীয়া প্ৰৱণতা, কাৰ্যকৰী বাধা আৰু নীতি বা প্ৰশাসনিক হস্তক্ষেপৰ প্ৰয়োজন হোৱা ক্ষেত্ৰসমূহৰ সময়মতে চিনাক্তকৰণৰ সুবিধা প্ৰদান কৰিব বিচাৰে।

এন এছ টি চি চিৰ মূলতে হৈছে ব্যৱসায় বাণিজ্য-সম্পৰ্কীয় তথ্যক কাৰ্যকৰী ৰূপ প্ৰদান কৰাৰ বাবে বিকশিত এক সংহত বিশ্লেষণ আৰু দৃশ্যায়ন মঞ্চ। এন এছ টি চি চিয়ে মূল বাণিজ্য সূচক, আঁচনিৰ প্ৰদৰ্শন, আবেদনৰ লেহেমীয়া কাম-কাজ, প্ৰক্ৰিয়াকৰণ সময়সীমা, আঞ্চলিক প্ৰৱণতা আৰু অনুপালন-সম্পৰ্কীয় মাপকাঠীসমূহক সামৰি লোৱা ইন্টাৰেক্টিভ ডেশ্বব’ৰ্ড প্ৰদান কৰে।

এই মঞ্চই ব্যৱহাৰকাৰীসকলক ভূমিকা-আধাৰিত সুবিধাৰ অনুমতি সাপেক্ষে ৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শন, আঞ্চলিক কৰ্তৃপক্ষ, আঁচনি, সামগ্ৰী, গন্তব্য বজাৰ আৰু ব্যক্তিগত আবেদনকে ধৰি একাধিক স্তৰত তথ্য বিশ্লেষণ কৰিবলৈ সক্ষম কৰে,

ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ত, আদেশ চেণ্টাৰে মূল ডিজিএফটি কাম-কাজ আৰু বাণিজ্য-সম্পৰ্কীয় বিষয়সমূহক সামৰি লোৱা ডেশ্বব’ৰ্ডসমূহক একত্ৰিত কৰে, যাৰ ভিতৰত আছে আমদানিকাৰী ৰপ্তানিকাৰী কোড (আই ই চি), অগ্ৰিম অনুমতি, ৰপ্তানি প্ৰচাৰ মূলধন সামগ্ৰী (ই পি সি জি), উৎপত্তিৰ প্ৰমাণপত্ৰ (ক অ অ), স্ক’মেট, সীমাবদ্ধ আমদানি আৰু ৰপ্তানি আৰু অন্যান্য নিয়ন্ত্ৰক আৰু বাণিজ্য সুবিধা প্ৰক্ৰিয়া। এই ডেশ্বব "ৰ্ডসমূহে সমগ্ৰ আঞ্চলিক কৰ্তৃপক্ষসমূহত আঁচনিৰ ব্যৱহাৰ, প্ৰক্ৰিয়াকৰণ দক্ষতা, ৰপ্তানি দায়বদ্ধতা, বাণিজ্যৰ ধৰণ আৰু কাৰ্য্যকৰী প্ৰদৰ্শন নিৰীক্ষণ কৰিবলৈ সক্ষম কৰিব।

এন এছ টি চি চিক বাণিজ্য প্ৰশাসনৰ তিনিটা মূল বশিষ্টক সমৰ্থন কৰিবলৈ প্ৰস্তুত কৰা হৈছেঃ

• সংহত নিৰীক্ষণঃ ব্যৱসায়িক প্ৰৱণতা, আবেদন প্ৰক্ৰিয়াকৰণ, কাম বাকী থকা আৰু দেখা দিয়া বিপদাশংকাৰ ক্ষেত্ৰত সময়মতে চিনাক্তকৰণ আৰু কাৰ্যকৰী সমস্যাৰ সমাধান সক্ষম কৰা।

• প্ৰদৰ্শনৰ মূল্যায়নঃ উন্নয়নৰ বাবে ব্যৱধান আৰু সুযোগ চিনাক্ত কৰিবলৈ নিৰ্ধাৰিত প্ৰদৰ্শন সূচকৰ বিপৰীতে আঁচনি, প্ৰক্ৰিয়া আৰু আঞ্চলিক কৰ্তৃপক্ষৰ নিৰীক্ষণ আৰু মানদণ্ডৰ সুবিধা প্ৰদান কৰা।

