প্ৰতিৰক্ষা মন্ত্ৰালয়
জিছেট-চেভেন চি যোগাযোগ উপগ্ৰহ আৰু গধুৰ ওজনৰ বৰুণাস্ত্ৰ টৰ্পিডোৰ বাবে ৪,১০৬ কোটি টকাৰ চুক্তি স্বাক্ষৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ
পোষ্ট কৰা হৈছে:
15 OCT 2026 3:22PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ুসেনাৰ বাবে এক নিৰ্দিষ্ট যোগাযোগ উপগ্ৰহৰ সুবিধা, ভাৰতীয় বায়ুসেনাৰ বাবে জিছেট-চেভেন চি আৰু ভাৰতীয় নৌসেনাৰ বাবে গধুৰ ওজনৰ টৰ্পিডো বৰুণাস্ত্ৰ অধিগ্ৰহণৰ বাবে মুঠ প্ৰায় ৪,১০৬ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে।

বেংগালুৰুৰ নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ সৈতে ২৫৬৩ কোটি টকাৰ জিছেট-চেভেন চি চুক্তি স্বাক্ষৰিত হৈছে। এই থলুৱাভাৱে প্ৰস্তুত, বিকশিত আৰু নিৰ্মিত উপগ্ৰহটোৱে ভাৰতীয় বায়ুসেনাৰ সামৰ্থ্যৰ বাবে সুৰক্ষিত, স্থিতিস্থাপক আৰু নিৰৱচ্ছিন্ন যোগাযোগ ক্ষমতা বৃদ্ধি কৰাৰ জৰিয়তে কাৰ্য্যকৰী ফলপ্ৰসূতা শক্তিশালী কৰিব।

বৰুণাস্ত্ৰৰ বাবে হায়দৰাবাদৰ ভাৰত ডাইনেমিক্স লিমিটেডৰ সৈতে ১৫৪৩ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হয়। বৰুণাস্ত্ৰ হৈছে নৌ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰীক্ষাগাৰৰ দ্বাৰা নিৰ্মিত থলুৱা জাহাজৰ পৰা উৎক্ষেপণযোগ্য এণ্টি ছাবমেৰিন টৰ্পিডো।দীৰ্ঘ দূৰত্বত শত্ৰুৰ ছাবমেৰিনক স্পৰ্শ কৰাৰ সক্ষমতাৰ জৰিয়তে উন্নত কৌশলগত সঞ্চালনা ক্ষমতাৰে সজ্জিত বৰুণাস্ত্ৰই ভাৰতীয় নৌসেনাৰ ছাবমেৰিন প্ৰতিৰোধী যুদ্ধ ক্ষমতা বৃদ্ধি কৰিব।
২০২৬ চনৰ ১৫ অক্টোবৰত নতুন দিল্লীত প্ৰতিৰক্ষা বিভাগৰ অতিৰিক্ত সচিব আৰু সঞ্চালক প্ৰধান (অধিগ্ৰহণ) শ্ৰীযুত এ আনবাৰাছুৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। দুয়োখন চুক্তিয়েই চৰকাৰৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক-ইন-ইণ্ডিয়া’ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি জটিল প্ৰযুক্তিসমূহত আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰাৰ লগতে ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন ক্ষমতাৰ বিকাশৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰতিফলিত হৈছে।
***
SR/Savvy/DD
(ৰিলিজ আই ডি : 2323882)
অতিথি কক্ষ : 11