আয়ুষ
azadi ka amrit mahotsav

চাৰিটা পৰম্পৰাগত পদ্ধতিৰ বাবে চৰ্মৰোগৰ চিকিৎসা নিৰ্দেশনা প্ৰকাশ আয়ুষ মন্ত্ৰালয়ৰ

নতুন নিৰ্দেশনাৰ জৰিয়তে ছ’ৰিয়াছিছ, শ্বেতী ৰোগ(ভিটিলিগো), ডাৰ্মাটাইটিছ আৰু অন্যান্য চৰ্মৰোগৰ বাবে আয়ুষৰ যত্নৰ মান নিৰ্ধাৰণ

পোষ্ট কৰা হৈছে: 13 OCT 2026 4:19PM by PIB Guwahati

আয়ুষ মন্ত্ৰালয়ে "আয়ুৰ্বেদ, সিদ্ধ, য়ুনানী আৰু হোমিঅ’পেথী চিকিৎসাত  চৰ্মৰোগৰ ব্যৱস্থাপনা"ৰ বাবে যোগাভ্যাসক অন্তৰ্ভুক্ত কৰি মানক চিকিৎসা নিৰ্দেশনা (এছ টি জি) জাৰি কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য সেৱা সঞ্চালকালয় (ডিজিএইচএছ)-ৰ আয়ুষ বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা এই নিৰ্দেশনাৰ উদ্দেশ্য হৈছে সমগ্ৰ আয়ুষ প্ৰণালীত প্ৰত্যক্ষ চিকিৎসাৰ বাবে অধিক একাত্মতা, মানৰ নিশ্চয়তা আৰু প্ৰমাণ-জ্ঞাত চিকিৎসাৰ সূচনা কৰা। আয়ুষৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে গুৰুত্ব আৰোপ কৰি কয় যে এই নিৰ্দেশনাসমূহে ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা পৰিকাঠামোৰ সৈতে আয়ুষ ব্যৱস্থাৰ একত্ৰীকৰণক গভীৰ কৰিব। "এই নিৰ্দেশনাসমূহে সাধাৰণ চৰ্মৰোগজনিত অৱস্থাৰ বাবে সুৰক্ষিত, ফলপ্ৰসূ আৰু সামগ্ৰিক যত্ন ত্বৰান্বিত কৰিবলৈ সমসাময়িক বৈজ্ঞানিক প্ৰমাণৰ সৈতে প্ৰণালী-নিৰ্দিষ্ট প্ৰত্যক্ষ চিকিৎসা পদ্ধতিবোৰ একত্ৰিত কৰে। প্ৰামাণিক আৰু প্ৰমাণ-জ্ঞাত প্ৰত্যক্ষ চিকিৎসাৰ প্ৰচাৰৰ জৰিয়তে  এইসমূহে ৰোগীৰ যত্ন উন্নত কৰাত তথা জনস্বাস্থ্যত আয়ুষ প্ৰণালীৰ ভূমিকা শক্তিশালী কৰাত অৰিহণা যোগাব", মন্ত্ৰীগৰাকীয়ে কয়।

 

আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই উল্লেখ কৰে যে এই নিৰ্দেশনাসমূহে আয়ুষ প্ৰণালীসমূহত প্ৰমাণীকৰণ আৰু প্ৰমাণ-আধাৰিত প্ৰত্যক্ষ চিকিৎসাৰ পৰিৱেশ গঢ়ি তোলাত সহায় কৰিব। "চৰ্মৰোগৰ বাবে প্ৰামাণিক চিকিৎসা নিৰ্দেশনা সমগ্ৰ আয়ুষ প্ৰণালীত প্ৰমাণীকৰণ, মান আৰু প্ৰমাণ-আধাৰিত অনুশীলন শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বিশেষজ্ঞৰ পৰামৰ্শ আৰু সমসাময়িক বৈজ্ঞানিক প্ৰমাণৰ মূল্যায়নৰ জৰিয়তে বিকশিত হোৱা এই নিৰ্দেশনাসমূহে আয়ুষ ব্যৱস্থাৰ মৌলিক নীতিবোৰ ৰক্ষা কৰি প্ৰতিৰোধ, ৰোগ নিৰ্ণয়, চিকিৎসা আৰু পৰৱৰ্তী পৰ্য্যায়ৰ যত্নৰ বাবে ব্যৱহাৰিক পৰামৰ্শ প্ৰদান কৰে। এইসমূহে প্ৰত্যক্ষ চিকিৎসাত অধিক একাত্মতা বৃদ্ধি কৰাৰ লগতে ৰোগীৰ যত্নৰ ক্ষেত্ৰত যুক্তিসঙ্গত সিদ্ধান্ত গ্ৰহণত সহায় কৰিব", তেওঁ কয়।

