প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰতিৰক্ষা মন্ত্ৰী আৰু গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় সেনা-বাহিনীয়ে সৈন্যসকলৰ বাবে মুকলি কৰিলে 'ভাৰত চাউল’
লাডাখ আৰু উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সেনাৰ যোগান ভাণ্ডাৰলৈ এই উন্নত মানৰ চাউল পোনপটীয়াকৈ প্ৰেৰণ কৰা হ’ব
আকস্মিক পৰিস্থিতিত গুদাম, মানৱশক্তি আৰু সামগ্ৰী-পৰিচালনা সম্পদৰ ব্যৱহাৰ সক্ষম কৰিবলৈ এফ. চি. আই.-ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ
এক সামূহিক সংকল্পক প্ৰতিফলিত কৰা এই পদক্ষেপে এজন কৃষকৰ কঠোৰ পৰিশ্ৰমক এজন সৈনিকৰ শক্তিলৈ ৰূপান্তৰ কৰে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বক্তব্য।
"সুদৃঢ় যোগান শৃংখলা আৰু সৈনিকৰ কল্যাণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অবিচ্ছেদ্য অংশ”
সামৰিক অভিযান অব্যাহত ৰখাৰ ক্ষেত্ৰ্ত লজিষ্টিক শৃংখলৰ প্ৰয়োজন অপাৰেচন সিন্দূৰৰ সময়তে প্ৰমাণ হৈছিল
পোষ্ট কৰা হৈছে:
12 OCT 2026 1:01PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীৰ উপস্থিতিত ১২ অক্টোবৰত নতুন দিল্লীত এটা অনুষ্ঠানত ভাৰতীয় সেনা বাহিনীয়ে প্ৰতিৰক্ষা বাহিনীসমূহৰ বাবে 'ভাৰত চাউল’ মুকলি কৰে। এই অনুষ্ঠানত আকস্মিক পৰিস্থিতত ইয়াৰ আন্তঃগাঁথনিৰ ব্যৱহাৰৰ বাবে ভাৰতীয় সেনা আৰু ভাৰতীয় খাদ্য নিগম (এফ. চি. আই.)-ৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়।এই উন্নত মানৰ চাউল স্থানীয় এফ. চি. আই.সমূহৰ পৰা সংগ্ৰহ কৰাৰ পৰিৱৰ্তে লাডাখ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দূৰৱৰ্তী অঞ্চলসমূহকে ধৰি সেনা যোগান ভাণ্ডাৰসমূহক পোনপটীয়াকৈ প্ৰদান কৰা হ"ব।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে তেওঁৰ ভাষণত 'ভাৰত চাউল’ক এক বিশ্বাসৰ এনাজৰী বুলি বৰ্ণনা কৰি কয় যে কৃষকৰ পথাৰত আৰম্ভ হোৱা এই বিশ্বাস সৈনিকৰ ভোকৰ ভাতসাজলৈ প্ৰসাৰিত হৈছে। তেওঁ কয় যে এই পদক্ষেপে 'জয় জোৱান, জয় কিষাণ’ৰ মনোভাৱক এক বাস্তৱ ৰূপ প্ৰদান কৰিছে। কিয়নো ই এক সামূহিক সংকল্পৰ প্ৰতীক, য' ত এজন কৃষকৰ কঠোৰ পৰিশ্ৰম এজন সৈনিকৰ শক্তিলৈ ৰূপান্তৰিত হয়। "এই উন্নত মানৰ চাউল নিৰ্দিষ্ট বিশেষত্ব অনুসৰি প্ৰদান কৰা হ’ব। তদুপৰি, আমি সুবিধাজনক পেকেজিং নিশ্চিত কৰি আছো৷ এই পদক্ষেপটো সৰু যেন লাগিলেও ই দূৰৱৰ্তী আৰু জটিল ভূখণ্ডলৈ ৰেচন পৰিবহণৰ বাবে দায়বদ্ধ সৈনিকসকলক যথেষ্ট সকাহ প্ৰদান কৰিছে”, তেওঁ লগতে কয় ৷
