কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাৰ এবছৰ সম্পূৰ্ণ

বিহাৰৰ গয়া, ৰাজস্থানৰ নাগৌৰ আৰু মধ্যপ্ৰদেশৰ উমৰিয়া জিলাক সৰ্বোত্তম প্ৰদৰ্শনকাৰী জিলা হিচাপে স্বীকৃতি

কৃষকসকলৰ জীৱনলৈ আনিব পৰা অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ চূড়ান্ত মাপকাঠি হ’ব প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা(পি এম ডি ডি কে ৱাই)ৰ সফলতা : কেন্দ্ৰীয় কৃষিমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান

পি এম ডি ডি কে ৱাই যোজনাৰ দ্বিতীয় বৰ্ষত ফলাফল কেন্দ্ৰিক ৰূপায়ণৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 12 OCT 2026 4:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা(পি এম ডি ডি কে ৱাইৰ ৰূপায়ণৰ এবছৰ ২০২৬ চনৰ ১১ অক্টোবৰত সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগে আজি নতুন দিল্লীৰ পুছাস্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান প্ৰকল্প ( এন এ এছ চি)ৰ ভাৰতৰত্ন চি. সুব্ৰমনিয়ম প্ৰেক্ষাগৃহত এটা অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰ্যালয় আৰু বিভাগসমূহৰ সচিব, যোজনাৰ অধীনত নিযুক্ত কেন্দ্ৰীয় ন’ডেল বিষয়া, কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যসমূহৰ পৰা অহা ৩৭০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিনিধিসকলৰ ভিতৰত আছিল যোজনাৰ অন্তৰ্ভুক্ত জিলাসমূহৰ জিলা আয়ুক্ত, জিলা পৰ্যায়ৰ কৰ্মকৰ্তা, কৃষি বিজ্ঞানী আৰু প্ৰগতিশীল কৃষক।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে প্ৰথম বৰ্ষটোত যোজনাৰ বাবে শক্তিশালী ভেটি স্থাপন কৰাত গুৰুত্ব দিয়া হৈছিল। আনহাতে, পৰৱৰ্তী বৰ্ষটোত পথাৰত দেখিবলৈ পোৱা আৰু জুখিব পৰা ফলাফল লাভ কৰাত গুৰুত্ব দিব লাগিব।

তেওঁ একোটা বছৰত কৰা খেতিৰ হাৰ বৃদ্ধি কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰা, জলসিঞ্চন আৰু জল ব্যৱস্থাপনা শক্তিশালী কৰা, কৃষি ঋণৰ সুবিধা প্ৰদান, উচ্চ মূল্যৰ কৃষিৰ প্ৰসাৰ, শস্য চপোৱাৰ পাছৰ আন্তঃগাঁথনি উন্নত কৰা আৰু কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাই কৃষকসকলৰ জীৱনলৈ কিমান অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব পাৰিছে, সেয়াই ইয়াৰ সফলতাৰ চূড়ান্ত মাপকাঠি হব বুলি উল্লেখ কৰি শ্ৰীচৌহানে সকলো অংশীদাৰক সমন্বয় অধিক শক্তিশালী কৰা, ৰূপায়ণৰ গতি ত্বৰান্বিত কৰা আৰু কৃষিক্ষেত্ৰৰ ফলাফল তথা বহনক্ষম কৃষি উপাৰ্জনৰ ক্ষেত্ৰত জুখিব পৰা উন্নতি সাধনত গুৰুত্ব দিবলৈ আহ্বান জনায়।শ্ৰীচৌহানে লগতে কয় যে কেন্দ্ৰীয় মন্ত্ৰ্যালয় আৰু বিভাগসমূহৰ সহযোগিতামূলক অংশগ্ৰহণে কৃষি উন্নয়নৰ ক্ষেত্ৰত সমগ্ৰ চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰ গুৰুত্ব প্ৰতিফলিত কৰে।

জিলা পৰ্যায়ৰ কাৰ্যপৰিকল্পনাসমূহক বাস্তৱসন্মত ফলাফললৈ ৰূপান্তৰিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু কৃষকসকলৰ সৈতে মিলি কাম কৰি যাব বুলি নিশ্চিত কৰি দি তেওঁ কয় যে পৰৱৰ্তী বৰ্ষত সফল পদক্ষেপসমূহৰ সম্প্ৰসাৰণ আৰু যোজনাৰ অধীনত চিনাক্ত কৰা সকলো জিলাতে উন্নত ফলাফল লাভৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

এই প্ৰচেষ্টাৰ মূল লক্ষ্য হৈছে ১০০খন নিৰ্বাচিত জিলাক প্ৰকৃতাৰ্থত ‘ধন-ধান্য’—অৰ্থাৎ শস্য-সম্ভাৰেৰে সমৃদ্ধ আৰু সমৃদ্ধিশালী জিলা হিচাপে গঢ়ি তোলা।

