প্ৰতিৰক্ষা মন্ত্ৰালয়
অপাৰেশ্যন সিন্দূৰ , বালাকোট এয়াৰষ্ট্ৰাইক আৰু চাৰ্জিকেল ষ্ট্ৰাইকে কূটনৈতিক গৰিহণাৰ পৰা উৎসতে সন্ত্ৰাসবাদ নিৰ্মূলৰ হকে ভাৰতে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰালৈ ঘটা পৰিৱৰ্তনকে প্ৰতিফলিত কৰে: প্ৰতিৰক্ষা মন্ত্ৰী
“পাকিস্তানৰ পৰা উৎপত্তি হোৱা যিকোনো সন্ত্ৰাসবাদী কাৰ্য্যৰ আৰু অধিক কঠোৰ প্ৰত্যুত্তৰ দিয়া হ’ব ”
“ভাৰতে শান্তিৰ পোষকতা কৰে, কিন্তু ইয়াক দুৰ্বলতা বুলি ভুল কৰা উচিত নহয়; সাৰ্বভৌমত্ব, অখণ্ডতা আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আমি সম্পূৰ্ণৰূপে সাজু”
“উচ্চশিক্ষিত লোকৰ সন্ত্ৰাসবাদ আৰু অকলশৰীয়া পৰিকল্পনাৰে কোনো সন্ত্ৰাসবাদী মনোবৃত্তিৰ লোকৰ আক্ৰমণৰ দৰে শেহতীয়া ভাবুকিৰ বিষয়ে সতৰ্ক কৰি এই দিশত অধিক সজাগতাৰ আহ্বান প্ৰতিৰক্ষামন্ত্ৰীৰ
“উচ্চশিক্ষিত লোকৰ সন্ত্ৰাসবাদ আৰু অকলশৰীয়া পৰিকল্পনাৰে কোনো সন্ত্ৰাসবাদী মনোবৃত্তিৰ লোকৰ আক্ৰমণৰ দৰে শেহতীয়া ভাবুকি প্ৰতিহত কৰাৰ মূল চাবিকাঠি হৈছে নাগৰিকসকলৰ সজাগতা আৰু দায়িত্বশীল পদক্ষেপ”- প্ৰতিৰক্ষামন্ত্ৰীৰ মত প্ৰকাশ
উন্নত অস্ত্ৰ-শস্ত্ৰ, এআই আৰু সুলভ প্ৰতিৰক্ষা প্ৰযুক্তিৰ সংমিশ্ৰণেৰে ‘স্মাৰ্ট পাৱাৰ’ দৃষ্টিভংগী গ্ৰহনৰ আহ্বান শ্ৰী ৰাজনাথ সিঙৰ
পোষ্ট কৰা হৈছে:
15 OCT 2026 1:08PM by PIB Guwahati
২০২৬ চনৰ ১৫ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত প্ৰতিৰক্ষা সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কয় , “অপাৰেচন সিন্দূৰ, বালাকোট এয়াৰষ্ট্ৰাইক আৰু ছাৰ্জিকেল ষ্ট্ৰাইক কেৱল সামৰিক অভিযান নাছিল, ই কূটনৈতিক গৰিহণাৰ পৰা সন্ত্ৰাসবাদক ইয়াৰ উৎসতে নিৰ্মূলৰ হকে ভাৰতে গ্ৰহণ কৰা সক্ৰিয় পদক্ষেপ প্ৰতিফলিত কৰা জাতিটোৰ দৃষ্টিভংগীৰ নিৰ্ণায়ক পৰিৱৰ্তনৰ প্ৰতীক আছিল।” সীমাৰ সীপাৰৰ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি পুনৰবাৰ উল্লেখ কৰি তেওঁ দৃঢ়তাৰে কয় যে পাকিস্তানৰ পৰা উদ্ভৱ হোৱা যিকোনো সন্ত্ৰাসবাদী কাৰ্য্যৰ অধিক কঠোৰ প্ৰত্যুত্তৰ দিয়া হ’ব। ভাৰতৰ সাংস্কৃতিক চেতনা আলোচনা, সহাৱস্থান আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ পক্ষপাতী হ’লেও শান্তিৰ প্ৰতি ইয়াৰ দায়বদ্ধতাক দুৰ্বলতা বুলি ভুল কৰা উচিত নহয় বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে ২০১৪ চনৰ পৰা বেছিভাগ সন্ত্ৰাসবাদীৰ ‘সন্ত্ৰাসবাদী জীৱন’ এবছৰতকৈও কমলৈ হ্ৰাস পাইছে। ভাৰতৰ বিৰুদ্ধে অস্ত্ৰ লোৱাৰ এবছৰৰ ভিতৰতে নিৰাপত্তা বাহিনীয়ে তেওঁলোকক নিষ্ক্ৰিয় কৰি পেলাইছে বুলি তেওঁ উল্লেখ কৰে ।