বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

এন এল এম চিৰ প্ৰথমটো সম্পূৰ্ণ অনলাইন ই-নিলামত আৰ আই এন এলৰ ভূমিখণ্ডৰ নিবিদাৰ জৰিয়তে ৩৬৬.৩৩ কোটি টকা আহৰণ, প্ৰথম দিনাই ১৫০টা খণ্ড বিক্ৰী

সৰ্বোচ্চ নিলামৰ মূল্য প্ৰতি বৰ্গগজত ১.৮০ লাখ টকা অতিক্ৰম; বজাৰত ব্যাপক চাহিদাৰ প্ৰতিফলন

আৰ আই এন এলৰ দ্বিতীয় পৰ্যায়ৰ ই-নিলাম ৩০ অক্টোবৰত

পোষ্ট কৰা হৈছে: 13 OCT 2026 1:28PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগ (ডি পি ই)ৰ অধীনস্থ ৰাষ্ট্ৰীয় ভূমি মুদ্ৰাকৰণ নিগম (এন এল এম চি)-এ বিশাখাপট্টনম ষ্টীল প্লাণ্ট পৰিচালনা কৰা কৰ্প’ৰেট সংস্থা ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেড (আৰ আই এন এল)ৰ মূল্যৱান ভূমিখণ্ডসমূহৰ ই-নিলামৰ প্ৰথম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিছে। এই প্ৰথম পৰ্যায় এন এল এম চিৰ বাবে উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এয়া নিগমটোৰ আৰম্ভণিৰ পৰা শেষলৈ সম্পূৰ্ণ ই-নিলামৰ প্ৰথমটো প্ৰক্ৰিয়া, যি উদ্বৃত্ত ৰাজহুৱা সম্পত্তিৰ পৰা আৰ্থিক মূল্য আহৰণৰ ক্ষেত্ৰত সুসংগঠিত, স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ পদ্ধতিৰ নিদৰ্শন দাঙি ধৰিছে।

প্ৰথম পৰ্যায়ত নিলামৰ বাবে আগবঢ়োৱা ভূমিখণ্ডসমূহৰ ভিতৰত ১৫০টা খণ্ড সফলতাৰে বিক্ৰী হয়। এই বিক্ৰীৰ পৰা মুঠ ৩৬৬.৩৩ কোটি টকাৰ সফল নিবিদা মূল্য আহৰণ কৰা হয়। ইয়াৰ বিপৰীতে এই খণ্ডসমূহৰ মুঠ সংৰক্ষিত মূল্য আছিল ৩১২.৪৮ কোটি টকা। সফল নিবিদাসমূহৰ গড় মূল্য সংৰক্ষিত মূল্যতকৈ ১৭.২৩ শতাংশ অধিক। ইয়াৰ পৰা নিলামত বজাৰৰ উৎসাহজনক অংশগ্ৰহণ আৰু নিৰ্দিষ্ট সম্পত্তিসমূহৰ প্ৰতি ক্ৰেতাসকলৰ আগ্ৰহ প্ৰতিফলিত হৈছে।

নিলামত মূল্য আহৰণৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত সৰ্বোচ্চ নিলামৰ মূল্যই প্ৰতি বৰ্গগজত ১.৮০ লাখ টকা অতিক্ৰম কৰে। ইয়াৰ পৰা বিশাখাপট্টনমৰ উপযুক্ত স্থানত অৱস্থিত ভূমিখণ্ডসমূহৰ প্ৰতি থকা প্ৰবল চাহিদাৰ উমান পোৱা যায়। তদুপৰি, স্বচ্ছ আৰু প্ৰতিযোগিতামূলক ই-নিলাম প্ৰক্ৰিয়াই ৰাজহুৱা সম্পত্তিৰ অৰ্থনৈতিক সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াত কেনেদৰে সহায় কৰিব পাৰে, সেই কথাও স্পষ্ট হৈ পৰিছে।

 

