স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
উদ্বোধনী উন্মোচন
১২ অক্টোবৰত কেইলঙত আইচিএমআৰৰ অধিক উচ্চতাৰ চিকিৎসা আৰু জনস্বাস্থ্য গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী জগৎ প্ৰকাশ নাড্ডাই
কেইলঙত স্থাপন হ’ব আইচিএমআৰৰ অধিক উচ্চতাৰ চিকিৎসা আৰু জনস্বাস্থ্য গৱেষণাৰ প্ৰথমটো সুকীয়া কেন্দ্ৰ
নতুন কেন্দ্ৰটোৱে সমগ্ৰ ভাৰতীয় হিমালয় অঞ্চলত জলবায়ু-সহনশীল স্বাস্থ্যসেৱা, জৈৱ-চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু জনস্বাস্থ্যৰ প্ৰস্তুতিক সুদৃঢ় কৰিব
পোষ্ট কৰা হৈছে:
11 OCT 2026 2:43PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগৎ প্ৰকাশ নাড্ডাই ২০২৬ চনৰ ১২ অক্টোবৰত হিমাচল প্ৰদেশৰ লাহৌল আৰু স্পিতি জিলাৰ কেইলঙত আইচিএমআৰ অধিকউচ্চতাৰ চিকিৎসা আৰু জনস্বাস্থ্য গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য গৱেষণা বিভাগৰ অধীনস্থ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)-এ ভাৰতৰ অধিক উচ্চতা তথা জলবায়ু-সংবেদনশীল অঞ্চলসমূহক কেন্দ্ৰ কৰি বহুমুখী গৱেষণা, উদ্ভাৱন আৰু সক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে এই কেন্দ্ৰটো স্থাপন কৰিছে।
হিমালয়ৰ পৰিৱেশ তন্ত্ৰত অধিক উচ্চতা, চৰম জলবায়ু, দুৰ্গম ভূ-প্ৰকৃতি, ভৌগোলিক বিচ্ছিন্নতা আৰু ক্ৰমবৰ্ধমান জলবায়ু পৰিৱৰ্তনৰ ফলত কিছু সুকীয়া জনস্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সৃষ্টি হয়। এই কাৰকসমূহে ৰোগৰ প্ৰকৃতি, স্বাস্থ্যসেৱাৰ সুবিধা, বৃত্তিমূলক স্বাস্থ্য আৰু জৰুৰীকালীন সঁহাৰিত প্ৰভাৱ পেলায়। এনে প্ৰত্যাহ্বানজনক পৰিৱেশত বসবাস কৰা আৰু কৰ্মৰত লোকসকলৰ বাবে প্ৰাসংগিক তথা সম্প্ৰসাৰণযোগ্য স্বাস্থ্য সমাধানৰ বিকাশ আৰু বৈজ্ঞানিক তথ্য-প্ৰমাণ আহৰণৰ দিশটো এই কেন্দ্ৰটোৱে অধিক সুদৃঢ় কৰিব।
অধিক উচ্চতাৰ শৰীৰবিজ্ঞান আৰু জলবায়ুৰ সৈতে অভিযোজন, পৰ্বতীয়া চিকিৎসা, জলবায়ু-সংবেদনশীল আৰু নতুনকৈ দেখা দিয়া ৰোগ, সংক্ৰামক আৰু অসংক্ৰামক ৰোগ, মাতৃ আৰু শিশু স্বাস্থ্য, পুষ্টি, মানসিক স্বাস্থ্য, পৰিৱেশ আৰু বৃত্তিমূলক স্বাস্থ্য তথা দুৰ্যোগ চিকিৎসা এই কেন্দ্ৰটোৰ গৱেষণাৰ আওতাত থাকিব। ইয়াৰ উপৰি দুৰ্গম আৰু সহজে যাব নোৱাৰা অঞ্চলসমূহত স্বাস্থ্যসেৱা প্ৰদানৰ মান উন্নত কৰাৰ উদ্দেশ্যে ডিজিটেল স্বাস্থ্য মঞ্চ, টেলিমেডিচিন, ড্ৰোনচালিত স্বাস্থ্যসেৱা লজিষ্টিকছ আৰু তাৎক্ষণিক জনস্বাস্থ্য নিৰীক্ষণৰ ব্যৱস্থা সংহত কৰাৰ দিশটোতো কেন্দ্ৰটোৱে কাম কৰিব।
লাহৌল আৰু স্পিতিত অৱস্থিত এই কেন্দ্ৰটোৱে এক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলৰ অধিক উচ্চতাৰ আৰু জনজাতীয় লোকসকলক সামৰি নিৰৱচ্ছিন্ন ক্ষেত্ৰভিত্তিক গৱেষণা চলোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰাতিষ্ঠানিক মঞ্চ প্ৰদান কৰিব। এই ভৌগোলিক অৱস্থানে পৰিৱেশৰ অৱস্থা, জলবায়ুৰ পৰিৱৰ্তন আৰু স্বাস্থ্যজনিত ফলাফলৰ মাজৰ সম্পৰ্ক সম্পৰ্কে দীৰ্ঘম্যাদী অধ্যয়ন আৰু অনুসন্ধান চলোৱাত সহায় কৰিব। জনজাতীয় স্বাস্থ্য, দুৰ্যোগৰ প্ৰস্তুতি, ডিজিটেল স্বাস্থ্য উদ্ভাৱন আৰু জলবায়ু-সহনশীল স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহৰ লগতে অধিক উচ্চতাৰ চিকিৎসা সম্পৰ্কীয় গোলকীয় গৱেষণাত ভাৰতৰ অৱদানক এই কেন্দ্ৰটোৱে অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
এই পদক্ষেপে সশস্ত্ৰ বাহিনী চিকিৎসা সেৱা (এএফএমএছ), ভাৰতৰ ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন গৱেষণা প্ৰতিষ্ঠানসমূহ আৰু হিমাচল প্ৰদেশ চৰকাৰৰ সৈতে প্ৰাতিষ্ঠানিক সহযোগিতা বৃদ্ধি কৰিব। এই অংশীদাৰিত্বই ব্যৱহাৰিক গৱেষণা, বৈজ্ঞানিক আদান-প্ৰদান, সক্ষমতা বৃদ্ধি আৰু তথ্যভিত্তিক নীতি প্ৰণয়নত সহায় কৰিব, যাৰ ফলত স্বাস্থ্য গৱেষণাত আত্মনিৰ্ভৰ ভাৰত আৰু সৰ্বাংগীণ, জলবায়ু-সহনশীল স্বাস্থ্যসেৱা সম্পৰ্কে ভাৰত চৰকাৰৰ দৃষ্টিভংগী আৰু অধিক বৃদ্ধি হ’ব।
আধাৰশিলা স্থাপন অনুষ্ঠানত পৰম্পৰাগত ভূমি পূজন, মাংগলিক খনন আৰু আধাৰশিলা স্থাপনৰ লগতে গ্ৰীণ আইচিএমআৰ চৌহদ উদ্যোগৰ অধীনত হিমালয়ৰ স্থানীয় গছপুলি ৰোপণ কৰা হ’ব। এই কাৰ্যসূচীত এখন বৈজ্ঞানিক প্ৰদৰ্শনীৰ উদ্বোধন, কেন্দ্ৰটোৰ আনুষ্ঠানিক ভিডিঅ’ আৰু ৱেবছাইট মুকলি, ভৱনৰ পৰিকল্পনা উপস্থাপন আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ দ্বাৰা এটি বিশেষ স্মাৰক ডাক আৱৰণ উন্মোচন অনুষ্ঠানো অন্তৰ্ভুক্ত থাকিব।
অনুষ্ঠানত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী শ্ৰী সঞ্জয় শেঠ; বিৰোধী দলৰ দলপতি, হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা হিমাচল প্ৰদেশ বিধানসভাৰ সদস্য শ্ৰী জয় ৰাম ঠাকুৰ; হিমাচল প্ৰদেশৰ মাণ্ডিৰ সাংসদ শ্ৰীমতী কংগনা ৰাণাৱত; লাহৌল আৰু স্পিতিক প্ৰতিনিধিত্ব কৰা হিমাচল প্ৰদেশ বিধানসভাৰ সদস্য শ্ৰীমতী অনুৰাধা ৰাণা; আৰু প্ৰাক্তন বিধায়ক শ্ৰী ৰবি ঠাকুৰ উপস্থিত থাকিব।
অনুষ্ঠানত উপস্থিত থাকিবলগীয়া আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শ্বাল সন্দীপ থাৰেজা; স্বাস্থ্য গৱেষণা বিভাগৰ সচিব তথা আইচিএমআৰৰ সঞ্চালক প্ৰধান ড০ ৰাজীৱ বেহেল; স্বাস্থ্য গৱেষণা বিভাগৰ যুটীয়া সচিব শ্ৰীমতী মনীষা চাক্সেনা; আইচিএমআৰৰ জ্যেষ্ঠ উপ-সঞ্চালক প্ৰধান (প্ৰশাসন) শ্ৰী বিবেক কুমাৰ দক্ষ, অতিৰিক্ত সঞ্চালক প্ৰধান (বহিঃপ্ৰাতিষ্ঠানিক) ড০ অলকা শৰ্মা আৰু জ্যেষ্ঠ বিত্তীয় উপদেষ্টা ড০ ৰিচা পাণ্ডে। কেন্দ্ৰীয় আৰু হিমাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, সশস্ত্ৰ বাহিনীৰ প্ৰতিনিধিসকল, বিজ্ঞানীসকল, জনস্বাস্থ্য বিশেষজ্ঞসকল, গৱেষণা প্ৰতিষ্ঠানসমূহ আৰু অন্যান্য গুৰুত্বপূৰ্ণ অংশীদাৰসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
***
SR/GS/MM
(ৰিলিজ আই ডি : 2322005)
অতিথি কক্ষ : 9