উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ঝাৰখণ্ডৰ দেওঘৰত সৈনিক সম্পৰ্ক মেলা পৰিদৰ্শন উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণণৰ

“আমাৰ সৈনিকসকলে সদায় দেশৰ কাষত থিয় দিছে, আৰু আমিও সদায় তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ কাষত থিয় দিব লাগিব”—উপ-ৰাষ্ট্ৰপতি

প্ৰাক্তন সৈনিক আৰু বীৰ নাৰীসকলৰ কল্যাণৰ প্ৰতি ৰাষ্ট্ৰীয় দায়বদ্ধতা অব্যাহত ৰখাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

সামৰিক সেৱা আৰু ত্যাগৰ ক্ষেত্ৰত ঝাৰখণ্ডৰ এক গৌৰৱোজ্জ্বল পৰম্পৰা আছে—উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 10 OCT 2026 5:29PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণণে আজি ঝাৰখণ্ডৰ দেওঘৰত অনুষ্ঠিত ‘সৈনিক সম্পৰ্ক মেলা—সদায় আপোনাৰ সৈতে’ পৰিদৰ্শন কৰে। সন্থাল পৰগনা অঞ্চলৰ প্ৰাক্তন সৈনিক, বীৰ নাৰী আৰু তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলক কল্যাণমূলক সেৱা আৰু অভিযোগ নিষ্পত্তিৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰতীয় সেনাই দেওঘৰ জিলা প্ৰশাসনৰ সহযোগত এই মেলাৰ আয়োজন কৰে।

সমবেত লোকসকলক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ প্ৰতি আগবঢ়োৱা অমূল্য ত্যাগ আৰু অৱদানৰ বাবে প্ৰাক্তন সৈনিক আৰু বীৰ নাৰীসকলক শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰাক্তন সৈনিকসকলক এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সম্পদ হিচাপে অভিহিত কৰি তেওঁ কয় যে তেওঁলোকৰ অভিজ্ঞতাই যুৱ প্ৰজন্মক পথ প্ৰদৰ্শন কৰিব পাৰে আৰু তেওঁলোকৰ নেতৃত্বই ৰাষ্ট্ৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াব পাৰে।

বীৰ নাৰীসকলক শ্ৰদ্ধা জনাই তেওঁ উল্লেখ কৰে যে সীমান্তত সেৱা আগবঢ়াই থকা প্ৰতিগৰাকী সৈনিকৰ আঁৰত এনে এটা পৰিয়াল থাকে, যিয়ে সামৰিক সেৱাৰ ত্যাগ আৰু দায়িত্বসমূহৰ অংশীদাৰ হয়। তেওঁ কয় যে সৈনিক আৰু তেওঁলোকৰ পৰিয়ালসমূহে কৰা ত্যাগ দেশে কেতিয়াও পাহৰিব নোৱাৰে।

ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাৰ কথা স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ সেৱাৰ ক্ষেত্ৰত ৰাজ্যখনৰ গৌৰৱোজ্জ্বল পৰম্পৰাৰ কথা উল্লেখ কৰে। তেওঁ পৰম বীৰ চক্ৰৰে সন্মানিত লেন্স নায়ক এলবাৰ্ট এক্কাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ভগৱান বীৰছা মুণ্ডা, তিলকা মাঁঝি, সিদ্ধু আৰু কানহু, আৰু নীলাম্বৰ আৰু পীতাম্বৰকে ধৰি জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান স্মৰণ কৰে। তেওঁ কয় যে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় সেৱাৰ এই চেতনাই ঝাৰখণ্ডৰ জনসাধাৰণক আজিও অনুপ্ৰাণিত কৰি আহিছে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দীৰ্ঘদিনীয়া দাবী ‘এক পদ, এক পেঞ্চন’ (One Rank, One Pension) প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পূৰণ হোৱাৰ কথা উল্লেখ কৰে। ইয়াৰ লগতে প্ৰাক্তন সৈনিক আৰু বীৰ নাৰীসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক পদক্ষেপৰ বিষয়েও তেওঁ প্ৰকাশ কৰে।