শ্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰি কয় যে সৈনিকসকলৰ কাৰ্য্যকৰী প্ৰস্তুতি কেৱল অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা নিৰ্ধাৰিত নহয়; ই তেওঁলোকৰ শাৰীৰিক স্বাস্থ্য, মানসিক ভাৰসাম্য, মনোবল আৰু সহনশীলতাৰ ওপৰতো নিৰ্ভৰ কৰে, বিশেষকৈ যেতিয়া তেওঁলোকে আটাইতকৈ কঠিন পৰিস্থিতিত সেৱা আগবঢ়ায়। তেওঁ সৈনিকসকলৰ কল্যাণক এটা বাহ্যিক বিষয় নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক অবিচ্ছেদ্য উপাদান বুলি অভিহিত কৰি লগতে কয় যে স্বাস্থ্যকৰ খাদ্য, শক্তিশালী সঁজুলি আৰু সম্পূৰ্ণ প্ৰশিক্ষণে সৈন্যসকলৰ মনোবল বৃদ্ধি কৰে, তেওঁলোকক প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু কৰে, আৰু ৰাষ্ট্ৰক সুৰক্ষিত কৰে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে আধুনিক যুগত অস্ত্ৰ-শস্ত্ৰ, মঞ্চ আৰু প্ৰযুক্তি কেৱল গুৰুত্বপূৰ্ণ উপাদান নহয়; লজিষ্টিক নিজেই যুদ্ধ শক্তি। তেওঁ কয় যে আজিৰ যুদ্ধ কেৱল সন্মুখৰ ৰণাংগত জয়ী হোৱা নহয়, ইয়াত যোগান শৃংখলৰ শক্তি, সংৰক্ষণ ক্ষমতা, পৰিবহণ নেটৱৰ্ক, ভাণ্ডাৰৰ আন্তঃগাঁথনি, আৰু সময়মতে পুনৰ যোগান ধৰাৰ ক্ষমতাৰ দৰে কাৰকসমূহেও সমানেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
_20261012130229_566997.jpeg)
"অপাৰেচন সিন্দূৰৰ কৌশলগত বিশ্লেষণে ইংগিত দিছিল যে ভৱিষ্যতৰ সংঘৰ্ষত সতৰ্কবাণীৰ সময় অতি কম হ’ব পাৰে। শূন্য সতৰ্কবাণী পৰিস্থিতি আৰু যুদ্ধত প্ৰযুক্তিৰ একত্ৰীকৰণৰ সৈতে জড়িত পৰিস্থিতিয়ে আমাৰ প্ৰস্তুতিক কঠোৰ পৰীক্ষাৰ সন্মুখীন কৰাব পাৰে। এনে সংঘাতে আমাৰ লজিষ্টিক শৃংখল আৰু যোগান নেটৱৰ্কৰ সহনশীলতাকো পৰীক্ষাৰ সন্মুখীন কৰাব পাৰে। সেয়েহে, আমি আমাৰ অভিযানসমূহ অব্যাহত ৰাখিবলৈ মজবুত লজিষ্টিক ব্যৱস্থা গঢ়ি তুলিব লাগিব। এফ. চি. আই.-ৰ সৈতে এই বুজাবুজি চুক্তি সেই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ”, শ্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এফ. চি. আই.ৰ সমগ্ৰ দেশতে গুদাম, সংৰক্ষণ আন্তঃগাঁথনি, আধুনিক ভঁৰাল, সামগ্ৰী পৰিচালনাৰ সঁজুলি, আৰু কাৰ্য্যকৰীভাৱে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহকে ধৰি দেশজুৰি প্ৰশিক্ষিত লোক আছে। তেওঁ কয় যে এই পদক্ষেপটোৱে প্ৰমাণ কৰে যে দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় ক্ষমতাক প্ৰয়োজনৰ সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ সৈতে সংলগ্ন কৰিব পাৰি। তেওঁ লগতে কয় যে ই দ্বৈত ব্যৱহাৰৰ দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰে, য'ত দেশৰ আন্তঃগাঁথনি আৰু সামৰ্থ্যই কেৱল এটা উদ্দেশ্য পূৰণ নকৰে, বৰঞ্চ অসামৰিক আৰু সামৰিক উভয়ৰে প্ৰয়োজন পূৰণ কৰে।
শ্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰি কয় যে যেনেদৰে এতিয়া যুঁজাৰু বিমানবোৰ এক্সপ্ৰেছৱেত অৱতৰণ কৰিছে, আৰু সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা পথ আৰু দলংবোৰ স্থানীয় বাসিন্দাসকলেও ব্যৱহাৰ কৰিছে, ঠিক তেনেদৰে এফ. চি. আই.-ৰ গুদামসমূহ কেৱল খাদ্য সংৰক্ষণতে সীমাবদ্ধ নাথাকে; ই ভাৰতীয় সেনাৰ যোগান শৃংখলৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিব। "এই দৃষ্টিভংগীয়ে সম্পদসমূহ অনুকূল কৰি তুলিব আৰু ৰাষ্ট্ৰীয় সহনশীলতা শক্তিশালী কৰিব। বৰ্তমানৰ আন্তঃগাঁথনিৰ সৈতে কাৰ্যকৰী পৰিকল্পনা একত্ৰিত কৰিলে আমি সময় ৰাহি কৰিবলৈ আৰু সম্পদসমূহ অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰোঁ। এই বুজাবুজি চুক্তি প্ৰশাসনিক ব্যৱস্থাতকৈ বহু বেছি গুৰুত্বপূৰ্ণ। ই কাৰ্য্যকৰী প্ৰস্তুতিৰ বাবে এক শক্তি বৰ্ধক হিচাপে কাম কৰে আৰু আমাৰ 'সম্পূৰ্ণ চৰকাৰ’ আৰ ‘সম্পূৰ্ণ ৰাষ্ট্ৰ’ দৃষ্টিভংগী প্ৰতিফলিত কৰে,” শ্ৰীসিঙে উল্লেখ কৰে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আমাৰ সৈনিকসকলৰ কল্যাণৰ প্ৰতিটো দিশতে চৰকাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি লগতে কয় যে অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি কাপোৰ, সঁজুলি আৰু প্ৰশিক্ষণলৈকে সকলো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীলতা আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। "আজি, ভাৰতে ইয়াৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাৰ এক গুৰুত্বপূৰ্ণ অংশ ঘৰুৱাভাৱে উৎপাদন কৰে", তেওঁ কয়। শ্ৰীসিঙে লগতে কয় যে উদ্ভাৱন আৰু সমন্বয় হৈছে সৈনিকসকলক নিৰন্তৰভাৱে সৰ্বশ্ৰেষ্ঠ মানৰ সামগ্ৰী যোগান ধৰা, যোগান শৃংখলাক অধিক সুদৃঢ় কৰি তোলা, দূৰৱৰ্তী অঞ্চললৈ সময়মতে যোগান নিশ্চিত কৰা, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অসামৰিক আন্তঃগাঁথনি ভালদৰে ব্যৱহাৰ কৰাৰ চৰকাৰৰ সংকল্পৰ আধাৰ। তেওঁ লগতে কয় যে যেতিয়া সৈনিকসকলে সীমান্তত পহৰা দিয়ে, তেতিয়া তেওঁলোকৰ আত্মবিশ্বাস থাকিব লাগিব যে সমগ্ৰ দেশ তেওঁলোকৰ সৈতে থিয় হৈছে। তেওঁ সৈনিকসকলৰ মনোবল বৃদ্ধি কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ বুলি অভিহিত কৰি কয় যে এই সংকল্প কেৱল চৰকাৰৰ নহয়; ইয়াক কৃষক, সমবায় খণ্ড, অসামৰিক প্ৰশাসন আৰু সমগ্ৰ ৰাষ্ট্ৰই ভাগ-বতৰা কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে 'ভাৰত চাউল’ পদক্ষেপৰ শলাগ লয় আৰু কয় যে অতুলনীয় সাহস আৰু নিষ্ঠাৰে ৰাষ্ট্ৰক ৰক্ষা কৰা লোকসকলক উচ্চ মানৰ চাউল প্ৰদান কৰাটো তেওঁৰ বিভাগৰ বাবে গৌৰৱৰ বিষয়। "ৰাষ্ট্ৰৰ ৰক্ষকসকলক মানসম্পন্ন খাদ্য যোগান কৰা আৰু তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰাটো আমাৰ কৰ্তব্য", তেওঁ কয়।
সেনা প্ৰধান জেনেৰেল ধীৰাজ শেঠ, সচিব (খাদ্য আৰু ৰাজহুৱা বিতৰণ) শ্ৰী সঞ্জীৱ চোপ্ৰাৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়, গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়, এফ. চি. আই., নেশ্যনেল এগ্রিকালচাৰেল কো-অপাৰেটিভ মাৰ্কেটিং ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (নাফেড) আৰু সমবায় খণ্ডৰ জ্যেষ্ঠ বিষয়াসকলো অনুষ্ঠানত উপস্থিত আছিল।