শ্ৰী শিৱৰাজ সিং চৌহানে লগতে কয় যে ২০২৬ চনৰ ২২ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ সকলো ৰাজ্যতে হ’বলগীয়া ‘খেত বচাও অভিযান’ৰ উদ্দেশ্য হৈছে সাৰৰ সুষম আৰু বিবেচনাপূৰ্ণ ব্যৱহাৰৰ জৰিয়তে মাটিৰ স্বাস্থ্য উন্নত কৰা।

মন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ইয়াৰ সফল ৰূপায়ণ নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ মাটিৰ উৰ্বৰতা অক্ষুণ্ণ ৰখা, পৰিৱেশ সুৰক্ষিত কৰা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত বহনক্ষম কৃষি পদ্ধতি গ্ৰহণৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰে।

অনুষ্ঠানত আদৰণি ভাষণ দি কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সচিবগৰাকীয়ে যোজনাৰ জিলা-কেন্দ্ৰিক দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰে। এই দৃষ্টিভংগীৰ অধীনত প্ৰতিখন জিলাৰ মাটিৰ বৈশিষ্ট্য, বৰষুণৰ পৰিমাণ, শস্যৰ প্ৰকাৰ, পানীৰ সুলভতা, আন্তঃগাঁথনি আৰু কৃষক সমাজৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি কাৰ্যপৰিকল্পনা প্ৰস্তুত কৰা হয়।

তেওঁ যোজনাৰ ৰূপায়ণত ৰাজ্য চৰকাৰ, জিলা আয়ুক্ত, জিলা ন’ডেল বিষয়া, কেন্দ্ৰীয় ন’ডেল বিষয়া, কৃষি বিজ্ঞান কেন্দ্ৰ (কে ভি কে)ৰ বিজ্ঞানী আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মকৰ্তাসকলে আগবঢ়োৱা অৱদানৰ শলাগ লোৱাৰ লগতে পৰিকল্পনা প্ৰস্তুত আৰু ৰূপায়ণৰ ক্ষেত্ৰত জিলা ধন-ধান্য সমিতিসমূহৰ সমন্বয়মূলক ভূমিকাৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে।

যোজনাৰ অধীনত এটা নিৰ্দিষ্ট ডেশ্বব’ৰ্ডৰ জৰিয়তে ১২১টা সূচকৰ ভিত্তিত জিলাসমূহৰ প্ৰদৰ্শন নিৰীক্ষণ কৰা হয়। মাহেকীয়া ৰেংকিঙৰ ব্যৱস্থাই স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে জিলাসমূহৰ মাজত সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰে।

অনুষ্ঠানৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাৰ অন্তৰ্ভুক্ত তিনিখন জিলাৰ প্ৰতিনিধিয়ে তেওঁলোকৰ অভিজ্ঞতা আৰু উদ্ভাৱনীমূলক পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।

গড়চিৰোলী জিলাই জল সংৰক্ষণ আৰু খৰাং পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ সামৰ্থ্য বৃদ্ধিৰ হকে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰে। আল্লুৰী সীতাৰাম ৰাজু জিলাই উচ্চ মূল্য সম্পন্ন উদ্যানশস্যৰ প্ৰসাৰৰ ওপৰত আলোকপাত কৰে। আনহাতে, বাঁকা জিলাই ‘লীলাৱৰণ প্ৰাকৃতিক কৃষিৰে ভূমি পুনৰুজ্জীৱিতকৰণ আৰ্হি’ উপস্থাপন কৰে।

এই উপস্থাপনাসমূহে স্থানীয় পৰিস্থিতিৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা পদক্ষেপ, বিভিন্ন আঁচনিৰ সমন্বয় আৰু কৃষকৰ অংশগ্ৰহণৰ জৰিয়তে কৃষিক্ষেত্ৰৰ সমস্যাসমূহৰ সমাধান উলিওৱা আৰু আন ঠাইতো ইয়াক প্ৰয়োগ কৰিব পৰা সফল আৰ্হি গঢ়ি তোলাৰ সম্ভাৱনাৰ প্ৰতি আঙুলিয়াই দিয়ে।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাৰ অধীনত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা জিলাসমূহক স্বীকৃতি প্ৰদান কৰা হয়। সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত বিহাৰৰ গয়া জিলাই প্ৰথম, ৰাজস্থানৰ নাগৌৰ জিলাই দ্বিতীয় আৰু মধ্যপ্ৰদেশৰ উমৰিয়া জিলাই তৃতীয় স্থান লাভ কৰে।

ইয়াৰ উপৰি, যোজনাৰ ছটা মূল লক্ষ্যৰ অধীনত উল্লেখযোগ্য কামৰ বাবে ১৮খন জিলাক স্বীকৃতি প্ৰদান কৰা হয়। সেইবোৰ হল