 স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ লৱনীশ জি কৃষ্ণাই চৰ্মৰোগৰ যত্ন উন্নত কৰাৰ ক্ষেত্ৰত বহুবিষয়ক সহযোগিতাৰ মূল্যৰ কথা উল্লেখ কৰে। "চৰ্মৰোগ সন্দৰ্ভত মানক চিকিৎসা নিৰ্দেশনাসমূহ সমগ্ৰ আয়ুষ প্ৰণালীত গুণগত নিশ্চয়তা, একাত্মতা আৰু প্ৰমাণ-আধাৰিত স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰচাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বহুবিষয়ক সহযোগিতা বৃদ্ধি কৰি, এই নিৰ্দেশনাসমূহে আয়ুষ অনুশীলনকাৰীসকলক সুৰক্ষিত, ফলপ্ৰসূ আৰু ৰোগী-কেন্দ্ৰিক যত্ন প্ৰদান কৰাত সহায় কৰিব", তেওঁ কয়।

 

একাদশ আয়ুৰ্বেদ দিৱস উপলক্ষে এই নিৰ্দেশনাসমূহ প্ৰকাশ কৰা হয়। এই আয়ুষ প্ৰণালী চৰ্মৰোগ নিয়ন্ত্ৰণ কৰাৰ বাবে এক প্ৰামাণিক পদ্ধতিৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত্ হৈছে। প্ৰতিটো প্ৰণালীৰ বাবে, এইসমূহে ছ’ৰিয়াছিছ, ডাৰ্মাটাইটিছ, শ্বেতী(ভিটিলিগো), আৰ্টিকাৰিয়া আৰু ডৰ্মাটোফাইটোচিছৰ দৰে সাধাৰণ চৰ্মৰোগজনিত অৱস্থাৰ প্ৰতিৰোধ, ৰোগ নিৰ্ণয়, চিকিৎসা, অনুসৰণ আৰু পুনৰ্বাসন সন্দৰ্ভত নিৰ্দিষ্ট পৰামৰ্শ আগবঢ়াইছে।

 

 

আন্তঃবিষয়ক উন্নয়ন

 

 নিৰ্দেশনাসমূহ প্ৰস্তুত কৰাটো এক ব্যাপক, আন্তঃবিষয়ক প্ৰচেষ্টা । ইয়াত আয়ুৰ্বেদ, য়ুনানী, সিদ্ধ আৰু হোমিঅ’পেথীৰ জ্যেষ্ঠ শৈক্ষিক বিশেষজ্ঞ, যোগ বিশেষজ্ঞ তথা আধুনিক চিকিৎসাৰ বিশেষজ্ঞসকলৰ লগতে আয়ুষ গৱেষণা পৰিষদৰ কাৰিকৰী দক্ষতাৰ  ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশেষজ্ঞৰ পৰামৰ্শ, ধ্ৰুপদী গ্ৰন্থৰ পৰ্যালোচনা, বৰ্তমানৰ বৈজ্ঞানিক প্ৰমাণৰ মূল্যায়ন আৰু সন্মতি-আধাৰিত আলোচনাৰ আধাৰত এই প্ৰক্ৰিয়া বিকশিত হোৱাৰ লগতে প্ৰতিটো আয়ুষ প্ৰণালীৰ মূল নীতিসমূহ অটুট ৰখাৰ চেষ্টা কৰা হৈছে।