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে শান্তি বজাই ৰখাৰ বাবে শক্তি আৰু সামৰ্থ্য অপৰিহাৰ্য বুলি অভিহিত কৰি কয় যে ভাৰতে শান্তিৰ পোষকতা কৰে, কিন্তু জাতিটোক ৰক্ষা কৰিবলৈ কেতিয়াবা প্ৰয়োজনীয় হৈ পৰা যুদ্ধৰ বাবেও সাজু হৈ থাকে। “শান্তিৰ প্ৰতি আমাৰ দায়বদ্ধতা অটুত আছে, তথাপি আমি যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সম্পূৰ্ণৰূপে সাজু। শান্তিৰ পোষকতা কৰিও নিৰাপত্তাৰ ক্ষেত্ৰত সজাগ আৰু নিজৰ সাৰ্বভৌমত্ব, অখণ্ডতা তথা জাতীয় স্বাৰ্থ ৰক্ষা কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম এখন ভাৰত গঢ়ি তোলাই হৈছে আমাৰ লক্ষ্য।,” তেওঁ এইদৰে কয়।
নিৰাপত্তাৰ বিকাশশীল পৰিৱেশ সন্দৰ্ভত শ্ৰী ৰাজনাথ সিঙে হাইব্ৰিড, হাই-টেক আৰু হাইপাৰ যুদ্ধৰ যুগত উচ্চ সতৰ্কতা আৰু প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। ডিজিটেল যুগত নিৰাপত্তাজনিত ভাবুকিৰ ক্ৰমবৰ্ধমান জটিলতাৰ ওপৰত আলোকপাত কৰি তেওঁ অসত্য, অস্থিৰতা, বিঘিনি, প্ৰতাৰণা আৰু ধ্বংসক ‘৫ডি নিৰাপত্তাৰ ভাবুকি’ আখ্যা দিয়ে । সন্ত্ৰাসবাদ সংগঠিত গোটৰ বাহিৰতো বিকশিত হৈছে বুলি উল্লেখ কৰি তেওঁ আঙুলিয়াই দিয়ে যে এই ক্ষেত্ৰৰ শেহতীয় ভাবুকিসমূহৰ ভিতৰত আছে অকলশৰীয়া পৰিকল্পনাৰে কোনো সন্ত্ৰাসবাদী মনোবৃত্তিৰ লোকৰ আক্ৰমণ আৰু উচ্চশিক্ষিত লোকৰ সন্ত্ৰাসবাদ, যিয়ে নিৰাপত্তা সংস্থাসমূহৰ বাবে উগ্ৰপন্থীক চিনাক্ত কৰা আৰু সম্ভাৱ্য আক্ৰমণ ৰোধ কৰাটো ক্ৰমান্বয়ে কঠিন কৰি তুলিছে।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে শেহতীয়াকৈ সংঘটিত সহ-পাইলটৰ দ্বাৰা যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত কৰাৰ অপচেষ্টা আৰু বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰিবলৈ নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰা কেপ্তেইন স্মিট মাছাৰৰ কথা উল্লেখ কৰে । "এই কাণ্ডই অকলশৰীয়া পৰিকল্পনাৰে কোনো সন্ত্ৰাসবাদী মনোবৃত্তিৰ লোকে সৃষ্টি কৰা ভাবুকিৰ দিশটো উন্মোচন কৰাৰ লগতে এগৰাকী ব্যক্তিৰ সাহস তথা দায়বদ্ধতাই ঘৃণাৰ দ্বাৰা পৰিচালিতসকলৰ পৰিকল্পনা কেনেকৈ বিফল কৰিব পাৰে সেই কথাও প্ৰমাণ কৰে।এজন সজাগ আৰু সাহসী ব্যক্তিয়ে এটা সম্পূৰ্ণ সন্ত্ৰাসবাদী চক্ৰান্তক বিফল কৰাত সহায় কৰিব পাৰে।"
প্ৰতিৰক্ষা প্ৰস্তুতিৰ সন্দৰ্ভত শ্ৰী ৰাজনাথ সিঙে ‘কঠিন শক্তি’ৰ সৈতে ‘কোমল শক্তি’ৰ সংমিশ্ৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ‘স্মাৰ্ট শক্তি’ৰ দিশত পৰিৱৰ্তনৰ আহ্বান জনায়। তেওঁ কয়, “আধুনিক প্ৰতিৰক্ষা কৌশলে নিখুঁতভাৱে নিৰ্দেশিত অস্ত্ৰ আৰু আত্মঘাটী ড্ৰোন আদি (লইটাৰিং মিউনিচন)ক খৰচ-বহনক্ষম অস্ত্ৰ-শস্ত্ৰৰ সৈতে, মানৱ বুদ্ধিমত্তাক কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে আৰু বিকশিত নিৰাপত্তা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ কম খৰচী, ক্ষিপ্ৰ আৰু অভিযোজিত প্ৰযুক্তিৰ সৈতে উন্নত ব্যৱস্থাৰ সৈতে একত্ৰিত কৰিব লাগিব।”
