গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূবত পিয়াজৰ উপলভ্যতা শক্তিশালী কৰিবলৈ আগৰতলাত উপস্থিত হ’ব প্ৰথমখন কাণ্ডা এক্সপ্ৰেছ

দুখন কাণ্ডা এক্সপ্ৰেছ ৰেল আৰু ৪৪ খন সামগ্ৰীভৰ্তি ট্ৰাকেৰে ২৮০০ মেট্ৰিক টনতকৈও অধিক চৰকাৰী মজুতৰ পিয়াঁজ উত্তৰ-পূবলৈ প্ৰেৰণ

প্ৰায় ৪৪০ মেট্ৰিক টন চৰকাৰী মজুতৰ সামগ্ৰী ২০২৬ চনৰ ১৮ অক্টোবৰৰ পূৰ্বে আগৰতলাত উপস্থিত হোৱাৰ সম্ভাৱনা

পোষ্ট কৰা হৈছে: 16 OCT 2026 1:23PM by PIB Guwahati

পিয়াজৰ উপলভ্যতা শক্তিশালী কৰা আৰু উৎসৱৰ বতৰৰ পূৰ্বে সুলভ মূল্য নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উপভোক্তা পৰিক্ৰমা বিভাগে ত্ৰিপুৰাৰ আগৰতলালৈ প্ৰথমবাৰৰ বাবে কান্দা এক্সপ্ৰেছৰ জৰিয়তে মূল্য স্থিৰকৰণ পুঁজি (পিএছএফ) ৰ অধীনত চৰকাৰী মজুতৰ পিয়াজ বিতৰণ সম্প্ৰসাৰিত কৰিছে। প্ৰায় ৪৪০ মেট্ৰিক টন পিয়াজ সহ এই সামগ্ৰীসমূহ ২০২৬ চনৰ ১৮ অক্টোবৰৰ ভিতৰত  আগৰতলাত উপস্থিত হ'ব বুলি আশা কৰা হৈছে।

কান্দা এক্সপ্ৰেছৰ জৰিয়তে অসমলৈ চৰকাৰী মজুতৰ  পিয়াঁজৰ সফল সৰবৰাহৰ এই পদক্ষেপে উত্তৰ-পূবত চৰকাৰৰ পিয়াঁজ বিতৰণ নেটৱৰ্কৰ অধিক সম্প্ৰসাৰণ প্ৰতিফলিত কৰিছে। আগৰতলালৈ প্ৰেৰণ কৰাটোৱে যোগানৰ পৰিসৰ সম্প্ৰসাৰণ, প্ৰান্তীয় অঞ্চলসমূহত সামগ্ৰীৰ উপলভ্যতা উন্নত কৰা আৰু দেশৰ সকলো অঞ্চলৰ ব্যৱহাৰ কেন্দ্ৰত সময়মতে সুলভ পিয়াঁজৰ উপলব্ধতা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰে।

সমগ্ৰ ত্ৰিপুৰাত পিয়াজ বিতৰণ শক্তিশালী কৰিব কান্দা এক্সপ্ৰেছে

এই পদক্ষেপে ত্ৰিপুৰাৰ আঠখন জিলাৰ ভিতৰত সাতখন জিলাঃ ধলাই, দক্ষিণ ত্ৰিপুৰা, খোৱাই, উনাকোটি, পশ্চিম ত্ৰিপুৰা, গোমতী আৰু ছেপাহিজালাত বজাৰৰ পৰিসৰ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

এতিয়ালৈকে, ক্ৰমে ৮৪০ মেট্ৰিক টন আৰু ৪৫২ মেট্ৰিক টন পিয়াঁজ কঢ়িয়াই নিয়া দুখন কান্দা এক্সপ্ৰেছ ৰেল  আৰু মুঠ ৪৪ খন ট্ৰাকৰ সামগ্ৰীয়ে সমগ্ৰ উত্তৰ-পূবত চৰকাৰী মজুতৰ   পিয়াঁজ যোগান ধৰিছে।

 এই বিতৰণে অসম, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ কামৰূপ, গুৱাহাটী, গোমতী, ডিমাপুৰ, ছেপাহিজালা, কোহিমা, নিউলেণ্ড আৰু চুমৌকেদিমা আদি গুৰুত্বপূৰ্ণ স্থানক সামৰি লৈছে। ৰেল-আধাৰিত আৰু পথ-আধাৰিত বিতৰণৰ সম্প্ৰসাৰণৰ লক্ষ্য হৈছে বাফাৰ ষ্টকৰ প্ৰৱেশাধিকাৰ উন্নত কৰা আৰু সমগ্ৰ অঞ্চলটোৰ মূল ব্যৱহাৰ কেন্দ্ৰসমূহত বজাৰ যোগান পৰিপূৰ্ণ কৰা।