'ভাৰত চাউল’ৰ বিষয়ে
সৈনিকসকলৰ পৰা পোৱা নিৰন্তৰ মতামতৰ ওপৰত ভিত্তি কৰি আৰু ৰেচনৰ মান উন্নত কৰাৰ লক্ষ্যৰে যোগান আৰু পৰিবহণ সঞ্চালকালয়ৰ নেতৃত্বত 'ভাৰত চাউল’ৰ ব্যৱস্থা কৰা হৈছে। এই চাউল নিৰ্ধাৰিত প্ৰতিৰক্ষা বিশেষত্ব অনুসৰি মিলিং কৰা হ’ব আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষত নাফেডৰ জৰিয়তে যোগান ধৰা হ"ব। ইয়াৰ প্ৰয়োজনীয় মান-নিয়ন্ত্ৰণ পৰীক্ষা কৰা হ’ব ৷ এই চাউল ন্যূনতম ‘ভগা, নষ্ট আৰু ৰংহীন’ হ’ব তথা বিদেশী পদাৰ্থ আৰু মিশ্ৰণৰ পৰা মুক্ত হ’ব।
১০ কিলোগ্ৰাম আৰু ৩০ কিলোগ্ৰাম বেগ ক্ৰয় কৰিলে বিশেষকৈ ফৰৱাৰ্ড পোষ্টত পৰিচালনা আৰু পৰিবহণ অধিক সহজ হ’ব। সেনাবাহিনী, এফ. চি. আই., নাফেড আৰু খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মাজত প্ৰায় ১৮ মাহৰ সমন্বয়ৰ অন্তত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এফ. চি. আই.-ৰ সৈতে হোৱা এই বুজাবুজি চুক্তিখনত অপাৰেচন সিন্দূৰৰ পৰা লাভ কৰা শিক্ষাকে ধৰি কাৰ্য্যকৰী জ্ঞানত গুৰুত্ব আৰোপ কৰা হৈছে, য’ত কম সময়ৰ জাননীত উদ্ভৱ হ’ব পৰা আৰু দীৰ্ঘ সময়লৈ সম্প্ৰসাৰিত হ’ব পৰা আকস্মিক পৰিস্থিতিত সুদৃঢ় লজিষ্টিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে। ই ভাৰতীয় সেনাক কাৰ্য্যকৰী আকস্মিক পৰিস্থিতিত চিনাক্ত কৰা এফ. চি. আই. গুদামৰ আন্তঃগাঁথনি, শ্ৰমিক সম্পদ আৰু সামগ্ৰী-পৰিচালনাৰ সঁজুলি ব্যৱহাৰ কৰিবলৈ এক আনুষ্ঠানিক পৰিকাঠামো প্ৰদান কৰিব।
সেনাৰ যোগান আৰু পৰিবহণ উপাদান আৰু এফ. চি. আই.-ৰ আঞ্চলিক আৰু বিভাগীয় কাৰ্যালয়সমূহৰ মাজত সমন্বয় সাধন কৰা হ’ব আৰু কাৰ্য্যকৰী লজিষ্টিক পৰিকল্পনাত একত্ৰিত কৰা হ’ব। এই বুজাবুজি চুক্তিখন পাঁচ বছৰৰ বাবে বৈধ হৈ থাকিব, যাৰ ম্যাদ পাৰস্পৰিক সন্মতিৰ দ্বাৰা বৃদ্ধি কৰিব পৰা যাব।
এই ব্যৱস্থাই কাৰ্য্যকৰী ক্ষেত্ৰৰ ওচৰত ৰেচন ভাণ্ডাৰ আৰু সজুলি অতিৰিক্ত সংৰক্ষণ, দ্ৰুত সংগঠন আৰু অগ্ৰগামী অৱস্থান সক্ষম কৰিব, যাৰ ফলত বৰ্তমানৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি অনুকূল কৰি সামৰিক লজিষ্টিকছৰ সঁহাৰি আৰু সহনশীলতা শক্তিশালী কৰিব। এই পদক্ষেপটোৱে প্ৰধানমন্ত্ৰী গতি শক্তিৰ দৃষ্টিভংগীৰ সৈতে সংলগ্ন এক সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগী প্ৰতিফলিত কৰে।
ভাৰতীয় সেনাই শেহতীয়া বছৰবোৰত ৰেচনৰ গুণগত মান আৰু পৰিমাণ উন্নত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ভিতৰত আছে অগ্নিবীৰ নিযুক্তিপ্ৰাপ্তসকলৰ বাবে অতিৰিক্ত ৰেচন আৰু তিনিটা বাহিনীৰ মাজত ৰেচনৰ পৰিমাণৰ অধিক সাদৃশ্য অনা। লগতে জৈৱিক ৰেচনো (Organic rations) প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
*****
SR/NA/Savvy/BC
(ৰিলিজ আই ডি : 2322564)
অতিথি কক্ষ : 5