প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতাৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা আস্থাৰ কাৰণ সংস্কাৰ, কাৰ্য্যকৰী পদ্ধতিৰ পৰিৱৰ্তন আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰূপান্তৰিত মানসিকতা বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা চাৰে বাৰ বছৰত চৰকাৰে তাৎক্ষণিক প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ পৰা আত্মনিৰ্ভৰ আৰু ভৱিষ্যতৰ বাবে সাজু প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দিশত মনোনিৱেশ কৰিছে। অনুজ্ঞাপত্ৰৰ নিয়মৰ সংস্কাৰ আৰু ব্যৱসায় কৰাত সূচলতা বৃদ্ধিৰ ব্যৱস্থাই দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ ভিত্তি সম্প্ৰসাৰণ কৰাত সহায় কৰিছে বুলি উল্লেখ কৰি তেওঁ এতিয়া ৫ শতাধিক কোম্পানী এই খণ্ডত নিয়োজিত হৈছে আৰু শ শ নতুন ঔদ্যোগিক অনুজ্ঞাপত্ৰ জাৰি কৰা হৈছে বুলি সদৰি কৰে।
প্ৰতিৰক্ষা ক্ৰয়ৰ সংস্কাৰ সন্দৰ্ভত শ্ৰী ৰাজনাথ সিঙে কয় যে প্ৰতিৰক্ষা অধিগ্ৰহণ পদ্ধতি আৰু ‘ভাৰতীয়- থলুৱাভাৱে আৰ্হি প্ৰস্তুত, উন্নত আৰু নিৰ্মিত সামগ্ৰী ক্ৰয় কৰক’ শিতানৰ দৰে ব্যৱস্থাৰ জৰিয়তে প্ৰতিৰক্ষা বাহিনীক আধুনিকীকৰণৰ বাবে ঘৰুৱা উদ্যোগসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে। আধুনিকীকৰণ বাজেটৰ ৭৫ শতাংশ ভাৰতীয় উদ্যোগৰ পৰা ক্ৰয়ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সংস্কাৰৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতা শক্তিশালী হৈছে। ‘সমগ্ৰ চৰকাৰী দৃষ্টিভংগী’ৰ পৰা ‘সমগ্ৰ দেশৰ দৃষ্টিভংগী’লৈ আৰু ক্ৰমান্বয়ে ‘সমগ্ৰ জনগণৰ দৃষ্টিভংগী’লৈ দেশ বিকশিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ষ্টাৰ্ট-আপ, এমএছএমই, ব্যক্তিগত উদ্ভাৱক আৰু বৃহৎ নিগমসমূহে ‘দেশ প্ৰ্থম’ মনোভাৱৰ অধীনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাত অৰিহণা যোগাইছে ।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে অপাৰেচন সিন্দূৰক ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰযুক্তিগত ক্ষমতা আৰু অন্যান্য অত্যাধুনিক সঁজুলিৰ সমান্তৰালভাৱে আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থা আৰু ব্ৰহ্মছকে ধৰি উন্নত থলুৱা ব্যৱস্থাৰ প্ৰতি প্ৰতিৰক্ষা বাহিনীৰ আস্থাৰ প্ৰদৰ্শন বুলি অভিহিত কৰে। তেওঁ কয় যে