মেলাত উপলব্ধ একক-খিৰিকী( single-window)ব্যৱস্থাৰ প্ৰশংসা কৰি তেওঁ কয় যে পেঞ্চন সম্পৰ্কীয় সাহায্য, চিকিৎসা সেৱা, নথি-পত্ৰ সম্পৰ্কীয় সেৱা আৰু অভিযোগ নিষ্পত্তিৰ ব্যৱস্থাসমূহ একেখন মঞ্চৰ অধীনলৈ অনাটো অন্তিম পৰ্যায়ৰ হিতাধিকাৰীসকলৰ ওচৰলৈ সেৱা উপলব্ধ কৰোৱাৰ এক অৰ্থপূৰ্ণ উদাহৰণ।

সমন্বিত জনসেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী চি. পি. ৰাধাকৃষ্ণণে কয় যে সশস্ত্ৰ বাহিনী, অসামৰিক প্ৰশাসন, বিত্তীয় প্ৰতিষ্ঠান, স্বাস্থ্যসেৱা প্ৰদানকাৰী আৰু কল্যাণমূলক সংস্থাসমূহৰ অংশগ্ৰহণে দেশৰ সেৱা কৰা লোকসকলৰ সেৱাৰ প্ৰতি এক উমৈহতীয়া দায়বদ্ধতাৰ প্ৰতিফলন ঘটাইছে।

তেওঁ ‘সদায় আপোনাৰ সৈতে’ শীৰ্ষক বিষয়বস্তুক এক নিৰন্তৰ ৰাষ্ট্ৰীয় দায়বদ্ধতালৈ ৰূপান্তৰ কৰাৰ আহ্বান জনায়, যাতে প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালসমূহে সদায় সন্মান, সহায়-সহযোগিতা আৰু যত্ন লাভ কৰাৰ অনুভৱ কৰিব পাৰে।

পৰিদৰ্শনৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সৈনিক সম্পৰ্ক মেলাৰ বিভিন্ন বিপণী পৰিদৰ্শন কৰে। ইয়াৰ ভিতৰত অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলিৰ প্ৰদৰ্শনী, দুৰ্যোগ সাহায্যৰ সুবিধা, প্ৰাক্তন সৈনিকৰ অৱদানমূলক স্বাস্থ্য আঁচনি (ECHS)ৰ সেৱা, স্বাস্থ্য পৰীক্ষা আৰু ৰক্তদান শিবিৰ, মহিলাৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা কাৰ্যসূচী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (NCC)ৰ কাৰ্যকলাপ আৰু পেঞ্চন সম্পৰ্কীয় সেৱাসমূহ অন্তৰ্ভুক্ত আছিল। তেওঁ মেলাত উপস্থিত থকা প্ৰাক্তন সৈনিক, হিতাধিকাৰী আৰু অন্যান্য লোকৰ সৈতেও মত বিনিময় কৰে।

এই আয়োজনৰ বাবে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় সেনা আৰু দেওঘৰ জিলা প্ৰশাসনক অভিনন্দন জনায়। তেওঁ সাংসদ ড০ নিশিকান্ত ডুবেৰ প্ৰচেষ্টাৰো শলাগ লয়। সশস্ত্ৰ বাহিনীৰ সৈতে জড়িত লোকসকলৰ কল্যাণৰ বাবে অৱদান আগবঢ়োৱা অংশগ্ৰহণকাৰী প্ৰতিষ্ঠান আৰু সংস্থাসমূহকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

এই অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী সন্তোষ কুমাৰ গংগৱাৰ; কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱ; সাংসদ ড০ নিশিকান্ত ডুবে আৰু শ্ৰী আদিত্য চাহু; ১১১ এৰিয়াৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল পৱন চাড্ডা; বাবা বৈদ্যনাথ মেডিকেল ট্ৰাষ্টৰ অধ্যক্ষ শ্ৰীমতী অনামিকা গৌতম; ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়া, অসামৰিক প্ৰশাসনৰ বিষয়া, প্ৰাক্তন সৈনিক, বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।

******

PR/ASM/VMJ/PB


(ৰিলিজ আই ডি : 2321849) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Malayalam