এন এল এম চি-এ আৰ আই এন এল -ৰ সৈতে সমন্বয় ৰক্ষা কৰি এই নিলামৰ ব্যৱস্থা কৰিছে। কুইকাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড (কিউ আই পি এল)-এ লেনদেন পৰামৰ্শদাতা হিচাপে দায়িত্ব পালন কৰিছে। আনহাতে, ৰেইলটেল-ৰ ই-নিবিদা প্লেটফৰ্মৰ জৰিয়তে অনলাইন নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে।

 

এই ই-নিলাম কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ (চি পি এছ ই) আৰু অন্যান্য চৰকাৰী সংস্থাৰ হাতত থকা উদ্বৃত্ত ভূমি সম্পত্তিসমূহৰ উৎপাদনশীল ব্যৱহাৰ নিশ্চিত কৰাৰ বৃহত্তৰ প্ৰচেষ্টাৰ অংশ। সুসংগঠিত আৰু বজাৰভিত্তিক প্ৰক্ৰিয়াৰ জৰিয়তে এন এল এম চি -এ সম্পত্তিৰ স্বত্ত্বাধিকাৰী সংস্থাসমূহৰ সৈতে সমন্বয় স্থাপন কৰি চিনাক্ত কৰা সম্পত্তিসমূহ বজাৰত বিক্ৰীৰ বাবে আগবঢ়ায়, সম্ভাব্য ক্ৰেতাসকলৰ অংশগ্ৰহণক উৎসাহিত কৰে আৰু স্বচ্ছ পদ্ধতিৰে সম্পত্তিৰ উপযুক্ত মূল্য নিৰ্ধাৰণত সহায় কৰে।

নিলামৰ পূৰ্বে এন এল এম চি আৰু আৰ আই এন এল -এ ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত বিশাখাপট্টনম, বিজয়ৱাড়া আৰু হায়দৰাবাদত বিনিয়োগকাৰীসকলৰ সৈতে মত-বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। এই বৈঠকসমূহে সম্ভাৱ্য নিবিদাকাৰীসকলক বিক্ৰীৰ বাবে আগবঢ়োৱা সম্পত্তিসমূহৰ বিষয়ে জানিবলৈ, বিভিন্ন বিষয়ত স্পষ্টীকৰণ বিচাৰিবলৈ আৰু নিলামত অংশগ্ৰহণৰ প্ৰক্ৰিয়াৰ সৈতে পৰিচিত হ’বলৈ সুযোগ প্ৰদান কৰিছিল।

এই মত-বিনিময় কাৰ্যসূচীৰ জৰিয়তে পঞ্জীয়ন, নথি-পত্ৰ, আগধন জমা আৰু অনলাইন নিবিদা সম্পৰ্কীয় প্ৰশ্নসমূহৰ উত্তৰ দানৰো ব্যৱস্থা কৰা হৈছিল। এই প্ৰচেষ্টাসমূহৰ উদ্দেশ্য আছিল নিলামৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, নিবিদাকাৰীসকলৰ অংশগ্ৰহণ সহজ কৰা আৰু ই-নিলামত অংশগ্ৰহণৰ পূৰ্বে আগ্ৰহী ক্ৰেতাসকলে যাতে প্ৰয়োজনীয় তথ্য লাভ কৰে, তাক নিশ্চিত কৰা।

আৰ আই এন এল -ৰ ভূমি ই-নিলামৰ প্ৰথম দিনৰ সফলতাই ৰাজহুৱা সম্পত্তিৰ স্বচ্ছ আৰু প্ৰতিযোগিতামূলক মুদ্ৰাকৰণৰ ক্ষেত্ৰত এন এল এম চি-ৰ প্ৰচেষ্টাক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰিছে। নিলামৰ প্ৰতি লাভ কৰা সঁহাৰিয়ে দেখুৱাইছে যে সুসংগঠিত বজাৰভিত্তিক প্ৰক্ৰিয়াই বিনিয়োগকাৰীৰ আগ্ৰহ সৃষ্টি কৰাৰ লগতে উদ্বৃত্ত সম্পত্তিৰ পৰা উপযুক্ত মূল্য আহৰণৰ ক্ষেত্ৰতো চৰকাৰক সহায় কৰিব পাৰে।