নতুন খাৰিফ শস্যৰ আগমনৰ ফলত বজাৰৰ উপলভ্যতা উন্নত; মণ্ডীৰ মূল্য হ্ৰাস পাইছে

নতুন খাৰিফ শস্যৰ আগমনৰ গতি বৃদ্ধি হোৱাৰ লগে লগে, প্ৰধান বজাৰসমূহত পিয়াজৰ মাণ্ডিৰ মূল্য হ্ৰাস পাইছে। সৰ্বভাৰতীয় গড় মাণ্ডিৰ মূল্য ছেপ্টেম্বৰত প্ৰতি কুইণ্টলত প্ৰায় ৩,৬০০ৰ সৰ্বোচ্চ পৰিমাণৰ পৰা অক্টোবৰত প্ৰতি কুইণ্টলত প্ৰায় ৩,৩০০লৈ হ্ৰাস হৈছে। পিয়াঁজ চৰকাৰী মজুতৰ    পৰা কম কম পৰিমাণত বিক্ৰী কৰাৰ জৰিয়তে বজাৰৰ যোগান পৰিপূৰক হোৱাৰ উপৰি উপলভ্যতা উন্নত কৰে আৰু খুচুৰা মূল্য হ্ৰাস কৰাত সহায় কৰে। গ্ৰাহক পৰিক্ৰমা বিভাগে সুলভ মূল্যত পিয়াঁজৰ গ্ৰাহকৰ প্ৰৱেশাধিকাৰক সমৰ্থন কৰিবলৈ বৰ্তমানৰ বজাৰ পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপসমূহ অব্যাহত ৰাখিছে।

২১১ খন চহৰত খুচুৰা পিয়াজৰ মূল্য হ্ৰাস; আঞ্চলিক মূল্যৰ পাৰ্থক্য সংকুচিত

যোৱা দুসপ্তাহত ২১১ খন চহৰত পিয়াজৰ খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ১ ৰ পৰা ১৩  টকা হ্ৰাস পাইছে। অন্ধ্ৰ প্ৰদেশ, অসম, চণ্ডীগড়, ছত্তীশগড়, দাদৰা আৰু নগৰ হাভেলী,  দমন আৰু দিউ, গোৱা, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, উৰিষ্যা, পঞ্জাৱ, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগকে ধৰি প্ৰধান উপভোক্তা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এই নিয়ন্ত্ৰণ লক্ষ্য কৰা হৈছে।

অসমত শেহতীয়া সপ্তাহবোৰত খুচুৰা পিয়াঁজৰ মূল্যও হ্ৰাস পাইছে, ৰাজ্যখনৰ প্ৰায় ১২টা কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত ১টকাৰ পৰা ৮ টকালৈকে হ্ৰাস পাইছে।

অসমৰ গড় খুচুৰা পিয়াঁজৰ মূল্য আৰু সৰ্বভাৰতীয় গড়ৰ মাজৰ বৈষম্য যোৱা দুবছৰত যথেষ্ট হ্ৰাস পাইছে। দুবছৰ পূৰ্বে অসমত গড় খুচুৰা মূল্য আছিল প্ৰতি কিলোগ্ৰামত ₹৬১.৯৬ টকা, য’ত সৰ্বভাৰতীয় গড় আছিল প্ৰতি কিলোগ্ৰামত ₹৫৪.১৩ টকা, যি প্ৰতি কিলোগ্ৰামত ₹7.83 টকাৰ পাৰ্থক্য প্ৰতিনিধিত্ব কৰে। বৰ্তমান, অসমৰ গড় খুচুৰা মূল্য হৈছে প্ৰতি কিলোগ্ৰামত ₹৫৪.৩০, আনহাতে সৰ্বভাৰতীয় গড় হৈছে প্ৰতি কিলোগ্ৰামত ₹৫৩.0৭, যাৰ ফলত এই পাৰ্থক্য ₹১.২৩ প্ৰতি কিলোগ্ৰামলৈ হ্ৰাস পাইছে।

এই একত্ৰীকৰণে আঞ্চলিক মূল্যৰ পাৰ্থক্য যথেষ্ট হ্ৰাস হোৱাৰ ইংগিত দিয়ে, য’ত অসমত খুচুৰা পিয়াজৰ মূল্য এতিয়া ৰাষ্ট্ৰীয় গড়ৰ সৈতে ব্যাপকভাৱে সংলগ্ন হৈ আছে।

বজাৰৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি পিয়াজ  চৰকাৰী মজুতৰ নিষ্পত্তি অব্যাহত থাকিব

চৰকাৰে সমগ্ৰ দেশতে পিয়াজৰ মূল্য, বজাৰৰ পৰিস্থিতি আৰু যোগানৰ অৱস্থা নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। মূল্য স্থিৰকৰণ পুঁজি (পিএছএফ) চৰকাৰী মজুতৰ  পৰা পিয়াঁজৰ নিষ্পত্তি বৰ্তমানৰ বজাৰৰ পৰিস্থিতি, মূল্যৰ প্ৰৱণতা আৰু উপলভ্যতাৰ প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত হয়। বজাৰত পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ আৰু অপ্ৰয়োজনীয় মূল্যৰ অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰিবলৈ অনুমোদিত কাৰ্য্যকৰী সিদ্ধান্ত অনুসৰি প্ৰয়োজন অনুসৰি অধিক মুকলি কৰা হ 'ব।

 

 

***

Rahul Tidke/Sunidhi B/DD


(ৰিলিজ আই ডি : 2324347) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Bengali-TR , Gujarati , Tamil