এই অভিযানৰ সফলতাই ভাৰতৰ ঘৰুৱা প্ৰতিৰক্ষা উদ্যোগৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা আস্থা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ইয়াৰ অৱদান প্ৰতিফলিত কৰিছে। প্ৰতিৰক্ষা বাহিনীয়ে প্ৰতিৰক্ষা সঁজুলি, অস্ত্ৰ ব্যৱস্থা আৰু মঞ্চকে ধৰি ৫০৯টা সামগ্ৰী সামৰি পাঁচখন ইতিবাচক থলুৱাকৰণ তালিকা জাৰি কৰিছিল আৰু শীঘ্ৰে মুকলিৰ বাবে ষষ্ঠখন তালিকা প্ৰস্তুত কৰা হৈছে। একেদৰে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে (ডিপিএছইউ) থলুৱাকৰণ ৰ বাবে ৫,০১২টা বস্তু চিনাক্ত কৰিছিল, য’ত লাইন ৰিপ্লেচমেণ্ট ইউনিট, উপ-ব্যৱস্থা, স্পেয়াৰ আৰু কম্পোনেণ্ট আদি আছিল, ইয়াৰে ৩,২৫৫টা থলুৱা কৰা হৈছে।,” তেওঁ কয়,
চৰকাৰৰ প্ৰচেষ্টাৰ ফলত প্ৰতিৰক্ষা খণ্ডত পৰিলক্ষিত হোৱা বৃদ্ধি সন্দৰ্ভত শ্ৰী ৰাজনাথ সিঙে কয় যে প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনত ৪০,০০০ কোটি টকাৰ পৰা ১.৭৮ লাখ কোটি টকাৰ ওপৰলৈ গতি কৰি অভিলেখ সৃষ্টি কৰিছে। প্ৰতিৰক্ষা ৰপ্তানিয়ে ২০১৩-১৪ চনত ৬৮৬ কোটি টকাৰ পৰা সৰ্বকালৰ সৰ্বোচ্চ ৩৯,০০০ কোটি টকা স্পৰ্শ কৰাৰ লগতে প্ৰায় ১০০খন দেশলৈ এতিয়া ভাৰতৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানী হয়। তেওঁ আস্থা প্ৰকাশ কৰে যে দেশখনে এই বছৰ ২ লাখ কোটি টকা আৰু ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা উৎপাদনৰ লক্ষ্যত উপনীত হোৱাৰ লগতে ২০২৯ চনৰ ভিতৰত ৫০ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিব।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই বৃদ্ধিৰ কাৰণ হিচাপে প্ৰতিৰক্ষা এক্সিম পৰ্টেল, অনলাইন অনুমোদন, মুক্ত সাধাৰণ ৰপ্তানি অনুজ্ঞাপত্ৰ, সুশৃংখলিত গুণগত প্ৰমাণীকৰণ আৰু ‘সেউজ চেনেল’ নীতিকে ধৰি ৰপ্তানি পদ্ধতি সৰল কৰা সংস্কাৰৰ কথা উল্লেখ কৰে। এই ব্যৱস্থাসমূহে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিশ্বাসযোগ্যতা বৃদ্ধি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ ঘৰুৱা উদ্যোগসমূহক প্ৰস্তুত কৰা বুলিও তেওঁ কয়।
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা লাভৰ বাবে গৱেষণা, বিকাশ আৰু উদ্ভাৱনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে চৰকাৰে আইডেক্স, আইডেক্স প্ৰাইম আৰু এডিআইটিআই আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে ষ্টাৰ্ট-আপ, এমএছএমই আৰু যুৱ উদ্ভাৱকৰ বাবে সুযোগ সৃষ্টি কৰিছে। 'প্ৰতিৰক্ষা মন্ত্ৰালয়ে ষ্টাৰ্ট-আপ আৰু এমএছএমইৰ পৰা ২৪০০ কোটিৰো অধিক মূল্যৰ সামগ্ৰী আৰু সেৱা ক্ৰয়ৰ অনুমোদন জনাইছে আৰু নতুন প্ৰযুক্তি বিকাশৰ বাবে ১৫০০ কোটিতকৈ অধিক প্ৰকল্প অনুমোদন জনাইছে।