যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই আহমেদাবাদত ব্ৰিকছৰ প্ৰদৰ্শনীমূলক পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়ানুষ্ঠান ২০২৬ উদ্বোধন কৰিব
১২ অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত হ’ব ব্ৰিকছৰ পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়াৰ প্ৰদৰ্শন
ব্ৰিকছৰ সদস্য আৰু সহযোগী ৰাষ্ট্ৰসমূহে পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া তথা সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰিব
পোষ্ট কৰা হৈছে:
10 OCT 2026 11:27AM by PIB Guwahati
ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে গুজৰাট চৰকাৰৰ সহযোগত ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতাত ১২ অক্টোবৰত আহমেদাবাদৰ বীৰ সাৱৰকাৰ ক্ৰীড়া প্ৰকল্পত ব্ৰিকছৰ প্ৰদৰ্শনীমূলক পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়ানুষ্ঠান ২০২৬ আয়োজন কৰিব।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই এই অনুষ্ঠান উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী শ্ৰীমতী ৰক্ষা নিখিল খাড়ছে আৰু গুজৰাটৰ ক্ৰীড়া বিভাগৰ ৰাজ্যমন্ত্ৰী ড০ জয়ৰাম গামিত উপস্থিত থাকিব।

এই অনুষ্ঠানত ব্ৰিকছৰ সদস্য আৰু সহযোগী দেশসমূহৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰি নিজৰ নিজৰ পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া প্ৰদৰ্শন কৰিব। ক্ৰীড়াৰ জৰিয়তে সাংস্কৃতিক বিনিময়, ঐতিহ্য সংৰক্ষণ আৰু জনসাধাৰণৰ মাজত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
অ-প্ৰতিযোগিতামূলক মঞ্চ হিচাপে আয়োজিত এই অনুষ্ঠানত পৰম্পৰাগত ক্ৰীড়াৰ প্ৰদৰ্শন, নথিভুক্তকৰণ আৰু আদান-প্ৰদানত গুৰুত্ব দিয়া হ’ব। ইয়াৰ লগতে ক্ৰীড়াসমূহৰ সাংস্কৃতিক তাৎপৰ্য, অনুশীলনকাৰীসকলৰ মাজত পাৰস্পৰিক মত-বিনিময় আৰু জ্ঞানৰ আদান-প্ৰদানৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।

অংশগ্ৰহণকাৰী দেশসমূহে বিভিন্ন ধৰণৰ পৰম্পৰাগত আৰু থলুৱা ক্ৰীড়া তথা সাংস্কৃতিক পৰম্পৰা প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে।
- বেলাৰুছ: গোৰোডকি
-বলিভিয়া: লুচা দে চোলিতাছ, টিংকু, ৰায়ুৱেলা, ট্ৰম্পো, কাচিনাছ আৰু কেৰেইৰা দে ছাকোছ
- ব্ৰাজিল: জাৰাবাটানা (থলুৱা বায়ুচালিত নলৰ অস্ত্ৰ), কেৰেইৰা দে টোৰাছ (কাঠৰ কুণ্ডা দৌৰ), ব্ৰাজিলিয়ান পেৰা-জিউ-জিৎসু আৰু কেপোয়েৰা
- চীন: উশ্বু, সিংহ নৃত্য আৰু স্বাস্থ্যৰ বাবে কিগং
- ইথিওপিয়া: ইথিওপিয়াৰ মল্লযুঁজ (টেগেল), ইথিওপিয়ান জেনা (ফিল্ড হকী) আৰু ছেলুছ গেবেটা/১৮-১২/বুবে/ছাহে
- ভাৰত: মল্লখাম্ব, যোগাসন আৰু কলৰিপায়াট্টু
- ইৰান: জুৰখানে, হাফ্ট ছাং আৰু গানিয়ে
- কাজাখস্তান: আছিক আটু, টোগিজকুমালাক আৰু কাজাখ কুৰেছি
- ৰাছিয়া: গোৰোডকি আৰু ছাম্বো
- দক্ষিণ আফ্ৰিকা: কগাটি আৰু ইণ্টোংগা
- সংযুক্ত আৰব আমিৰশ্বাহী: আল টাব্বাহ
ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা আৰু ব্ৰিকছৰ কাঠামোৰ অধীনত পৰম্পৰাগত তথা থলুৱা ক্ৰীড়াৰ প্ৰচাৰৰ সম্ভাৱনা অন্বেষণ কৰাৰ উদ্দেশ্যে ভ্ৰমণকাৰী প্ৰতিনিধি দলসমূহৰ সৈতে দ্বিপাক্ষিক বৈঠকৰো ব্যৱস্থা কৰা হৈছে।
এই ক্ৰীড়ানুষ্ঠানে অংশগ্ৰহণকাৰী দেশসমূহৰ সমৃদ্ধ ক্ৰীড়া ঐতিহ্য উদ্যাপনৰ এক অনন্য মঞ্চ হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। একে সময়তে, ব্ৰিকছৰ দেশসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি, সাংস্কৃতিক বিনিময় আৰু জনসাধাৰণৰ মাজত অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাতো ই সহায় কৰিব।
*****
Ayushman Kumar/PB
(ৰিলিজ আই ডি : 2321697)
অতিথি কক্ষ : 11