১. কৃষি উৎপাদনশীলতা বৃদ্ধি: ছত্ৰপতি সম্ভাজীনগৰ(মহাৰাষ্ট্ৰ), চিত্ৰকূট (উত্তৰ প্ৰদেশ) আৰু গ্যেইজিং (ছিকিম)। ২. শস্যৰ বৈচিত্ৰ্যকৰণ আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰ: মহোবা (উত্তৰ প্ৰদেশ), ডিণ্ডোৰী (মধ্যপ্ৰদেশ) আৰু চামোলী (উত্তৰাখণ্ড)।৩. শস্য চপোৱাৰ পাছৰ সংৰক্ষণ ক্ষমতা বৃদ্ধি: টীকামগড় (মধ্যপ্ৰদেশ), সিধি (মধ্যপ্ৰদেশ) আৰু দন্তেৱাড়া (ছত্তীশগড়)।৪. জলসিঞ্চনৰ আন্তঃগাঁথনি উন্নত কৰা:

কিষ্টৱাৰ (জম্মু-কাশ্মীৰ), দাহোদ আৰু ছোটা উদয়পুৰ (গুজৰাট)। ৫. হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী কৃষি ঋণৰ অধিক সুবিধা নিশ্চিত কৰা: নাৰায়ণপেট (তেলেংগানা), জালাউন (উত্তৰ প্ৰদেশ) আৰু শ্ৰী সত্য সাই (অন্ধ্ৰপ্ৰদেশ)। ৬. উন্নত প্ৰশাসন আৰু সেৱা প্ৰদান ব্যৱস্থা: নগৰ কৰ্ণুল (তেলেংগানা), কচ্ছ (গুজৰাট) আৰু হাভেৰী (কৰ্ণাটক)।

এই সন্মানে কৃষি উন্নয়নৰ ক্ষেত্ৰত জিলা পৰ্যায়ত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহক স্বীকৃতি প্ৰদান কৰাৰ লগতে আন জিলাসমূহকো উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ আৰু নিজৰ নিজৰ প্ৰদৰ্শন উন্নত কৰিবলৈ উৎসাহিত কৰে।

অনুষ্ঠানৰ সামৰণিত জিলা পৰ্যায়ৰ পৰিকল্পনা শক্তিশালী কৰা, উদ্ভাৱনৰ প্ৰসাৰ ঘটোৱা আৰু অন্তৰ্ভুক্তিমূলক তথা বহনক্ষম কৃষি উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ মাজত ফলপ্ৰসূ সমন্বয় নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহৰা হয়।

প্ৰথম বৰ্ষৰ সাফল্যসমূহক কৃষকৰ বাবে বাস্তৱসন্মত লাভালাভলৈ ৰূপান্তৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ভিতৰত অন্যতম হল কৃষি উৎপাদনশীলতা বৃদ্ধি, প্ৰতিকূল পৰিস্থিতি-সহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু প্ৰতিষ্ঠানিক ঋণৰ সুবিধা বৃদ্ধিৰ দৰে বিষয়সমূহ।

কেন্দ্ৰীয় চৰকাৰে যোজনাৰ লক্ষ্যসমূহ বাস্তৱায়িত কৰা আৰু নিৰ্বাচিত ১০০খন জিলাক কৃষি উন্নয়ন, সমৃদ্ধি আৰু কৃষক কল্যাণৰ আদৰ্শ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু কৃষক সমাজৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে কাম কৰি যোৱাৰ সংকল্প পুনৰ ব্যক্ত কৰে।

কেন্দ্ৰীয় বাজেট ২০২৫–২৬ত ঘোষণা কৰা প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা (পি এম ডি ডি কে ৱাই) ২০২৫ চনৰ ১১ অক্টোবৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল। কম কৃষি উৎপাদনশীলতা, একোটা বছৰত কৰা  কম হাৰৰ কৃষি কাৰ্যৰ ফলত উৎপাদিত শস্যৰ পৰিমাণ কম হৈ থকা আৰু কৃষি ঋণৰ কম বিতৰণৰ বৈশিষ্ট্য থকা ১০০খন জিলাক এই যোজনাৰ অধীনত সামৰি লোৱা হৈছে।

 

 

এই যোজনাৰ লক্ষ্যসমূহ হৈছে —

- কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা,  শস্যৰ বৈচিত্ৰ্যকৰণ আৰু বহনক্ষম কৃষি পদ্ধতিৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰা, পঞ্চায়ত আৰু খণ্ড পৰ্যায়ত শস্য চপোৱাৰ পাছৰ সংৰক্ষণ ব্যৱস্থা উন্নত কৰা, জলসিঞ্চনৰ সুবিধা উন্নত কৰা  আৰু  হ্ৰস্বম্যাদী তথা দীৰ্ঘম্যাদী কৃষি ঋণ সহজলভ্য হোৱাটো নিশ্চিত কৰা।

এই যোজনাই ১১টা মন্ত্ৰ্যালয় আৰু বিভাগৰ অধীনত থকা ৩৬খন কেন্দ্ৰীয় আঁচনিৰ লগতে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ আঁচনিসমূহক এটা সমন্বিত গাঁথনিৰ অধীনলৈ আনিছে। ইয়াৰ উদ্দেশ্য হৈছে প্ৰতিখন জিলাৰ নিৰ্দিষ্ট কৃষি অগ্ৰাধিকাৰ ক্ষেত্ৰ আৰু প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা।

 

SS/DK/UD


(ৰিলিজ আই ডি : 2322659) অতিথি কক্ষ : 8