২০২৬ চনৰ মাৰ্চ মাহলৈকে আইডেক্সে ৬৭৬টা ষ্টাৰ্ট-আপ আৰু উদ্ভাৱকক নিয়োগ কৰিছিল আৰু ৫৫১টা চুক্তি স্বাক্ষৰ কৰাত সহায় কৰিছিল।২০১৮ চনত কেইডজনমান প্ৰতিৰক্ষা ষ্টাৰ্টআপৰ পৰা ষ্টাৰ্টআপৰ পৰিৱেশ তন্ত্ৰ ২০০০ৰো অধিকলৈ বৃদ্ধি পাই, য’ত যুৱ উদ্যোগসমূহে ড্ৰ’ন, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি, চাইবাৰ সুৰক্ষা, ৰবটিক্স আৰু অন্যান্য উন্নত ক্ষেত্ৰত কাম কৰিছিল,’ তেওঁ লগতে কয়।
ভাৰতৰ প্ৰতিৰক্ষা ঔদ্যোগিক পৰিৱেশ তন্ত্ৰৰ সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা উৎপাদন এতিয়া কেৱল ৰাজহুৱা খণ্ডত সীমাবদ্ধ হৈ থকা নাই, কিয়নো ডিপিএছইউ, ব্যক্তিগত উদ্যোগ, ১৬ হাজাৰতকৈ অধিক এমএছএমই, যোগান ইউনিট আৰু উদ্ভাৱন কেন্দ্ৰকে ধৰি কেইবাটাও খণ্ডই এই দিশত অৰিহণা যোগাইছে। তেওঁ কয়, “অ’এফবিৰ কৰ্পৰেটাইজেশ্যনে তেওঁলোকক লোকচান হোৱা গোটৰ পৰা লাভজনক উদ্যোগলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে।ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰৰ ক্ৰমবৰ্ধমান নেটৱৰ্ক হৈছে ভাৰতৰ নতুন প্ৰতিৰক্ষা ঔদ্যোগিক পৰিয়াল।
”
প্ৰতিৰক্ষা ক্ৰয়ৰ সংস্কাৰৰ ওপৰত আৰু অধিক আলোকপাত কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে এই খণ্ডটোৰ অধিক স্বচ্ছতা আৰু দায়িত্বসহ আধুনিকীকৰণ তথা থলুৱাকৰণৰ কাম চলি আছে। গোলাবাৰুদ নিৰ্মাণৰ অগ্ৰগতিৰ উল্লেখ কৰি তেওঁ কয় যে প্ৰতিৰক্ষা বাহিনীয়ে ব্যৱহাৰ কৰা ১৭৫টা গোলাবাৰুদৰ ভিন্নতাৰ ভিতৰত ১৫৯টা এতিয়া থলুৱাভাৱে উৎপাদিত, যিয়ে গোলাবাৰুদৰ প্ৰকাৰৰ ৯০ শতাংশতকৈ অধিক আত্মনিৰ্ভৰশীলতাক প্ৰতিনিধিত্ব কৰে। ভাৰতে শতাধিক দেশলৈ বুলেটপ্ৰুফ জেকেট ৰপ্তানি কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় নীতিৰ সৈতে মিল থকা বুলেটপ্ৰুফ জেকেটৰ বাবে ৰাষ্ট্ৰীয় মান স্থাপন কৰা দেশখন বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত। তেওঁ ‘ৱান ৰেংক ৱান পেঞ্চন’ আঁচনি ৰূপায়ণ আৰু প্ৰতিৰক্ষা মুৰব্বী পদৰ সৃষ্টিৰ বিষয়ে উল্লেখ কৰি এইসমূহ প্ৰতিৰক্ষা কাঠামো শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা উল্লেখযোগ্য ব্যৱস্থা বুলি অভিহিত কৰে।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাষণৰ সামৰণিত স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত দেশ ‘বিকশিত ভাৰত’ হৈ উঠাৰ লগতে দেশে প্ৰযুক্তি, অৰ্থনীতি, আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত বিশ্বক নেতৃত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।
SR/Savvy/DD
(ৰিলিজ আই ডি : 2323869)
অতিথি কক্ষ : 5