• প্ৰমাণ-আধাৰিত নীতিৰ তথ্য যোগানঃ নীতি সৰলীকৰণ, প্ৰক্ৰিয়াৰ উন্নীতকৰণ আৰু নিৰ্ধাৰিত বাণিজ্য সুবিধা ব্যৱস্থাসমূহক সমৰ্থন কৰিবলৈ পুনৰাবৃত্তি হোৱা বাধা, পদ্ধতিগত জটিলতা আৰু শেহতীয়া বাণিজ্য আৰ্হি চিনাক্ত কৰা।

এই উদ্যোগটোৱে সামগ্ৰী অনুসৰি আৰু বজাৰ অনুসৰি বিশ্লেষণ, বাণিজ্য চুক্তিৰ ব্যৱহাৰৰ মূল্যায়ন, ৰপ্তানিৰ সুযোগ চিনাক্তকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ বাণিজ্যিক স্থিতি নিৰীক্ষণ কৰি ভাৰতৰ বাণিজ্যিক বুদ্ধিমত্তাৰ ক্ষমতাক শক্তিশালী কৰাৰ চেষ্টা কৰিছে।

অন্যান্য বিভাগ আৰু বাণিজ্য-সম্পৰ্কীয় সংস্থাৰ পৰা অতিৰিক্ত ডাটাছেটৰ প্ৰগতিশীল একত্ৰীকৰণৰ বাবে এক পৰিকাঠামো প্ৰদান কৰাৰ সময়ত এন এছ টি চি চি-ক ডি জি এফ টি প্ৰণালী আৰু ব্যৱসায়িক যোগাযোগৰ ই-প্লেটফৰ্মকে ধৰি বৰ্তমানৰ ডিজিটেল আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ কৰিবলৈ গঠন কৰা হৈছিল।

আগলৈ গৈ প্ৰাসংগিক মন্ত্ৰালয়, ৰাজ্য, ৰপ্তানি উদগনি পৰিষদ আৰু অন্যান্য প্ৰতিষ্ঠানকে ধৰি অনুমোদিত অংশীদাৰসকলৰ বাবে প্ৰদান কৰা পৰ্যায়সমূহৰ সৈতে আদেশ কেন্দ্ৰটো এক বিস্তৃত সম্পূৰ্ণ চৰকাৰী সিদ্ধান্ত-সমৰ্থন প্ৰণালীলৈ বিকশিত কৰাৰ পৰিকল্পনা কৰা হৈছে। অতিৰিক্ত তথ্য একত্ৰীকৰণ, স্বয়ংক্ৰিয় সতৰ্কবাণী আৰু উন্নত বিশ্লেষণৰ জৰিয়তে ইয়াৰ বিশ্লেষণাত্মক ক্ষমতাসমূহ ক্ৰমান্বয়ে শক্তিশালী কৰা হ’ব।

এন এছ টি চি চিৰ শুভাৰম্ভনে সক্ৰিয় স্বচ্ছ আৰু প্ৰতিক্ৰিয়াশীল বাণিজ্য প্ৰশাসনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰে, যাৰ ফলত বাণিজ্য বিভাগ আৰু ডি. জি. এফ. টি.-য়ে নিয়মীয়া প্ৰতিবেদনৰ পৰা নিৰন্তৰ নিৰীক্ষণ, সমন্বিত হস্তক্ষেপ আৰু প্ৰমাণ-আধাৰিত নীতি প্ৰস্তুত কৰাৰ দিশত আগবাঢ়িব পাৰে।

এই পদক্ষেপে বাণিজ্য সুবিধা শক্তিশালী কৰা, প্ৰশাসনিক দক্ষতা উন্নত কৰা আৰু বিশ্ব বাণিজ্যত ভাৰতৰ প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধি কৰাৰ বাবে ডিজিটেল প্ৰযুক্তি আৰু তথ্য-চালিত প্ৰশাসনৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিক অধিক শক্তিশালী কৰিব।

 

***

Abhishek Dayal/C N Abhijith Narayanan/Abhimanyu Panwar/Bhaswati Chakravorty


(ৰিলিজ আই ডি : 2324430) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Gujarati , Malayalam