কেবিনেট
ৰে’লৱে কৰ্মচাৰীসকলক ৭৮ দিনৰ বাবে উৎপাদনশীলতা সংযুক্ত বোনাছ (পি এল বি) প্ৰদানত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
14 OCT 2026 4:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে ১১,৪০,৭৭০ গৰাকী ৰে’লৱে কৰ্মচাৰীক ৭৮ দিনৰ বাবে ২,০০৯.৬১ কোটি টকাৰ পি এল বি আদায়ত অনুমোদন জনাইছে।
প্ৰতি বছৰে দুৰ্গা পূজা/দশেৰা বন্ধৰ পূৰ্বে যোগ্য ৰে’লৱে কৰ্মচাৰীসকলক পি এল বি আদায় দিয়া হয়। এই বছৰো প্ৰায় ১১.৪০ লাখ নন-গেজেটেড ৰে’লৱে কৰ্মচাৰীক ৭৮ দিনৰ মজুৰিৰ সমতুল্য পি এল বি আগবঢ়োৱা হৈছে। পি এল বি আদায়ে কৰ্মচাৰীসকলক ৰে’লৱেৰ দক্ষতা উন্নত কৰাৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে এক প্ৰেৰণা হিচাপে কাম কৰে।
প্ৰতিজন যোগ্য ৰে’ল কৰ্মচাৰীয়ে ৭৮ দিনৰ বাবে সৰ্বাধিক ১৭,৯৫১ টকা লাভ কৰিব। উপৰোক্ত পৰিমাণৰ ধনৰাশি বিভিন্ন শ্ৰেণীৰ ৰে’লৱে কৰ্মচাৰী, যেনে- ট্ৰেক মেইন্টেনাৰ, লোকো পাইলট, ট্ৰেইন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পাৰ, পইণ্টছমেন, মন্ত্ৰালয়ৰ কৰ্মচাৰী আৰু অন্যান্য গ্ৰুপ ‘চি’ কৰ্মচাৰীক প্ৰদান কৰা হ’ব।
২০২৫-২৬ বৰ্ষত ৰে’লৱেৰ প্ৰদৰ্শন আছিল অতি উন্নত। ৰে’লৱেই ১৬৭০ নিযুত টনৰ অভিলেখ পৰিমাণৰ সামগ্ৰী পৰিবহণ কৰাৰ লগতে প্ৰায় ৭.৪১ বিলিয়ন যাত্ৰী কঢ়িয়াইছিল।
****
MJPS/HS
(ৰিলিজ আই ডি : 2323327)
অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam