বিত্ত মন্ত্ৰালয়
সকলো কাৰ্যালয়ত স্বচ্ছতাৰ পৰিপূৰ্ণতাৰ লক্ষ্যৰে ৰাজহুৱা উদ্যোগ বিভাগ (DPE)ৰ ষষ্ঠ পৰ্যায়ৰ বিশেষ অভিযান
স্বচ্ছতা, অসম্পূৰ্ণ কামকাজ পূৰ্ণ কৰা আৰু দক্ষ কাৰ্যালয় ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপেৰে ২০২৬চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰূপায়ণ পৰ্যায়
সময়মতে অভিযোগ নিষ্পত্তি আৰু নথিপত্ৰৰ পদ্ধতিগত পৰ্যালোচনাৰ জৰিয়তে প্ৰশাসনিক দক্ষতা শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত
পোষ্ট কৰা হৈছে:
12 OCT 2026 1:35PM by PIB Guwahati
ভাৰত চৰকাৰে ২০২১ চনৰ পৰা স্বচ্ছতা উন্নত কৰা আৰু প্ৰতি বছৰে নিষ্পত্তি নোহোৱাকৈ থকা বিষয়সমূহৰ নিষ্পত্তিৰ বাবে বিশেষ অভিযানৰ আয়োজন কৰি আহিছে। ৰাজহুৱা উদ্যোগ বিভাগ (ডিপিই)-এ পূৰ্বৰে পৰা বিশেষ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। সকলো কাৰ্যালয়ত স্বচ্ছতাৰ পৰিপূৰ্ণতা হৈছে এই বছৰৰ ষষ্ঠ পৰ্যায়ৰ বিশেষ অভিযানৰ লক্ষ্য। এই অভিযানে ইলেকট্ৰনিক আৱৰ্জনাৰ ফলপ্ৰসূ সংগ্ৰহ, পৃথকীকৰণ আৰু নিষ্পত্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।
ডিপিই-এ ষষ্ঠ পৰ্যায়ৰ বিশেষ অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী হাতত লৈছে। এই অভিযান নিম্ন লিখিত পৰ্যায়ত ৰূপায়ণ কৰি থকা হৈছেঃ
- প্ৰস্তুতিমূলক পৰ্যায়ঃ ১৫ ছেপ্টেম্বৰ, ২০২৬-ৰ পৰা ৩০ ছেপ্টেম্বৰ,২০২৬;
- ৰূপায়ণ পৰ্যায়ঃ ২ অক্টোবৰ, ২০২৬-ৰ পৰা ৩১ অক্টোবৰ, ২০২৬;
- মূল্যায়ন পৰ্যায়ঃ ১৬ নৱেম্বৰ, ২০২৬-ৰ পৰা ৩০ নৱেম্বৰ, ২০২৬।
প্ৰস্তুতিমূলক পৰ্যায়ৰ সময়ত, ডিপিই-এ ৰূপায়ণ পৰ্যায়ৰ বাবে নিম্নলিখিত লক্ষ্যসমূহ নিৰ্ধাৰণ কৰিছেঃ
১. বিচাৰাধীন আৰু ৰাজহুৱা অভিযোগঃ সকলো ৰাজহুৱা অভিযোগ নিষ্পত্তি কৰা।
২. নথি ব্যৱস্থাপনাঃ মুঠ ৩২৫ টা ফাইল পুনৰীক্ষণৰ বাবে চিনাক্ত কৰা হৈছে।
৩. কাৰ্যালয়ৰ স্থানৰ উচিত ব্যৱহাৰ।
৪. স্বচ্ছতা আৰু কৰ্মক্ষেত্ৰৰ উৎকৰ্ষ সাধনঃ পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰাৰ বাবে বিশেষ ব্যৱস্থা, নথি ব্যৱস্থাপনা, কাৰ্যালয়ৰ স্থানৰ ব্যৱহাৰ আৰু কৰ্মক্ষেত্ৰৰ সামগ্ৰিক পৰিৱেশ উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ।
৫. সামাজিক মাধ্যমৰ প্ৰসাৰঃ
২ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩১ অক্টোবৰলৈকে কাৰ্য্যকৰীকৰণ পৰ্য্যায়ত ডিপিই-এ প্ৰস্তুতিমূলক পৰ্য্যায়ৰ সময়ত নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ পূৰণ কৰিবলৈ আৰু স্বচ্ছতা অধিক শক্তিশালী কৰিবলৈ, নিষ্পত্তি নোহোৱা বিষয় হ্ৰাস কৰিবলৈ, নথি ব্যৱস্থাপনা উন্নত কৰিবলৈ আৰু কাৰ্যালয়ৰ সম্পদসমূহৰ সদ-প্ৰয়োগ নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে।
ডিপিইএ ষষ্ঠ পৰ্যায়ৰ বিশেষ অভিযানৰ উদ্দেশ্যসমূহৰ প্ৰতি দায়বদ্ধ।
******
KT/AD/BC
(ৰিলিজ আই ডি : 2322307)
অতিথি কক্ষ : 7