বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

পূৰ্বাঞ্চলত বাংলাদেশৰ পৰা হোৱা সোণৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে ডিআৰআইৰ কঠোৰ অভিযান; ৭.৮ কিলোগ্ৰামতকৈ অধিক বিদেশী সোণ জব্দ, ছয়জনক গ্ৰেপ্তাৰ

চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা অভিযানে বানপুৰ সীমান্ত অঞ্চল তথা ত্ৰিপুৰাক কলকাতাৰ সৈতে সংযোগ কৰা পথসমূহেৰে সক্ৰিয় হৈ থকা এটা সোণ সৰবৰাহকাৰী চক্ৰৰ তথ্য পোহৰলৈ আনিছে

পোষ্ট কৰা হৈছে: 11 OCT 2026 10:26AM by PIB Guwahati

চোৰাংচোৱা তথ্যৰ ভিত্তিত  ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডিআৰআই)-এ বাংলাদেশৰ পৰা  সীমা অতিক্ৰমী হোৱা সোণৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে পূৰ্বাঞ্চলত অভিযান তীব্ৰতৰ কৰি তুলিছে। ২০২৬ চনৰ ৮ আৰু ৯ অক্টোবৰত চলোৱা এই অভিযানত প্ৰায় ৭.৮ কিলোগ্ৰাম বিদেশী সোণ জব্দ কৰা হয়, যাৰ বজাৰ মূল্য  ১১.৫০ কোটি টকাতকৈও অধিক। এই অভিযানৰ জৰিয়তে সীমান্তৱৰ্তী অঞ্চলসমূহৰ পৰা কলকাতা অভিমুখে চোৰাং সোণ সৰবৰাহ কৰিবলৈ পথ আৰু ৰে’ল নেটৱৰ্ক ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহে আৰু এই সন্দৰ্ভত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

অভিযানসমূহত ডিআৰআই কলকাতাৰ দ্বাৰা জব্দ কৰা সোণ

ডিআৰআইৰ বিষয়াসকলে ডানকুনি টোল প্লাজাত এখন চাৰিচকীয়া বাহন জব্দ কৰে। চাৰিজন লোকসহ বাহনখন বাংলাদেশ সীমান্তৰ সমীপৰ বানপুৰৰ পৰা কলকাতা অভিমুখে গৈ আছিল। বাহনখন আৰু যাত্ৰীসকলৰ তালাচী চলাই প্ৰায় ৬.৮ কিলোগ্ৰাম তথা  প্ৰায় ১০ কোটি টকা মূল্যৰ ৫০খন সোণৰ বিস্কুট জব্দ কৰা হয়। ইয়াৰে কেইখনমান সোণৰ বিস্কুটত বিদেশী চিহ্ন পৰিলক্ষিত হয়। যাত্ৰীসকলে সোণখিনিৰ বৈধ মালিকীস্বত্ব প্ৰমাণ কৰিবলৈ কোনো আইনসংগত নথি-পত্ৰ দেখুৱাব নোৱাৰিলে আৰু নিজৰ ভাষ্যত বাংলাদেশৰ জৰিয়তে ভাৰতলৈ বিদেশী সোণ চোৰাংভাৱে সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰে। উল্লেখনীয় যে, গ্ৰেপ্তাৰ হোৱা চাৰিজন লোকৰ ভিতৰত বানপুৰ সীমান্ত অঞ্চলত সক্ৰিয় এই চক্ৰটোৰ মূল খলনায়কজনো আছিল।

সেই একেটা দিনতে, পশ্চিমবংগ ৰাজ্যৰ দুটা ৰে’ল ষ্টেচন— মালদহ টাউন ৰে’ল ষ্টেচন আৰু নিউ জলপাইগুৰি ৰে’ল ষ্টেচনত ৰে’লেৰে যাত্ৰা কৰা যাত্ৰীসকলক ডিআৰআইৰ দলসমূহে তালাচী চলাই তেওঁলোকৰ পৰা প্ৰায় ১.৫ কোটি টকা মূল্যৰ প্ৰায় ১ কিলোগ্ৰাম বিদেশী সোণ জব্দ কৰে। সোণখিনি বৈধভাৱে ক্ৰয় কৰাৰ কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰাত দুই যাত্ৰীক গ্ৰেপ্তাৰ কৰা হয়। তদন্তত পোহৰলৈ আহে যে খাৰু আৰু সোণৰ বিস্কুটৰ ৰূপত থকা এই জব্দকৃত সোণখিনি ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰে চোৰাংভাৱে সৰবৰাহ কৰা সোণৰ পৰা তৈয়াৰ কৰা হৈছিল।

এই অভিযানসমূহে স্পষ্ট কৰে যে চোৰাং সোণ সৰবৰাহৰ বাবে বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহৰ লগতে উত্তৰ-পূৰ্বাঞ্চলক কলকাতাৰ দৰে ডাঙৰ বজাৰসমূহৰ সৈতে সংযোগ কৰা পথ আৰু ৰে’ল পথসমূহ নিৰন্তৰভাৱে ব্যৱহাৰ হৈ আহিছে। চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা কঠোৰ অভিযান আৰু সমন্বিত পদক্ষেপৰ জৰিয়তে সংগঠিত চোৰাং সৰবৰাহকাৰী চক্ৰসমূহ উৎখাত কৰিবলৈ ডিআৰআই প্ৰতিশ্ৰুতিবদ্ধ।

 

****

KT/KMN/MM


(ৰিলিজ আই ডি : 2321937) অতিথি কক্ষ : 13