 

বাস্তৱ-জগতৰ পৰিৱেশত প্ৰমাণীকৰণ

 

এই অনুশীলনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে নীতিসমূহৰ ক্ষেত্ৰ-পৰ্যায়ত প্ৰমাণীকৰণ।প্ৰকৃত চিকিৎসা পৰিৱেশত সফল পৰীক্ষা কৰিবলৈ এই দিশত আগবঢ়া হৈছিল। প্ৰাথমিক আৰু মাধ্যমিক স্বাস্থ্যসেৱাত কাম কৰা চিকিৎসা বিষয়াসকলৰ সৈতে এই নীতি সমূহ পৰীক্ষা কৰিবলৈ আয়ুষ বিভাগে দিল্লীৰ এনচিটি চৰকাৰৰ আয়ুষ সঞ্চালকালয়ৰ সৈতে সহযোগ কৰে। এই বিষয়াসকলে নিৰ্দেশনাসমূহৰ কাৰ্য্যকৰী ব্যৱহাৰযোগ্যতা সন্দৰ্ভত দিয়া প্ৰতিক্ৰিয়া চূড়ান্ত নথিপত্ৰত অন্তৰ্ভুক্ত কৰা হোৱাৰ ফলত এইসমূহৰ নৈদানিক প্ৰাসংগিকতা আৰু ব্যৱহাৰিক মূল্য উন্নত হয়।

 

প্ৰত্যাশিত লাভালাভ

 

 এই নিৰ্দেশনাসমূহে যুক্তিসঙ্গত চিকিৎসা সিদ্ধান্ত গ্ৰহণ, ক্ষমতাৰ বিকাশ, শিক্ষা আৰু উন্নত গৱেষণাত সহায় কৰিব বুলি আশা কৰা হৈছে। এইসমূহে আয়ুষ অনুশীলনকাৰী, চিকিৎসক, শিক্ষাবিদ, গৱেষক আৰু নীতি নিৰ্ধাৰকসকলৰ বাবেও মূল্যৱান প্ৰসংগ নথিপত্ৰ হিচাপে কাম কৰিব। এই উদ্যোগটোৱে স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত আয়ুষ প্ৰণালীৰ প্ৰমাণীকৰণ, মানৰ নিশ্চয়তা আৰু প্ৰমাণ-আধাৰিত একত্ৰীকৰণৰ ওপৰত চৰকাৰৰ ধাৰাবাহিক গুৰুত্ব প্ৰতিফলিত কৰে।

 

 

 

চিকিৎসা অনুসৰি মানক  নিৰ্দেশনা

 

আয়ুৰ্বেদ- চৰ্মৰোগৰ ব্যৱস্থাপনাৰ মানক চিকিৎসা নিৰ্দেশনা
[Guideline Link]: https://www.ayush.gov.in/assets/pdf/whatsnew/STG_Dermatological_Disorders_Ayurveda.pdf

সিদ্ধ- চৰ্মৰোগৰ ব্যৱস্থাপনাৰ মানক চিকিৎসা নিৰ্দেশনা
[Guideline Link]: https://www.ayush.gov.in/assets/pdf/whatsnew/STG_Dermatological_Disorders_Siddha.pdf

য়ুনানী- চৰ্মৰোগৰ ব্যৱস্থাপনাৰ মানক চিকিৎসা নিৰ্দেশনা
[Guideline Link]: https://www.ayush.gov.in/assets/pdf/whatsnew/STG_Dermatological_Disorders_Unani.pdf

হোমিঅ'পেথী- চৰ্মৰোগৰ ব্যৱস্থাপনাৰ মানক চিকিৎসা নিৰ্দেশনা
[Guideline Link]: https://www.ayush.gov.in/assets/pdf/whatsnew/STG_Dermatological_Disorders_Homoeopathy.pdf

***

SR/SV/SG/DD


(ৰিলিজ আই ডি : 2323035) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Malayalam