বিশাখাপট্টনমত ভূমি ক্ৰয়ৰ অন্তিম সুযোগ:

আৰ আই এন এল - ৰ ই-নিলামৰ দ্বিতীয় পৰ্যায় ৩০ অক্টোবৰত

প্ৰথম পৰ্যায়ত লাভ কৰা উৎসাহজনক সঁহাৰিৰ পৰিপ্ৰেক্ষিতত ই-নিলামৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ত সম্ভাৱ্য ক্ৰেতাসকলে বিশাখাপট্টনমৰ গুৰুত্বপূৰ্ণ স্থানসমূহত ভূমিখণ্ড ক্ৰয় কৰাৰ আন এটা সুযোগ লাভ কৰিব। এই পৰ্যায়ত অৱশিষ্ট ২১৬টা ভূমিখণ্ড নিলামৰ ব্যৱস্থা কৰা হ’ব। নিলামৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰি ২০২৬ চনৰ ৩০ অক্টোবৰ ধাৰ্য কৰা হৈছে। নিলামৰ সময় দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ।

বৰ্তমানৰ নিলাম প্ৰক্ৰিয়াৰ এয়াই অন্তিম পৰ্যায় হোৱা বাবে আগ্ৰহী ক্ৰেতাসকলক নিৰ্দিষ্ট খণ্ডসমূহৰ বিষয়ে তথ্য পৰীক্ষা কৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে। প্ৰথম পৰ্যায়ৰ ফলাফলে সম্ভাৱ্য নিবিদাকাৰীসকলক বজাৰৰ অংশগ্ৰহণ আৰু মূল্য নিৰ্ধাৰণৰ ধাৰণা লাভ কৰাত সহায় কৰিব। সেয়েহে, বিশাখাপট্টনমত ভূমি ক্ৰয়ৰ সুযোগ বিচাৰি থকা লোকসকলৰ বাবে এয়া গুৰুত্বপূৰ্ণ সুযোগ হিচাপে বিবেচিত হৈছে।

 

আগ্ৰহী নিবিদাকাৰীসকলে ২০২৬ চনৰ ২৭ অক্টোবৰৰ ভিতৰত পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব। নিৰ্দিষ্ট ভূমিখণ্ডসমূহৰ বিৱৰণ, সংৰক্ষিত মূল্য, যোগ্যতাৰ চৰ্ত আৰু অংশগ্ৰহণৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় তথ্য চৰকাৰী ই-নিলাম পৰ্টেলৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে। এই পৰ্টেলটো হল-https://eauction.enivida.com/

সম্ভাৱ্য ক্ৰেতাসকলক সংশ্লিষ্ট তথ্যসমূহ ভালদৰে পৰীক্ষা কৰিবলৈ, নিজাববীয়াকৈ প্ৰয়োজনীয় অনুসন্ধান তথা পৰীক্ষা সম্পন্ন কৰিবলৈ তথা অন্তিম সময়সীমাৰ পূৰ্বে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি নিলামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

এন এল এম চি-ৰ বিষয়ে

ৰাষ্ট্ৰীয় ভূমি মুদ্ৰাকৰণ নিগম (এন এল এম চি) হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগৰ অধীনস্থ এটা চৰকাৰী কোম্পানী। ই কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ আৰু অন্যান্য চৰকাৰী সংস্থাৰ হাতত থকা উদ্বৃত্ত ভূমি আৰু অট্টালিকাৰ সম্পত্তিৰ পৰা আৰ্থিক মূল্য আহৰণৰ ক্ষেত্ৰত সহায় কৰে। এনে সম্পত্তিসমূহ চিনাক্ত কৰা, প্ৰস্তুত কৰা আৰু স্বচ্ছ তথা বজাৰমুখী প্ৰক্ৰিয়াৰে মুদ্ৰাকৰণৰ বাবে এন এল এম চি -য়ে সম্পত্তিৰ স্বত্ত্বাধিকাৰী সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰে।

 

KT/AD/UD


(ৰিলিজ আই ডি : 2322764) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: Gujarati , English , Urdu , हिन्दी , Punjabi , Telugu