ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

বিজয়ৱাড়াত ৰাষ্ট্ৰীয় সৰস মেলাত অংশগ্ৰহণ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

প্ৰতিখন গাঁও আৰু প্ৰতিটো পৰিয়াললৈ উন্নয়নৰ সুফল সম্প্ৰসাৰণত আত্মসহায়ক গোট আৰু সৰস মেলাই অগ্ৰণী ভূমিকা পালন কৰিব পাৰেঃ ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 15 OCT 2026 3:15PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত আয়োজিত ৰাষ্ট্ৰীয় সৰস মেলাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয় আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ উদ্যোগত এই মেলাৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে সৰস মেলাৰ বিপণীসমূহ পৰিদৰ্শন কৰাৰ লগতে ‘লাখপতি দিদি’সকলৰ সৈতে মত বিনিময় কৰে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে কৃষিক্ষেত্ৰত গ্ৰামাঞ্চলৰ মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আত্মসহায়ক গোটৰ জৰিয়তে তেওঁলোকে আৰ্থিক, কাৰিকৰী আৰু সামাজিকভাৱে স্বাৱলম্বী হোৱাৰ এক নতুন পথ বিচাৰি পাইছে।

মহিলাসকলৰ উদ্যোগশীলতা উৎসাহজনকভাৱে বৃদ্ধি পোৱাৰ লগতে গ্ৰামাঞ্চলৰ মহিলাসকলৰ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতো অংশগ্ৰহণ বৃদ্ধি পোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ সমতাপূৰ্ণ আৰু সৰ্বাংগীণ উন্নয়নৰ বাবে এয়া অতি প্ৰয়োজনীয়।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে মহিলাসকলৰ আত্মসহায়ক গোটসমূহে গ্ৰামীণ অৰ্থনীতিৰ বিকাশত ফলপ্ৰসূ অৱদান আগবঢ়াই আহিছে। যোৱা ১২ বছৰত এই গোটসমূহৰ সৈতে জড়িত মহিলাৰ সংখ্যা ১০ কোটিতকৈও অধিক হৈছে। এই মহিলাসকল ৯০ লাখতকৈও অধিক আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে।

তেওঁ কয় যে এই মহিলাসকলে নিজৰ পৰিয়ালৰ আৰ্থিক কল্যাণত অৰ্থপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁলোকৰ এই অংশগ্ৰহণে মহিলাকেন্দ্ৰিক আৰু সৰ্বাংগীণ গ্ৰামীণ উন্নয়নক আগুৱাই নিয়াৰ লগতে সামূহিক উদ্যোগ গঢ়ি তোলাৰ বাবে ব্যাপক সুযোগ সৃষ্টি কৰিছে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে আত্মসহায়ক গোটসমূহে সামূহিক কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে এই গোটসমূহে গ্ৰাম্য জীৱনৰ সৰ্বাংগীণ পৰিৱৰ্তন আৰু দেশৰ সৰ্বাংগীণ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

 

দ্ৰৌপদী মুৰ্মুৱে কয় যে ভাৰত চৰকাৰে ‘লাখপতি দিদি’ পদক্ষেপৰ জৰিয়তে গ্ৰামাঞ্চলৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত এক সুকীয়া গতি আৰু দিশ প্ৰদান কৰিছে। ডিজিটেল সেৱা আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি বিভিন্ন আধুনিক ক্ষেত্ৰত মহিলাসকলৰ বৰ্ধিত অংশগ্ৰহণে তেওঁলোকৰ দক্ষতা বিকাশৰ বাবে নতুন নতুন পথ মুকলি কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমান গ্ৰামাঞ্চলৰ মহিলাসকল কেৱল চৰকাৰী আঁচনিৰ হিতাধিকাৰী হৈ থকা নাই। তেওঁলোক এতিয়া সম্পদ সৃষ্টিকাৰী হিচাপে পৰিগণিত হৈছে আৰু উন্নয়নৰ চালিকাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

তথাপি, মহিলাসকলৰ সবলীকৰণৰ এই যাত্ৰাত এতিয়াও বহু দূৰ আগবাঢ়িবলৈ বাকী আছে বুলি তেওঁ উল্লেখ কৰে। গ্ৰামাঞ্চলৰ মহিলাসকলে নিজৰ উপাৰ্জন আৰু সম্পত্তিৰ ওপৰত কিমানখিনি নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰিছে, সেয়া তেওঁলোকৰ সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ মাপকাঠি হোৱা উচিত।

একেদৰে, ঘৰুৱা যতন আৰু পৰিচৰ্যাৰ দায়িত্ব পালনৰ ক্ষেত্ৰত মহিলাসকলক সহায় কৰিবলৈ সামূহিক সহযোগিতাভিত্তিক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজন আছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সহ্য কৰিব পৰা উদ্যোগসমূহতো গ্ৰামাঞ্চলৰ মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিব লাগিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে।

দ্ৰৌপদী মুৰ্মুৱে কয় যে সৰস মেলাসমূহ ক্ৰমান্বয়ে গ্ৰামীণ অৰ্থনীতি শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে বিকশিত হৈছে। এই মেলাসমূহে সমৃদ্ধিশালী গ্ৰামীণ বজাৰৰ ৰূপ লাভ কৰিছে। ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ মহিলা উদ্যোগীসকলৰ সৈতে দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ প্ৰত্যক্ষ সংযোগ অধিক শক্তিশালী হৈছে।

 

তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্য পূৰণ কৰিবলৈ প্ৰতিখন গাঁও আৰু প্ৰতিটো পৰিয়াললৈ উন্নয়নৰ সুফল সম্প্ৰসাৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই লক্ষ্য বাস্তৱায়িত কৰাত আত্মসহায়ক গোট আৰু সৰস মেলাসমূহে অগ্ৰণী ভূমিকা পালন কৰিব পাৰে।

 

উল্লেখ্য যে ৰাষ্ট্ৰীয় সৰস মেলাৰ এইবাৰৰ সংস্কৰণত ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ১,৫০০গৰাকী মহিলা আত্মসহায়ক গোটৰ উদ্যোগী আৰু ‘লাখপতি দিদি’য়ে অংশগ্ৰহণ কৰিছে। তেওঁলোকে ৬৫০খনতকৈও অধিক বিপণীৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰিছে।

এই মেলা ২০২৬ চনৰ ৩১ অক্টোবৰলৈকে ৰাইজৰ বাবে মুকলি থাকিব।

Please click here to see the President's Speech-

 

 

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2324205) অতিথি কক্ষ : 11