বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

পাকিস্তানীমূলৰ ৭৩,০০,০০০কিলোগ্ৰামৰো অধিক সৈন্ধৱ লৱন অবৈধভাৱে আমদানি কৰা চক্ৰ উৎখাত ডি আৰ আইৰ; চাৰিজন লোকক গ্ৰেপ্তাৰ

পাকিস্তানী সামগ্ৰীৰ আমদানিত ভাৰতৰ নিষেধাজ্ঞা প্ৰতিহত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় চক্ৰই চলোৱা কাম-কাজ উন্মোচন অপাৰেচন ডিপ মেনিফেষ্টৰ

পোষ্ট কৰা হৈছে: 14 OCT 2026 4:09PM by PIB Guwahati

পাকিস্তানীমূলৰ বা দেশখনৰ পৰা সামগ্ৰীৰ আমদানিত আৰোপ কৰা ভাৰতৰ নিষেধাজ্ঞা প্ৰতিহত কৰিবলৈ চলোৱা এক বৃহৎ চেষ্টা "অপাৰেচন ডিপ মেনিফেষ্ট"ৰ অধীনত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)-এ আকৌ এবাৰ উৎখাত কৰিছে।

ডি আৰ আই-এ পাকিস্তান মূলৰ ৭,৩১১ মেট্ৰিক টনৰ ঔদ্যোগিক/হিমালয়ান ৰক নিমখৰ ২৯৫ টা কণ্টেইনাৰৰ আমদানি চিনাক্ত কৰে, যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩০ কোটি টকা। এই সামগ্ৰীসমূহ শ্ৰীলংকাৰ কলম্বো বন্দৰৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল আৰু ইউ এ ই-স্থিত সংস্থাই জাৰি কৰা উৎসৰ প্ৰমাণ পত্ৰ আৰু চালান ব্যৱহাৰ কৰি সেইবোৰৰ মূল সম্পৰ্কে জালিয়াতি কৰা হৈছিল।

চোৰাংচোৱাৰ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ডি আৰ আই-এ ২০২৬ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা ১১ অক্টোবৰৰ ভিতৰত গান্ধীধাম, আদিপুৰ, ভেৰাভাল, পানীপট, পুনে, পাটিয়ালা, দিল্লী আৰু মুম্বাইত এই সম্পৰ্কীয় স্থানত পষেকজোৰা এক সমন্বিত অভিযান চলাইছিল।

তদন্তত প্ৰকাশ পায় যে নিষেধাজ্ঞা উলংঘন কৰি ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা নজন আমদানিকাৰীয়ে মুন্দ্ৰা আৰু কাণ্ডলা বন্দৰৰ জৰিয়তে ২৯৫ টা কণ্টেইনাৰ  আনিছিল। মুঠ ২৯৫টা কণ্টেইনাৰৰ ভিতৰত, কাণ্ডলা বন্দৰত ২৪.৪১ লাখ টকা মূল্যৰ ১৪০মেট্ৰিক টন ঔদ্যোগিক/হিমালয়ান ৰক নিমখসহ পাঁচটা কণ্টেইনাৰ জব্দ কৰা হৈছে। ইয়াৰ উপৰি আমদানিকাৰীসকলৰ বেংক একাউণ্টত ৰখা বিক্ৰীৰ ধন ২০.৯৬ লাখ টকা জব্দ কৰা হৈছে।

প্ৰাথমিক অনুসন্ধানত পাকিস্তানী, ইউ এ ই, শ্ৰীলংকা আৰু ভাৰতীয় নাগৰিকৰ মালিকানাধীন সংস্থাসমূহৰ সৈতে জড়িত এক আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক উন্মোচিত হৈছে। অভিযোগ অনুসৰি এই নেটৱৰ্কে সামগ্ৰীসমূহৰ পাকিস্তানী উৎপত্তিস্থল লুকুৱাবলৈ চালান আৰু সমৰ্থনকাৰী নথিপত্ৰৰ সমন্বয় ঘটাইছিল। ডুবাইস্থিত প্ৰতিষ্ঠানসমূহে জাৰি কৰা জাল চালানসমূহ লেনদেনসমূহক সমৰ্থন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। লক্ষণীয়ভাৱে, শ্ৰীলংকা শুল্ক বিভাগত দাখিল কৰা শুল্ক সম্পৰ্কীয় নথিত সামগ্ৰীখিনিৰ পাকিস্তান-শ্ৰীলংকা পথৰ বিলত স্পষ্টভাৱে সামগ্ৰীখিনিৰ উৎস পাকিস্তান আৰু চূড়ান্ত গন্তব্য হিচাপে ভাৰতৰ নাম উল্লেখ আছিল। আমদানিকাৰীসকলে দাখিল কৰা উৎসৰ প্ৰমাণপত্ৰবোৰ জাল হোৱাটো ওলাই পৰে।

শুল্ক আইন, ১৯৬২ -ৰ ধাৰা অনুসৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছেঃ আমদানি কৰা প্ৰতিষ্ঠানসমূহৰ দুজন স্বত্বাধিকাৰী/অংশীদাৰ, এজন শুল্ক দালালৰ জি-কাৰ্ডধাৰী, আৰু ডুবাইস্থিত এজন যোগানকাৰী যিয়ে তেওঁৰ পিতৃৰ নামত এটা আমদানি প্ৰতিষ্ঠান স্থাপন আৰু পৰিচালনা কৰে।

যোৱা মাহত একেধৰণৰ অভিযানত ডি আৰ আই-এ নাছিকৰ চি এফ এছ আম্বাডত মুম্বাইস্থিত এটা প্ৰতিষ্ঠানে আমদানি কৰা ১৩ টা কণ্টেইনাৰত পেক কৰা পাকিস্তান মূলৰ প্ৰায় ৩৬২,০০০ কিলোগ্ৰাম শুকান খেজুৰ জব্দ কৰিছিল।

এই গোচৰবোৰে তৃতীয় দেশৰ পথ, উৎসৰ ভুৱা ঘোষণা, জাল বাণিজ্যিক নথিপত্ৰ আৰু অস্বচ্ছ বিত্তীয় ব্যৱস্থাৰ জৰিয়তে পাকিস্তানী মূল সামগ্ৰীৰ ওপৰত ভাৰতৰ আমদানি নিষেধাজ্ঞা প্ৰতিহত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কে ব্যৱহাৰ কৰা নতুন নতুন পদ্ধতিবোৰক আঙুলিয়াই দিয়ে। এনে নেটৱৰ্ক চিনাক্ত আৰু উৎখাত কৰা তথা ভাৰতৰ অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ডিআৰআই প্ৰতিশ্ৰুতিবদ্ধ।

২০২৫ চনৰ এপ্ৰিল মাহত পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত ভাৰত চৰকাৰে ডি জি এফ টি অধিসূচনা নং ০৬ /২০২৫-২৬ তাৰিখ ০২-০৫-২০২৫ মৰ্মে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাজহুৱা নীতিৰ স্বাৰ্থত পাকিস্তানীমূলৰ বা দেশখনৰ পৰা ৰপ্তানি কৰা সকলো সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানি বা সৰবৰাহত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল।

 

****

KT/KMN/HS


(ৰিলিজ আই ডি : 2323798) অতিথি কক্ষ : 9