পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
জি বি পন্ত ছ’চাইটি অৱ হিমালয়ান এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্টৰ ২৭সংখ্যক বৈঠকত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীৰ সভাপতিত্ব-৪টা প্ৰকাশন মুকলি
জৈৱ বৈচিত্ৰ্য সংৰক্ষণত স্থানীয় লোকৰ অংশগ্ৰহণ আৰু সুবিধা গ্ৰহন তথা লাভ আদান-প্ৰদানৰ অধিকাৰত মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ গুৰুত্ব আৰোপ
পোষ্ট কৰা হৈছে:
15 OCT 2026 12:30PM by PIB Guwahati
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্র যাদৱে আজি নতুন দিল্লীত জি বি পন্ত ছ’চাইটি অৱ হিমালয়ান এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্টৰ ২৭সংখ্যক বৈঠকত সভাপতিত্ব কৰে। মন্ত্ৰালয়ৰ সচিব শ্ৰী নৰেন্দ্ৰ ভূষণ, সঞ্চালক প্ৰধান (বন) আৰু বিশেষ সচিব শ্ৰী সন্তোষ তিৱাৰীকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়া তথা জি বি পন্ত ছ’চাইটিৰ সদস্যসকলে বৈঠকত অংশগ্ৰহণ কৰে।
বৈঠকত দিয়া ভাষণৰ জৰিয়তে মন্ত্ৰী শ্ৰী যাদৱে হিমালয়ৰ পৰিৱেশ তন্ত্ৰত স্থানীয় গাঁওবাসীৰ জীৱিকা উন্নত কৰা আৰু ইয়াৰ বৃহত্তৰ কল্যাণত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত অংশগ্ৰহণ আৰু লাভৰ বিতৰণৰ অধিকাৰ তথা গণ জৈৱ বৈচিত্ৰ্য পঞ্জী (পি বি আৰ) যুগুতকৰণত গুৰুত্ব আৰোপ কৰে।
শ্ৰী যাদৱে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০৪৭ চনৰ ভিতৰত ভাৰতীয় হিমালয় অঞ্চলত বহনক্ষম আৰ্থ-সামাজিক বিকাশৰ সৈতে পৰিৱেশগত সুৰক্ষাক সন্তুলিত কৰিব পৰাকৈ এলানি নীতিগত পৰিকাঠামো বিকশিত কৰাত সামগ্ৰিকভাৱে গুৰুত্ব দিয়া হৈছে।
প্ৰতিষ্ঠানটোৱে হাতত লোৱা কামৰ অভিজ্ঞতাৰ ভাণ্ডাৰ সমৃদ্ধ কৰিব পৰাকৈ চাৰিখন পুস্তিকা বৈঠকত মুকলি কৰা হয়। এই পুস্তিকাকেইখনে ভাৰতীয় হিমালয় অঞ্চলৰ ভাগীৰথী পৰিৱেশ সংবেদনশীল অঞ্চল, গংগোত্ৰী হিমবাহ প্ৰণালী, ই-পি বি আৰ প্ৰশাসন আৰু ৰামছাৰ জলাশয়ত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অনুশীলনসমূহক সামৰি লৈছে।
মুকলি কৰা পুস্তিকা চাৰিখন হ’লঃ
- ভাগীৰথী পৰিৱেশ সংবেদনশীল অঞ্চলৰ জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণৰ অনুশীলন।
- গংগোত্ৰী হিমবাহ প্ৰণালী।
- ভাৰতীয় হিমালয় অঞ্চলৰ বাবে ই-পিবিআৰ প্ৰশাসন।
- ভাৰতীয় হিমালয় অঞ্চলৰ ৰামছাৰ জলাশয়।
***
VM/GS/PK
(ৰিলিজ আই ডি : 2323800)
অতিথি কক্ষ : 2